ভেনিজুৱেলাৰ পৰা পোনে পোনে আমেৰিকালৈ যাব ৫০ মিলিয়ন বেৰেল তেল… ট্ৰাম্পৰ ডাঙৰ ঘোষণা

ভেনিজুৱেলাৰ অন্তৱৰ্তীকালীন চৰকাৰে আমেৰিকাক ৩০ৰ পৰা ৫০ মিলিয়ন বেৰেল তেল বিক্ৰী কৰিব বুলি ঘোষণা কৰিছে মাৰ্কিন ৰাষ্ট্ৰপটি ড’নাল্ড ট্ৰাম্পে । তেওঁ শক্তি সচিব ক্ৰীছ ৰাইটক এই পৰিকল্পনা তৎকালীনভাৱে কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিছে ।

মঙলবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভেনিজুৱেলা সন্দৰ্ভত এক বৃহৎ ঘোষণা কৰে । তেওঁ নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথ ছ’চিয়েলত উল্লেখ কৰে যে ভেনিজুৱেলাৰ অন্তৱৰ্তীকালীন চৰকাৰে আমেৰিকাক ৩০ৰ পৰা ৫০ মিলিয়ন বেৰেল উচ্চমানৰ তেল বিক্ৰী কৰিব । ট্ৰাম্পৰ মতে এই তেল বজাৰ মূল্যত লাভ কৰিব আমেৰিকা ।

ড’নাল্ড ট্ৰাম্পে কয় যে তেওঁ তেল বিক্ৰীৰ পৰা পোৱা ধনৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব আৰু এই ধন দুয়োখন দেশৰ জনসাধাৰণৰ হিতৰ বাবে ব্যৱহাৰ কৰা হ’ব । তেওঁ লগতে কয় যে তেওঁ শক্তি সচিব ক্ৰীছ ৰাইটক এই পৰিকল্পনা তৎকালীনভাৱে কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিছে । ষ্ট’ৰেজ জাহাজৰ জৰিয়তে পোনপটীয়াকৈ আমেৰিকাৰ আনলোডিং ডক আৰু বন্দৰলৈ তেল পৰিবহণ কৰা হ’ব ।

হোৱাইট হাউছে জাৰি কৰিলে বিবৃতি-

ইফালে, শুকুৰবাৰে অ’ভাল অফিচত ভেনিজুৱেলাৰ তেল ব্যৱসায় সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰিছে হোৱাইট হাউছে । এই বৈঠকত এক্সন, চেভ্ৰন, কন’কোফিলিপছৰ দৰে আমেৰিকাৰ প্ৰধান তেল কোম্পানীসমূহৰ জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে । বৈঠকত ভেনেজুৱেলাৰ তেল চুক্তি আৰু ভৱিষ্যতৰ কৌশলৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হ’ব বুলি আশা কৰা হৈছে ।

ভেনিজুৱেলাত বিশাল তেল ভাণ্ডাৰ-

উল্লেখ্য যে, ভেনেজুৱেলাত বিশ্বৰ ভিতৰতে সৰ্বাধিক খাৰুৱা তেলৰ মজুত আছে যদিও ইয়াৰ পিছতো ইয়াৰ পৰা গড়ে প্ৰতিদিনে মাত্ৰ ১০ লাখ বেৰেল তেলহে উৎপাদন হয় । যদি আমেৰিকাৰ সৈতে তুলনা কৰা হয় তেন্তে অক্টোবৰ মাহত প্ৰতিদিনে গড়ে ১ কোটি ৩৯ লাখ বেৰেল উৎপাদন কৰিছিল আমেৰিকাই । ট্ৰাম্পৰ পৰিকল্পনা অনুসৰি আমেৰিকাই যদি প্ৰায় ৫৬ ডলাৰত এক বেৰেল তেল ক্ৰয় কৰে তেন্তে ভেনিজুৱেলাৰ তেলৰ মূল্য হ’ব প্ৰায় ২.৮ বিলিয়ন ডলাৰ ।

লগতে পঢ়ক : গ্ৰীণলেণ্ড বিবাদ… ট্ৰাম্পৰ বিৰুদ্ধে একত্ৰিত ইউৰোপীয় দেশ !

ডেনমাৰ্কক ভেনিজুৱেলা বুলি ভুল নকৰিব… ৰাষ্ট্ৰপতি ট্ৰাম্পক সকীয়নি মেট ফ্ৰেডেৰিকচনৰ

শনিবাৰে সংবাদ মাধ্যমৰ আগত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে আমেৰিকাই এতিয়া গ্ৰীণলেণ্ড দখল কৰিবলৈ সাজু হৈছে । ইয়াৰ পিছতে ৰাষ্ট্ৰপতি ট্ৰাম্পক সকীয়নি ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰীৰ।

ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেটে ফ্ৰেডেৰিকচেনে সোমবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক তীব্ৰ সকীয়নি দিয়ে । গ্ৰীণলেণ্ডক সংযুক্ত কৰাৰ সন্দৰ্ভত দিয়া ট্ৰাম্পে দিয়া বক্তব্যৰ ওপৰত তীব্ৰ আক্ৰমণ চলাই তেওঁ কয় যে আমেৰিকাই ডেনমাৰ্কক ভেনিজুৱেলা বুলি ভুল কৰা উচিত নহয় । আমাক আক্ৰমণ কৰিলে নাটোৰ সামৰিক মিত্ৰতাৰ অন্ত পৰিব ।

ভেনিজুৱেলাত সংঘটিত সামৰিক অভিযানৰ পিছতে শনিবাৰে সংবাদ মাধ্যমৰ আগত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে আমেৰিকাই এতিয়া গ্ৰীণলেণ্ড দখল কৰিবলৈ সাজু হৈছে । তেওঁৰ এই বক্তব্যৰ সোমবাৰে ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেট ফ্ৰেডেৰিকচেনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আৰু তেওঁ কয় যে আমেৰিকাই গ্ৰীনলেণ্ড দখল কৰিলে নাটোৰ সামৰিক মিত্ৰতাৰ অন্ত পৰিব । কাৰাকাছত মাজনিশা আমেৰিকাৰ সেনাই নেতা নিকোলাছ মাদুৰো আৰু তেওঁৰ পত্নীক বন্দী কৰিবলৈ চলোৱা অভিযানত বিশ্ব স্তম্ভিত হৈ পৰিছিল । আমেৰিকাৰ এই পদক্ষেপে ডেনমাৰ্ক আৰু গ্ৰীণলেণ্ডৰ উদ্বেগ বৃদ্ধি কৰিছে । উল্লেখ্য যে, গ্ৰীণলেণ্ড ডেনমাৰ্কৰ অৰ্ধস্বায়ত্তশাসিত ভূখণ্ড আৰু সেয়েহে ই নাটোৰ অংশ ।

সোমবাৰে এক সাক্ষাৎকাৰত ফ্ৰেডেৰিকচেনে গ্ৰীনলেণ্ড সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ বক্তব্যক তীব্ৰ সমালোচনা কৰি বিপৰ্যয়জনক পৰিণতিৰ সতৰ্কবাণী দিয়ে । তেওঁ কয় যে যদি আমেৰিকাই আন এখন নাটো দেশত সামৰিক আক্ৰমণ চলোৱাৰ সিদ্ধান্ত লয় তেন্তে সকলো স্তব্ধ হৈ পৰিব । তাৰ অৰ্থ হ’ল আমাৰ নাটো আৰু এইদৰে দ্বিতীয় বিশ্বযুদ্ধৰ অন্ত পৰাৰ পিছত আমি যি নিৰাপত্তা লাভ কৰি আহিছো সেয়া শেষ হৈ যাব ।

ট্ৰাম্পে ৰাষ্ট্ৰপতিত্বৰ সময়ছোৱাত আৰু দ্বিতীয় কাৰ্যকালৰ প্ৰথম মাহত গ্ৰীনলেণ্ডৰ ওপৰত আমেৰিকাৰ সাৰ্বভৌমত্ব বাৰে বাৰে দৃঢ়তাৰে দাবী কৰিছিল আৰু দ্বীপটোৰ নিয়ন্ত্ৰণ দখল কৰিবলৈ সামৰিক শক্তি ব্যৱহাৰ কৰাৰ কথাও নুই কৰা নাই । দেওবাৰে তেওঁ ২০ দিনৰ পাছত গ্ৰীণলেণ্ডৰ কথা পাতিম বুলি মন্তব্য কৰিছিল । এই মন্তব্যই ভৱিষ্যতে আমেৰিকাই গ্ৰীণলেণ্ডত হস্তক্ষেপ কৰাৰ পৰিকল্পনা কৰা বুলি আশংকা আৰু অধিক তীব্ৰতৰ কৰি তুলিছিল ।

ফ্ৰেডেৰিকচেনে লগতে কয় যে যেতিয়া ট্ৰাম্পে গ্ৰীণলেণ্ড বিচাৰে বুলি কয় তেতিয়া তেওঁক গুৰুত্বসহকাৰে লোৱা উচিত । তেওঁ লগতে কয় যে আমি এনে পৰিস্থিতি মানি নলওঁ য’ত আমি আৰু গ্ৰীণলেণ্ডক এইদৰে ভাবুকি দিয়া হয় ।

লগতে পঢ়ক : ভেনিজুৱেলাৰ পিছত এইবাৰ গ্ৰীণলেণ্ডৰ পাল ! ভাবুকি নিদিবলৈ ট্ৰাম্পক সকীয়নি ডেনমাৰ্কৰ

ভেনিজুৱেলাৰ পিছত এইবাৰ গ্ৰীণলেণ্ডৰ পাল ! ভাবুকি নিদিবলৈ ট্ৰাম্পক সকীয়নি ডেনমাৰ্কৰ

ভেনিজুৱেলাত আমেৰিকাৰ আক্ৰমণৰ পিছত পুনৰ চৰ্চালৈ আহিছে গ্ৰীণলেণ্ড । ৰাষ্ট্ৰপতি ট্ৰাম্পে অঞ্চলটো দখলৰ ভাবুকি প্ৰদান কৰিছে । ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবে গ্ৰীণলেণ্ড আমেৰিকাক প্ৰয়োজন বুলি দাবী কৰিছে ট্ৰাম্পে ।

ভেনিজুৱেলাৰ বিৰুদ্ধে সামৰিক পদক্ষেপৰ পিছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দক্ষিণ আমেৰিকাৰ পৰা কেৰিবিয়ানলৈকে দেশসমূহক মুকলিকৈ ভাবুকি প্ৰদান কৰিছে । ইয়াৰ মাজতে ড’নাল্ড ট্ৰাম্পে কয় যে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে আমেৰিকাক গ্ৰীণলেণ্ডৰ প্ৰয়োজন । তেওঁৰ এই বক্তব্যই পুনৰবাৰ আৰ্কটিক দ্বীপ গ্ৰীনলেণ্ডক চৰ্চালৈ আনিছে ।

ড’নাল্ড ট্ৰাম্পৰ এই বক্তব্যৰ পিছতে ছ’চিয়েল মিডিয়াত তেওঁৰ সমৰ্থকসকলে কৰা মন্তব্যই গ্ৰীনলেণ্ড আমেৰিকাৰ পৰৱৰ্তী লক্ষ্য হিচাপে পৰিগণিত হোৱাৰ উদ্বেগ বৃদ্ধি কৰিছে । ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেটে ফ্ৰেডেৰিকচেনে ট্ৰাম্পৰ এই বক্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গ্ৰীনলেণ্ড নিয়ন্ত্ৰণ কৰাৰ ভাবুকি বন্ধ কৰিবলৈ মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীক সকীয়াই দিয়ে ।

ট্ৰাম্পক সকীয়নি ডেনমাৰ্কৰ-

ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰীয়ে ট্ৰাম্পক স্পষ্টকৈ কয় যে, “ডেনমাৰ্ক আৰু গ্ৰীণলেণ্ড নাটোৰ অংশ । ফলত তেওঁলোক মিত্ৰজোঁটৰ নিৰাপত্তা নিশ্চয়তাৰ অধীনত পৰে । ডেনমাৰ্কৰ সৈতে আমেৰিকাৰ ইতিমধ্যেই এক প্ৰতিৰক্ষা চুক্তি আছে যিয়ে আমেৰিকাক গ্ৰীণলেণ্ডত ব্যাপক প্ৰৱেশৰ সুবিধা প্ৰদান কৰে ।” তেওঁ লগতে কয়, “এই ভিত্তিত মই আমেৰিকাক আহ্বান জনাইছো যে ঐতিহাসিকভাৱে ঘনিষ্ঠ মিত্ৰ, দেশ আৰু লোকক তেওঁলোকে ভাবুকি দিয়া বন্ধ কৰক, যিয়ে স্পষ্টভাৱে তেওঁলোক বিক্ৰী নহয় বুলি কৈছে ।”

ভেনিজুৱেলাৰ আক্ৰমণৰ পিছতে চৰ্চাত গ্ৰীনলেণ্ড-

ভেনিজুৱেলাত আমেৰিকাৰ আক্ৰমণৰ মাত্ৰ কেইঘণ্টামানৰ পিছতে বিশ্বৰ দৃষ্টি গ্ৰীণলেণ্ডত কেন্দ্ৰীভূত হয় । ইয়াৰ পোনপটীয়া কাৰণ আছিল ড’নাল্ড ট্ৰাম্পৰ বক্তব্য তথা ভাবুকি । দৰাচলতে পূৰ্বৰ কাৰ্যকালত ড’নাল্ড ট্ৰাম্পে গ্ৰীণলেণ্ড ক্ৰয় কৰাৰ প্ৰস্তাৱ দিছিল । গ্রীনলেণ্ড এটা উল্লেখযোগ্য কৌশলগত গুৰুত্বৰ অঞ্চল ৷ ইয়াৰ জনসংখ্যা মাত্ৰ ৫৬ হাজাৰ ।

আৰ্কটিক দ্বীপ গ্ৰীনলেণ্ড ভৌগোলিকভাৱে উত্তৰ আমেৰিকাৰ অংশ । কিন্তু ইউৰোপৰ সৈতে ৰাজনৈতিকভাৱে সংযুক্ত ডেনমাৰ্কৰ ভিতৰৰ ই এক স্বায়ত্তশাসিত ভূখণ্ড । আভ্যন্তৰীণ বিষয়ত গ্ৰীণলেণ্ড স্ব-শাসিত যদিও ইয়াৰ বৈদেশিক আৰু নিৰাপত্তা নীতি ডেনমাৰ্কৰ নিয়ন্ত্ৰণত আছে । কিন্তু ২০০৯ চনৰ আত্মশাসন আইন অনুসৰি ইয়াৰ সম্পূৰ্ণ স্বাধীনতা লাভ কৰাৰ অধিকাৰ আছে, যিটো গণভোটৰ জৰিয়তে গ্ৰীনলেণ্ডৰ জনসাধাৰণে বাছি ল’ব পাৰে ।

কিয় গুৰুত্বপূৰ্ণ গ্ৰীনলেণ্ড ?

ডেনমাৰ্ক আৰু গ্ৰীণলেণ্ডৰ নেতাসকলে আমেৰিকাৰ এই স্থিতিক আন্তঃৰাষ্ট্ৰীয় আইন আৰু সাৰ্বভৌমত্ব উলংঘা কৰা বুলি অভিহিত কৰিছে । গ্রীনলেণ্ডৰ অৰ্থনীতি মূলতঃ মাছ ধৰাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে । শেহতীয়া বছৰবোৰত আমেৰিকাৰ আপুৰুগীয়া খনিজ পদাৰ্থ, ইউৰেনিয়াম, লো খননকে ধৰি গ্ৰীনলেণ্ডৰ প্ৰাকৃতিক সম্পদৰ প্ৰতি আগ্ৰহ বাঢ়িছে ।

দৰাচলতে গোলকীয় উষ্ণতাৰ বাবে গ্রীনলেণ্ডক আবৰি থকা কিছুমান বৰফ গলি এই ঠাইবোৰ অধিক সুলভ কৰি তুলিব পাৰে । শেহতীয়াকৈ ট্ৰাম্পৰ বক্তব্যই ইয়াকেই ইংগিত দিছিল । বিশেষকৈ গলি যোৱা বৰফে নতুন জলপথ আৰু সামৰিক সুযোগ মুকলি কৰাৰ বাবে আৰ্কটিকত ৰাছিয়া আৰু চীনৰ কাৰ্যকলাপ বৃদ্ধি পোৱাৰ বাবে গ্রীনলেণ্ড অতি গুৰুত্বপূৰ্ণ বুলি ট্ৰাম্পে মন্তব্য কৰিছিল ।

আমেৰিকাৰ দীৰ্ঘদিন ধৰি গ্রীনলেণ্ডৰ প্ৰতি নিৰাপত্তাৰ স্বাৰ্থ আছিল । দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাৰ্মানীয়ে ডেনমাৰ্কৰ মূল ভূখণ্ড দখল কৰিছিল । ইয়াৰ পিছত আমেৰিকাই গ্ৰীণলেণ্ড আক্ৰমণ কৰি সমগ্ৰ ভূখণ্ডত সামৰিক আৰু ৰেডিঅ’ ষ্টেচন স্থাপন কৰে ।

লগতে পঢ়ক : মাদুৰোক গ্ৰেপ্তাৰৰ পিছত নিৰাপত্তা পৰিষদৰ জৰুৰী বৈঠক আহ্বান…

মাদুৰোক গ্ৰেপ্তাৰৰ পিছত নিৰাপত্তা পৰিষদৰ জৰুৰী বৈঠক আহ্বান…

আমেৰিকাই ভেনিজুৱেলা আক্ৰমণ আৰু সপত্নীক দেশখনৰ ৰাষ্ট্ৰপতিক গ্ৰেপ্তাৰ কৰাৰ পিছতেই ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে জৰুৰী বৈঠক আহ্বান কৰিছে…

শনিবাৰে ভেনিজুৱেলাৰ বিৰুদ্ধে সামৰিক ব্যৱস্থা গ্ৰহণ কৰি ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰো আৰু তেওঁৰ পত্নীক বন্দী কৰে আমেৰিকাই । এই ঘটনাৰ পিছতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে সোমবাৰে জৰুৰী বৈঠক আহ্বান কৰিছে । এই বৈঠক ছোমালিয়াৰ অধ্যক্ষতাত পুৱা ১০ বজাত (ভাৰতীয় সময় অনুসৰি নিশা ৮:৩০ বজাত) অনুষ্ঠিত হ’ব । এই বৈঠকৰ মূল এজেণ্ডা হৈছে আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তাৰ প্ৰতি ভাবুকি । নিৰাপত্তা পৰিষদৰ এই বৈঠকত ভৱিষ্যতে ল’বলগীয়া পদক্ষেপসমূহৰ বিষয়ে আলোচনা কৰা হ’ব আৰু আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা নিশ্চিত কৰাৰ উপায় সন্ধান কৰা হ’ব ।

বৰ্তমান ছোমালিয়া ৰাষ্ট্ৰসংঘৰ ৰোটেটিং প্ৰেছিডেন্ট । নিৰাপত্তা পৰিষদৰ মুঠ ১৫খন সদস্য ৰাষ্ট্ৰ আছে, য’ত পাঁচখন স্থায়ী আৰু দহখন অস্থায়ী সদস্য ৰাষ্ট্ৰ আছে । কলম্বিয়াৰ ৰাষ্ট্ৰপতি গুস্তাভো পেট্ৰ’ই প্ৰথমে জৰুৰী বৈঠকৰ আহ্বান জনায় । তেওঁ কয় যে আমেৰিকাৰ এই আক্ৰমণ ভেনিজুৱেলাৰ সাৰ্বভৌমত্ব আৰু লেটিন আমেৰিকাৰ নিৰাপত্তাৰ বিৰুদ্ধে । পেট্ৰ’ই লগতে কয় যে এখন দেশৰ ভিতৰত আভ্যন্তৰীণ বিবাদসমূহ ইয়াৰ জনসাধাৰণে শান্তিপূৰ্ণভাৱে সমাধান কৰিব লাগে । আমেৰিকাৰ এই কাৰ্য্য ৰাষ্ট্ৰসংঘৰ নীতিৰ বিৰুদ্ধে ।

শনিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ঘোষণা কৰে যে আমেৰিকাই ভেনিজুৱেলাত ব্যাপক সামৰিক আক্ৰমণ চলাইছে । মাদুৰো আৰু তেওঁৰ পত্নীক গ্ৰেপ্তাৰ কৰি দেশৰ বাহিৰলৈ লৈ যোৱা হয় । ট্ৰাম্পে ছ’চিয়েল মিডিয়াত মাদুৰোৰ এখন ফটো শ্বেয়াৰ কৰিছিল, য’ত তেওঁক ইউ এছ এছ ইয়ো জিমা যুদ্ধজাহাজত থকা দেখা গৈছিল ।

এই ঘটনাৰ পিছতে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছে গভীৰ উদ্বেগ প্ৰকাশ কৰে । এনে কাৰ্যৰ ফলত সমগ্ৰ অঞ্চলটোৰ বাবে ভয়াৱহ পৰিণতি হ’ব পাৰে বুলি তেওঁ সকীয়াই দিয়ে । তেওঁৰ মুখপাত্ৰ ষ্টেফান ডুজাৰিকে কয় যে এই কাণ্ডই এক বিপজ্জনক নজিৰ গঢ়ি তুলিছে আৰু সকলো দেশেই আন্তঃৰাষ্ট্ৰীয় আইন আৰু ৰাষ্ট্ৰসংঘৰ চনদ মানি চলিব লাগিব ।

লগতে পঢ়ক : আমেৰিকাৰ জিম্মাত ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি… বন্দিত্বৰ প্ৰথমখন ফটো প্ৰকাশ ট্ৰাম্পৰ

ভেনিজুৱেলাত আমেৰিকাৰ আক্ৰমণত নিহতৰ সংখ্যা ৮০লৈ বৃদ্ধি… আতংকময় পৰিস্থিতি

ভেনিজুৱেলাত আমেৰিকাই চলোৱা সামৰিক আক্ৰমণত নিহতৰ সংখ্যা ৮০লৈ বৃদ্ধি পাইছে । আমেৰিকাই এই আক্ৰমণ চলোৱাৰ লগতে সপত্নীক দেশখনৰ ৰাষ্ট্ৰপতিক বন্দী কৰি লৈ যায় ।

শনিবাৰে পুৱা ভেনিজুৱেলাৰ ৰাজধানী কাৰাকাছত আমেৰিকাৰ বৃহৎ সামৰিক আক্ৰমণত সাধাৰণ নাগৰিক আৰু জোৱানসহ কমেও ৮০ জন লোক নিহত হয় । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ভেনিজুৱেলাৰ এজন জ্যেষ্ঠ বিষয়াই এই আক্ৰমণত ৮০ জন লোক নিহত হোৱা বুলি জানিবলৈ দিয়ে । উল্লেখ্য যে ভেনিজুৱেলাত আমেৰিকাই এক বৃহৎ সামৰিক অভিযান চলাইছিল, য’ত দেশখনৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰো আৰু তেওঁৰ পত্নীক বন্দী কৰা হয় ।

সামৰিক আক্ৰমণৰ পিছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নিশ্চিত কৰে যে মাদুৰো আৰু তেওঁৰ পত্নীক বন্দী কৰি আমেৰিকালৈ লৈ যোৱা হৈছে, য’ত তেওঁলোকৰ বিচাৰ হ’ব ।

এই অভিযান সন্দৰ্ভত ট্ৰাম্পে কয় যে মাদুৰো আমাৰ জিম্মাত আছে আৰু তেওঁক নিউয়ৰ্কলৈ অনা হৈছে । তেওঁ উল্লেখ কৰে যে আমেৰিকাই দেশখনৰ নিয়ন্ত্ৰণ ল’ব । ফ্ল’ৰিডাৰ নিজৰ মাৰ-এ-লাগো ৰিজ’ৰ্টত ভাষণ দি তেওঁ কয় যে আমি ভেনিজুৱেলা চলাম যেতিয়ালৈকে আমাৰ এটা নিৰাপদ আৰু বুদ্ধিমান পৰিৱৰ্তন নহয় ।’

আমেৰিকাৰ সামৰিক অভিযানত ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোক বন্দী কৰাৰ পিছত দেওবাৰে ভেনিজুৱেলাত এক অস্বস্তিকৰ পৰিস্থিতিৰ সৃষ্টি হয় । ৰাজধানী কাৰাকাছ অস্বাভাৱিকভাৱে নিস্তব্ধ হৈ পৰে আৰু যান-জঁটো কম দেখা যায় । বেছিভাগ অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকান, গেছ ষ্টেচন আৰু অন্যান্য ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ আছিল ।

ইয়াৰ এদিন পূৰ্বে সংঘৰ্ষৰ আশংকাত সামগ্ৰী মজুত ৰখাৰ উদ্দেশ্যৰে সমগ্ৰ দেশৰ দোকান-পোহাৰ আৰু পেট্ৰ’ল পাম্পৰ বাহিৰত দীঘলীয়া শাৰী দেখা যায় । সাধাৰণতে ব্যস্ত ৰাস্তাবোৰ প্ৰায় খালী আছিল আৰু ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি ভৱনত অস্ত্ৰধাৰী সাধাৰণ নাগৰিক আৰু সামৰিক বাহিনীৰ সদস্যই পহৰা দিছিল ।

লগতে পঢ়ক : আমেৰিকাৰ জিম্মাত ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি… বন্দিত্বৰ প্ৰথমখন ফটো প্ৰকাশ ট্ৰাম্পৰ

‘যদি একনায়কত্ববাদীসকলৰ সৈতে এনেদৰে…’; মাদুৰোক গ্ৰেপ্তাৰ কৰাৰ পিছত জেলেনস্কিৰ প্ৰথম প্ৰতিক্ৰিয়া

নিকোলাছ মাদুৰোক গ্ৰেপ্তাৰ কৰাৰ পিছত প্ৰথমবাৰলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্ল’ডিমিৰ জেলেনস্কিয়ে।

ভেনিজুৱেলাত আমেৰিকাই গ্ৰহণ কৰা সামৰিক ব্যৱস্থা আৰু ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোক গ্ৰেপ্তাৰ কৰা ঘটনাই নিশ্চিতভাৱে সমগ্ৰ বিশ্বক আচৰিত কৰি তুলিছে।

আমেৰিকাৰ এই কাৰ্য্যক লৈ বহু দেশৰ পৰা প্ৰতিক্ৰিয়া দেখা গৈছে।ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্ল’ডিমিৰ জেলেনস্কিৰ এক বিবৃতিও আহিছে।কোনো নেতাৰ নাম নোলোৱাকৈয়ে কটু সুৰত এই বক্তব্য আগবঢ়ায় জেলেনস্কিয়ে।

ভেনিজুৱেলাৰ বিৰুদ্ধে ড’নাল্ড ট্ৰাম্পৰ এই কাৰ্যক লৈ যেতিয়া ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি গৰাকীক তেওঁৰ প্ৰতিক্ৰিয়াৰ বিষয়ে সোধা হৈছিল,তেতিয়া তেওঁ কটু সুৰত কয়,”যদি একনায়কত্ববাদীৰ সৈতে এনেদৰে মোকাবিলা কৰাটো সম্ভৱ, তেন্তে আমেৰিকাই জানে,ইয়াৰ পিছত কি কৰিব।’

অৱশ্যে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে কোনো নেতাৰ নাম উল্লেখ কৰা নাই।যদিও তেওঁ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ কথা কৈছিল,এই সকলোবোৰ মই বুজিলোঁ। ইউৰোপীয় দেশসমূহৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাসকলৰ সৈতে বৈঠকত মিলিত হোৱাৰ পিছত তেওঁ এই মন্তব্য কৰে।

লগতে পঢ়ক: আমেৰিকাৰ জিম্মাত ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি… বন্দিত্বৰ প্ৰথমখন ফটো প্ৰকাশ ট্ৰাম্পৰ

আমেৰিকাৰ জিম্মাত ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি… বন্দিত্বৰ প্ৰথমখন ফটো প্ৰকাশ ট্ৰাম্পৰ

ড’নাল্ড ট্ৰাম্পে আমেৰিকান সেনাই বন্দী কৰা ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোৰ এখন ফটো প্ৰকাশ কৰিছে । ফটোত দেখা গৈছে যে, মাদুৰোৰ হাতত হেণ্ডকাফ লগতে তেওঁৰ চকুত ক’লা পটি বান্ধি থোৱা আছে ।

ভেনিজুৱেলাৰ ৰাজধানী কাৰাকাছত আমেৰিকাৰ আক্ৰমণৰ পিছতে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথত প্ৰকাশ কৰিছে এখন বিশেষ ফটো । ট্ৰাম্পে শ্বেয়াৰ কৰা ছবিখনত বন্দী অৱস্থাৰ ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোক দেখা গৈছে । ফটোত দেখা গৈছে যে, আমেৰিকান সেনাৰ জিম্মাত থকা মাদুৰোৰ হাতত হেণ্ডকাফ লগতে তেওঁৰ চকুত ক’লা পটি বান্ধি থোৱা আছে । প্ৰকাশিত বাতৰি অনুসৰি শোৱনি কোঠাত শুই থকা অৱস্থাত গ্ৰেপ্তাৰ কৰা হয় মাদুৰোক ।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দাবী কৰিছে যে ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰো আৰু তেওঁৰ পত্নী চিলিয়া ফ্ল’ৰেছক আমেৰিকাৰ যুদ্ধ জাহাজ USS Iwo Jimaত ৰাখি নিউয়ৰ্কলৈ লৈ যোৱা হৈছে ।

আক্ৰমণৰ পিছত ফক্স নিউজৰ সৈতে হোৱা টেলিফোনিক সাক্ষাৎকাৰত ট্ৰাম্পে মাদুৰোক আত্মসমৰ্পণ কৰিবলৈ কোৱা বুলি কয় । ট্ৰাম্পে কয় যে মই স্পষ্টকৈ কৈছিলো যে আপুনি আত্মসমৰ্পণ কৰিব লাগিব । তেওঁ লগতে কয় যে তেওঁ মাদুৰোৰ সৈতে প্ৰায় এসপ্তাহ পূৰ্বে বাৰ্তালাপ কৰিছিল । ট্ৰাম্পৰ মতে, “আমাৰ মাজত আলোচনা হৈছিল, মই নিজেই তেওঁৰ সৈতে কথা পাতিছিলো, কিন্তু মোৰ বাৰ্তা স্পষ্ট আছিল যে, আপুনি আত্মসমৰ্পণ কৰিব লাগিব ।”

কাৰাকাছত আমেৰিকাৰ আক্ৰমণৰ পিছত এই বক্তব্য প্ৰকাশ পাইছে, তাৰ পিছত ডেল্টা ফৰ্চে মাদুৰোক বন্দী কৰা বুলি দাবী কৰিছিল ট্ৰাম্পে । ভেনিজুৱেলা চৰকাৰে এই ঘটনাক “আক্ৰমণ” বুলি অভিহিত কৰি আন্তঃৰাষ্ট্ৰীয় সহায়ৰ বাবে আহ্বান জনাইছে ।

বিচাৰৰ সন্মুখীন হ’ব পাৰে মাদুৰো আৰু তেওঁৰ পত্নী-

আমেৰিকাৰ এটৰ্নী জেনেৰেল পেম বণ্ডীয়ে কয় যে ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰো আৰু তেওঁৰ পত্নী চিলিয়া ফ্ল’ৰেছ অভিযুক্ত হোৱাৰ পিছত নিউয়ৰ্কত অপৰাধমূলক অভিযোগৰ সন্মুখীন হ’ব লাগিব । বণ্ডীয়ে ছ’চিয়েল মিডিয়াত পোষ্ট কৰি কয় যে শীঘ্ৰেই এই দম্পতীহালে আমেৰিকাৰ মাটিত আমেৰিকাৰ আদালতত আইনী প্ৰক্ৰিয়াৰ সন্মুখীন হ’ব লাগিব । উল্লেখ্য যে, ২০২০ চনত নিউয়ৰ্কত মাদুৰোৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল ।

লগতে পঢ়ক : কিমান ঘাতক ভেনিজুৱেলাত প্ৰৱেশ কৰি ৰাষ্ট্ৰপতিক বন্দী কৰা ডেল্টা ফৰ্চ ? ই কিয় বিপদজনক ?

কিমান ঘাতক ভেনিজুৱেলাত প্ৰৱেশ কৰি ৰাষ্ট্ৰপতিক বন্দী কৰা ডেল্টা ফৰ্চ ?  ই কিয় বিপদজনক ?

আমেৰিকান সেনাৰ আটাইতকৈ গোপনীয় আৰু শক্তিশালী ইউনিট ডেল্টা ফৰ্চ পুনৰবাৰ চৰ্চালৈ আহিছে । আফগানিস্তান, ইৰাক আৰু অন্যান্য সংঘাতপূৰ্ণ অঞ্চলত এই ইউনিটটোৱে বহুতো গোপন অভিযানত জড়িত হৈ আহিছে ।

ভেনিজুৱেলাত আমেৰিকাই চলোৱা ষ্ট্ৰাইকৰ পিছত আমেৰিকান সেনাৰ আটাইতকৈ গোপনীয় আৰু শক্তিশালী ইউনিট ডেল্টা ফৰ্চ পুনৰবাৰ চৰ্চালৈ আহিছে । খবৰ অনুসৰি ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি মাদুৰোক আমেৰিকাৰ এই স্পেচিয়েল ফৰ্চে বন্দী কৰিছিল । আমেৰিকাৰ এই দাবীয়ে ডেল্টা ফৰ্চ কি, ইয়াৰ ভূমিকা কি আৰু ই কি কি ডাঙৰ অভিযানত জড়িত হৈ আছে, সেই সম্পৰ্কে মানুহৰ মনত প্ৰশ্নৰ উদ্ৰেক কৰিছে ।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ছ’চিয়েল মিডিয়াত দাবী কৰিছে যে আমেৰিকাই ভেনিজুৱেলাত বৃহৎ পৰিসৰৰ সামৰিক অভিযান চলাইছিল আৰু ৰাষ্ট্ৰপতি মাদুৰো আৰু তেওঁৰ পত্নীক বন্দী কৰি দেশৰ বাহিৰলৈ লৈ যোৱা হৈছে । কোনটো ইউনিটে এই অভিযান চলাইছিল সেয়া আনুষ্ঠানিকভাৱে কোৱা হোৱা নাই যদিও আমেৰিকাৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ডেল্টা ফৰ্চ এই অভিযানৰ সৈতে জড়িত হৈ থাকিব পাৰে । উল্লেখ্য যে ২০২০ চনৰ পৰা মাদুৰোৰ বিৰুদ্ধে আমেৰিকাত নাৰ্কো টেৰৰিজমৰ অভিযোগ উত্থাপন হৈ আহিছে । আনকি এজন চিনেটৰে তেওঁৰ বিৰুদ্ধে আমেৰিকাত বিচাৰ হ’ব বুলিও দাবী কৰিছিল ।

ডেল্টা ফৰ্চ কি ?

ডেল্টা ফৰ্চৰ আনুষ্ঠানিক নাম হৈছে 1st Special Forces Operational Detachment–Delta (1st SFOD-D) । ইয়াক আমেৰিকান সেনাৰ এটা টায়াৰ-ৱান বিশেষ মিছন ইউনিট বুলি গণ্য কৰা হয়, যাৰ দায়িত্ব মূলতঃ সন্ত্ৰাসবাদ বিৰোধী অভিযান, হাই ভেল্যু টাৰ্গেটৰ গ্ৰেপ্তাৰ বা নিষ্ক্ৰিয় কৰা আৰু পণবন্দী উদ্ধাৰ অভিযান । ইউনিটটোৱে পোনপটীয়াকৈ জইন্ট স্পেছিয়েল অপাৰেশ্যন কমাণ্ডৰ অধীনত কাম কৰে আৰু চৰম গোপনীয়তাৰে অভিযান চলায় ।

কি কি বৃহৎ অভিযান চলাইছে ?

২০১৯ চনত ছিৰিয়াত ইছলামিক ষ্টেটৰ নেতা আবু বকৰ আল বাগদাদীক হত্যা কৰা অভিযানত ডেল্টা ফৰ্চে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । ইয়াৰ উপৰিও আফগানিস্তান, ইৰাক আৰু অন্যান্য সংঘাতপূৰ্ণ অঞ্চলত এই ইউনিটটোৱে বহুতো গোপন অভিযানত জড়িত হৈ আহিছে । ইয়াৰ উপৰিও ই চি আই এৰ সহযোগত কাম কৰে আৰু প্ৰয়োজন সাপেক্ষে যুদ্ধক্ষেত্ৰত আমেৰিকাৰ নেতাসকলক নিৰাপত্তা প্ৰদান কৰে ।

নিযুক্তি আৰু প্ৰস্তুতি কেনেকৈ কৰা হয় ?

১৯৭৭ চনত চাৰ্লছ বেকৱিথে ডেল্টা ফৰ্চ প্ৰতিষ্ঠা কৰিছিল । এই ইউনিটে প্ৰত্যক্ষভাৱে নিযুক্তি নিদিয়ে; বৰঞ্চ আমেৰিকাৰ সেনাবাহিনীৰ ৰেঞ্জাৰ আৰু বিশেষ বাহিনীৰ পৰা নিৰ্বাচিত অভিজ্ঞ সৈন্যসকলে কঠোৰ নিৰ্বাচন প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হৈ এই বাহিনীত ভৰ্তি হয় । প্ৰাৰ্থীসকলে বিস্তৃত সামৰিক অভিজ্ঞতা, মানসিক শক্তি আৰু অত্যাধুনিক প্ৰশিক্ষণৰ অধিকাৰী হ’ব লাগে । আজি ডেল্টা ফৰ্চক বিশ্বৰ অন্যতম বিপজ্জনক আৰু সক্ষম স্পেচিয়েল ফৰ্চৰ ইউনিট হিচাপে গণ্য কৰা হয় ।

লগতে পঢ়ক : পত্নীসহ ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি মাদুৰোক বন্দী আমেৰিকাৰ… ট্ৰাম্পৰ বৃহৎ দাবী

ইৰাণ, বাংলাদেশৰ পৰা ভেনিজুৱেলালৈকে… নতুন বছৰৰ আৰম্ভণিতে যুদ্ধৰ বিভিষীকাত কঁপিছে বিশ্ব

২০২৫ চনটোক যুদ্ধৰ বছৰ বুলি ক’লেও ভুল কোৱা নহ’ব ৷ ২০২৬ চনৰো আৰম্ভণি হৈছে উত্তেজনা, হিংসা আৰু সংঘাতেৰে । ইৰাণ, বাংলাদেশৰ পৰা ভেনিজুৱেলালৈকে যুদ্ধৰ বিভিষীকাই আগুৰি ধৰিছে…

নতুন বছৰৰ আৰম্ভণিতে বিশ্বত যুদ্ধৰ উকমুকনি । ২০২৫ চনটোক যুদ্ধৰ বছৰ বুলি ক’লেও ভুল কোৱা নহ’ব ৷ কিয়নো ইখনৰ পিছত সিখন দেশ যুদ্ধ আৰু হিংসাৰ জুয়ে আগুৰি ধৰিছিল । ২০২৫ বৰ্ষটোৱে বিদায় লোৱাৰ পিছত ২০২৬ চনটো শান্তি আৰু যুদ্ধবিহীন ভাৱে পাৰ হ’ব বুলি ভবা হৈছিল যদিও এতিয়া সেই আশাত চেঁচা পানী পৰিছে । কিয়নো ২০২৬ চনৰ আৰম্ভণি হৈছে উত্তেজনা, হিংসা আৰু সংঘাতেৰে ।

বিশ্বৰ বিভিন্ন প্ৰান্তত ক’ৰবাত চৰকাৰৰ বিৰুদ্ধে ক্ষোভত ৰাজপথ উত্তাল হৈ আছে, আন ঠাইত নিৰ্বাচনৰ পূৰ্বে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গতি কৰিছে । মধ্যপ্ৰাচ্যৰ পৰা দক্ষিণ এছিয়া আৰু লেটিন আমেৰিকালৈকে পৰিস্থিতি দ্ৰুতগতিত অৱনমিত হৈছে । ইৰাণৰ শাসন ব্যৱস্থাৰ বিৰুদ্ধে বিদ্ৰোহ, বাংলাদেশত নিৰ্বাচনী হিংসা, য়েমেনত চলি থকা গৃহযুদ্ধ, ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা তীব্ৰ যুদ্ধ, ভেনিজুৱেলাত আমেৰিকাৰ আক্ৰমণ আদি সকলোবোৰে স্পষ্ট কৰি দিছে যে ২০২৬ চনৰ আৰম্ভণিয়ে বিশ্ববাসীক অস্বস্তি, আতংক আৰু অনিশ্চয়তা কঢ়িয়াই আনিছে ।

আমেৰিকাৰ ভেনিজুৱেলা আক্ৰমণ আৰু ৰাষ্ট্ৰপতিক বন্দী-

২০২৬ বৰ্ষ আৰম্ভ হোৱাৰ মাত্ৰ তিনিটা দিন পিছতে আমেৰিকাই ভেনিজুৱেলাত বৃহৎ আক্ৰমণ চলায় । শনিবাৰে আমেৰিকাই ভেনিজুৱেলাৰ ৰাজধানী কাৰাকাছ, মিৰাণ্ডা, আৰাগুয়া, লা গুইৰাকে ধৰি চাৰিখন চহৰত ৭টা বিমান আক্ৰমণ চলায় । এই কথা স্বয়ং আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নিশ্চিত কৰিছে । আক্ৰমণৰ পিছত কেইবাটাও অঞ্চলত বিদ্যুৎ বিচ্ছিন্ন হয় । ভেনিজুৱেলাৰ তেল আৰু খনিজ সম্পদ দখল কৰিবলৈ আমেৰিকাই অভ্যুত্থানৰ চেষ্টা চলাইছে বুলি অভিযোগ কৰি ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোৱে দেশজুৰি জৰুৰীকালীন অৱস্থা ঘোষণা কৰে । ইফালে ট্ৰাম্পে দাবী কৰে যে এই আক্ৰমণৰ পিছত নিকোলাছ মাদুৰো আৰু তেওঁৰ পত্নীক বন্দী কৰি দেশৰ বাহিৰলৈ লৈ যোৱা হৈছে ।

ইৰাণৰ ৰাজপথত প্ৰতিবাদ, শাসন ব্যৱস্থাৰ বিৰুদ্ধে শ্লোগান-

ইৰাণত একেৰাহে সপ্তম দিন ধৰি মুদ্ৰাস্ফীতি আৰু সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খোমেইনীৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে । দেশখনত এই পৰ্যন্ত মৃত্যু হৈছে ৮ জন লোকৰ । পৰিস্থিতি ইমানেই উত্তেজিত হৈ পৰিছে যে নিহত প্ৰতিবাদকাৰীৰ অন্ত্যেষ্টিক্ৰিয়াতো মানুহে মুকলিকৈ “ডেথ টু খোমেইনী” ধ্বনি দি আছে । এই প্ৰতিবাদ এতিয়া কেৱল তেহৰাণতে আবদ্ধ হৈ থকা নাই । ছিয়া ধৰ্মগুৰুসকলৰ দুৰ্গ বুলি গণ্য কৰা পবিত্ৰ চহৰ ক’মলৈয়ো বিয়পি পৰিছে এই প্ৰতিবাদ । ইৰাণ ইণ্টাৰনেশ্যনেলৰ বাতৰি অনুসৰি, তীব্ৰ নিৰাপত্তাৰ মাজতো প্ৰতিবাদকাৰীসকলে ৰাজতন্ত্ৰৰ সমৰ্থনত শ্লোগান দিয়ে । ইয়াৰ মাজতে ইছলামিক শাসন ব্যৱস্থাৰ সম্ভাৱ্য পতনৰ বাতৰিও চৰ্চা চলিছে ।

বাংলাদেশৰ নিৰ্বাচনৰ পূৰ্বে হিংসা, সংখ্যালঘুক আক্ৰমণ-

২০২৬ চনৰ ১২ ফেব্ৰুৱাৰীত বাংলাদেশত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছে যদিও ইতিমধ্যে দেশখনত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে । ২০২৫ চনৰ ডিচেম্বৰ মাহত ছাত্ৰ নেতা ওছমান হাদীৰ মৃত্যুৰ লগে লগে এই সংকটৰ আৰম্ভণি হয় । ইয়াৰ পিছতে অগ্নিসংযোগ, ধ্বংসাত্মক কাৰ্য, হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয় । দেশখনত বৰ্তমান পৰিস্থিতি আটাইতকৈ চিন্তনীয় হিন্দু সংখ্যালঘুৰ বাবে । শেহতীয়াকৈ সংঘটিত আক্ৰমণত আহত ৫০ বছৰীয়া হিন্দু ব্যৱসায়ী খোকন চন্দ্ৰ দাসৰ চিকিৎসালয়ত মৃত্যু হয় । দিপু দাস, অমৃত মণ্ডল, বিজেন্দ্ৰ বিশ্বাসক নামৰ হিন্দু ব্যক্তিকেইজনকো হত্যা কৰা হয় । দেশখনত এই পৰ্যন্ত চাৰিজন হিন্দুৱে প্ৰাণ হেৰুৱাইছে । এই ঘটনাই বাংলাদেশৰ সমগ্ৰ হিন্দুসকলৰ মাজত আতংকৰ সৃষ্টি কৰিছে ।

য়েমেনত পুনৰ উত্তেজনা-

২০১৪ চনৰ পৰাই য়েমেনৰ গৃহযুদ্ধ চলি আছে । সেই বছৰতে হৌথী বিদ্ৰোহীয়ে ৰাজধানী ছানা দখল কৰে । ইয়াৰ পিছত ২০১৫ চনত ছৌদি আৰৱৰ নেতৃত্বত আৰু কেইবাখনো উপসাগৰীয় দেশকে ধৰি সামৰিক মিত্ৰজোঁট গঠন কৰি হৌথীক ক্ষমতাৰ পৰা উৎখাত কৰা হয় । প্ৰথম অৱস্থাত ছৌদি সমৰ্থিত চৰকাৰ আৰু ইৰাণ সমৰ্থিত হৌথীৰ মাজত যুদ্ধ হৈছিল যদিও এতিয়া য়েমেনত নতুন আৰু বিপজ্জনক উত্তেজনাই আৱৰি ধৰিছে ।

এতিয়া এই যুদ্ধত উপসাগৰীয় দেশসমূহৰ মাজত উত্তেজনা স্পষ্ট হৈ পৰিছে । চৌদি আৰৱৰ সেনাই বিমান আক্ৰমণ চলোৱাত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰে । ছৌদি আৰবে দাবী কৰে যে এই আক্ৰমণৰ লক্ষ্য হৈছে য়েমেনৰ বিচ্ছিন্নতাবাদী গোট দক্ষিণ ট্ৰেঞ্জিচনেল কাউন্সিললৈ প্ৰেৰণ কৰা অস্ত্ৰৰ চালান । এই গোটটো সংযুক্ত আৰব আমিৰশ্বাহী (UAE) ৰ দ্বাৰা সমৰ্থিত আৰু দক্ষিণ য়েমেনৰ বহু অঞ্চল নিয়ন্ত্ৰণত আছে । ইতিমধ্যে যুদ্ধ, ক্ষুধা আৰু মানৱীয় সংকটৰ সৈতে যুঁজি থকা য়েমেনৰ অসামৰিক জনসাধাৰণে শেহতীয়া উত্তেজনাৰ বোজা আকৌ এবাৰ বহন কৰিছে ।

অধিক ভয়ংকৰ হৈ পৰিছে ৰাছিয়া-ইউক্ৰেইন যুদ্ধ-

২০২৬ চনত ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ যুদ্ধ চাৰি বছৰ সম্পূৰ্ণ হ’ব । শান্তি আলোচনাৰ সকলো প্ৰচেষ্টা ব্যৰ্থ হৈছে । নতুন বছৰৰ আৰম্ভণিতে সংঘাত তীব্ৰতৰ হৈ পৰিছে । পুটিনৰ বাসগৃহত আক্ৰমণৰ দাবীয়ে উত্তেজনা আৰু অধিক বৃদ্ধি কৰিছে । মস্কোৱে কয় যে ইউক্ৰেইনে এতিয়া ৰাজধানী আৰু মূল স্থানসমূহক পোনপটীয়াকৈ লক্ষ্য কৰি লৈছে । আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ নেতৃত্বত যুদ্ধৰ অন্ত পেলোৱাৰ প্ৰচেষ্টা কিমান সফল হ’ব সেয়া হ’ব লক্ষ্যণীয় ।

লগতে পঢ়ক : পত্নীসহ ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি মাদুৰোক বন্দী আমেৰিকাৰ… ট্ৰাম্পৰ বৃহৎ দাবী