“বাক স্বাধীনতাৰ অৰ্থ এইটো নহয় যে…”; উচ্চ ন্যায়ালয়ে ৰাহুল গান্ধীক দিলে ধমক

উচ্চ ন্যায়ালৰ ৰাহুল গান্ধীক ধমক

ভাৰতীয় জোৱানক লৈ অপমানজনক মন্তব্য কৰা ঘটনাই এতিয়া কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সমস্যা বৃদ্ধি কৰিছে। উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠে এই গোচৰত সাংসদগৰাকীয়ে দাখিল কৰা আবেদন নাকচ হৈছে।

সমান্তৰালকৈ এলাহাবাদ উচ্চ ন্যায়ালয়েও ভাৰত জোড়ো যাত্ৰাৰ সময়ত ভাৰতীয় জোৱানৰ বিৰুদ্ধে কৰা মন্তব্যৰ বাবে ৰাহুলক ধমক দিয়ে। লক্ষ্ণৌৰ আদালতে জাৰি কৰা চমনৰ বিৰুদ্ধে তেওঁ এই আৱেদন দাখিল কৰিছিল।

ন্যায়ালয়ে কয় যে, ইয়াত কোনো সন্দেহ নাই যে সংবিধানৰ অনুশ্চেদ ১৯(১)(ক) ভাষণ আৰু মত প্ৰকাশৰ স্বাধীনতাৰ নিশ্চয়তা প্ৰদান কৰে, কিন্তু ভাৰতীয় সেনাৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ কাৰনে নহয়’।

ন্যায়ালয়ে লগতে কয় যে,ইয়াৰ ভিতৰত ভাৰতীয় সেনাৰ বিৰুদ্ধে অপমানজনক বক্তব্য দিয়াৰ স্বাধীনতা অন্তৰ্ভুক্ত নহয়।

কি হয় সমগ্ৰ ঘটনা

লোকসভাৰ বিৰোধী নেতা গৰাকীয়ে ২০২২ চনত ৰাজস্থানত এখন সংবাদমেলৰ সময়ত কোৱা হৈছিল যে চীনা সৈন্যই ‘অৰুণাচল প্ৰদেশত ভাৰতীয় সৈনিকক প্ৰহাৰ কৰি আছিল।

এই মন্তব্যৰ বাবে গান্ধীৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰা হৈছিল।এই গোচৰৰ বিৰুদ্ধে ৰাহুলে আৱেদন দাখিল কৰিছিল, যিটো আদালতে নাকচ কৰিছিল।

কি কৈছিল সাংসদ গৰাকীয়ে

ৰাহুল গান্ধীয়ে ৰাজস্থানত ভাৰত জোডো যাত্ৰাৰ সময়ত কৈছিল যে, ৰাইজে ভাৰত জোড়ো যাত্ৰা, অশোক গেহলট আৰু শচীন পাইলট আদিৰ কথা সুধিব।

কিন্তু তেওঁ চীনৰ দ্বাৰা ২০০০ বৰ্গ কিলোমিটাৰ ভাৰতীয় ভূখণ্ড দখল কৰা, ২০ ভাৰতীয় সৈনিকক প্ৰহাৰ কৰা আৰু অৰুণাচল প্ৰদেশত আমাৰ জোৱানৰ প্ৰহাৰ সম্পৰ্কে এটাও প্ৰশ্ন নকৰিব।

কিন্তু ভাৰতীয় প্ৰেছে তেওঁক এই সন্দৰ্ভত কোনো প্ৰশ্ন নকৰে।দেশবাসীয়ে এই সকলোবোৰ দেখি আছে।মানুহে নাজানে বুলি ভাও ধৰিব নালাগে।’

এই বক্তব্যৰ বাবে উত্তৰ প্ৰদেশত ৰাহুল গান্ধীৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰা হৈছিল আৰু নিম্ন আদালতে তেওঁক চমন জাৰি কৰিছিল।

লগতে পঢ়ক: বাস্তৱ জীৱনত কইনা হ’ল অভিনেত্ৰী হিনা খান;  প্ৰেমিক ৰকিৰ সৈতে গোপনে কৰালে বিয়া

‘আক্ৰমণৰ পূৰ্বে পাকিস্তানক দিয়া হৈছিল তথ্য…’; মোদী চৰকাৰলৈ প্ৰশ্ন ৰাহুল গান্ধীৰ

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু কেন্দ্ৰীয় মোদী চৰকাৰক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

ৰাহুল গান্ধীয়ে কৈছে যে ‘জয়শংকৰে নিজেই কৈছে যে পাকিস্তানৰ সন্ত্ৰাসবাদী শিবিৰত আক্ৰমণ কৰাৰ পূৰ্বে তেওঁ পাকিস্তানক জনাইছিল’।

‘এয়া কূটনীতি নহয়, এইটো চোৰাংচোৱাগিৰি। কংগ্ৰেছৰ মুখপাত্ৰ পৱন খেৰাই কয় যে একাংশ চোৰাংচোৱাক গ্ৰেপ্তাৰ কৰাৰ খবৰ আহিছিল যদিও তাৰ পিছতে ঢাকি ৰখাৰ কাম আৰম্ভ হয়’।

ৰাহুল গান্ধীয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰক প্ৰশ্ন কৰি কয় যে পাকিস্তানক তথ্য দিয়াৰ বাবে আমি কিমান ভাৰতীয় বিমান হেৰুৱালোঁ? এয়া অপৰাধ আৰু দেশে সত্য জানিব লাগে”।

শেহতীয়াকৈ ৰাহুল গান্ধীয়ে বৈদেশিক মন্ত্ৰীৰ বক্তব্যৰ সন্দৰ্ভত এটা প্ৰশ্ন উত্থাপন কৰিছিল যে অপাৰেচন সিন্দুৰৰ তথ্য প্ৰথমে কিয় পাকিস্তানক দিয়া হৈছিল’।

অৱশ্যে এই সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতি প্ৰকাশ কৰি ৰাহুল গান্ধীয়ে ভুল তথ্য দাঙি ধৰিছে বুলি কৈছিল।  

পুনৰ বিপদ বাঢ়িছে ৰাহুল গান্ধীৰ; অনুমতি অবিহনে আম্বেদকাৰ হোষ্টেলত সভা পাতি গোচৰ ৰুজু

বিহাৰ ভ্ৰমণলৈ যোৱা কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ বিৰুদ্ধে দাখিল কৰা হৈছে দুটাকৈ গোচৰ।তেওঁৰ বিৰুদ্ধে দৰভংগা আৰক্ষীয়ে দুটা গোচৰ ৰুজু কৰিছে।

এই গোচৰ দৰভংগাৰ লহেৰিয়াচৰাই থানাত পঞ্জীয়ন কৰা হৈছে আৰু ইয়াত ৰাহুল গান্ধীকে ধৰি ২০ জন নেতাৰ নাম উল্লেখ কৰা হৈছে আৰু প্ৰায় ১০০ অচিনাক্ত লোকক অভিযুক্ত কৰা হৈছে।

ৰুজু কৰা গোচৰৰ এটা হৈছে আম্বেদকাৰ হোষ্টেলত বলপূৰ্বকভাৱে এক কাৰ্যসূচী আয়োজন কৰিছিল ৰাহুল গান্ধীয়ে।

আচলতে ৰাহুল গান্ধীয়ে দৰভংগাত অনুসূচিত জাতি (SC) আৰু অনুসূচিত জনজাতি (ST) সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰীক সাক্ষাৎ কৰিছিল।

এই বৈঠক আম্বেদকাৰ হোষ্টেলত হৈছিল, যাৰ বাবে প্ৰশাসনে অনুমতি দিয়া নাছিল। প্ৰশাসনে এতিয়া দাবী কৰিছে যে,হোষ্টেলত কোনো ৰাজনৈতিক অনুষ্ঠানৰ অনুমতি দিয়া হোৱা নাছিল।

ইয়াৰ পিছতো ৰাহুল গান্ধী আৰু তেওঁৰ সমৰ্থকসকলে এই কাৰ্যসূচীৰ আয়োজন কৰে। তাৰ পিছতে আৰক্ষীয়ে দুটা গোচৰ দাখিল কৰিছে, দুয়োটাতে ৰাহুল গান্ধীৰ নাম উল্লেখ কৰা হৈছে।

‘এই সংকটৰ সময়ত আমি চৰকাৰৰ লগত আছো’… সৰ্বদলীয় বৈঠকৰ অন্তত ক’লে খাৰ্গেই

অপাৰেচন সিন্দুৰৰ অন্ত পৰাৰ পিছত উদ্ভৱ হোৱা পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে আহ্বান কৰা সৰ্বদলীয় বৈঠক সমাপ্ত হৈছে । বৈঠকৰ অন্তত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে কয় যে এই সংকটৰ সময়ত আমি চৰকাৰৰ লগত আছো । খাৰ্গেই কয় যে কিছু কথাৰ বিষয়ে গোপনীয়তাৰ উদ্ধৃতি দি আমাক তথ্য দিয়া হোৱা নাছিল । ৰাহুল গান্ধীয়ে কয় যে আমি চৰকাৰক সম্পূৰ্ণ সমৰ্থন দিছো । প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত হয় এই বৈঠক ।

এই বৈঠকত গৃহমন্ত্ৰী অমিত শ্বাহ আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুও উপস্থিত থাকে । লগতে উপস্থিত থাকে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ । ইয়াৰ উপৰিও কংগ্ৰেছৰ হৈ ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেও সভাত অংশগ্ৰহণ কৰে । বৈঠকত চৰকাৰে বিৰোধী নেতাসকলক অপাৰেচন সিন্দুৰৰ পিছত প্ৰতিশোধমূলক ব্যৱস্থা আৰু ভৱিষ্যতৰ প্ৰস্তুতিৰ বিষয়ে তথ্য প্ৰদান কৰে ।

কংগ্ৰেছে বাতিল কৰিলে নিৰ্ধাৰিত সকলো কাৰ্যসূচী-

কংগ্ৰেছে সন্ত্ৰাসবাদৰ বিৰুদ্ধে চৰকাৰক সম্পূৰ্ণ সমৰ্থন আৰু সেনাবাহিনীৰ সৈতে সংহতি প্ৰদৰ্শন কৰি ‘সংবিধান সমাৱেশ বচাওক’কে ধৰি দলৰ সকলো নিৰ্ধাৰিত কাৰ্যসূচী বন্ধ কৰি দিছে । এই উত্তেজিত পৰিবেশত তিনিখন দেশ ভ্ৰমণ বাতিল কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে । ১৩ মে’ৰ পৰা ১৭ মে’লৈ প্ৰধানমন্ত্ৰী মোদীয়ে নৰৱে, ক্ৰ’ৱেচিয়া আৰু নেদাৰলেণ্ড ভ্ৰমণৰ কথা আছিল ।

PMOত ইখনৰ পিছত সিখন উচ্চ পৰ্যায়ৰ বৈঠক… প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰিবলৈ উপস্থিত হ’ল ৰাহুল গান্ধী

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত প্ৰধানমন্ত্ৰী কাৰ্যালয়ত অব্যাহত আছে উচ্চ পৰ্যায়ৰ ধাৰাবাহিক বৈঠক । সোমবাৰে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত কেইবাখনো বৈঠক অনুষ্ঠিত কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । লোকসভাৰ বিৰোধী দলপতি আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰিবলৈ পি এম অ’ত উপস্থিত হয় । প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ৰাহুল গান্ধীৰ বৈঠক অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে আৰু এই বৈঠক চি বি আইৰ নতুন মুৰব্বী নিৰ্বাচনৰ সন্দৰ্ভতো হ’ব পাৰে বুলি জল্পনা-কল্পনা কৰা হৈছে । অৱশ্যে পহলগাম আক্ৰমণ সন্দৰ্ভতো দুয়োগৰাকী নেতাই আলোচনা কৰিব পাৰে বুলিও চৰ্চা চলিছে ।

চি বি আইৰ সঞ্চালক নিৰ্বাচনৰ কমিটীত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্য ন্যায়াধীশ আৰু লোকসভাৰ বিৰোধী দলপতি । বৰ্তমানৰ চি বি আই সঞ্চালক প্ৰবীণ সুদৰ কাৰ্যকাল ২০২৫ চনৰ ২৫ মে’ত শেষ হ’ব ।

প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰে ডোভালে-

ইয়াৰ পূৰ্বে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে । দুয়োৰে মাজত চমু বাৰ্তালাপৰ অন্তত ডোভাল ওলাই আহে আৰু ইয়াৰ পিছতে গৃহ সচিব গোবিন্দ মোহনে পি এম অ’ত উপস্থিত হৈ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে । পি এম অ’ত অবিৰত ৰাউণ্ডৰ বৈঠক চলি থকাৰ সময়তে শীঘ্ৰেই ডাঙৰ কোন ঘটনা হ’ব বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছে ।

সোমবাৰে বিয়লি চাউথ ব্লকৰ প্ৰধানমন্ত্ৰী কাৰ্যালয়ত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । তেতিয়াৰ পৰাই ধাৰাবাহিকভাৱে বৈঠক চলি আছে । ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে ।

প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ প্ৰতিৰক্ষা সচিবৰ-

ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰ সিঙে । জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে অহৰহ সমগ্ৰ পৰিস্থিতিৰ ওপৰত চকু ৰাখিছে । প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ বিষয়টোক লৈ তিনিও সেনাৰ মুৰব্বীৰ সৈতেও এক বৈঠকত মিলিত হৈছে ।

অনুমান কৰা হৈছে যে সোমবাৰে অনুষ্ঠিত এই বৈঠকৰ সময়ত প্ৰতিৰক্ষা সচিবে প্ৰধানমন্ত্ৰীক শেহতীয়া পৰিস্থিতি আৰু সামৰিক প্ৰস্তুতিৰ বিষয়ে অৱগত কৰে ।

ভাৰত-জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ বৈঠক-

ইফালে সোমবাৰে জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে নতুন দিল্লীত ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰীক সাক্ষাৎ কৰে । ইয়াৰ পূৰ্বে দেওবাৰে ভাৰতীয় বায়ুসেনাৰ এয়াৰ চীফ মাৰ্শ্বাল এ পি সিঙে প্ৰধানমন্ত্ৰী মোদীক প্ৰধানমন্ত্ৰী বাসগৃহত সাক্ষাৎ কৰে । অনুমান কৰা হৈছে যে বায়ুসেনাৰ মুৰব্বীয়ে প্ৰধানমন্ত্ৰীক সাম্প্ৰতিক পৰিস্থিতি আৰু বায়ুসেনাৰ প্ৰস্তুতিৰ বিষয়ে অৱগত কৰে । এই বৈঠক প্ৰায় ৪০ মিনিট ধৰি চলিছিল । ইফালে শনিবাৰে নৌসেনাৰ মুৰব্বীগৰাকীয়ে প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰে ।

উল্লেখ্য যে, সোমবাৰে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী জেনেৰেল নাকাটানীৰ মাজত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । নতুন দিল্লীত অনুষ্ঠিত এই বৈঠকৰ সময়ত জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে ভাৰতলৈ সমৰ্থন আগবঢ়ায় ।

নেশ্যনেল হেৰাল্ডৰ গোচৰত সমস্যা বৃদ্ধি পাইছে ৰাহুল আৰু ছোনিয়াৰ; ৰাউজ এভিনিউ আদালতে জাৰি কৰিলে জাননী

নেশ্যনেল হেৰাল্ডৰ গোচৰত কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বিপদ বৃদ্ধি পাইছে।ইডিৰ চাৰ্জশ্বীটৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীৰ ৰাউজ এভিনিউ আদালতে দুয়োৰে বিৰুদ্ধে জাননী জাৰি কৰিছে।

বিশেষ ন্যায়াধীশ বিশাল গগনে এই কথা কয় যে, ‘ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীয়ে অভিযোগ পত্ৰৰ সচেতনতা লোৱাৰ সময়ত নিজৰ পক্ষ দাখিল কৰাৰ অধিকাৰ আছে’।

তেওঁ আৰু কয় যে, “যিকোনো পৰ্যায়তে গোচৰ দাখিল কৰাৰ অধিকাৰেই হৈছে ন্যায্য বিচাৰৰ প্ৰাণ।”তেওঁ গোচৰটোৰ পৰৱৰ্তী শুনানি ৮ মে’ত দিব।

শেহতীয়াকৈ বলবৎকাৰী সঞ্চালকালয়ে এই গোচৰৰ অভিযোগনামা দাখিল কৰিছিল।২০২১ চনত ইডিয়ে তদন্ত আৰম্ভ কৰিছিল।এই বিষয়ত ২০১৪ চনৰ ২৬ জুনত বিজেপি নেতা সুব্ৰমণ্য স্বামীয়ে এজাহাৰ দাখিল কৰিছিল ।

ইয়াৰ পিছতে দণ্ডাধীশ আদালতে বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখিলে।কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী, তেওঁৰ সাংসদ পুত্ৰ ৰাহুল গান্ধী, প্ৰয়াত কংগ্ৰেছ নেতা মোটিলাল ভোৰা আৰু অস্কাৰ ফাৰ্নাণ্ডেছৰ উপৰিও অন্যান্য নেতা আৰু এটা ব্যক্তিগত কোম্পানী ‘ইয়ং ইণ্ডিয়ান’ৰ বিৰুদ্ধে ধন সৰবৰাহৰ অভিযোগ আছে।

এই আটাইকেইজনৰ বিৰুদ্ধে এছ’চিয়েটেড জাৰ্নেলছ লিমিটেড (এজেএল)ৰ ২০০০ কোটিৰো অধিক মূল্যৰ সম্পত্তি অবৈধভাৱে লাভ কৰি ধন সৰবৰাহৰ লগত জড়িত হোৱাৰ অভিযোগ উত্থাপন হৈছে।

‘কাইলৈ আপুনি ​​মহাত্মা গান্ধীক বৃটিছৰ চাকৰ বুলি ক’ব’; উচ্চতম ন্যায়ালয়ে ৰাহুল গান্ধীক কৰিলে তিৰস্কাৰ

শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে বীৰ সাৱৰকাৰ মানহানিৰ গোচৰত ৰাহুল গান্ধীৰ আবেদনৰ শুনানি গ্ৰহণ কৰে।ইয়াৰ মাজতে উচ্চতম ন্যায়ালয়ে ৰাহুল গান্ধীক বীৰ সাৱৰকাৰ সন্দৰ্ভত দিয়া বক্তব্যৰ বাবে সমালোচনা কৰে।

ৰাহুল গান্ধীয়ে স্বাধীনতা সংগ্ৰামীক লৈ দায়িত্বহীন বক্তব্য দিব নালাগে বুলি আদালতে কয়।উচ্চতম ন্যায়ালয়ে কয় যে মহাত্মা গান্ধীয়ে নিজেই সাৱৰকাৰক সন্মান জনাইছিল।

উচ্চতম ন্যায়ালয়ে এই কথা কৈ ৰাহুল গান্ধীক সকীয়াই দি কয় যে, স্বাধীনতা সংগ্ৰামীৰ ইতিহাস বুজি নোপোৱাকৈ আপুনি এনে বক্তব্য দিব নোৱাৰে।

আদালতে সকীয়াই দিছে যে যদি ভৱিষ্যতে ৰাহুল গান্ধীয়ে এনে বক্তব্য দিয়ে তেন্তে আমি বিষয়টোৰ প্ৰতি আত্মজ্ঞানলৈ বিচাৰ কৰিম।

আমাক স্বাধীনতা দিয়া স্বাধীনতা সংগ্ৰামীসকলৰ প্ৰতি এনে আচৰণ কেনেকৈ কৰিব।কাইলৈ ​​মহাত্মা গান্ধীক বৃটিছৰ চাকৰ বুলি ক’বা, কাৰণ তেওঁ সাৱৰকাৰৰ বাবে ফেইথফুল চাৰ্ভেণ্ট লিখিছিল।

‘মোদী চৰকাৰে যি এক্সনেই ল’ব তাত মোৰ সম্পূৰ্ণ সমৰ্থন থাকিব’; সৰ্বদলীয় বৈঠকৰ পিছত ৰাহুল গান্ধীৰ বিশেষ মন্তব্য

জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত ভাৰত চৰকাৰে এক্সন আৰম্ভ কৰিছে।বুধবাৰে পাকিস্তানৰ বিৰুদ্ধে ৫টা কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছত আজি বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ আৰু গৃহমন্ত্ৰী অমিত শ্বাহে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে।

এই উচ্চ পৰ্যায়ৰ বৈঠকত নিৰাপত্তা পৰিস্থিতিৰ গুৰুত্ব আৰু ভৱিষ্যতৰ কৌশল সন্দৰ্ভত গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।

ইয়াৰ পিছত সন্ধিয়া এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয়, য’ত ৰাহুল গান্ধীকে ধৰি বহু বিৰোধী নেতাই অংশগ্ৰহণ কৰে।

বৈঠকৰ পৰা ওলাই আহি লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে কয় যে প্ৰতিটো কামতে চৰকাৰক আমাৰ সম্পূৰ্ণ সমৰ্থন আছে।

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে কয় যে সকলো দলে এই আক্ৰমণক গৰিহণা দিছো।পাকিস্তানৰ বিৰুদ্ধে এতিয়া সকলো দলেই একত্ৰিত হৈছে।ভাৰতৰ সকলো ৰাজনৈতিক দলেপাকিস্তানৰ ভাষাতেই উত্তৰ দিয়াৰ বাবে দাবী কৰিছে।  

‘ইউ পিত দলিত আৰু মহিলা সম্পূৰ্ণ ৰূপে অসুৰক্ষিত’ ; ৰামপুৰ ধৰ্ষণ কাণ্ডক লৈ যোগী চৰকাৰক ৰাহুল গান্ধীৰ তীক্ষ্ণ সমালোচনা

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বৃহস্পতিবাৰে উত্তৰ প্ৰদেশত এগৰাকী ১১ বছৰীয়া দলিত কিশোৰীক ধৰ্ষণৰ ঘটনাক লৈ বিজেপি চৰকাৰক লক্ষ্য কৰি অপৰাধীজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

তেওঁৰ এক্স হেণ্ডেলত হিন্দীতে এটা পোষ্ট দিছে যে বিজেপিৰ দলিত বিৰোধী আৰু নাৰী বিৰোধী মানসিকতাৰ বাবে ৰাজ্যত এনেধৰণৰ অপৰাধ ধাৰাবাহিকভাৱে সংঘটিত হৈ আছে।

উল্লেখ্য যে এগৰাকী মুক বধিৰ যুৱতী মংগলবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল। বুধবাৰে পুৱা এখন পথাৰত অসংযত অৱস্থাত উদ্ধাৰ হয় যুৱতী গৰাকী।

চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা কিশোৰীগৰাকীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।এই ঘটনাটোৰ পিছত ৰাহুল গান্ধীয়ে লিখিছে যে, ‘উত্তৰ প্ৰদেশৰ ৰামপুৰত ১১ বছৰীয়া দলিত কিশোৰীগৰাকীৰ সৈতে হোৱা এই নৃশংসতা অত্যন্ত লজ্জাজনক আৰু আচৰিত ধৰণৰ’।

‘ইউ পিত অবিৰতভাৱে ঘটি থকা এনে অপৰাধে এই কথা স্পষ্টভাৱে প্ৰমাণ কৰে যে বিজেপি চৰকাৰত দলিত আৰু বিশেষকৈ কন্যা সন্তান সম্পূৰ্ণ অসুৰক্ষিত’।

তেওঁ লগতে লিখিছে যে, ‘এয়া বিজেপিৰ দলিত বিৰোধী আৰু নাৰী বিৰোধী মানসিকতাৰ ফলত অপৰাধী আইন-শৃংখলাৰ প্ৰতি নিৰ্ভীক হৈ পৰিছে আৰু ভুক্তভোগী অসহায়’!

‘কাৰণ, উত্তৰ প্ৰদেশৰ কন্যা সন্তানসকল কিমান দিনলৈ এনে বৰ্বৰতাৰ বলি হৈ থাকিব’। লোকসভাৰ বিৰোধী দলপতিগৰাকীয়ে কয়, আমাৰ প্ৰশাসনৰ পৰা এটা সাধাৰণ দাবী-দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক আৰু ভুক্তভোগী আৰু তেওঁৰ পৰিয়ালক শীঘ্ৰে ন্যায় প্ৰদান কৰক’।

তাৰ মাজতে উত্তৰ প্ৰদেশ আৰক্ষীয়ে বৃহস্পতিবাৰে ঘটনাৰ ২৪ ঘণ্টাৰ ভিতৰতে এজন ২৪ বছৰীয়া যুৱকক গ্ৰেপ্তাৰ কৰে।