বিয়া বাতিলৰ পিছত প্ৰথমবাৰৰ বাবে দেখা গ’ল স্মৃতি মন্ধানাক; ভাইৰেল হৈ পৰিল ফটো

পলাশ মুছল আৰু স্মৃতি মন্ধানাৰ বহু চৰ্চিত বিয়া অৱশেষ বাতিল হয় । দুয়োজনে দেওবাৰে সামাজিক মাধ্যমত আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰিছে । ইফালে বিয়া ভগাৰ পিছতেই নেট অনুশীলনত দেখা গ’ল স্মৃতি মন্ধানাক ।

ভাৰতীয় মহিলা দলৰ সহ-অধিনায়ক স্মৃতি মন্ধানাই সংগীত সুৰকাৰ পলাশ মুছলৰ সৈতে সম্পৰ্ক শেষ কৰাৰ সিদ্ধান্ত লৈছে । বিয়া ভগাৰ পিছত এতিয়া স্মৃতিয়ে নিজৰ আগন্তুক মেচৰ ওপৰত মনোনিৱেশ কৰিছে । বিবাহ বিতাল ঘোষণা কৰাৰ পিছদিনা (৮ ডিচেম্বৰ) স্মৃতি পুনৰ ক্ৰিকেট খেলপথাৰলৈ উভতি আহিছে । ট্ৰেইনিং কিট পিন্ধি নেটত বেটিং কৰা দেখা গৈছে স্মৃতি মন্ধানাক ।

স্মৃতি মন্ধানাৰ ভাতৃ শ্ৰৱণ মন্ধানাই ইনষ্টাগ্ৰামত তেওঁৰ প্ৰেকটিছৰ ফটো শ্বেয়াৰ কৰে আৰু এই পোষ্ট শীঘ্ৰে ভাইৰেল হৈ পৰে । অনুৰাগীয়ে স্মৃতিৰ পেছাদাৰিত্ব আৰু মনোভাৱক প্ৰশংসা কৰে । ৭ ডিচেম্বৰ দেওবাৰে স্মৃতিয়ে ইনষ্টাগ্ৰাম পোষ্টত স্পষ্ট কৰি দিয়ে যে পলাশ মুছল আৰু তেওঁৰ বিয়া আনুষ্ঠানিকভাৱে বাতিল কৰা হৈছে ।

স্মৃতিয়ে সকলোকে দুয়োটা পৰিয়ালৰ গোপনীয়তাক সন্মান জনাবলৈ আহ্বান জনায় । ভাৰতৰ হৈ খেলাটো এতিয়া তেওঁৰ শীৰ্ষ অগ্ৰাধিকাৰ বুলিও কয় স্মৃতিয়ে । একেদিনাই পলাশ মুছলেও এই সম্পৰ্কৰ পৰা আঁতৰি যোৱা বুলি পোষ্ট কৰি প্ৰচাৰ হৈ থকা ভুৱা উৰাবাতৰিৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ হুংকাৰ দিয়ে ।

উল্লেখ্য যে, ২০২৫ চনৰ ২৩ নৱেম্বৰত স্মৃতি মন্ধানা আৰু পলাশ মুছলৰ বিবাহৰ কথা আছিল যদিও সেইদিনা অসুস্থতাৰ বাবে স্মৃতিৰ পিতৃক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । তাৰ পিছতে খবৰ ওলাইছিল যে পলাশ মুছলকো মানসিক চাপৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । ইয়াৰ পিছত কোনো পক্ষই বিয়াৰ তাৰিখ সন্দৰ্ভত কোনো প্ৰকাশ কৰা নাছিল আৰু অৱশেষত সম্পৰ্কটো শেষ কৰা বুলি দুয়োগৰাকী তাৰকাই দেওবাৰে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰে ।

ইফালে তাৰকা ক্ৰিকেটাৰ স্মৃতি আৰু পলাশ মুছলে ছ’চিয়েল মিডিয়াত ইজনে সিজনক আনফ’ল’ কৰি বিয়াৰ পূৰ্বৰ সকলো ফটো ডিলিট কৰিছে । কিছুমান নিশ্চিত নোহোৱা পোষ্টত পলাশে স্মৃতিক প্ৰতাৰণা কৰা বুলি দাবী কৰা হৈছিল যদিও এইবোৰ কেৱল উৰাবাতৰি হৈয়েই থাকিল । এতিয়া, এই সকলোবোৰৰ পৰা তেওঁলোকে আগবাঢ়ি যোৱা বুলি উল্লেখ কৰিছে ।

লগতে পঢ়ক : বিয়া ভাগিল…! অৱশেষত ছ’চিয়েল মিডিয়াযোগে মৌনতা ভংগ কৰিলে স্মৃতি মন্ধানাই

‘জীৱনত আগবাঢ়ি যোৱাৰ সিদ্ধান্ত লৈছো’… স্মৃতি মন্ধানাৰ সৈতে বিবাহক লৈ মৌনতা ভংগ কৰিলে পলাশে

তাৰকা ক্ৰিকেটাৰ স্মৃতি মন্ধানাৰ সৈতে বিবাহক লৈ অৱশেষত নিজৰ মৌনতা ভংগ কৰিছে পলাশ মুচ্চলে । সামাজিক মাধ্যমৰ এটা পোষ্টত তেওঁ স্মৃতিৰ সৈতে বিবাহ সম্পৰ্কে প্ৰকাশ কৰে ।

ভাৰতীয় মহিলা ক্ৰিকেটাৰ স্মৃতি মন্ধানা আৰু গায়ক-পৰিচালক পলাশ মুচ্চলৰ বিবাহ সন্দৰ্ভত বিগত কেইবাদিনো ধাৰাবাহিকভাৱে জল্পনা-কল্পনাৰ সৃষ্টি হৈ আছিল । এতিয়া এই জল্পনা-কল্পনাত যতি পেলাই স্মৃতি আৰু পলাশ দুয়োজনে বিয়া বাতিল কৰাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছে । স্মৃতি আৰু পলাশে বিবাহ ভংগ হোৱা বুলি নিশ্চিত কৰি সামাজিক মাধ্যমত পোষ্ট শ্বেয়াৰ কৰিছে । তেওঁলোক দুয়োজনে জীৱনত আগবাঢ়ি যাব বিচাৰে বুলি উল্লেখ কৰে । স্মৃতি আৰু পলাশৰ বিবাহ ভগাৰ খবৰে অনুৰাগীৰ মাজত এক বৃহৎ জোকাৰণিৰ সৃষ্টি কৰিছে ।

বিয়া ভাগিল স্মৃতি-পলাশৰ-

কণ্ঠশিল্পী পলাশ আৰু স্মৃতি মন্ধানাই বহুদিনৰ পৰা নিজৰ বিবাহক লৈ মৌনতা অৱলম্বন কৰিছিল । অৱশ্যে এতিয়া পলাশে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত এটা পোষ্ট শ্বেয়াৰ কৰি স্পষ্ট কৰি দিছে যে তেওঁ স্মৃতিৰ সৈতে বিবাহ নহয় । তেওঁ উল্লেখ কৰে যে যোৱা কেইবছৰমান তেওঁৰ বাবে অতি কঠিন আৰু এতিয়া তেওঁ নিজৰ অতীতৰ সম্পৰ্কৰ পৰা আগবাঢ়ি যাব বিচাৰে । পলাশে তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰাসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও উল্লেখ কৰিছে ।

স্মৃতিৰ সৈতে বিবাহ সম্পৰ্কে কি ক’লে পলাশে ?

পলাশে নিজৰ পোষ্টত লিখিছে, “মই জীৱনত আগবাঢ়ি যোৱাৰ সিদ্ধান্ত লৈছো । মই মোৰ ব্যক্তিগত সম্পৰ্কৰ পৰা পিছুৱাই আহিছো । ইমান সহজে আৰু কোনো ভিত্তি নোহোৱাকৈয়ে মানুহে মোৰ বাবে পবিত্ৰ কথাবোৰৰ ওপৰত নিজৰ মতামত দিয়াটো মোৰ বাবে অতি কঠিন হৈ পৰিছে । এইটো মোৰ জীৱনৰ আটাইতকৈ কঠিন সময় আৰু মই মোৰ বিশ্বাসত অটল থাকি ইয়াক চম্ভালিম ।”

পলাশে আৰু লিখিছে, “মই আন্তৰিকতাৰে আশা কৰিছো যে আমি সমাজ হিচাপে কেৱল উৎস নথকা অসত্য উৰাবাতৰিৰ ভিত্তিত কাৰোবাক বিচাৰ কৰাৰ আগতে থমকি ৰ’বলৈ শিকিম । আমাৰ কথাই কেতিয়াবা আমি কেতিয়াও কল্পনা কৰিব নোৱাৰা ঘাঁৰ সৃষ্টি কৰিব পাৰে ।”

পলাশৰ ধমকি-

পলাশে আৰু কয় যে তেওঁৰ বিষয়ে ভুৱা তথ্য প্ৰচাৰ কৰাসকলৰ বিৰুদ্ধে তেওঁ আইনী ব্যৱস্থা গ্ৰহণ কৰিব । গায়কাগৰাকীয়ে কয়, “আমি এই বিষয়সমূহ বিবেচনা কৰি থকাৰ সময়তে বিশ্বৰ বহু লোকে গুৰুতৰ পৰিণতিৰ সন্মুখীন হৈছে । ভুৱা আৰু মানহানিকাৰক তথ্য প্ৰচাৰ কৰাসকলৰ বিৰুদ্ধে মোৰ দলে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিব । এই কঠিন সময়ত মোক সমৰ্থন কৰিবলৈ আগবাঢ়ি অহা সকলোকে মই আন্তৰিকতাৰে ধন্যবাদ জনাইছো ।”

লগতে পঢ়ক : বিয়া ভাগিল…! অৱশেষত ছ’চিয়েল মিডিয়াযোগে মৌনতা ভংগ কৰিলে স্মৃতি মন্ধানাই

বিয়া ভাগিল…! অৱশেষত ছ’চিয়েল মিডিয়াযোগে মৌনতা ভংগ কৰিলে স্মৃতি মন্ধানাই

তাৰকা বেটছমেন স্মৃতি মন্ধানাই অৱশেষত নিজৰ ব্যক্তিগত জীৱনক লৈ চলি থকা জল্পনা-কল্পনা সন্দৰ্ভত নিজৰ মৌনতা ভংগ কৰিছে ।

ভাৰতীয় মহিলা দলৰ তাৰকা বেটছমেন স্মৃতি মন্ধানাই অৱশেষত নিজৰ ব্যক্তিগত জীৱনক লৈ চলি থকা জল্পনা-কল্পনা সন্দৰ্ভত নিজৰ মৌনতা ভংগ কৰিছে । মন্ধানাই উল্লেখ কৰে যে পলাশ মুচ্চলৰ সৈতে তেওঁৰ সম্পৰ্ক শেষ হৈছে, অৰ্থাৎ তেওঁলোকৰ বিবাহৰ অন্ত পৰিছে । ছ’চিয়েল মিডিয়াত এক আনুষ্ঠানিক বিবৃতিত এই কথা নিশ্চিত কৰিছে মন্ধানাই ।

মন্ধানাই ইনষ্টাগ্ৰামত লিখিছে, “যোৱা কেইসপ্তাহমানৰ পৰা মোৰ জীৱনৰ বিষয়ে বহু কথা কোৱা হৈছে । মই এগৰাকী অতি ব্যক্তিগত ব্যক্তি আৰু মোৰ ব্যক্তিগত জীৱনটো ব্যক্তিগতভাৱে ৰাখিবলৈ ভাল পাওঁ, কিন্তু এতিয়া ঘোষণা কৰাটো গুৰুত্বপূৰ্ণ যে এতিয়া বিয়াখন বাতিল কৰা হৈছে । মই বিচাৰো এই বিষয়টো ইয়াতেই শেষ হওক । মই সকলোকে অনুৰোধ কৰিছো যে দুয়োটা পৰিয়ালৰ গোপনীয়তাক সন্মান কৰক আৰু আমাক সময় দিয়ক যাতে আমি এই পৰিস্থিতিৰ পৰা ওলাব পাৰো আগবাঢ়ি যাব পাৰো ।”

স্মৃতি মন্ধানাই কয় যে তেওঁৰ কেৰিয়াৰ তেওঁৰ অগ্ৰাধিকাৰ । মন্ধানাই লিখিছে, “মই বিশ্বাস কৰোঁ যে আমাৰ সকলোকে পথ প্ৰদৰ্শন কৰা এক উচ্চ শক্তি আছে । মোৰ বাবে সেই শক্তিয়ে সদায় ভাৰতক প্ৰতিনিধিত্ব কৰি আহিছে । মই মোৰ দেশৰ হৈ খেলিব বিচাৰো আৰু যিমান পাৰো ট্ৰফী জিকিব বিচাৰো । সেইটোৱেই মোৰ একমাত্ৰ লক্ষ্য হ’ব ।”

উল্লেখ্য যে, স্মৃতি মন্ধানা আৰু সংগীত সুৰকাৰ পলাশ মুচ্চলৰ বিবাহ ২৩ নৱেম্বৰত হ’ব লগা আছিল যদিও অনুষ্ঠানটো অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হয় । বিয়াৰ দিনা স্মৃতিৰ পিতৃ শ্ৰীনিবাস মন্ধানা হঠাৎ অসুস্থ হৈ পৰাত দুয়ো পৰিয়ালে বিয়াখন পিছুৱাই দিবলগীয়া হয় । এই সময়ছোৱাত ছ’চিয়েল মিডিয়াত বিভিন্ন উৰাবাতৰি বিয়পি পৰে । পলাশ মুচ্চলে স্মৃতি মন্ধানাক প্ৰতাৰণা কৰা বুলি দাবী কৰি কিছুমান পোষ্ট ভাইৰেল হৈ পৰিছিল । অৱশ্যে এই দাবীৰ কোনো আনুষ্ঠানিক নিশ্চয়তা পোৱা নগ’ল । এতিয়া মন্ধানাৰ এই পোষ্টটোৱে নিশ্চিত কৰিছে যে বিয়াখন বাতিল কৰা হৈছে ।

লগতে পঢ়ক : নিৰ্ণায়ক এদিনীয়াত যশস্বী জয়ছোৱালৰ দুৰ্দান্ত শতক, অৰ্জন কৰিলে এই বিৰল কৃতিত্ব

হাস্পতালৰ পৰা ঘৰলৈ আহিল পলাশ মুছল… বিবাহক লৈ অব্যাহত উৎকণ্ঠা

পলাশ মুছল-স্মৃতি মন্ধানাৰ বিয়া কেতিয়া ?

ভাৰতীয় ক্ৰিকেটাৰ স্মৃতি মন্ধানাৰ সৈতে বিয়া স্থগিত ৰখাৰ পিছতে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে সংগীত শিল্পী পলাশ মুছলে । ইযাৰ পিছতে স্বাস্থ্যৰ অৱনতি ঘটাত পলাশক চিকিৎসালয়তো ভৰ্তি কৰোৱা হয় । এতিয়া খবৰ ওলাইছে যে ২৬ নৱেম্বৰ, বুধবাৰে তেওঁক হাস্পতালৰ পৰা ৰিলিজ দিয়া হয় । খবৰ অনুসৰি পলাশৰ অৱস্থা এতিয়া সুস্থিৰ । চিকিৎসকৰ মতে মানসিক চাপে হয়তো তেওঁৰ স্বাস্থ্যৰ তীব্ৰতা বৃদ্ধি কৰিছে ।

ছাংলিৰ পৰা উভতি অহাৰ লগে লগে পলাশক ২৫ নৱেম্বৰত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । স্মৃতি মন্ধানাৰ সৈতে তেওঁৰ বিবাহ স্থগিত ৰখাৰ পিছত তেওঁ মুম্বাইলৈ ঘূৰি আহিছিল । তেওঁক গোৰেগাঁৱৰ এছ আৰ ভি হাস্পতালত ভৰ্তি কৰোৱা হয় । খবৰ অনুসৰি অত্যন্ত ক্লান্তি আৰু মানসিক চাপৰ বাবে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল, যাৰ ফলত কিছু স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হৈছিল ।

পলাশ মুছল আৰু স্মৃতি মন্ধানাৰ বিয়া ২৩ নৱেম্বৰত স্মৃতিৰ গৃহ চহৰ মহাৰাষ্ট্ৰৰ ছাংলিত অনুষ্ঠিত হোৱাৰ কথা আছিল । কিন্তু স্মৃতিৰ পিতৃ শ্ৰীনিবাস মন্ধানাৰ হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে বিয়াখন অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হয় । বিয়াৰ দিনা পুৱা শ্ৰীনিবাসৰ বুকুৰ বিষ হোৱাত লগে লগে তেওঁক ছাংলিৰ সৰ্বহিত চিকিৎসালয় আৰু গৱেষণা কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয় । তেওঁৰ পৰীক্ষা আৰু চিকিৎসা চলি থকাৰ সময়তে পৰিয়ালৰ লোকে সমগ্ৰ বিবাহ অনুষ্ঠান বাতিল কৰাৰ সিদ্ধান্ত লয় ।

কেতিয়া হ’ব বিয়া ?

ইফালে, স্মৃতি মন্ধানাৰ পিতৃ শ্ৰীনিবাসকো চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে । অনুৰাগীসকলে প্ৰশ্ন কৰিছে যে এতিয়া পলাশ আৰু স্মৃতিৰ বিয়া হ’ব নেকি ?  ইফালে পলাশ মুছল প্ৰতাৰণাৰ অভিযোগৰ সন্মুখীন হৈছে । সামাজিক মাধ্যমত এগৰাকী মহিলাৰ সৈতে তেওঁৰ কথা-বতৰাৰ স্ক্ৰীণশ্বট ভাইৰেল হৈ পৰিছে । পলাশে স্মৃতিক প্ৰতাৰণা কৰিছিল বুলি দাবী কৰা হৈছে । অৱশ্যে এই সন্দৰ্ভত মৌনতা অৱলম্বন কৰিছে দুয়োগৰাকী তাৰকা আৰু তেওঁলোকৰ পৰিয়ালে ।

লগতে পঢ়ক : পলাশ মুছলৰ প্ৰতাৰণাৰ বলি হ’ল নেকি স্মৃতি মন্ধানা ? সামাজিক মাধ্যমত ধুমহা !

পলাশ মুছলৰ প্ৰতাৰণাৰ বলি হ’ল নেকি স্মৃতি মন্ধানা ? সামাজিক মাধ্যমত ধুমহা !

পলাশ মুছলৰ প্ৰতাৰণাৰ বলি হ’ল নেকি স্মৃতি মন্ধানা ?

তাৰকা ক্ৰিকেটাৰ স্মৃতি মন্ধনা আৰু চলচ্চিত্ৰ নিৰ্মাতা-সংগীত সুৰকাৰ পলাশ মুছলৰ বিবাহ হঠাতে বিতৰ্কৰ মাজত সোমাই পৰিছে । ২৩ নৱেম্বৰত চাংলিত অনুষ্ঠিত হ’বলগীয়া তেওঁলোকৰ বিবাহ অনুষ্ঠান হঠাতে পিছুৱাই দিছে পৰিয়ালে । স্মৃতি মন্ধনাৰ পিতৃ শ্ৰীনিবাস মন্ধানাক হাৰ্ট এটেকৰ দৰে লক্ষণ দেখা পোৱাৰ পিছত চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ বাবে পিছুৱাই দিয়া হয় তেওঁলোকৰ বিবাহ ।

ইয়াৰ মাজতে শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এক নতুন বিতৰ্কৰ সৃষ্টি হৈছে । বিয়া বাতিল ঘোষণা হোৱাৰ পিছত এতিয়া পলাশ মুছলৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত স্মৃতিক প্ৰতাৰণা কৰাৰ অভিযোগ প্ৰচাৰ হৈছে । সামাজিক মাধ্যমত এই অভিযোগ প্ৰচাৰ হোৱাৰ লগে লগে এতিযা বিষয়টোয়ে আৰু অধিক চৰ্চালৈ লাভ কৰিছে ।

চৰ্চিত অভিযোগ অনুসৰি মঙলবাৰে পুৱা পলাশ মুছল আৰু এগৰাকী মহিলাৰ মাজত হোৱা কথোপকথনৰ কথিত স্ক্ৰীণশ্বট ছ’চিয়েল মিডিয়াত প্ৰচাৰ হ’বলৈ ধৰে । এই ছবিসমূহ প্ৰথমে ‘মেৰী ডি’কোষ্টা’ নামৰ ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীয়ে শ্বেয়াৰ কৰিছিল আৰু পিছত ৰেডিটত ভাইৰেল হয় । অৱশ্যে যি একাউণ্টৰ পৰা এই পোষ্টবোৰ কৰা হৈছিল, সেই একাউণ্ট এতিয়া নিষ্ক্ৰিয় কৰা হৈছে ।

এই কথিত কথোপপথন তথা চাটছৰ তাৰিখ ২০২৫ চনৰ মে’ মাহৰ । ইয়াত পলাশ মুছলে মহিলাগৰাকীক সাঁতুৰিবলৈ নিমন্ত্ৰণ কৰা দেখা গৈছে । যেতিয়া মহিলাগাৰীকেয় পলাশক তেওঁলোকৰ সম্পৰ্কৰ অৱস্থাৰ বিষয়ে সুধিছে, তেতিয়া পলাশে বিষয়টো এৰাই চলা যেন লাগিছে আৰু বাৰে বাৰে মহিলাগৰাকীক লগ পাবলৈ জোৰ দিয়া দেখা গৈছে ।

স্ক্ৰীণশ্বট ভাইৰেল হোৱাৰ পিছতে টুইটাৰত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । কোনোৱে স্তম্ভিত, কোনোৱে খং কৰাৰ বিপৰীতে বহু ব্যৱহাৰকাৰীয়ে এই কথোপকথনৰ সত্যতাক লৈ প্ৰশ্ন উত্থাপন কৰে ।

লগতে পঢ়ক : শ্বোলেৰ বীৰু আৰু নাই… জীৱন নাট সামৰিলে চিৰসেউজ অভিনেতা ধৰ্মেন্দ্ৰই

স্মৃতি মন্ধানা-প্ৰতীকা ৰাৱালৰ দৰ্শনীয় শতক; ভংগ কৰিলে কেইবাটাও ডাঙৰ অভিলেখ

স্মৃতি মন্ধানা-প্ৰতীকা ৰাৱালৰ বিস্ফোৰক শতক

চলিত আই চি চি মহিলা এদিনীয়া ক্ৰিকেট বিশ্বকাপত নিউজীলেণ্ডৰ বিৰুদ্ধে বিস্ফোৰক শতকৰে ইতিহাস ৰচিলে স্মৃতি মন্ধানা আৰু প্ৰতীকা ৰাৱালে । ভাৰতীয় অ’পেনাৰে এদিনীয়া বিশ্বকাপত শতক অৰ্জন কৰা এয়া প্ৰথম আৰু মহিলা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত তৃতীয়বাৰৰ বাবেহে এনে ঘটিছে । মন্ধানাই ৯৫টা বলত ১০৯ ৰানৰ বিস্ফোৰক ইনিংছ খেলাৰ বিপৰীতে প্ৰতীকা ৰাৱালে ১৩৪ বলত ১২২ ৰান সংগ্ৰহ কৰে । দুয়োগৰাকী বেটছমেনে ২১২ ৰানৰ অ’পেনিং পাৰ্টনাৰশ্বিপ গঢ়ে ।

ইয়াৰ লগে লগে দুয়োগৰাকী বেটছমনে কেইবাটাও অভিলেখো ভংগ কৰে ।

-মহিলাৰ এদিনীয়া বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰৰ বাবে দুয়োগৰাকী অ’পেনাৰে শতক অৰ্জন কৰিছিল ১৯৭৩ চনত । তেতিয়া ইংলেণ্ডৰ অপেনিং যুটি লিন থমাছ আৰু এনাইড বেকৱেলে শতক অৰ্জন কৰিছিল । দ্বিতীয়বাৰৰ বাবে ১৯৮৮ চনত অষ্ট্ৰেলিয়াৰ লিণ্ডচে ৰিলাৰ আৰু ৰুথ বাকষ্টেইনে এই কৃতিত্বৰ পুনৰাবৃত্তি কৰিছিল । এতিয়া ৩৭ বছৰৰ পাছত মন্ধানা আৰু ৰাৱালে শতক অৰ্জন কৰি এই ইতিহাস ৰচনা কৰিছে ।

স্মৃতি মন্ধানাই ১০৯ ৰানৰ ইনিংছত ১০টা চাৰি আৰু চাৰিটা ছয় কোবাই । ৰাৱালে নিজৰ ১২২ ৰানৰ ইনিংছত ১৩টা চাৰি আৰু দুটা ছয় কোবাই । লগে লগে দুয়োগৰাকী অ’পেনাৰে দ্বিতীয়বাৰৰ বাবে দুশৰো অধিক অংশীদাৰিত্ব গঢ়ি তোলে । মহিলাৰ এদিনীয়াত দ্বিতীয়বাৰৰ বাবে দুশৰো অধিক অংশীদাৰিত্ব গঢ়া আন খেলুৱৈ-

মেগ লেনিং আৰু এলিছা পেৰী

তামিন ব্ৰিটছ আৰু লৌৰা বলৱাৰ্ড  

টেমি বিউমন্ট আৰু এমি জোনছ

স্মৃতি মন্ধানা আৰু প্ৰতিকা ৰাৱাল

-কেলেণ্ডাৰ বছৰত আটাইতকৈ বেছি শতকীয় অংশীদাৰিত্ব (যিকোনো উইকেটৰ বাবে)

৫- বেলিণ্ডা ক্লাৰ্ক আৰু লিজা কিটলি (অষ্ট্ৰেলিয়া), ২০০০

৫- স্মৃতি মন্ধানা আৰু প্ৰতীকা ৰাৱাল (ভাৰত), ২০২৫

৪- চুজি বেটছ আৰু ৰেচেল প্ৰিষ্ট (নিউজীলেণ্ড), ২০১৫

৪- তাজমিন ব্ৰিটিছ আৰু ল’ৰা উলভাৰ্ড (দক্ষিণ আফ্ৰিকা), ২০২৫

-মহিলাৰ এদিনীয়াত এটা কেলেণ্ডাৰ বছৰত সৰ্বাধিক ছয়

৩১* – স্মৃতি মন্ধানা (ভাৰত), ২০২৫

২৮ – লিজেল লি (দক্ষিণ আফ্ৰিকা), ২০১৭

২১ – ডিয়াণ্ড্ৰা ডটিন (ৱেষ্ট ইণ্ডিজ)

-মহিলাৰ এদিনীয়াত ইনিংছৰ হিচাবত সৰ্বাধিক দ্ৰুত ১০০০ ৰান

২৩ – লিণ্ডচে ৰিলাৰ (অষ্ট্ৰেলিয়া)

২৩ – প্ৰতীকা ৰাৱাল (ভাৰত)

২৫ – মেগ লেনিং (অষ্ট্ৰেলিয়া)

২৫ – নিকোল বোল্টন (অষ্ট্ৰেলিয়া)

২৭ – বেলিণ্ডা ক্লাৰ্ক (অষ্ট্ৰেলিয়া)

-মহিলাৰ এদিনীয়াত এটা কেলেণ্ডাৰ বছৰত আটাইতকৈ বেছি শতক

৫- তাজমিন ব্ৰিটিছ (দক্ষিণ আফ্ৰিকা), ২০২৫

৫- স্মৃতি মন্ধানা (ভাৰত), ২০২৫

৪- স্মৃতি মন্ধানা (ভাৰত), ২০২৪

লগতে পঢ়ক : দ্বিতীয় এদিনীয়াটো ভাৰতীয় দলৰ পৰাজয়; অথলে গ’ল ৰোহিত-শ্ৰেয়াছৰ অৰ্ধশতক

এদিনীয়া শৃংখলাত ভাৰতীয় মহিলা দলৰ ইতিহাস সৃষ্টি; সোণালী আখৰেৰে লিপিবদ্ধ হ’ল কেপ্টেইন স্মৃতি মান্ধানাৰ নাম

ভাৰতীয় মহিলা দলে তৃতীয় এদিনীয়াত আয়াৰলেণ্ড মহিলাক ৩০৪ ৰাণত পৰাস্ত কৰে আৰু শৃংখলাটো ৩-০ ত জয় লাভ কৰে।খেলখনত ভাৰতীয় বলাৰ আৰু বেটছমেনসকলে আশ্চৰ্যজনক প্ৰদৰ্শন কৰিছিল।

এই খেলখনত ভাৰতীয় দলৰ অধিনায়ক স্মৃতি মান্ধানাই টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়, যিটো শুদ্ধ বুলি প্ৰমাণিত হয়।

খেলখনত দলটোৱে প্ৰথমে বেটিং কৰাৰ সময়ত ৪৩৫ ৰাণ সংগ্ৰহ কৰে, যাৰ প্ৰতিক্ৰিয়াস্বৰূপে আয়াৰলেণ্ডৰ দলটো মাত্ৰ ১৩১ ৰাণতে অল আউট হয় আৰু ভাৰতীয় মহিলা দলে এদিনীয়া ক্ৰিকেটত বৃহৎ জয় অৰ্জন কৰে।

ইয়াৰ পূৰ্বে, ভাৰতীয় মহিলা দলে ২০১৭ চনত আয়াৰলেণ্ডৰ বিৰুদ্ধে এদিনীয়া মেচখন ২৪৯ ৰাণত জয় লাভ কৰিছিল। য’ত ভাৰতীয় দলটোৰ অধিনায়ক আছিল মিতালী ৰাজে।

এতিয়া স্মৃতি মান্ধানাৰ অধিনায়কত্বত ভাৰতে এই অভিলেখ অতিক্ৰম কৰে আৰু লগতে ৩০৪ ৰাণত ইতিহাস সৃষ্টি কৰে।

কিয়নো প্ৰথমবাৰৰ বাবে ভাৰতীয় মহিলা দলে এখন এদিনীয়া মেচত ৩০০ তকৈ অধিক ৰাণত জয়লাভ কৰিছে আৰু মান্ধানাৰ অধিনায়কত্বত এইটো ঘটিছে।

ভাৰতৰ হৈ দ্ৰুততম এদিনীয়া শতক অৰ্জন কৰা বেটছমেন হিচাপে পৰিগণিত হ’ল স্মৃতি মন্ধানা, হৰমনপ্ৰীতক অতিক্ৰম

ৰাজকোটত অনুষ্ঠিত হৈ থকা তৃতীয়খন এদিনীয়াত আয়াৰলেণ্ডৰ বিৰুদ্ধে শতক অৰ্জন কৰে ভাৰতীয় মহিলা দলৰ তাৰকা বেটছমেন স্মৃতি মন্ধানাই । মন্ধানাই মাত্ৰ ৭০টা বলত শতক অৰ্জন কৰে, যিটো ভাৰতৰ হৈ মহিলা ক্ৰিকেটৰ যিকোনো বেটছমেনৰ আটাইতকৈ দ্ৰুততম শতক । বিগত বছৰ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৮৭টা বলত শতক অৰ্জন কৰা হৰমনপ্ৰীত কৌৰক এই ক্ষেত্ৰত মন্ধানাই অতিক্ৰম কৰে ।

শতক অৰ্জন কৰাৰ পিছত মন্ধানাই বেছি সময় ক্ৰীজত তিষ্ঠি থাকিব নোৱাৰিলে আৰু তেওঁৰ উইকেট বিসৰ্জন দিয়ে । অৰ্লা প্ৰেণ্ডাৰগাষ্টে মন্ধানাৰ উইকেট দখল কৰি দলটোক প্ৰথম সফলতা প্ৰদান কৰে । ১২টা চাৰি আৰু ৭টা ছয়ৰ সহায়ত ৮০টা বলত ১৩৫ ৰান সংগ্ৰহ কৰি পেভিলিয়নমুখী হয় মন্ধনা । ইয়াৰ লগে লগে মন্ধনা আৰু প্ৰতীকা ৰাৱালৰ মাজত প্ৰথম উইকেটৰ বাবে ২৩৩ ৰানৰ অংশীদাৰিত্বৰ অন্ত পৰে । মন্ধানাই দ্ৰুততম ইনিংছ খেলি দলটোক শক্তিশালী স্থিতিলৈ আনে ।

ভাৰতৰ হৈ মহিলাৰ এদিনীয়া ক্ৰিকেটত আটাইতকৈ দ্ৰুততম শতক-

৭০টা বল- স্মৃতি মন্ধানা আয়াৰলেণ্ড ২০২৫

৮৭টা বল- হৰমনপ্ৰীত কৌৰ দক্ষিণ আফ্ৰিকা ২০২৪

৯০টা বল- হৰমনপ্ৰীত কৌৰ অষ্ট্ৰেলিয়া ২০১৭

৯০টা বল- জেমিমাহ ৰড্ৰিগজ আয়াৰলেণ্ড ২০২৫

৯৮টা বল- হাৰ্লিন দেওল ৱেষ্ট ইণ্ডিজ ২০২৪

এদিনীয়াত ভাৰতৰ বাবে তৃতীয় সৰ্বোচ্চ অংশীদাৰিত্ব-

ভাৰতীয় মহিলা দলটোৱে আয়াৰলেণ্ডৰ বিৰুদ্ধে তৃতীয়খন খেলতো শক্তিশালী আৰম্ভণি কৰিবলৈ সক্ষম হৈছে । টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ পাছত মন্ধানা আৰু ৰাভালে ভাৰতক সুদৃঢ় আৰম্ভণি দি ২৪ অভাৰৰ অন্তত স্ক’ৰ ২০০ ৰ ওপৰলৈ লৈ যায় । এই সময়ছোৱাত মন্ধানাই আক্ৰমণাত্মকভাৱে বেটিং কৰি ডাঙৰ ডাঙৰ শ্বট খেলি থাকিল, আনহাতে ৰাভালেও আনটো মূৰত দৃঢ়তাৰে থাকিল । মন্ধানা আৰু ৰাভালে প্ৰথম উইকেটত ২৩৩ ৰান সংযোজন কৰে, যিটো এদিনীয়াত ভাৰতীয় মহিলাৰ তৃতীয় সৰ্বাধিক অংশীদাৰিত্ব । এদিনীয়া মেচত ভাৰতৰ বাবে সৰ্বোচ্চ অংশীদাৰিত্বৰ অভিলেখ আছে ২০১৭ চনত আয়াৰলেণ্ডৰ বিৰুদ্ধে ৩২০ ৰান সংযোজন কৰা পুনম ৰাউত আৰু দীপ্তি শৰ্মাৰ নামত ।

এদিনীয়া ক্ৰিকেটত ভাৰতৰ বাবে যিকোনো উইকেটত সৰ্বোচ্চ অংশীদাৰিত্ব-

৩২০ ৰাণ- পুনাম-দীপ্তি আয়াৰলেণ্ড ২০১৭

২৫৮*ৰাণ- মিতালী-ৰেশমা আয়াৰলেণ্ড ১৯৯৯

২৩৩ ৰাণ- মন্ধানা-ৰাভাল আয়াৰলেণ্ড ২০২৫

২২৩* ৰাণ- অঞ্জুম-জয়া পাকিস্তান ২০০৫

১৯০ ৰাণ- মন্ধানা-ৰড্ৰিগছ নিউজীলেণ্ড ২০১৯

কেৰিয়াৰৰ দশম এদিনীয়া শতক-

এদিনীয়া কেৰিয়াৰত এয়া মন্ধানাই দশম শতক আৰু মহিলাৰ এদিনীয়া ক্ৰিকেটৰ ইতিহাসত সৰ্বাধিক শতক অৰ্জন কৰা যৌথ তৃতীয় বেটছমেন হিচাপে পৰিগণিত হৈছে । মহিলাৰ ৫০ অভাৰৰ ফৰ্মেটত সৰ্বাধিক শতক অৰ্জন কৰাৰ অভিলেখ ১৫টা শতক অৰ্জন কৰা মেগ লেনিঙৰ হাতত আছে । ইয়াৰ পিছতে এদিনীয়াত ১৩টা শতক অৰ্জন কৰা চুজি বেটছ । একে সময়তে এই ভাৰতীয় বেটছমেনৰ দৰে এদিনীয়া মেচত ১০টা শতক অৰ্জন কৰা টেমি বিউমন্টৰ সৈতে এতিয়া এই তালিকাৰ তৃতীয় স্থানলৈ আহিছে মন্ধানা ।