প্ৰতিটো নিৰ্বাচনেই খিলঞ্জীয়াৰ পৰিচয়ৰ বাবে গুৰুত্বপূৰ্ণ : হিমন্ত বিশ্ব শৰ্মা
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যখনৰ প্ৰতিটো নিৰ্বাচন খিলঞ্জীয়াৰ পৰিচয় আৰু ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ
আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে ৰাজ্যত তীব্ৰতৰ কৰি তুলিছে প্ৰচাৰ অভিযান । ইয়াৰ মাজতে মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যখনৰ প্ৰতিটো নিৰ্বাচন খিলঞ্জীয়াৰ পৰিচয় আৰু ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ । ভৱানীপুৰ-সৰভোগ সমষ্টিত জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে ।
সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰী ড০ শৰ্মাই জনায় যে আগন্তুক দুই-তিনি দিনৰ ভিতৰত দলৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰা হ’ব । এই ইস্তাহাৰত ৰাজ্যখনৰ বাবে দলটোৰ লক্ষ্য আৰু প্ৰতিশ্ৰুতিসমূহ উল্লেখ থাকিব বুলি কয় তেওঁ । ইয়াৰ লগতে তেওঁ বুধবাৰৰ পৰা বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ পৰৱৰ্তী পৰ্যায় হিচাপে “বিজয় সংকল্প সভা” আৰম্ভ কৰাৰ কথাও ঘোষণা কৰে ।
নিৰ্বাচনৰ পূৰ্বে দলটোৱে দাঙি ধৰিব খোজা ৰাজনৈতিক বাৰ্তাটো স্পষ্ট কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “অসমৰ খিলঞ্জীয়া লোকসকলৰ বাবে প্ৰতিটো নিৰ্বাচন নিৰ্ণায়ক; আমি জীয়াই থাকিব লাগিব আৰু নিজৰ পৰিচয় ৰক্ষা কৰিব লাগিব ।” শেহতীয়াকৈ সমাপ্ত হোৱা ‘জন আশীৰ্বাদ যাত্ৰা’ৰ পৰ্যালোচনা কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে এই অভিযানে ৪০টা বিধানসভা সমষ্টিৰ প্ৰায় ২,০০০ কিলোমিটাৰ পথ সামৰি লৈছে । জনসাধাৰণৰ সঁহাৰি “অতি ইতিবাচক” বুলি বৰ্ণনা কৰি তেওঁ আস্থা প্ৰকাশ কৰে যে এই জনসমৰ্থনে নিৰ্বাচনত সফলতা কঢ়িয়াই আনিব ।
লগতে পঢ়ক : সৰভোগত মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰা, ২ লাখ চাকৰিৰ প্ৰতিশ্ৰুতি