সিন্ধু জলসন্ধি কেতিয়াও পুনৰ কাৰ্যকৰী নহয়… পাকিস্তানৰ আশাত চেঁচা পানী ঢালি ক’লে অমিত শ্বাহে

সিন্ধু জলসন্ধি কেতিয়াও পুনৰ কাৰ্যকৰী নহয়

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি পাকিস্তানৰ সৈতে হোৱা সিন্ধু জলসন্ধি স্থগিত ৰাখে । ৰয়টাৰৰ মতে, এই চুক্তি পুনৰ বাহাল কৰিবলৈ ভাৰতৰ কোনো ইচ্ছা নাই । গৃহমন্ত্ৰী অমিত শ্বাহে শনিবাৰে স্পষ্ট কৰি দিয়ে যে ইছলামবাদৰ সৈতে কেতিয়াও সিন্ধু জলসন্ধি বাহাল ৰখা নহ’ব । টাইমছ এক সাক্ষাৎকাৰত এই মন্তব্য কৰে অমিত শ্বাহে । তেওঁ কয় যে পাকিস্তানলৈ বৈ যোৱা পানী আভ্যন্তৰীণ ব্যৱহাৰৰ বাবে ডাইভাৰ্ট কৰা হ’ব ।

পাকিস্তানৰ আশাত চেঁচা পানী-

অমিত শ্বাহে কয় যে ২৬ জন সাধাৰণ নাগৰিকৰ মৃত্যু হোৱা পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে ১৯৬০ চনৰ সিন্ধু নদী ব্যৱস্থাৰ ব্যৱহাৰ নিয়ন্ত্ৰণ কৰা সন্ধি “স্থগিত” কৰিছিল । এই সন্ধিৰ জৰিয়তে ভাৰতৰ মাজেৰে বৈ যোৱা তিনিখন নদীৰ পানী পাকিস্তানৰ ৮০% কৃষিভূমিৰ বাবে সুবিধাৰ নিশ্চয়তা দিয়া হৈছিল ।

বাহাল নহয় সিন্ধু জল সন্ধি-

উল্লেখ্য যে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণত পাকিস্তানে নিজৰ কোনো ভূমিকা অস্বীকাৰ কৰিছে । কিন্তু দুয়োখন দেশৰ মাজত উত্তেজনা সৃষ্টি হোৱাৰ পাছত যুদ্ধবিৰতিৰ চুক্তি হোৱাৰ পাছতো এই সন্ধি নিষ্ক্ৰিয় হৈ আছে । অমিত শ্বাহে স্পষ্ট কৰি দিছিল যে এই চুক্তি কেতিয়াও বাহাল নহয় । তেওঁ কয় যে পাকিস্তান অভিমুখে বৈ যোৱা পানীখিনি আমি খাল নিৰ্মাণ কৰি ৰাজস্থানলৈ লৈ যাম । পাকিস্তানে অনুচিতভাৱে পোৱা পানী নাপাব । অমিত শ্বাহৰ এই নতুন মন্তব্যই অদূৰ ভৱিষ্যতে সন্ধি সন্দৰ্ভত আলোচনাৰ বাবে পাকিস্তানৰ আশাক স্তব্ধ কৰি তুলিছে ।

লগতে পঢ়ক : ‘পাঞ্জা আৰু লালটেনে বিহাৰৰ আত্মসন্মানক আঘাত কৰিছে’; প্ৰধানমন্ত্ৰী মোদী

আৰম্ভ হ’ল অপাৰেচন সিন্ধু; ইৰাণৰ পৰা ১১০ জন ভাৰতীয়ৰ প্ৰথমটো দল ভাৰতত উপস্থিত

আৰম্ভ হ’ল অপাৰেচন সিন্ধু

ইজৰাইল আৰু ইৰাণৰ মাজত চলি থকা যুদ্ধৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে অপাৰেচন সিন্ধু আৰম্ভ কৰিছে । অপাৰেচন সিন্ধুৰ অধীনত ইৰাণত থকা হাজাৰ হাজাৰ ভাৰতীয় নিৰাপদে দৈশলৈ ঘূৰি অহাটো নিশ্চিত কৰা হৈছে । ইৰাণৰ পৰা ভাৰতলৈ অনা প্ৰথমটো ছাত্ৰ-ছাত্ৰীৰ দল বৃহস্পতিবাৰে পুৱা ভাৰতত উপস্থিত হয় । প্ৰথম দলটোত ১০০ জনতকৈ অধিক ছাত্ৰ-ছাত্ৰী আছে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে, বহিঃৰাষ্ট্ৰত বসবাস কৰা ভাৰতীয় নাগৰিকৰ সুৰক্ষা চৰকাৰৰ প্ৰথম অগ্ৰাধিকাৰ । ইৰাণত ৪ হাজাৰৰো অধিক ভাৰতীয় নাগৰিকে বসবাস কৰি আছে আৰু ইয়াৰে আধা সংখ্যক শিক্ষাৰ্থী ।

ইৰাণৰ অৱনতি ঘটা পৰিস্থিতিৰ মাজতে তাত আবদ্ধ হৈ থকা ১১০ জন ভাৰতীয় নাগৰিকক নিৰাপদে ভাৰতলৈ অনা হয় । সকলোকে লৈ এখন বিশেষ বিমান দিল্লী বিমানবন্দৰত অৱতৰণ কৰে । শিক্ষাৰ্থীসকল নিৰাপদে ভাৰতত উপস্থিত হোৱাৰ পিছতে আনন্দিত তথা স্বস্তিৰ নিশ্বাস পেলাই অভিভাৱক আৰু আত্মীয়ই । এই প্ৰচেষ্টাৰ বাবে তেহৰাণস্থিত ভাৰতীয় দূতাৱাসক ধন্যবাদ জ্ঞাপন কৰিছে তেওঁলোকে ।

ইয়াৰ পূৰ্বে সোমবাৰে ভাৰতীয় দূতাবাসে তেহৰাণ চিকিৎসা বিজ্ঞান বিশ্ববিদ্যালয়, ইছলামিক আজাদ বিশ্ববিদ্যালয় আৰু ইৰাণ চিকিৎসা বিজ্ঞান বিশ্ববিদ্যালয়ৰ সকলো ভাৰতীয় ছাত্ৰ-ছাত্ৰীক নিৰাপদ স্থানলৈ প্ৰেৰণ কৰিছিল । ছাহিদ বেহেষ্টী চিকিৎসা বিজ্ঞান বিশ্ববিদ্যালয়ৰ সকলো ভাৰতীয় ছাত্ৰ-ছাত্ৰীক কুম চহৰলৈ প্ৰেৰণ কৰা হয় । মঙলবাৰেও শিৰাজ ইউনিভাৰ্চিটি অৱ মেডিকেল ছায়েন্স আৰু ইছফাহান ইউনিভাৰ্চিটি অৱ মেডিকেল ছায়েন্সৰ ছাত্ৰ-ছাত্ৰীক উলিয়াই অনাৰ প্ৰক্ৰিয়া অব্যাহত থাকে ।

ভাৰতীয়সকলে তেহৰাণ এৰি যোৱাৰ পৰামৰ্শ-

ইয়াৰ পূৰ্বে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ভাৰতীয়সকলক তেহৰাণ এৰি যাবলৈ পৰামৰ্শ দিয়ে । পৰিৱৰ্তিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি যাতায়তৰ মাধ্যম থকা আন ভাৰতীয় বাসিন্দাসকলেও মহানগৰ এৰি যাব লাগে বুলি মন্ত্ৰালয়ে কয় । ইৰাণত থকা ভাৰতীয় দূতাবাসে এটা ছ’চিয়েল মিডিয়া পোষ্টযোগে জনাইছিল যে যিসকল ভাৰতীয় নাগৰিক আৰু পি আই অ’ই নিজৰ সম্পদেৰে তেহৰাণৰ পৰা বাহিৰলৈ যাব পাৰে তেওঁলোকক চহৰৰ বাহিৰৰ কোনো নিৰাপদ স্থানলৈ যাবলৈ পৰামৰ্শ দিয়া হৈছে ।

লগতে পঢ়ক : টেলিফোনিক বাৰ্তালাপত মিলিত মোদী-ট্ৰাম্প; ক’লে-‘মধ্যস্থতা গ্ৰহণ কৰা নাছিলো আৰু নকৰো’

ইজৰাইল আৰু ইৰাণত থকা ভাৰতীয় নাগৰিকৰ বাবে জাৰি এডভাইজৰি

ভাৰতীয় নাগৰিকৰ বাবে জাৰি এডভাইজৰি

পশ্চিম এছিয়াৰ উত্তেজনাময় পৰিস্থিতিৰ মাজতে ভাৰতে শনিবাৰে ইজৰাইল, ইৰাণ আৰু পেলেষ্টাইনত থকা ভাৰতীয় নাগৰিকসকলক সজাগ হৈ থাকিবলৈ আৰু স্থানীয়ভাৱে নিৰ্দেশ অনুসৰি নিৰাপত্তা আৰু জৰুৰীকালীন পদ্ধতিসমূহ পালন কৰিবলৈ আহ্বান জনায় । শুকুৰবাৰে ইৰাণৰ বিভিন্ন স্থানত ইজৰাইলে সামৰিক আক্রমণ কৰাৰ লগতে তেহৰানে প্রতিশোধমূলক আক্রমণ চলোৱাৰ পাছত উত্তেজনা বৃদ্ধি পাইছে ৷

পৰিৱৰ্তিত পৰিস্থিতিৰ মাজতে ইজৰাইলত থকা ভাৰতীয় দূতাবাসে ‘এক্স’ত লিখিছে, “পৰামৰ্শ (১৪ জুন ২০২৫): অঞ্চলটোৰ বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইজৰাইলত থকা সকলো ভাৰতীয় নাগৰিকক ইজৰাইল কৰ্তৃপক্ষ আৰু ‘হোম ফ্ৰন্ট কমাণ্ড’ৰ নিৰ্দেশ অনুসৰি সজাগ হৈ থাকিবলৈ আৰু নিৰাপত্তা প্ৰট’কল মানি চলিবলৈ পৰামৰ্শ দিয়া হৈছে ।”

দূতাবাসে ভাৰতীয় নাগৰিকসকলক “সাৱধান হ’বলৈ, দেশৰ ভিতৰত অপ্ৰয়োজনীয় ভ্ৰমণ এৰাই চলিবলৈ আৰু নিৰাপদ আশ্ৰয়স্থলৰ ওচৰত থাকিবলৈ” আহ্বান জনায় । ইয়াত কোৱা হৈছে যে, “আমি ভাৰতীয় নাগৰিকৰ সুৰক্ষাকে ধৰি বিকশিত পৰিস্থিতিৰ ওপৰত অহৰহ নিৰীক্ষণ কৰি আছো । কোনো জৰুৰীকালীন অৱস্থাত দূতাবাসৰ সৈতে যোগাযোগ কৰক ।”

ইৰাণত থকা ভাৰতীয় দূতাবাসে শুকুৰবাৰে নিজৰ ‘এক্স’ একাউণ্টত পৰামৰ্শ জাৰি কৰি তাত বাস কৰা ভাৰতীয়সকলক সজাগ হৈ থাকিবলৈ আহ্বান জনায় । বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে ‘এক্স’ত লিখিছে, “ইৰাণত থকা ভাৰতীয় নাগৰিক আৰু ভাৰতীয় মূলৰ ব্যক্তিসকলে, যিসকলক সহায়ৰ প্ৰয়োজন, তেওঁলোকে ইৰাণত থকা ভাৰতীয় দূতাবাসৰ জৰুৰীকালীন নম্বৰত যোগাযোগ কৰিব পাৰে ।”

ইয়াৰ উপৰিও শনিবাৰে ৰামাল্লাহস্থিত ভাৰতীয় প্ৰতিনিধি কাৰ্যালয়েও এক পৰামৰ্শ জাৰি কৰে । এক্সত লিখা আছে, “অঞ্চলটোৰ বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পেলেষ্টাইনৰ সকলো ভাৰতীয় নাগৰিকক সজাগ হৈ থাকিবলৈ আৰু স্থানীয়ভাৱে পৰামৰ্শ দিয়া হৈছে । তেওঁলোকক নিৰাপত্তা আৰু জৰুৰীকালীন পদ্ধতিসমূহ মানি চলিবলৈ অনুৰোধ কৰা হৈছে । অনুগ্ৰহ কৰি সাৱধান হওক আৰু অপ্ৰয়োজনীয় গতিবিধিৰ পৰা বিৰত থাকক ।”

ভাৰতে শুকুৰবাৰে কয় যে ইৰাণ আৰু ইজৰাইলৰ মাজত শেহতীয়া পৰিঘটনাক লৈ দেশখন গভীৰভাৱে উদ্বিগ্ন হৈ পৰিছে আৰু পৰিস্থিতিৰ ওপৰত ‘তীক্ষ্ণ দৃষ্টি ৰাখিছে’ । নতুন দিল্লীয়ে দুয়োখন দেশক কোনো ধৰণৰ আগ্ৰাসী পদক্ষেপৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক : মধ্যপ্ৰাচ্যত যুদ্ধৰ দামামা; ইজৰাইলৰ ওপৰত ১৫০টা মিছাইল নিক্ষেপ ইৰাণৰ

IND Vs NZ : বি চি চি আইয়ে ঘোষণা কৰিলে সূচী; ১১ৰ পৰা ৩১ জানুৱাৰীলৈ অনুষ্ঠিত হ’ব ৮খন মেচ

ND Vs NZ : বি চি চি আইয়ে ঘোষণা কৰিলে সূচী

ভাৰত আৰু নিউজীলেণ্ডৰ মাজত অনুষ্ঠিত হ’বলগীয়া দ্বিপাক্ষিক শৃংখলাৰ সূচী প্ৰকাশ কৰিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড তথা বি চি আইয়ে । এই শৃংখলা ২০২৬ চনৰ জানুৱাৰী মাহত ভাৰতত অনুষ্ঠিত হ’ব । নিউজীলেণ্ডৰ ভাৰত ভ্ৰমণত তিনিখন এদিনীয়া আৰু পাঁচখন টি-২০ আন্তঃৰাষ্ট্ৰীয় (টি-২০ আই) অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰিছে বি চি চি আইয়ে ।

২০২৬ চনৰ ১১ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰীলৈ ভাৰতৰ বিভিন্ন চহৰত অনুষ্ঠিত হ’ব এই শৃংখলা । এই মেচসমূহ বিভিন্ন চহৰৰ বিভিন্ন ভৌগোলিক আৰু জলবায়ু পৰিস্থিতিৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব । বি চি চি আইয়ে ঘোষণা কৰা সূচী-

-১১ জানুৱাৰী দেওবাৰ ১:৩০ বজাত প্ৰথম এদিনীয়া, বৰোদা

-১৪ জানুৱাৰী বুধবাৰ ১:৩০ বজাত ২য় এদিনীয়া, ৰাজকোট

-১৮ জানুৱাৰী দেওবাৰ ১:৩০ বজাত ৩য় এদিনীয়া, ইন্দোৰ

-২১ জানুৱাৰী বুধবাৰ সন্ধিয়া ৭:০০ বজাত ১ম টি২০আই, নাগপুৰ

-২৩ জানুৱাৰী শুকুৰবাৰে সন্ধিয়া ৭:০০ বজাত ২য় টি২০আই, ৰায়পুৰ

-২৫ জানুৱাৰী দেওবাৰ সন্ধিয়া ৭:০০ বজাত ৩য় টি২০আই,  গুৱাহাটী

-২৮ জানুৱাৰী বুধবাৰ সন্ধিয়া ৭:০০ বজাত ৪ৰ্থ টি২০আই, বিশাখাপট্টনম

-৩১ জানুৱাৰী শনিবাৰ সন্ধিয়া ৭:০০ বজাত ৫ম টি২০আই, ত্ৰিবান্দ্ৰম

এই শৃংখলাৰ বিশেষত্ব-

বৰোদাৰ পৰা আৰম্ভ হ’ব এদিনীয়া শৃংখলা, যাৰ জৰিয়তে দুয়োটা দলে ৫০ অভাৰৰ বিশ্বকাপৰ কৌশল পৰীক্ষা কৰাৰ সুযোগ লাভ কৰিব । একে সময়তে আগন্তুক টি-২০ বিশ্বকাপ ২০২৬ৰ বাবে দল নিৰ্বাচনৰ দৃষ্টিকোণৰ পৰা পাঁচখনীয়া মেচৰ টি-২০ শৃংখলা গুৰুত্বপূৰ্ণ হ’ব । একে সময়তে বি চি চি আইয়ে নিৰ্ধাৰণ কৰা- ৰায়পুৰ, গুৱাহাটীৰ দৰে নতুনকৈ উদীয়মান স্থানত মেচ খেলাটো খেলুৱৈ আৰু দৰ্শকৰ বাবে এক বিশেষ অভিজ্ঞতা হ’ব ।

কোনে কৰিব অধিনায়কত্ব ?

সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত ভাৰতে টি-২০ত খেলপথাৰত নামিব । একে সময়তে ৰোহিত শৰ্মাই এদিনীয়া ফৰ্মেটত দলটোৰ দায়িত্ব ল’ব পাৰে, কিয়নো তেওঁ টি-২০ আৰু টেষ্টৰ পৰা অৱসৰ গ্ৰহণ কৰিছে যদিও এদিনীয়া খেল অব্যাহত ৰাখিছে ।

শেহতীয়াকৈ ভাৰত আৰু নিউজীলেণ্ডে আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ৰ ফাইনেলত মুখামুখি হৈছিল, য’ত ভাৰতে জয়লাভ কৰি ১২ বছৰৰ পাছত খিতাপ দখল কৰিছিল ।

লগতে পঢ়ক : ক্ৰিকেটৰ মক্কাত ইতিহাস ৰচিলে প্ৰটিয়াছে… অষ্ট্ৰেলিয়াক ৫ উইকেটত পৰাস্ত কৰি বিশ্ব টেষ্ট চেম্পিয়ন দক্ষিণ আফ্ৰিকা

১.৪৬ বিলিয়ন হ’বগৈ ভাৰতৰ জনসংখ্যা; প্ৰজননৰ হাৰ হ্ৰাস : ইউ এন এফ পি এ

১.৪৬ বিলিয়ন হ’বগৈ ভাৰতৰ জনসংখ্যা

মঙলবাৰে ৰাষ্ট্ৰসংঘৰ জনসংখ্যা কোষে (UNFPA) প্ৰকাশ কৰা শেহতীয়া প্ৰতিবেদন অনুসৰি ২০২৫ চনলৈ ১.৪৬ বিলিয়ন জনসংখ্যাৰে ভাৰত সৰ্বাধিক জনবহুল দেশ হৈ থাকিব । কিন্তু দেশখনৰ মুঠ প্ৰজনন হাৰ ২.১ৰ পৰা ১.৯লৈ হ্ৰাস পাইছে । ২০২৫ চনৰ বিশ্ব জনসংখ্যা তথ্য (এছ অ’ ডব্লিউ পি)ৰ প্ৰতিবেদনে দেখুৱাইছে যে প্ৰকৃত সংকট জনসংখ্যাৰ আকাৰত নহয়, বৰঞ্চ মানুহে সন্তান বিচাৰে নে বিচাৰে, কেতিয়া বিচাৰে আৰু কিমান সন্তান বিচাৰে, মুক্তভাৱে আৰু দায়িত্বশীলভাৱে সিদ্ধান্ত লোৱাৰ বহল প্ৰত্যাহ্বানৰ ওপৰতহে ।

ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত অনুমান কৰা হৈছে যে “বৰ্তমানৰ ভাৰতৰ জনসংখ্যা ১৪৬৩.৯ মিলিয়ন ।” প্ৰতিবেদনত কোৱা হৈছে যে, “ভাৰত এতিয়া বিশ্বৰ সৰ্বাধিক জনবহুল দেশ, ইয়াৰ জনসংখ্যা প্ৰায় ১.৫ বিলিয়ন । এই সংখ্যা হ্ৰাস পোৱাৰ আগতে প্ৰায় ১.৭ বিলিয়নলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ।” ভাৰতৰ মুঠ প্ৰজনন হাৰ (TFR) বৰ্তমান প্ৰতিগৰাকী মহিলাৰ ২.০ সন্তান । অৰ্থাৎ ভাৰতৰ এগৰাকী মহিলাৰ প্ৰজনন বছৰত (সাধাৰণতে ১৫-৪৯ বছৰ বয়স) গড়ে ২টা সন্তান জন্ম হোৱাৰ আশা কৰা হয় । নমুনা পঞ্জীয়ন ব্যৱস্থা (SRS)ৰ ২০২১ চনৰ প্ৰতিবেদন অনুসৰি ২০২০ চনৰ পৰা এই হাৰ সুস্থিৰ হৈ আছে ।

কিন্তু নতুন প্ৰতিবেদনত দেখা গৈছে যে প্ৰতিগৰাকী মহিলাৰ প্ৰজনন ক্ষমতাৰ হাৰ ১.৯লৈ হ্ৰাস পাইছে । অৰ্থাৎ গড় হিচাপত ভাৰতীয় মহিলাৰ সন্তান ইমান কম হৈছে যে প্ৰব্ৰজন অবিহনে পৰৱৰ্তী প্ৰজন্মত ভাৰতৰ জনসংখ্যাৰ আকাৰ বজাই ৰাখিবলৈ যথেষ্ট নহয় । জন্মৰ হাৰ লেহেমীয়া হোৱাৰ পিছতো ভাৰতৰ যুৱ জনসংখ্যা উল্লেখযোগ্য হৈয়েই আছে, ০-১৪ বছৰ বয়সৰ গোটত ২৪ শতাংশ, ১০-১৯ বছৰ বয়সত ১৭ শতাংশ আৰু ১০-২৪ বছৰ বয়সত ২৬ শতাংশ । ৬৮ শতাংশ জনসংখ্যা ১৫-৬৪ বছৰ বয়সৰ গোটত থকাৰ বিপৰীতে বৃদ্ধ জনসংখ্যা (৬৫ আৰু তাৰ ওপৰৰ) সাত শতাংশ ।

২০২৫ চনৰ হিচাপত জন্মৰ সময়ত পুৰুষৰ আয়ুস ৭১ বছৰ আৰু মহিলাৰ ৭৪ বছৰ হ’ব বুলি অনুমান কৰা হৈছে । ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত ভাৰতক সেই মধ্যম আয়ৰ দেশৰ গোটত স্থান দিয়া হৈছে যিবোৰৰ জনগাঁথনিগত পৰিৱৰ্তন দ্ৰুতগতিত চলি আছে । ইয়াতভাৰতৰ জনসংখ্যা দুগুণ হোৱাৰ সময় এতিয়া ৭৯ বছৰ বুলি অনুমান কৰা হৈছে । ইউ এন এফ পি এৰ ভাৰতৰ প্ৰতিনিধি আন্দ্ৰেয়া এম ৱজনাৰে কয় যে, “ভাৰতে প্ৰজনন ক্ষমতা হ্ৰাস কৰাৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিছে, ১৯৭০ চনত প্ৰতিগৰাকী মহিলাৰ বাবে প্ৰায় পাঁচটা সন্তানৰ পৰা আজি প্ৰায় দুটা সন্তানলৈ । ইয়াৰ কাৰণ হৈছে উন্নত শিক্ষা আৰু প্ৰজনন স্বাস্থ্য সেৱাৰ সুবিধা ।” ৱজনাৰে কয় যে ইয়াৰ ফলত মাতৃৰ মৃত্যুৰ হাৰ বহু পৰিমাণে হ্ৰাস পাইছে ।

লগতে পঢ়ক : ১১ বছৰত প্ৰতিৰক্ষা খণ্ডত বহু পৰিৱৰ্তন হৈছে… দেশ কেনেদৰে শক্তিশালী হৈ উঠিছে ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে

গৰমে দহিছে দেশ… বহু ৰাজ্যত জাৰি সতৰ্কবাণী, অসমতো উৰ্ধমুখী পাৰাস্তম্ভ

গৰমে দহিছে দেশ

পঞ্জাৱ, হাৰিয়ানাকে ধৰি সমগ্ৰ উত্তৰ ভাৰত এতিয়া প্ৰচণ্ড গৰমৰ কবলত । উত্তৰ-পশ্চিম, মধ্য আৰু পূব ভাৰতত আকাশে জুই বৰষিছে । গৰমে দহিছে দেশ । পুৱা ৯ বজাৰ পিছত ঘৰৰ পৰা ওলাই অহাটোৱেই এতিয়া কঠিন হৈ পৰিছে । সৰ্বোচ্চ উষ্ণতা বেছিভাগ ঠাইতে ৪৫ ডিগ্ৰী চেলছিয়াছ অতিক্ৰম কৰাৰ বিপৰীতে পশ্চিম ৰাজস্থানৰ কিছুমান ঠাইত ৪৭ ডিগ্ৰীৰ ওপৰত তাপ ৰেকৰ্ড কৰা হৈছে । কমেও চাৰিদিনলৈ গৰমৰ পৰা কোনো সকাহৰ আশা নাই । এই প্ৰচণ্ড গৰমৰ পৰা ৰক্ষা পাবলৈ এতিয়া সকলোৱে এজাক বৰষুণৰ বাবে আশাৰে বাট চাইছে ।

গৰমে দহিছে দেশ-

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, উত্তৰ-পশ্চিম ভাৰতত গ্ৰীষ্মপ্ৰৱাহৰ পৰিস্থিতি অব্যাহত থাকিব । ১১ আৰু ১২ জুনত পশ্চিম ৰাজস্থানত তীব্ৰ গৰমে দহিব, যাৰ বাবে ৰেড এলাৰ্ট জাৰি কৰা হৈছে । পঞ্জাৱ, হাৰিয়ানা, চণ্ডীগড়, দিল্লী, বিহাৰ, ঝাৰখণ্ড আৰু ছত্তীশগড়ত তাপমাত্ৰা প্ৰায় ৪৫ ডিগ্ৰীৰ আশে-পাশে থাকিব পাৰে । বুধবাৰে এই ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত গ্ৰীষ্মপ্ৰৱাহৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে । একে সময়তে জম্মু-কাশ্মীৰ আৰু হিমাচল প্ৰদেশ, উত্তৰ প্ৰদেশ আৰু উত্তৰ মধ্যপ্ৰদেশৰ ভৈয়ামৰ বিভিন্ন ঠাইত গ্ৰীষ্মপ্ৰৱাহ অব্যাহত থাকিব আৰু ইয়াৰ বাবে য়েল্ল এলাৰ্ট জাৰি কৰা হৈছে ।

ৰাজস্থানৰ বহু জিলাত পাৰাস্তম্ভ ৪৭ ডিগ্ৰীৰ ওপৰত-

আই এম ডিয়ে জনোৱা মতে, মঙলবাৰে পুৱা ৮:৩০ বজালৈকে বিগত ২৪ ঘণ্টাৰ ভিতৰত উত্তৰ ভাৰত বিশেষকৈ পশ্চিম ৰাজস্থান তীব্ৰ উত্তাপৰ সন্মুখীন হ’বলগীয়া হৈছে । শ্ৰীগংগানগৰ, হনুনগড়, বিকানেৰৰ একাংশ অঞ্চলত পাৰাস্তম্ভ ৪৭ ডিগ্ৰী অতিক্ৰম কৰিছে । শ্ৰীগংগানগৰত একেৰাহে দ্বিতীয় দিন ৪৭ ডিগ্ৰী চেলছিয়াছ (৪৭.৪)তকৈ অধিক উষ্ণতা ৰেকৰ্ড কৰা হয় । বৰমেৰ, চুৰু, ফালোডী, জয়ছালমেৰ আৰু কোটাত ৪৫ ডিগ্ৰী অতিক্ৰম কৰিছে । হাৰিয়ানা, পঞ্জাৱ, চণ্ডীগড় আৰু পশ্চিম উত্তৰ প্ৰদেশৰ বহু ঠাইতো প্ৰায় ৪৫ ডিগ্ৰী তাপমাত্ৰা ৰেকৰ্ড কৰা হৈছে ।

অসমত সলনি হ’ল বিদ্যালয়ৰ পাঠদানৰ সময়-

অসমতো এতিয়া তীব্ৰ গৰমে দহিছে ৰাজ্যবাসীক । উজনিৰ পৰা নামনিলৈ ৰাজ্যখনৰ বিভিন্ন প্ৰান্ত তীব্ৰ গৰমৰ কবলত পৰিছে । যাৰ বাবে ব্যাহত হৈছে স্বাভাৱিক জীৱনযাত্ৰা । প্ৰচণ্ড গৰমৰ বাবে গুৱাহাটী মহানগৰীকে ধৰি বিভিন্ন জিলাত আজিৰে পৰা সলনি কৰা হৈছে বিদ্যালয়ৰ পাঠদানৰ সময় । ১৬ জুনলৈ অব্যাহত থাকিব শিক্ষা বিভাগৰ এই এই নিৰ্দেশনা । প্ৰাথমিক বিদ্যালয়ত পুৱা ৭.৩০ বজাৰ পৰা ১১.৩০ বজালৈ চলিব পাঠদান । এম ই স্কুলত পুৱা ৭.৩০ বজাৰ পৰা ১২.০০ বজালৈ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পুৱা ৭.৩০ বজাৰ পৰা ১২.৩০ বজালৈ চলিব পাঠদান । লগতে বিদ্যালয়সমূহত থাকিব লাগিব পৰ্যাপ্ত খোৱা পানীৰ ব্যৱস্থা । পুৱা প্ৰাতঃসভা ছাঁ পৰি থকা ঠাই, প্ৰেক্ষাগৃহ অথবা শ্ৰেণীকোঠাত হ’ব লাগিব বুলিও নিৰ্দেশ দিছে বিভাগে ।

৬ বছৰৰ পাছত জম্মুত তীব্ৰ গৰম-

জম্মুৰ গৰম বতাহৰ বাবে স্বাভাৱিক জীৱন বেয়াকৈ প্ৰভাৱিত হৈছে । মঙলবাৰে একেৰাহে তৃতীয় দিন পাৰাস্তম্ভ ৪২ ডিগ্ৰীৰ ওপৰত থাকে । ৬বছৰৰ পাছত অঞ্চলটোত এনে প্ৰচণ্ড গৰম হৈছে । কাশ্মীৰৰ কোকেৰনাগ আৰু কাজিগুণ্ডতো দুবছৰৰ পাছত গৰমৰ দিন পাৰ হৈছে । ৰাজধানী শ্ৰীনগৰতো যোৱা বছৰৰ অভিলেখ ভংগ কৰিছে পাৰাস্তম্ভই । গৰম বতাহৰ বাবে ভৈয়ামৰ লগতে পাহাৰবোৰো গৰম হৈ পৰিছে । বতৰ বিজ্ঞান কেন্দ্ৰ শ্ৰীনগৰৰ তথ্য অনুসৰি ১২ জুনলৈকে এই পৰিস্থিতি অব্যাহত থাকিব ।

লগতে পঢ়ক : প্ৰচণ্ড গ্ৰীষ্মপ্ৰৱাহে দহিছে দেশ; ক্ৰমাৎ উৰ্ধগামী পাৰাস্তম্ভ, অসমতো হাহাকাৰ পৰিস্থিতি

১১ বছৰত প্ৰতিৰক্ষা খণ্ডত বহু পৰিৱৰ্তন হৈছে… দেশ কেনেদৰে শক্তিশালী হৈ উঠিছে ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে

১১ বছৰত প্ৰতিৰক্ষা খণ্ডত বহু পৰিৱৰ্তন হৈছে

মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে বিগত ১১ বছৰত ভাৰতে প্ৰতিৰক্ষা খণ্ডত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে । ভাৰতে  প্ৰতিৰক্ষা উৎপাদনত আধুনিকীকৰণ আৰু আত্মনিৰ্ভৰশীলতাৰ ওপৰত স্পষ্টভাৱে গুৰুত্ব আৰোপ কৰিছে । ভাৰতৰ জনসাধাৰণৰ সামূহিক সংকল্প আৰু প্ৰতিৰক্ষাৰ ক্ষেত্ৰত অধিক স্বাৱলম্বীতা আৰু প্ৰযুক্তিগত উৎকৰ্ষতাৰ দিশত ভাৰতক লৈ যোৱাৰ অদম্য সংকল্পক লৈ প্ৰধানমন্ত্ৰী মোদীয়ে গৌৰৱ প্ৰকাশ কৰে ।

প্ৰধানমন্ত্ৰী মোদীয়ে সামাজিক মাধ্যমত কয়, ‘বিগত ১১ বছৰত আমাৰ প্ৰতিৰক্ষা খণ্ডত যথেষ্ট পৰিৱৰ্তন হৈছে, আধুনিকীকৰণ আৰু প্ৰতিৰক্ষা উৎপাদনত আত্মনিৰ্ভৰশীল হোৱাৰ ওপৰত গুৰুত্ব দিয়া হৈছে । ভাৰতক শক্তিশালী কৰাৰ সংকল্প লৈ ভাৰতৰ জনসাধাৰণে কেনেদৰে একত্ৰিত হৈছে সেয়া আনন্দদায়ক ।’

তেওঁ এটা টুইট ৰিটুইট কৰিছে । মাই গভৰ্ণমেণ্ট ইণ্ডিয়া টুইটাৰ হেণ্ডেলত বিগত ১১ বছৰত ভাৰতৰ উত্থান, শক্তি, অংশীদাৰিত্ব আৰু অগ্ৰগতিৰ কথা কোৱা হৈছে । ইয়াক কোৱা হৈছে, ‘মাত্ৰ ১১ বছৰৰ ভিতৰতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত ভাৰতে নিজৰ প্ৰতিৰক্ষা ক্ষমতাত বৈপ্লৱিক পৰিৱৰ্তন আনিছে, কৌশলগত বিশ্ব অংশীদাৰিত্ব শক্তিশালী কৰিছে আৰু মহাকাশ অন্বেষণৰ ক্ষেত্ৰত ঐতিহাসিক কৃতিত্ব অৰ্জন কৰিছে ।’

কেন্দ্ৰীয় চৰকাৰে লিখিছে, ‘আত্মনিৰ্ভৰ ভাৰতৰ প্ৰতি তেওঁৰ সংকল্পৰ পৰা অনুপ্ৰাণিত হৈ ৰাষ্ট্ৰই আত্মনিৰ্ভৰ উদ্ভাৱনক আকোৱালি লৈ ব্যৱসায় আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত নিজৰ প্ৰভাৱ বিস্তাৰ কৰিছে । প্ৰধানমন্ত্ৰী মোদীৰ সাহসী দৃষ্টিভংগী আৰু শক্তিশালী ভাৰতৰ প্ৰতি অটল দায়বদ্ধতাৰ পৰা অনুপ্ৰাণিত হৈ ভাৰতৰ আত্মবিশ্বাসী, নিৰ্ণায়ক আৰু সন্মানীয় বিশ্ব নেতা হিচাপে উত্থানৰ কাহিনী এয়া ।’  

লগতে পঢ়ক : বিদেশৰ পৰা উভতি অহা সৰ্বদলীয় প্ৰতিনিধি দলক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ

বিদেশৰ পৰা উভতি অহা সৰ্বদলীয় প্ৰতিনিধি দলক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ

সৰ্বদলীয় প্ৰতিনিধি দলক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে সন্ধিয়া অপাৰেচন সিন্দুৰৰ পিছত পাকিস্তানে পৃষ্ঠপোষকতা কৰা সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ দৃঢ় স্থিতি প্ৰকাশ কৰিবলৈ বিশ্বৰ ভ্ৰমণ কৰা সৰ্বদলীয় প্ৰতিনিধি দলৰ সদস্যসকলক সাক্ষাৎ কৰে । সকলো সদস্যই নিজৰ অভিজ্ঞতা প্ৰধানমন্ত্ৰীৰ সৈতে ভাগ-বতৰা কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও প্ৰতিনিধি দলৰ সদস্যসকলৰ সৈতে ৰাতিৰ আহাৰ গ্ৰহণৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে । অৱশ্যে এই বৈঠকত সৰ্বদলীয় প্ৰতিনিধি দলৰ এগৰাকী সদস্য তথা সাংসদ আছাদুদ্দিন ওৱেইছি উপস্থিত নাছিল ।

প্ৰতিনিধি দলক প্ৰশংসা কেন্দ্ৰীয় চৰকাৰৰ-

ইতিমধ্যে কেন্দ্রীয় চৰকাৰে ৫০ জনতকৈ অধিক ব্যক্তি, বেছিভাগেই কাৰ্যকৰী সাংসদৰে গঠিত সাতটা প্রতিনিধি দলৰ কামৰ প্রশংসা কৰে ৷ ৩৩খন বিদেশী ৰাষ্ট্ৰৰ ৰাজধানী আৰু ইউৰোপীয় সংঘ ভ্ৰমণ কৰা এই প্ৰতিনিধি দলসমূহৰ অংশ আছিল প্ৰাক্তন সাংসদ আৰু প্ৰাক্তন কূটনীতিবিদসকলো ।

ইতিমধ্যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে প্ৰতিনিধি দলসমূহক সাক্ষাৎ কৰি পাকিস্তানে পৃষ্ঠপোষকতা কৰা সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ দৃঢ় স্থিতি প্ৰকাশৰ ক্ষেত্ৰত তেওঁলোকৰ প্ৰচেষ্টাক শলাগ লৈছে ।

বিজেপিৰ দুই, জে ডি ইউৰ এক আৰু শিৱসেনাৰ এককে ধৰি শাসকীয় মিত্ৰজোঁটৰ সাংসদৰ চাৰিটা প্ৰতিনিধি দলৰ নেতৃত্বত কংগ্ৰেছ, ডি এমকে আৰু এন চি পি (এছ পি)ৰ এজনকৈ বিৰোধী সাংসদৰ নেতৃত্বত তিনিটা প্ৰতিনিধি দলৰ নেতৃত্বত উপস্থিত থাকে ।

বিজেপিৰ সাংসদ ৰবি শংকৰ প্ৰসাদ আৰু বৈজয়ন্ত পাণ্ডা, কংগ্ৰেছৰ শশী থাৰুৰ, জে ডি ইউৰ সঞ্জয় ঝা, শিৱসেনাৰ শ্ৰীকান্ত শিন্দে, ডি এম কেৰ কানিমোঝি আৰু এন চি পি(এছ পি)ৰ সুপ্ৰিয়া ছুলেৰ নেতৃত্বত নিজ নিজ প্ৰতিনিধি দল বিশ্বৰ বিভিন্ন প্ৰান্তলৈ যায় ।

সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত ৰাষ্ট্ৰীয় ঐক্যৰ বাৰ্তা প্ৰেৰণৰ বাবে চৰকাৰে সৰ্বদলীয় প্ৰতিনিধি দল প্ৰেৰণ কৰিছিল, য’ত কংগ্ৰেছৰ সাংসদ শশী থাৰুৰ আৰু এ আই এম আই এমৰ সাংসদ আছাদুদ্দিন ওৱেছিৰ দৰে নেতাই বিদেশত ভাৰতৰ হিতৰ বাবে শাসকীয় মিত্ৰজোঁটৰ সদস্যৰ সৈতে যোগ দিছিল । প্ৰতিনিধি দলসমূহৰ প্ৰাক্তন সাংসদসকলৰ ভিতৰত আছিল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী গুলাম নবী আজাদ আৰু ছলমান খুৰশ্বিদ ।

লগতে পঢ়ক : ‘যদি আক্ৰমণ হয় তেতিয়া আমি প্ৰত্যুত্তৰ দিম’; পাকিস্তানক সকিয়নী জয়শংকৰৰ

‘যদি আক্ৰমণ হয় তেতিয়া আমি প্ৰত্যুত্তৰ দিম’; পাকিস্তানক সকিয়নী জয়শংকৰৰ

পাকিস্তানক সকিয়নী জয়শংকৰৰ

ভাৰত আৰু পাকিস্তানৰ সংঘাতৰ প্ৰায় তিনি সপ্তাহৰ পাছত ভাৰতৰ বৈদেশিক মন্ত্ৰী ড০ এছ জয়শংকৰে পাকিস্তানক সকীয়াই দি কয় যে যদি পুনৰ সন্ত্ৰাসবাদী আক্ৰমণ হয় তেন্তে ভাৰতে উপযুক্ত প্ৰত্যুত্তৰ দিবলৈ কুণ্ঠাবোধ নকৰে ।

পাকিস্তানক সকিয়নী জয়শংকৰৰ-

সম্প্ৰতি জয়শংকৰ ব্ৰুছেলছ ভ্ৰমণত আছে । তাত এক সাক্ষাৎকাৰত পাকিস্তানক সকিয়নী দি জয়শংকৰে কয় যে ‘যদি পাকিস্তানৰ ভিতৰত সন্ত্ৰাসবাদী আত্মগোপন স্থান থাকে, তেন্তে আমি পাকিস্তানৰ ভিতৰত আক্ৰমণ কৰিম ।’ ভাৰত চৰকাৰৰ পৰা ধাৰাবাহিকভাৱে কোৱা হৈছে যে অপাৰেচন সিন্দুৰ এতিয়াও শেষ হোৱা নাই আৰু যদি পাকিস্তানৰ পৰা পুনৰ সন্ত্ৰাসবাদী আক্ৰমণ হয়, তেন্তে ভাৰতে পুনৰ সামৰিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ কুণ্ঠাবোধ নকৰে । বৈদেশিক মন্ত্ৰীগৰাকীয়ে চৰকাৰৰ এই স্থিতি পুনৰাবৃত্তি কৰে । বৈদেশিক মন্ত্ৰীগৰাকীয়ে কয় যে ‘সন্ত্ৰাসবাদ এই দেশৰ (পাকিস্তান) ৰাষ্ট্ৰীয় নীতিৰ এটা অংশ । এইটোৱেই সমস্যা ।’

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত সংঘাত-

এপ্ৰিল মাহত জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছিল, য’ত ২৬জন নিৰীহ পৰ্যটকক তেওঁলোকৰ ধৰ্মৰ বিষয়ে সুধি হত্যা কৰা হৈছিল । ইয়াৰ পিছতে মে’ মাহত ভাৰতে পাকিস্তানৰ সন্ত্ৰাসবাদী শিবিৰত আক্ৰমণ কৰে, যাৰ প্ৰতিক্ৰিয়া স্বৰূপে পাকিস্তানে ভাৰতক আক্ৰমণ কৰিবলৈ চেষ্টা কৰে । ১০ মে’ত ভাৰতে বৃহৎ আক্ৰমণ চলাই পাকিস্তানৰ বহু বিমান ঘাটি ধ্বংস কৰে । ইয়াৰ পিছত পাকিস্তানে যুদ্ধ বন্ধ কৰিবলৈ আবেদন জনাইছিল, যিটো ভাৰতে মানি লয় আৰু যুদ্ধবিৰতি হয় ।

যুদ্ধ বিমান ভূপতিত কৰাৰ দাবীক লৈ কি ক’লে বৈদেশিক মন্ত্ৰীয়ে-

পাকিস্তানে ভাৰতৰ যুদ্ধ বিমান ধ্বংস কৰা বুলি দাবী কৰিছিল । এই সন্দৰ্ভত বৈদেশিক মন্ত্ৰীক সোধাত তেওঁ কয় যে ‘এই সন্দৰ্ভত কোনো মন্তব্য নকৰে, কিন্তু অতি সোনকালে সংশ্লিষ্ট কৰ্তৃপক্ষই সঠিক সময়ত এই সন্দৰ্ভত সম্পূৰ্ণ তথ্য দিব ।’ জয়শংকৰে কয় যে ‘ভাৰতৰ আক্ৰমণত পাকিস্তানৰ বহু ক্ষতি হয় আৰু ভাৰতৰ যুদ্ধ বিমান আৰু অন্যান্য সামৰিক সঁজুলিয়ে অতি সঠিকভাৱে আক্ৰমণ কৰিছিল আৰু পাকিস্তানৰ ধ্বংসপ্ৰাপ্ত বিমানঘাটিৰ ছবি গুগলত উপলব্ধ ।’

‘আৰু সন্ত্ৰাসবাদৰ সৈতে জীয়াই নাথাকো’

পাকিস্তানক সকিয়নী দি জয়শংকৰে কয় যে পাকিস্তানে অবিৰতভাৱে সন্ত্ৰাসবাদীক আশ্ৰয় আৰু প্ৰশিক্ষণ দি আহিছে আৰু দক্ষিণ সীমান্তত হাজাৰ হাজাৰ সন্ত্ৰাসবাদী উপস্থিত আছে । জয়শংকৰে পাকিস্তানক সকীয়াই দি কয় যে আমি আৰু সন্ত্ৰাসবাদৰ সৈতে জীয়াই নাথাকো । আমাৰ বাৰ্তা স্পষ্ট যে ভৱিষ্যতেও যদি এপ্ৰিল মাহৰ দৰে আক্ৰমণ চলি থাকে তেন্তে আমি প্ৰতিশোধ লম আৰু এই কাৰ্য্য সন্ত্ৰাসবাদী সংগঠন আৰু সন্ত্ৰাসবাদী নেতৃত্বৰ বিৰুদ্ধে হ’ব ।’

লগতে পঢ়ক : ‘শেষ হ’ল সকলো সম্পৰ্ক…,ডেম’ক্ৰেটক সমৰ্থন কৰিলে পৰিনাম হ’ব ভয়ংকৰ’; ইলন মাস্কক সকীয়নী ট্ৰাম্পৰ