পত্নীসহ ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি মাদুৰোক বন্দী আমেৰিকাৰ… ট্ৰাম্পৰ বৃহৎ দাবী

ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰো আৰু তেওঁৰ পত্নী চিলিয়া ফ্ল’ৰেছক বন্দী কৰাৰ কথা ঘোষণা কৰিছে ট্ৰাম্পে । আমেৰিকাই নিজৰ নাগৰিকসকলক ভেনিজুৱেলালৈ নাযাবলৈ পৰামৰ্শ জাৰি কৰিছে ।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰো আৰু তেওঁৰ পত্নী চিলিয়া ফ্ল’ৰেছক বন্দী কৰাৰ কথা ঘোষণা কৰিছে । বিগত কেইঘণ্টামানৰ পৰা আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰা ভেনিজুৱেলাৰ ৰাজধানী কাৰাকাছত সংঘটিত হোৱা বিমান আক্ৰমণ আৰু বিস্ফোৰণৰ পিছত এই পৰিস্থিতিৰ সৃষ্টি হৈছে ।

লেটিন আমেৰিকাৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ সামৰিক আৰু ৰাজনৈতিক উত্তাল পৰিস্থিতি দেখা গৈছে । ইয়াৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আনুষ্ঠানিক বিবৃতিযোগে দাবী কৰে যে আমেৰিকাৰ নিৰাপত্তা বাহিনীয়ে ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰো আৰু তেওঁৰ পত্নীক বিশেষ অভিযানত বন্দী কৰিছে ।

ইয়াৰ পূৰ্বে শনিবাৰে কাৰাকাছত কেইবাটাও বিস্ফোৰণৰ শব্দ শুনা গৈছিল আৰু চৰকাৰী অট্টালিকাৰ ওপৰেৰে ক’লা ধোঁৱা ওপৰলৈ উঠি অহা দেখা গৈছিল । অনুমান কৰা হৈছে যে আমেৰিকাৰ বিমান আক্ৰমণত মাদুৰোৰ নিৰাপত্তা বেষ্টনী ধ্বংস হৈছিল, তাৰ পিছত বিশেষ বাহিনীয়ে তেওঁক বন্দী কৰিছিল । কিন্তু মাদুৰোক দেশৰ ভিতৰতে নিৰাপদ স্থানত ৰখা হৈছে নে আমেৰিকালৈ লৈ যোৱা হৈছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই ।

এই খবৰে বিশ্বৰ ৰাজনীতিত তোলপাৰ লগাইছে । এই ঘটনাৰ পিছত মাদুৰো চৰকাৰৰ ঘনিষ্ঠ মিত্ৰ ৰাছিয়া আৰু চীনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ সম্ভাৱনা আছে । ভেনিজুৱেলাৰ দীৰ্ঘদিনীয়া অৰ্থনৈতিক সংকট আৰু ৰাজনৈতিক অচলাৱস্থাৰ মাজতে এই কাৰ্য্যই প্ৰত্যক্ষভাৱে সম্ভাৱ্য শাসন ব্যৱস্থা পৰিৱৰ্তনৰ সংকেত দিছে ।

আমেৰিকাৰ নাগৰিকক শীঘ্ৰেই ভেনিজুৱেলা এৰাৰ আহ্বান-

আমেৰিকাই নিজৰ নাগৰিকসকলক ভেনিজুৱেলালৈ নাযাবলৈ পৰামৰ্শ জাৰি কৰিছে । ইয়াত কোৱা হৈছে, “ভেনিজুৱেলালৈ নাযাব বা নাথাকিব কাৰণ আপুনি অন্যায়ভাৱে আটক আৰু নিৰ্যাতনৰ বলি হ’ব পাৰে । আপুনি অপহৰণ হ’ব পাৰে, বা আপোনাৰ বিৰুদ্ধে স্থানীয় আইনসমূহৰ অপব্যৱহাৰ হ’ব পাৰে । বৰ্তমান ভেনিজুৱেলাত অপৰাধ, নাগৰিক অশান্তি আৰু আমেৰিকাৰ নাগৰিকৰ বাবে স্বাস্থ্যসেৱা ব্যৱস্থাৰ দুৰ্বল আশংকা আছে । ভেনিজুৱেলাত বাস কৰা সকলো আমেৰিকান নাগৰিক আৰু বৈধ স্থায়ী বাসিন্দাক শীঘ্ৰেই দেশখন এৰিবলৈ পৰামৰ্শ দিয়া হৈছে ।”

লগতে পঢ়ক : বিশ্বত পুনৰ যুদ্ধৰ উকমুকনি;ভেনিজুৱেলাক আক্ৰমণ আমেৰিকাৰ

বিশ্বত পুনৰ যুদ্ধৰ উকমুকনি;ভেনিজুৱেলাক আক্ৰমণ আমেৰিকাৰ

এইবাৰ ভেনিজুৱেলাত আক্ৰমণ কৰিছে আমেৰিকাই। বোমা বিস্ফোৰণে কঁপাইছে ৰাজধানী কাৰাকাছ।

পুনৰ আৰম্ভ হৈছে যুদ্ধ।এইবাৰ ভেনিজুৱেলাত আক্ৰমণ কৰিছে আমেৰিকাই। ভেনিজুৱেলাৰ ৰাজধানী কাৰাকাছত কমেও ৭টা বিস্ফোৰণ আৰু যুজাঁৰু বিমানৰ শব্দ শুনিবলৈ পোৱা গৈছে।

ভেনিজুৱেলাৰ ইছলা মাৰ্গাৰিটা দ্বীপত আমেৰিকাৰ বায়ুসেনাই বোমা বিস্ফোৰণ কৰিছে, য’ত সেনাবাহিনীৰ শীৰ্ষ ঘাটি আছে।

ইতিমধ্যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে সেই কথা সকীয়াই দিছিল যে,অনাগত দিনত আমেৰিকাৰ সেনাই ভেনিজুৱেলাৰ ভিতৰত স্থলপথ আক্ৰমণ চলাব পাৰে।

অৱশ্যে ভেনিজুৱেলা চৰকাৰে এতিয়াও কোনো সঁহাৰি দিয়া নাই।ৰাজধানী কাৰাকাছত সংঘটিত হোৱা বিস্ফোৰণৰ পিছত বিভিন্ন অঞ্চলৰ লোক ৰাজপথলৈ ওলাই আহে।

কিছুমান লোকে কাৰাকাছ এৰিও গৈছে। এনে সময়তে আমেৰিকাৰ সেনাই শেহতীয়াকৈ ড্ৰাগছ সৰবৰাহকাৰী নাওকো লক্ষ্য কৰি লৈছে।

দক্ষিণ আমেৰিকাৰ দেশখনৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোই বৃহস্পতিবাৰে সম্প্ৰচাৰিত পূৰ্ব ৰেকৰ্ডিং সাক্ষাৎকাৰত কয় যে, আমেৰিকাই ভেনিজুৱেলাৰ চৰকাৰ সলনি কৰিব বিচাৰিছে।আমেৰিকাই তেওঁলোকৰ বিশাল তেলৰ মজুতৰ সুবিধাও লাভ কৰিব বিচাৰে।

লগতে পঢ়ক: ইৰাণত ক্ষুদ্ধ জনসাধাৰণ,চৌদিশে হিংসাত্মক প্ৰতিবাদ; ৭ জনৰ মৃত্যু

সোণৰ খনিত ঘটিল ভয়ংকৰ অঘটন; ১৪ জন শ্ৰমিকৰ মৃত্যু

সোণৰ খনিত ঘটিল ভয়ংকৰ অঘটন

ভেনিজুৱেলাৰ এল কালাওত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত এটা সোণৰ খনিত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে । খনিটোত মাটি খহি পৰাত কমেও ১৪ জন লোকৰ মৃত্যু হৈছে । দেশখনৰ “কোৱাট্ৰ’ এস্কুনাছ ডি কেৰাটাল” সোণৰ খনিৰ তিনিটা ভিন্ন স্থানত এই দুৰ্ঘটনা সংঘটিত হয় ।

ঘটনাৰ পিছতে কৰ্তৃপক্ষই অনুসন্ধান আৰু উদ্ধাৰ অভিযানৰ বাবে কমাণ্ড পোষ্ট স্থাপন কৰে । বলিভাৰ ৰাজ্যৰ ক্ষতি মূল্যায়ন আৰু প্ৰয়োজনীয়তা বিশ্লেষণ কাৰ্য্যকৰী মণ্ডলৰ মুৰব্বী ব্ৰিগেডিয়াৰ জেনেৰেল গ্ৰেগৰী গনজালেজ আচেভেডোৰ নেতৃত্বত এই অভিযান চলোৱা হৈছে ।

খনিটোত আবদ্ধ হৈ থকা লোকসকলৰ সন্ধান আৰম্ভ কৰিবলৈ সকলো খাদৰ পৰা পানী পাম্প কৰি পানীৰ স্তৰ কমোৱা হয় আৰু তাৰ পিছত উদ্ধাৰ অভিযানৰ মূল্যায়ন কৰিব পৰা গৈছে । অৱশ্যে এই সন্দৰ্ভত অধিক সবিশেষ শ্বেয়াৰ কৰা নাই বিষয়াসকলে । ইলে কালাও অগ্নিনিৰ্বাপক বাহিনীয়ে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা আন শ্ৰমিকৰ বক্তব্যৰ ভিত্তিত মৃত্যু হোৱা লোকৰ সংখ্যা নিৰ্ধাৰণ কৰিছে ।

উল্লেখ্য যে, ভেনিজুৱেলাত তাম, হীৰা আৰু অন্যান্য বহুমূলীয়া ধাতুৰ খনি আছে । কিন্তু এই খনিসমূহত কাম কৰাটো প্ৰায়ে বিপদজনক কাৰণ এই উদ্যোগ ভালদৰে নিয়ন্ত্ৰিত নহয় আৰু সুৰক্ষা ব্যৱস্থাৰ অভাৱ । স্থানীয় কৰ্তৃপক্ষ আৰু উদ্ধাৰকাৰী দলে জনোৱা মতে, আৱদ্ধ হৈ থকা সকলো শ্ৰমিকক বচাবলৈ আৰু ক্ষতিগ্ৰস্ত পৰিয়ালক সাহায্য প্ৰদানৰ বাবে কাম কৰি থকা হৈছে ।

লগতে পঢ়ক : পাকিস্তানত ভয়ংকৰ পৰিস্থিতি; TLPৰ প্ৰতিবাদকাৰী আৰু নিৰাপত্তাৰক্ষীৰ মাজত হিংসাত্মক সংঘৰ্ষ