WTC পইণ্ট টেবুলত ভাৰতৰ আধিপত্য… ইংলেণ্ডক পৰাস্ত কৰাৰ পিছত এই বৃহৎ পৰিৱৰ্তন
WTC পইণ্ট টেবুলত ভাৰতৰ আধিপত্য
বাৰ্মিংহামৰ এডবাষ্টন খেলপথাৰত অনুষ্ঠিত দ্বিতীয়খন টেষ্ট মেচত ইংলেণ্ডৰ বিৰুদ্ধে বৃহৎ জয়েৰে অভিলেখ সৃষ্টি কৰে ভাৰতীয় টেষ্ট দলে । এই জয়ৰ জৰিয়তে ভাৰতে পাঁচখন খেলৰ টেষ্ট শৃংখলাত ১-১ ব্যৱধানত সমতা স্থাপন কৰে । এই জয়ো বিশেষ আছিল কাৰণ শুভমন গীলৰ অধিনায়কত্বত ভাৰতৰ প্ৰথম টেষ্ট জয় । লগতে ভাৰতেও বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (WTC) ২০২৫-২৭ চক্ৰত প্ৰথম পইণ্ট লাভ কৰে ।
যেতিয়া শুভমন গীলক টিম ইণ্ডিয়াৰ টেষ্ট দলৰ অধিনায়কৰ দায়িত্ব দিয়া হৈছিল তেতিয়া বহু প্ৰশ্ন উত্থাপন হৈছিল যে তেওঁ ইমান ডাঙৰ দায়িত্ব চম্ভালিব পাৰিবনে ? প্ৰথম টেষ্টত পৰাজয়ৰ পিছত হেঁচা আৰু বাঢ়িছিল যদিও দ্বিতীয়খন মেচত গীলে কেৱল বিস্ফোৰক প্ৰদৰ্শনেই নহয় অধিনায়কত্বৰ ক্ষেত্ৰতো পৰিপক্কতা দেখুৱাইছিল । দুয়োটা ইনিংছতে ক্ৰমে ২৬৯ আৰু ১৬১ ৰান সংগ্ৰহ কৰি তেওঁ যে কেৱল এজন যুৱ বেটছমেন নহয়, তেওঁ এজন সক্ষম নেতা বুলিও নিজকে প্ৰমাণ কৰিলে ।
মেচৰ পিছত গীলে কয় যে, “বিগত পৰাজয়ৰ পৰা আমি বহু কথা শিকিলোঁ আৰু এইবাৰ আমি কৰা সকলো পৰিকল্পনা কাৰ্যকৰী কৰিলোঁ । বলিং আৰু ফিল্ডিঙত উন্নতি হৈছে । এই জয় সমগ্ৰ দলীয় প্ৰচেষ্টাৰ ফল ।”
WTC পইণ্ট টেবুলৰ সমীকৰণ-
এই জয় কেৱল ছিৰিজৰ ক্ষেত্ৰতে নহয়, বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৫-২৭ (WTC)ৰ দৃষ্টিকোণৰ পৰাও গুৰুত্বপূৰ্ণ আছিল । চলিত চক্ৰত এইটোৱেই আছিল ভাৰতৰ প্ৰথম জয় আৰু ইয়াৰ লগে লগে দলটোৱে প্ৰথম পইণ্ট লাভ কৰিছে । গীলৰ দলে প্ৰমাণ কৰিলে যে ডব্লিউ টি চি ফাইনেলৰ দৌৰত তেওঁলোক এক শক্তিশালী প্ৰতিদ্বন্দ্বী ।
WTC চক্ৰৰ কথা ক’বলৈ গ’লে অষ্ট্ৰেলিয়াই এতিয়ালৈকে ২খন মেচ খেলিছে আৰু দুয়োখন খেলতে জয়লাভ কৰিছে । ইয়াৰ লগে লগে অষ্ট্ৰেলিয়া ২৪ পইণ্টেৰে প্ৰথম স্থানত আছে । একে সময়তে দ্বিতীয় স্থানত আছে শ্ৰীলংকা, যিয়ে ২খন টেষ্ট মেচৰ ভিতৰত ১খনত জয়লাভ কৰি এখন ড্ৰ’ত অন্ত পেলাইছে । ১৬ পইণ্টেৰে দ্বিতীয় স্থানত আছে দলটো । ২ খন মেচৰ ভিতৰত ১ খনত জয়ী হৈ ১২ পইণ্ট লাভ কৰি WTC পইণ্ট টেবুলৰ তৃতীয় স্থানত আছে ভাৰত । চতুৰ্থ স্থানত ইংলেণ্ড আৰু পঞ্চম স্থানত আছে বাংলাদেশ ।
লগতে পঢ়ক : ‘মোৰ ভগ্নী কৰ্কট ৰোগৰ সৈতে যুঁজি আছে…’; আকাশ দীপে উৎসৰ্গা কৰিলে এই বিজয়