ভাৰতৰ পক্ষত ৰাছিয়া… পাকিস্তানক সকীয়নি দি মোদীৰ সৈতে বাৰ্তালাপ ৰাষ্ট্ৰপতি পুটিনৰ

জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা অব্যাহত আছে । ইয়াৰ মাজতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰি সমৰ্থন প্ৰকাশ কৰিছে । বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয়, “ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ফোনযোগে বাৰ্তালাপত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ তীব্ৰ গৰিহণা দিয়ে । তেওঁ নিৰীহ লোকৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত ভাৰতক সম্পূৰ্ণ সমৰ্থনৰ আশ্বাস দিয়ে ।”

ৰণধীৰ জয়ছোৱালে ছ’চিয়েল মিডিয়াত পোষ্ট কৰি কয় যে, “পুটিনে জোৰ দি কয় যে এই জঘন্য আক্ৰমণৰ দোষী আৰু ইয়াৰ সমৰ্থকক ন্যায়ৰ কাঠগঢ়ালৈ আনিব লাগে । দুয়োজন নেতাই বিশেষ আৰু বিশেষাধিকাৰপ্ৰাপ্ত কৌশলগত অংশীদাৰিত্বক আৰু অধিক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ উল্লেখ কৰে ।”

তেওঁ আৰু কয় যে প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি পুটিনক বিজয় দিৱসৰ ৮০ বছৰীয়া জয়ন্তী উপলক্ষে অভিনন্দন জনোৱাৰ লগতে চলিত বৰ্ষৰ শেষৰ ফালে ভাৰতত অনুষ্ঠিত হ’বলগীয়া বাৰ্ষিক সন্মিলনৰ বাবে তেওঁক আমন্ত্ৰণ জনাইছে ।

টেষ্ট ৰেংকিঙত পিছ পৰিল টিম ইণ্ডিয়া… এদিনীয়া আৰু টি-২০ত অব্যাহত আছে আধিপত্য

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে প্ৰকাশ কৰা শেহতীয়া ৰেংকিঙত বিপৰ্যয়ৰ সন্মুখীন হৈছে ভাৰতীয় দল । সোমবাৰে (৫ মে’) বাৰ্ষিক ৰেংকিং আপডেটৰ পিছত ভাৰতীয় দলটোৱে এদিনীয়া আৰু টি-২০ ৰেংকিঙত প্ৰথম স্থান অক্ষুণ্ণ ৰাখিছে । কিন্তু টেষ্ট ৰেংকিঙত দলটো আঘাতৰ সন্মুখীন হৈছে । আপডেট কৰা ৰেংকিঙত ২০২৪ চনৰ মে’ মাহৰ পৰা এতিয়ালৈকে খেলা সকলো মেচতে ১০০ শতাংশ ৰেট দিয়া হৈছে আৰু যোৱা দুবছৰৰ মেচত ৫০ শতাংশ ৰেট দিয়া হৈছে ।

টেষ্টত ইংলেণ্ডৰ আধিপত্য-

ভাৰতীয় দলটোৱে এতিয়া টেষ্ট ৰেংকিঙত এটা স্থান অৱনমিত হৈ চতুৰ্থ স্থানত উপনীত হৈছে । বেন ষ্ট’কছৰ নেতৃত্বত ইংলেণ্ডে ডাঙৰ জাঁপ মাৰি দ্বিতীয় স্থানত উপনীত হৈছে আৰু দক্ষিণ আফ্ৰিকা আৰু ভাৰত দুয়োখন দেশকে অতিক্ৰম কৰিছে । ইংলেণ্ডৰ ৰেটিং পইণ্ট এতিয়া ১১৩, দক্ষিণ আফ্ৰিকাৰ ১১১ আৰু ভাৰতৰ ১০৫ পইণ্ট । টেষ্ট ৰেংকিঙৰ শীৰ্ষ স্থান অক্ষুণ্ণ ৰাখিছে অষ্ট্ৰেলিয়াই । কিন্তু বাৰ্ষিক আপডেটৰ পিছত দলটোৰ পইন্ট ১২৬ লৈ হ্ৰাস পাইছে ।

টেষ্ট ৰেংকিঙত বাকী দলসমূহৰ স্থান অপৰিৱৰ্তিত হৈ আছে । নিউজীলেণ্ড পঞ্চম, শ্ৰীলংকা ষষ্ঠ, পাকিস্তান সপ্তম, ৱেষ্ট ইণ্ডিজ অষ্টম, বাংলাদেশ নৱম আৰু জিম্বাবুৱে দশম স্থানত আছে । বৰ্তমান মাত্ৰ ১০ টা দল টেষ্ট ৰেংকিঙৰ বাবে যোগ্য । আয়াৰলেণ্ডে ৰেংকিঙত স্থান লাভ কৰিবলৈ অহা ১২ মাহত আৰু এখন টেষ্ট খেলিব লাগিব, আনহাতে আফগানিস্তানে টেষ্ট ৰেংকিঙত অন্তৰ্ভুক্ত হ’বলৈ আৰু তিনিখন মেচ খেলিব লাগিব ।

এদিনীয়া ৰেংকিঙত ভাৰতৰ ৰেটিং পইণ্ট ১২২ৰ পৰা ১২৪লৈ বৃদ্ধি পাইছে । এদিনীয়া ৰেংকিঙত দ্বিতীয় স্থানত আছে নিউজীলেণ্ড । নিউজীলেণ্ডে অষ্ট্ৰেলিয়াক অতিক্ৰম কৰি এতিয়া তৃতীয় স্থানত আছে । শ্ৰীলংকা চতুৰ্থ স্থানত থকাৰ বিপৰীতে পাকিস্তানে এটা স্থান জঁপিয়াই পাঁচ নম্বৰ স্থান লাভ কৰিছে । দক্ষিণ আফ্ৰিকা এটা স্থান অৱনমিত হৈ ষষ্ঠ স্থান লাভ কৰাৰ বিপৰীতে আফগানিস্তানে আৰু চাৰি পইণ্ট লাভ কৰি সপ্তম স্থানত উপনীত হৈছে । আনহাতে ইংলেণ্ড অষ্টম স্থানলৈ অৱনমিত হৈছে । ইফালে আৰু ৫ পইণ্ট লাভ কৰি নৱম স্থানত আছে ৱেষ্ট ইণ্ডিজ আৰু দশম স্থানত আছে বাংলাদেশ ।

ইফালে, দ্বিতীয় স্থানত থকা অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ অগ্ৰগতি ১০ পইণ্টৰ পৰা ৯ পইণ্টলৈ হ্ৰাস পাইছে যদিও ২৭১ ৰেটিং পইণ্টেৰে ভাৰত টি-২০ ৰেংকিঙৰ শীৰ্ষত আছে । ইংলেণ্ড তিনি নম্বৰত আছে । আনহাতে নিউজীলেণ্ড, ৱেষ্ট ইণ্ডিজ আৰু দক্ষিণ আফ্ৰিকা ক্ৰমে চতুৰ্থ, পঞ্চম আৰু ষষ্ঠ স্থানত আছে । এছিয়াৰ প্ৰতিদ্বন্দ্বী পাকিস্তানক (৮) পিছ পেলাই শ্ৰীলংকা ৰেংকিঙত সপ্তম স্থানলৈ আগবাঢ়িছে । বাংলাদেশ আৰু আফগানিস্তান ক্ৰমে নৱম আৰু দশম স্থানত আছে ।

বাৰ্ষিক আপডেটৰ পিছত প্ৰথমবাৰৰ বাবে টি-২০ ৰেংকিঙত ১০০টা দল অন্তৰ্ভুক্ত কৰা হৈছে । আপডেট কৰা তালিকাখনত যোৱা তিনি বছৰত কমেও আঠটা টি-২০ আন্তঃৰাষ্ট্ৰীয় খেল খেলা সকলো দল অন্তৰ্ভুক্ত কৰা হৈছে । ২০১৯ চনত আৰম্ভ হোৱা টি-২০ ৰেংকিঙত ৮০টা দল অন্তৰ্ভুক্ত কৰা হৈছিল ।

ভাৰতত ব্লক হ’ল ইমৰাণ খান, বিলোৱাল ভুট্টোৰ ‘এক্স’ একাউণ্ট…

পাকিস্তানৰ প্রাক্তন প্রধানমন্ত্রী ইমৰাণ খান আৰু প্রাক্তন বৈদেশিক মন্ত্রী বিলোৱাল ভুট্টোৰ ‘এক্স’ একাউণ্ট ভাৰতত ব্লক কৰা হৈছে ৷ ভাৰত আৰু পাকিস্তানৰ মাজত ক্ৰমবৰ্ধমান উত্তেজনাৰ মাজতে পাকিস্তানৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী আতাউল্লাহ তাৰাৰৰ ‘এক্স’ একাউণ্টতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে । এদিন পূৰ্বে তেওঁ দাবী কৰিছিল যে ২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ২৪ৰ পৰা ৩৬ ঘণ্টাৰ ভিতৰত নতুন দিল্লীয়ে চুবুৰীয়া দেশখনক সামৰিক আক্ৰমণ চলাব পাৰে বুলি ইংগিত দিয়া বিশ্বাসযোগ্য চোৰাংচোৱা তথ্য ইছলামবাদৰ হাতত আছে ।

ইমৰাণ খান আৰু বিলোৱাল ভুট্টোৰ ‘এক্স’ একাউণ্টত লিখা এটা বাৰ্তা পোহৰলৈ আহিছে । ইয়াত লিখা আছে যে আইনী দাবীৰ প্ৰতি সঁহাৰি জনাই ভাৰতত ইয়াক নিষিদ্ধ কৰা হৈছে । পাকিস্তানী ৰাজনীতিবিদৰ এক্স একাউণ্টৰ প্ৰফাইল পিকচাৰ আৰু কভাৰ ইমেজ খালী দেখা গৈছে ।

২২ এপ্ৰিলত পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে । এই আক্ৰমণত নিষিদ্ধ পাকিস্তানী সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবা (LeT)ৰ এটা শাখা ‘The Resistance Force’ (TRF)ৰ সন্ত্ৰাসবাদীয়ে নিৰীহ সাধাৰণ নাগৰিকৰ ওপৰত গুলীচালনা কৰি ২৬ জন লোকক নিৰ্মমভাৱে হত্যা কৰে । ইয়াৰ পিছতে কেইবাজনো পাকিস্তানী ৰাজনীতিবিদৰ ‘এক্স’ একাউণ্ট ভাৰতত নিষিদ্ধ কৰা হয় । ইয়াৰ উপৰিও ভাৰতে হানিয়া আমিৰ, মহিৰা খানকে ধৰি বহু পাকিস্তানী শিল্পীৰ ইনষ্টাগ্ৰাম একাউণ্টো ব্লক কৰিছে ।

পাকিস্তানী যুৱতীক বিয়া পাতি চাকৰি হেৰুৱালে চি আৰ পি এফ  জোৱানে…

কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী তথা চি আৰ পি এফৰ এজন জোৱান মুনীৰ আহমেদক পাকিস্তানী মহিলাৰ সৈতে তেওঁৰ বিবাহৰ সত্য লুকুৱাই ৰখাৰ অভিযোগত সেৱাৰ পৰা বৰ্খাস্ত কৰা হৈছে । কাৰণ তেওঁৰ এই আচৰণ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে ক্ষতিকাৰক বুলি ধৰা পৰিছে । মুনীৰ আহমেদৰ অন্তিম পোষ্টিং আছিল দেশৰ প্ৰধান আভ্যন্তৰীণ নিৰাপত্তা বাহিনী চি আৰ পি এফৰ ৪১ নং বেটেলিয়নত । জানিব পৰা মতে কোনো ধৰণৰ তদন্তৰ প্ৰয়োজন নোহোৱা নিয়মৰ অধীনত মুনীৰ আহমেদক সেৱাৰ পৰা বৰ্খাস্ত কৰা হৈছে ।

মুনীৰ আহমেদৰ বিৰুদ্ধে কি অভিযোগ ?

‘মুনীৰ আহমেদক পাকিস্তানী নাগৰিকৰ সৈতে বিবাহৰ তথ্য লুকুৱাই ৰখা আৰু ইচ্ছাকৃতভাৱে ভিছাৰ বৈধতাৰ বাহিৰত আশ্ৰয় দিয়াৰ বাবে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ সেৱাৰ পৰা বৰ্খাস্ত কৰা হৈছে ।’ চি আৰ পি এফৰ মুখপাত্ৰ উপ-মহাপৰিদৰ্শক (ডি আই জি) এম ধীনকৰনে কয় যে তেওঁৰ এই কাৰ্য্য সেৱা আচৰণ উলংঘা কৰা আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে ক্ষতিকাৰক গণ্য কৰা হৈছে ।

এইদৰে প্ৰকাশ পালে এজন চি আৰ পি এফ জোৱানৰ বিবাহ-

উল্লেখ্য যে পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত গ্ৰহণ কৰা কূটনৈতিক ব্যৱস্থাৰ অংশ হিচাপে ভাৰতে পাকিস্তানী নাগৰিকক দেশ এৰি যাবলৈ নিৰ্দেশ দিয়াৰ পিছতে চি আৰ পি এফ জোৱান মুনীৰ আহমেদৰ মিনাল খানৰ সৈতে বিবাহৰ কথা পোহৰলৈ আহিছিল । যোৱা বছৰৰ ২৪ মে’ত ভিডিঅ’ কলৰ জৰিয়তে দুয়োৰে বিবাহ সম্পন্ন হৈছিল । চি আৰ পি এফৰ তদন্তত দেখা গৈছে যে জোৱানজনে তেওঁৰ বিবাহ আৰু ভাৰতত থকাৰ বিষয়ে সংশ্লিষ্ট কৰ্তৃপক্ষক অৱগত কৰা নাছিল ।

উত্তেজনাৰ মাজতে ভাৰত-পাকিস্তান সীমান্তত এক্সন… ৰাজস্থানত আটক পাক ৰেঞ্জাৰ

ভাৰত আৰু পাকিস্তানৰ মাজত নিতৌ বৃদ্ধি পোৱা উত্তেজনাৰ মাজতে সীমান্ত সুৰক্ষা বাহিনী তথা বি এছ এফে ৰাজস্থানৰ ভাৰত-পাকিস্তান আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা এজন পাকিস্তানী ৰেঞ্জাৰক আটক কৰিছে । শনিবাৰে এই ঘটনা সংঘটিত হৈছে ।

প্ৰায় দুসপ্তাহ পূৰ্বে জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত ক্ৰমবৰ্ধমান উত্তেজনাৰ মাজতে সীমান্ত সুৰক্ষা বাহিনী (বি এছ এফ)ৰ জোৱানক পাকিস্তানী ৰেঞ্জাৰে জিম্মাত লোৱাৰ সময়ত এই ঘটনা পোহৰলৈ আহিছে । উল্লেখ্য যে, এই সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোক নিহত হয়, ইয়াৰে অধিকাংশই আছিল পৰ্যটক ।

পাক ৰেঞ্জাৰক জেৰা কৰি আছে বি এছ এফে-

জানিব পৰা মতে  ৰাজস্থান ফ্ৰন্টিয়াৰৰ বি এছ এফ ইউনিটে এই পাকিস্তানী ৰেঞ্জাৰজনক জিম্মাত লৈ জেৰা আৰম্ভ কৰিছে । অৱশ্যে পাকিস্তানী জোৱানজন ভাৰতৰ সীমান্ত কেনেকৈ পালে সেয়া এতিয়াও স্পষ্ট হোৱা নাই ।

উল্লেখ্য যে ২৩ এপ্ৰিলত পঞ্জাৱৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা পাকিস্তানী ৰেঞ্জাৰে বন্দী কৰা বি এছ এফৰ জোৱান পূৰ্ণনম কুমাৰ শ্ব’ক ভাৰতীয় বাহিনীৰ তীব্ৰ বিৰোধিতা সত্ত্বেও গতাই দিবলৈ অস্বীকাৰ কৰিছিল । ভাৰতে এই বিষয়টো গুৰুত্বসহকাৰে উত্থাপন কৰি পাকিস্তানী ৰেঞ্জাৰৰ পৰা জোৱানজনক শীঘ্ৰে মুক্তিৰ দাবী জনায় যদিও চুবুৰীয়া দেশখনৰ পৰা এতিয়ালৈকে কোনো ইতিবাচক সঁহাৰি পোৱা নাই ।

মহাবিপদত পাকিস্তান… এইবাৰ ভাৰতে বন্ধ কৰিলে ডাক আৰু পাৰ্চেল সেৱা

পহলগাম সনন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে গ্ৰহণ কৰিছে ইটোৰ পিছত সিটোকৈ কঠোৰ ব্যৱস্থা । প্ৰকৃতিৰ ভূ-স্বৰ্গত পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীয়ে নিৰীহ লোকৰ ওপৰত কৰা বৰ্বৰ আক্ৰমণৰ পিছতে ভাৰতে দেশখনৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে গ্ৰহণ কৰিছে কঠোৰ ব্যৱস্থা । যাৰ বাবে এতিয়া ভাৰতৰ ভয়ত কম্পমান হৈ পৰিছে চিৰ বৈৰী দেশখন । ইয়াৰ মজতে ভাৰতে পাকিস্তানত আন এক ডাঙৰ আঘাত হানিছে । এইবাৰ ভাৰতে পাকিস্তানলৈ সকলো শ্ৰেণীৰ ডাক আৰু পাৰ্চেল সেৱা বন্ধ কৰি দিছে । এতিয়া ডাক আৰু পাৰ্চেল বিমান বা স্থলপথেৰে পাকিস্তানলৈ পঠিয়াব নোৱাৰিব বা গ্ৰহণ কৰিব নোৱাৰিব ।

দক্ষিণ কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে এটাৰ পিছত এটাকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে । ডাক আৰু পাৰ্চেল নিষিদ্ধ কৰাৰ সিদ্ধান্তও এই ধাৰাবাহিক কঠোৰ ব্যৱস্থাৰে অংশ । এই সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোকক নিৰ্মমভাৱে হত্যা কৰা হৈছিল । পাকিস্তানস্থিত সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ সৈতে জড়িত ৰেজিষ্টেন্স ফ্ৰণ্ট (টি আৰ এফ) নামৰ এটা গোটে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছিল । ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত পুলৱামা আক্ৰমণৰ পিছত জম্মু-কাশ্মীৰত এইটোৱেই আছিল সৰ্ববৃহৎ সন্ত্ৰাসবাদী আক্ৰমণ । সেই আক্ৰমণত ৪৭ জন চি আৰ পি এফ জোৱান শ্বহীদ হৈছিল ।

ভাৰতে পাকিস্তানক দিছে ডাঙৰ আঘাত-

ইয়াৰ পূৰ্বে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটীৰ বৈঠকত বহু ডাঙৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল । এই বৈঠকত ১৯৬০ চনৰ সিন্ধু জল সন্ধি তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ স্থগিত ৰখা হয় । ইয়াৰ লগে লগে সংহত চেক পোষ্ট আট্টাৰী শীঘ্ৰে কাৰ্যকৰী হোৱাকৈ বন্ধ কৰি দিয়া হয় । ইয়াৰ উপৰিও SAARC Visa Rehemption Scheme ৰ অধীনত পাকিস্তানী নাগৰিকক ভাৰতলৈ অহাত অনুমতি দিয়াত নিষেধাজ্ঞা আৰোপ কৰা হয় । লগতে ভাৰতত উপস্থিত থকা যিকোনো পাকিস্তানী নাগৰিকক ভাৰত এৰি যাবলৈ ৪৮ ঘন্টা সময় দিয়া হৈছিল ।

কঠোৰ সকীয়নি প্ৰধানমন্ত্ৰী মোদীৰ-

ইয়াৰ পূৰ্বে ‘মন কি বাত’ অনুষ্ঠানত পুনৰবাৰ পহলগাম আক্ৰমণক লৈ শোক প্ৰকাশ কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে । পহলগাম আক্ৰমণৰ দোষীক কঠোৰ শাস্তি দিয়াৰ প্ৰয়োজনীয়তাও তেওঁ পুনৰ কয় । তেওঁ কয় যে পহলগাম কাণ্ডই দেশবাসীক আঘাত দিছে আৰু দেশবাসীৰ হৃদয়ত গভীৰ যন্ত্ৰণা আছে । মানুহে অনুভৱ কৰিব পাৰে ভুক্তভোগীৰ পৰিয়ালৰ যন্ত্ৰণা । আতংকৰ ছবি দেখি উতলি আছে প্ৰতিজন ভাৰতীয়ৰ তেজ ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আমি এই প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ আমাৰ সংকল্প শক্তিশালী কৰিব লাগিব । আমি এক শক্তিশালী ৰাষ্ট্ৰ হিচাপে আমাৰ ইচ্ছাশক্তি শক্তিশালী কৰিব লাগিব । ভাৰতৰ জনসাধাৰণৰ মাজত যি ক্ষোভ অনুভৱ হয়, সেই ক্ষোভ সমগ্ৰ বিশ্বতে অনুভৱ কৰা হয় । এই সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত সমগ্ৰ বিশ্বৰ পৰা ধাৰাবাহিকভাৱে শোক প্ৰকাশ পাইছে । বহু ৰাষ্ট্ৰপতিয়ে মোক ফোন কৰি পহলগাম কাণ্ডক লৈ শোক প্ৰকাশ কৰিছে । এই জঘন্য সন্ত্ৰাসবাদী আক্ৰমণক সকলোৱে তীব্ৰ গৰিহণা দিছে । সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত সমগ্ৰ বিশ্বই দেশৰ সৈতে থিয় দিছে । ভুক্তভোগী পৰিয়ালক আশ্বাস দিছো যে তেওঁলোকে ন্যায় পাব… । এই আক্ৰমণৰ দোষীক কঠোৰতম শাস্তি দিয়া হ’ব ।

পাকিস্তানৰ বাবে আন এক ডাঙৰ আঘাত… সামগ্ৰী আমদানিত নিষেধাজ্ঞা আৰোপ ভাৰতৰ

ভাৰত চৰকাৰে এতিয়া পাকিস্তানৰ পৰা অহা সামগ্ৰীৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰিছে । অৰ্থাৎ এতিয়া ভাৰতলৈ কোনো ধৰণৰ সামগ্ৰী পাকিস্তানৰ পৰা নাহে । বাণিজ্য মন্ত্ৰালয়ে কয় যে এতিয়া পাকিস্তানৰ পৰা আমদানি সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে ।

ইয়াৰ পূৰ্বে প্ৰত্যক্ষ বাণিজ্য বন্ধ কৰা হৈছিল  কিন্তু এতিয়া পৰোক্ষ আমদানিও বন্ধ কৰা হৈছে । এয়া পাকিস্তানৰ বাবে এয়া এক ডাঙৰ আঘাত । ভাৰতৰ বাণিজ্য মন্ত্ৰালয়ে এনে সামগ্ৰীৰ তালিকা প্ৰস্তুত কৰি আছে যিবোৰ ভাৰতৰ পৰা আমদানি বা ৰপ্তানি কৰা নহ’ব ।

বাণিজ্য মন্ত্ৰালয়ৰ অধিসূচনা অনুসৰি ভাৰতে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ পাকিস্তানৰ পৰা প্ৰত্যক্ষ বা পৰোক্ষভাৱে সকলো সামগ্ৰী আমদানি কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে । এই সন্দৰ্ভত বৈদেশিক বাণিজ্য নীতি ২০২৩ত এটা ব্যৱস্থা সংযোজন কৰা হৈছে । য’ত কোৱা হৈছে যে পৰৱৰ্তী আদেশৰ আগলৈকে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ পাকিস্তানৰ পৰা অহা বা ৰপ্তানি কৰা সকলো সামগ্ৰীৰ প্ৰত্যক্ষ বা পৰোক্ষ আমদানিৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । এই তথ্য ২ মে’ তাৰিখৰ অধিসূচনাত দিয়া হৈছে ।

এফ টি পিৰ বিধানত কোৱা হৈছে যে পাকিস্তানৰ পৰা অহা বা ৰপ্তানি কৰা সকলো সামগ্ৰীৰ প্ৰত্যক্ষ বা পৰোক্ষ আমদানি বা ট্ৰেনজিট, সেয়া মুক্তভাৱে আমদানি কৰা বা অনুমোদিত হওক, পৰৱৰ্তী আদেশ নিদিয়ালৈকে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিষিদ্ধ কৰা হ’ব ।

ভাৰত চৰকাৰৰ অনুমোদন ল’ব লাগিব-

বৈদেশিক বাণিজ্য সঞ্চালকালয়ে অধিসূচনাযোগে প্ৰকাশ কৰিছে যে ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু ৰাজহুৱা নীতিৰ স্বাৰ্থত এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে । এই নিষেধাজ্ঞাৰ যিকোনো ব্যতিক্ৰম হ’লে ভাৰত চৰকাৰৰ অনুমোদনৰ প্ৰয়োজন হ’ব । অৰ্থাৎ বাণিজ্যৰ উদ্দেশ্যে যদি কোনো বস্তু পাকিস্তানলৈ পঠোৱা হয় বা পাকিস্তানৰ পৰা আহে তেন্তে ভাৰত চৰকাৰৰ অনুমোদনৰ প্ৰয়োজন হ’ব ।

ভাৰতৰ পৰা পাকিস্তানলৈ কি কি সামগ্ৰী ৰপ্তানি হৈছিল ?

দুয়োখন দেশৰ মাজত বাণিজ্য নিষেধাজ্ঞাৰ পূৰ্বে ভাৰতে মূলতঃ কপাহ, ৰাসায়নিক পদাৰ্থ, খাদ্য সামগ্ৰী, ঔষধ আৰু মছলা ৰপ্তানি কৰিছিল । ইয়াৰ বাহিৰেও তৃতীয় দেশৰ মাজেৰে চাহ, কফি, ৰং, পিয়াঁজ, বিলাহী, লোহা, ষ্টীল, চেনি, নিমখ আৰু অটো পাৰ্টছ আদি সামগ্ৰীও প্ৰেৰণ কৰা হৈছিল ।

পাকিস্তানৰ পৰা ভাৰতলৈ কি আমদানি হৈছিল ?

পাকিস্তানৰ পৰা ভাৰতলৈ চিমেণ্ট, জিপচাম, ফলমূল, তাম, নিমখৰ দৰে সামগ্ৰী আমদানি কৰা হৈছিল যদিও ২০১৯ চনৰ পিছত আমদানি প্ৰায় শূন্য হৈ পৰিছিল । ২০২৪ চনত পাকিস্তানৰ পৰা ভাৰতৰ আমদানি আছিল মাত্ৰ ৪৮ লাখ ডলাৰ । ইয়াত কেৱল ৰক ছল্ট আৰু মুলতানি মাটিৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীহে অৰ্ডাৰ দিয়া হৈছিল । এতিয়া এইটোও সম্পূৰ্ণৰূপে বন্ধ হৈ যাব ।

ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা ব’ৰ্ডত বৃহৎ পৰিৱৰ্তন মোদী চৰকাৰৰ…

পাকিস্তানৰ সৈতে চলি থকা উত্তেজনাৰ মাজতে মোদী চৰকাৰে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা ব’ৰ্ড (NSAB)ত ব্যাপক পৰিৱৰ্তন সাধন কৰিছে । এই উল্লেখযোগ্য পদক্ষেপত ৰিচাৰ্ছ এণ্ড এনালাইছিছ উইঙ তথা ৰ’ৰ (RAW) প্ৰাক্তন মুৰব্বী আলোক যোশীক ব’ৰ্ডৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে । এই নিযুক্তি ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু অধিক শক্তিশালী কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে ।

NSABৰ পুনৰ ৰূপ-

ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা ব’ৰ্ডত এতিয়া বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞকে ধৰি সাতজন সদস্য থাকিব । এই ব’ৰ্ডত সামৰিক পটভূমিৰ তিনিজন অৱসৰপ্ৰাপ্ত বিষয়া, ভাৰতীয় আৰক্ষী সেৱাৰ (আই পি এছ) অৱসৰপ্ৰাপ্ত বিষয়া আৰু এজন অৱসৰপ্ৰাপ্ত ভাৰতীয় বিদেশ সেৱাৰ বিষয়া আছে । এই গাঁথনিয়ে প্ৰতিৰক্ষা, চোৰাংচোৱা আৰু কূটনীতিৰ ক্ষেত্ৰত সুষম দৃষ্টিভংগী নিশ্চিত কৰিব ।

কিয় গুৰুত্বপূৰ্ণ আলোক যোশীৰ নিযুক্তি ?

আলোক যোশীৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত বিস্তৃত অভিজ্ঞতা আছে । ২০১২ চনৰ পৰা ২০১৪ চনলৈ ৰ’ৰ মুৰব্বী আৰু ২০১৫ চনৰ পৰা ২০১৮ চনলৈকে এন টি আৰ অ’ৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰা তেখেতে চুবুৰীয়া দেশ বিশেষকৈ নেপাল আৰু পাকিস্তানত চোৰাংচোৱা অভিযানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । এন এছ এ বিক অধিক ফলপ্ৰসূ কৰি তুলিব বিচৰা ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ নেতৃত্বত তেওঁৰ এই নিযুক্তিক কৌশলগত পদক্ষেপ হিচাপে দেখা গৈছে ।

যোশীৰ নেতৃত্বত ব’ৰ্ডে চাইবাৰ নিৰাপত্তা, সন্ত্ৰাসবাদ বিৰোধী কৌশল আৰু আঞ্চলিক ভূ-ৰাজনৈতিক প্ৰত্যাহ্বানৰ প্ৰতি বিশেষ গুৰুত্ব দিয়াৰ সম্ভাৱনা আছে । বিশেষকৈ এন টি আৰ অ’ৰ সময়ত চাইবাৰ ভাবুকিৰ সৈতে মোকাবিলা কৰাত তেওঁৰ কাৰিকৰী বিশেষজ্ঞতাই ব’ৰ্ডক আধুনিক নিৰাপত্তাজনিত প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰাত সহায় কৰিব ।

ব’ৰ্ডৰ সদস্যসকল-

আলোক যোশী (অধ্যক্ষ) : RAW ৰ প্ৰাক্তন মুৰব্বী আৰু ৰাষ্ট্ৰীয় কাৰিকৰী গৱেষণা সংস্থা (NTRO)ৰ অধ্যক্ষ । যোশী ১৯৭৬ চনৰ বেটচৰ হাৰিয়ানা কেডাৰৰ আই পি এছ বিষয়া আৰু নেপাল আৰু পাকিস্তানত চোৰাংচোৱা অভিযানৰ বিস্তৃত অভিজ্ঞতা আছে তেওঁৰ । তেওঁৰ এই নিযুক্তি ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে এক ডাঙৰ পদক্ষেপ বুলি বিবেচিত হৈছে ।

লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) এ কে সিং : দক্ষিণ সেনাবাহিনীৰ প্ৰাক্তন অধিনায়ক, যাৰ সামৰিক কৌশল আৰু অভিযানৰ বিপুল অভিজ্ঞতা আছে ।

এয়াৰ মাৰ্শ্বাল (অৱসৰপ্ৰাপ্ত) পি এম সিনহা : প্ৰাক্তন পশ্চিম এয়াৰ কমাণ্ডাৰ, বায়ুসেনাৰ অভিযান আৰু কৌশলৰ বিশেষজ্ঞ ।

ৰিয়াৰ এডমিৰেল (অৱসৰপ্ৰাপ্ত) মন্টি খান্না : সামুদ্ৰিক নিৰাপত্তা আৰু কৌশলৰ গভীৰ অভিজ্ঞতা থকা অৱসৰপ্ৰাপ্ত নৌসেনা বিষয়া ।

ৰাজীৱ ৰঞ্জন বাৰ্মা : আভ্যন্তৰীণ নিৰাপত্তা আৰু চোৰাংচোৱা বিষয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ভাৰতীয় আৰক্ষী সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া ।

মনমোহন সিং: নিৰাপত্তা আৰু চোৰাংচোৱা খণ্ডলৈ অৱদানৰ বাবে পৰিচিত ভাৰতীয় আৰক্ষী সেৱাৰ আন এজন অৱসৰপ্ৰাপ্ত বিষয়া ।

বি ভেংকটেশ বাৰ্মা : ভাৰতীয় বৈদেশিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া, কূটনীতি আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ বিশেষজ্ঞ ।

এন এছ এবিৰ গুৰুত্ব-

ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা ব’ৰ্ড ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা ব্যৱস্থাপনা ব্যৱস্থাৰ এক গুৰুত্বপূৰ্ণ অংশ । এই ব’ৰ্ডে ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদ (এন এছ চি)ক দীৰ্ঘম্যাদী বিশ্লেষণ আৰু পৰামৰ্শ প্ৰদান কৰে । ১৯৯৮ চনত অটল বিহাৰী বাজপেয়ী চৰকাৰৰ দিনত প্ৰথম NSAB গঠন হৈছিল । তেতিয়াৰ পৰাই ই ৰাষ্ট্ৰীয় নিৰাপত্তা নীতি গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । মাহত অন্ততঃ এবাৰ ব’ৰ্ডৰ বৈঠক হয় । প্ৰয়োজন অনুসৰি নীতিগত বিষয়সমূহৰ ওপৰত পৰামৰ্শ দিয়ে ।

LoC ৰ পিছত আন্তঃৰাষ্ট্ৰীয় সীমান্তত ভংগ যুদ্ধবিৰতি, জম্মুৰ পৰগৱাল ছেক্টৰত পাকিস্তানী সৈন্যৰ গুলীচালনা

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতৰ কঠোৰ স্থিতিৰ বাবে ভয়ত কম্পমান পাকিস্তানে হতাশাত ভুগি আন্তঃৰাষ্ট্ৰীয় সীমান্ততো যুদ্ধবিৰতি উলংঘা আৰম্ভ কৰিছে । ইয়াৰ পূৰ্বে পাকিস্তানে ৫ দিন ধৰি নিয়ন্ত্ৰণ ৰেখাত যুদ্ধবিৰতি উলংঘা কৰি আহিছিল । মঙলবাৰ-বুধবাৰৰ নিশা পাকিস্তানী পোষ্টৰ পৰা বন্দুকৰ গুলীৰ শব্দ শুনা যায় । অৱশ্যে ভাৰতে পাকিস্তানক এই কাণ্ডৰ উপযুক্ত উত্তৰ দিয়ে ।

পাকিস্তানে যুদ্ধবিৰতি উলংঘাৰ পিছত এল অ’ চিৰ বহু খণ্ডত কাৰ্যকলাপ বৃদ্ধি পাইছে । ভাৰতীয় সেনাই পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে আৰু সীমান্ত অঞ্চলত অপাৰেচনেল এলাৰ্ট জাৰি কৰা হৈছে । আচলতে পহলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত চৰকাৰ একচন মোডত আছে আৰু পাকিস্তানৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । ইফালে নিয়ন্ত্ৰণ ৰেখাত উত্তেজনা বৃদ্ধি পাইছে ।

পৰগৱাল ছেক্টৰতো গুলীচালনা-

পাকিস্তানে বিগত ৬ দিন ধৰি অবিৰতভাৱে যুদ্ধবিৰতি উলংঘা কৰি সমগ্ৰ নিশা লঘু অস্ত্ৰৰে গুলীচালনা কৰি আহিছে । কিন্তু বুধবাৰে পাকিস্তানে পৰিস্থিতি অধিক অৱনমিত কৰি তুলিছে । এতিয়া জম্মুৰ পৰাগোৱাল খণ্ডৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ততো গুলীচালনা কৰিছে পাকিস্তানী সেনাই ।

জানিব পৰা মতে মঙলবাৰে পুৱালৈকে পাকিস্তানী সেনাই কেৱল নিয়ন্ত্ৰণ ৰেখাতহে যুদ্ধবিৰতি উলংঘা কৰি আছিল যদিও এতিয়া বুধবাৰে নিশা জম্মুৰ পৰাগোৱাল ছেক্টৰৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত গুলীচালনা কৰিছে ।

ক্ষুদ্ৰ অস্ত্ৰৰে গুলীচালনা কৰিছে পাকিস্তানে-

২৯–৩০ এপ্ৰিলৰ নিশা পাকিস্তানে জম্মু-কাশ্মীৰৰ নৌশ্বেৰা, সুন্দৰবানি আৰু আখনূৰ ছেক্টৰত নিয়ন্ত্ৰণ ৰেখাৰ সিপাৰে গুলীচালনাৰ কৰে । এই গুলীচালনা পাকিস্তানী সেনাই ক্ষুদ্ৰ অস্ত্ৰৰে কৰিছিল । ভাৰতীয় সেনাই এতিয়ালৈকে আৰ্টিলাৰী আৰু এয়াৰ ডিফেন্স গান ব্যৱহাৰ কৰা নাই কাৰণ পাকিস্তানৰ ফালৰ পৰা কেৱল ক্ষুদ্ৰ অস্ত্ৰৰ গুলীচালনাহে চলি আছে ।

ইয়াৰ উপৰিও বাৰামুল্লা আৰু কুপৱাৰা জিলাৰ এল অ’ চিৰ কাষৰ পাকিস্তানী সেনাৰ চকীসমূহৰ পৰা আৰু পৰগৱাল খণ্ডৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সিপাৰেও অপ্ৰৰোচিতভাৱে ক্ষুদ্ৰ অস্ত্ৰৰ গুলীচালনাৰ খবৰ পোৱা গৈছে । ভাৰতীয় সেনাৰ সৈন্যই ক্ষীপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰি পাকিস্তানী সেনাক ইয়াৰ প্ৰত্যুত্তৰ দিয়ে ।

সমগ্ৰ কাশ্মীৰত এল অ’ চিৰ দৈৰ্ঘ্য ৩৪৩.৯ কিলোমিটাৰ, আনহাতে জম্মু অঞ্চলত সীমান্তৰ ২২৪.৫ কিলোমিটাৰ এল অ’ চিৰ অধীনত পৰে ।

পৰগৱাল খণ্ডত বৃদ্ধি পালে বি এছ এফৰ গতিবিধি-

পাকিস্তানক এতিয়া পৰগৱাল খণ্ডত (আন্তঃৰাষ্ট্ৰীয় সীমান্ত) সক্ৰিয় হৈ থকা দেখা গৈছে । ইয়াত বি এছ এফৰ নিয়োগ বৃদ্ধি কৰা হৈছে আৰু সতৰ্কতা কটকটীয়া কৰা হৈছে । আখনূৰৰ পৰা লখনপুৰলৈকে বিস্তৃত আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ মুঠ দৈৰ্ঘ্য ২০৯.৮ কিলোমিটাৰ ।