সেনাবাহিনীক স্বতন্ত্ৰতা দিয়াৰ পিছত আজি  ডাঙৰ সিদ্ধান্ত ল’ব পাৰে প্ৰধানমন্ত্ৰীয়ে ! কি হ’ব চি চি এছৰ বৈঠকত ?

২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত আজি অনুষ্ঠিত হ’ব কেন্দ্ৰীয় কেবিনেটৰ প্ৰথমখন বৈঠক । আজি পুৱা ১১ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত এখন বৈঠক আহ্বান কৰা হৈছে । ইয়াৰ সমান্তৰালকৈ আজি নিৰাপত্তা বিষয়ক সমিতি চি চি এছৰ বৈঠকো অনুষ্ঠিত হ’ব ।

যোৱা সপ্তাহত কেন্দ্ৰীয় কেবিনেটৰ কোনো বৈঠক অনুষ্ঠিত হোৱা নাছিল আৰু ২৩ এপ্ৰিলত কেৱল কেবিনেট কমিটি অন ছিকিউৰিটিৰ বৈঠকত পহলগাম সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিয়া হৈছিল । যোৱা বুধবাৰে চি চি এছৰ বৈঠকৰ পাছত ভাৰতে পাকিস্তানৰ সৈতে কূটনৈতিক সম্পৰ্ক হ্ৰাস কৰাকে ধৰি কেইবাটাও পদক্ষেপৰ কথা ঘোষণা কৰিছিল ।

সেনাক স্বতন্ত্ৰতা দিলে প্ৰধানমন্ত্ৰী মোদীয়ে-

মঙলবাৰে (২৯ এপ্ৰিল) প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয় । সন্ত্ৰাসবাদৰ বিৰুদ্ধে ‘শক্তিশালী আঘাত’ কৰিবলৈ তেওঁ সেনাক স্বতন্ত্ৰতা প্ৰদান কৰে । এই বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, প্ৰতিৰক্ষা মুৰব্বী জেনেৰেল অনিল চৌহানৰ লগতে সেনা, নৌসেনা আৰু বায়ুসেনাৰ মুৰব্বীসকলো উপস্থিত থাকে ।

বৈঠকত এই কথা কৈছে প্ৰধানমন্ত্ৰী মোদীয়ে-

বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে সন্ত্ৰাসবাদৰ ওপৰত তীব্ৰ আক্ৰমণ আমাৰ ৰাষ্ট্ৰীয় সংকল্প । ভাৰতীয় সশস্ত্ৰ বাহিনীৰ পেছাদাৰী সামৰ্থ্যৰ ওপৰত সম্পূৰ্ণ আস্থা প্ৰকাশ কৰি তেওঁ কয় যে তেওঁলোকৰ হাতত “আমাৰ সঁহাৰিৰ পদ্ধতি, উদ্দেশ্য আৰু সময়ৰ বিষয়ে সিদ্ধান্ত ল’বলৈ সম্পূৰ্ণ কাৰ্যকৰী স্বাধীনতা আছে । প্ৰধানমন্ত্ৰী মোদীয়ে ইতিমধ্যে কৈছে যে সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ সমৰ্থকসকলে কল্পনা কৰিব নোৱৰা পৰিণতিৰ সন্মুখীন হ’ব ।”

পহলগাম আক্ৰমণৰ পিছত হাই এলাৰ্টত সেনা বাহিনী-

পহলগাম আক্ৰমণৰ পিছত সশস্ত্ৰ বাহিনীক হাই এলাৰ্টত ৰখা হৈছে, নিয়ন্ত্ৰণ ৰেখা আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ নিৰ্দিষ্ট ইউনিটসমূহক অপাৰেচনেল ৰেডিনেছ মোডত ৰখা হৈছে । ড্ৰ’ন, চেটেলাইট ইমেজৰী আৰু ইলেক্ট্ৰনিক ইন্টাৰচেপ্টৰ জৰিয়তে পাকিস্তান অধিকৃত কাশ্মীৰ (PoK)ৰ সন্ত্ৰাসবাদী লঞ্চপেডসমূহ তীক্ষ্ণ দৃষ্টিৰে নিৰীক্ষণ কৰি থকা হৈছে ।

‘অহা ২৪-৩৬ ঘন্টাত সামৰিক ব্যৱস্থাৰ পৰিকল্পনা কৰিছে ভাৰতে’… প্ৰতি মুহূৰ্ততে শংকিত হৈ পৰিছে পাকিস্তান

জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত ধাৰাবাহিকভাৱে উত্তেজনা বৃদ্ধি পাইছে । লগে লগে ভাৰতে গ্ৰহণ কৰা বিভিন্ন সিদ্ধান্তৰ বাবে এতিয়া পাকিস্তানত আতংকৰ সৃষ্টি হৈছে । এই বাবেই গভীৰ নিশা প্ৰায় ১.৩০ বজাত পাকিস্তানৰ তথ্য মন্ত্ৰী আতাউল্লাহ তাৰাৰে এক সংবাদমেল অনুষ্ঠিত কৰে । ইয়াৰ মাজতে তেওঁ দাবী কৰে যে আমি নিৰ্ভৰযোগ্য চোৰাংচোৱা তথ্য লাভ কৰিছো, যিয়ে ভাৰতে আগন্তুক ২৪ৰ পৰা ৩৬ ঘণ্টাত সামৰিক আক্ৰমণ চলাব পাৰে বুলি ইংগিত দিছে ।

মঙলবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে নিৰ্ণায়ক যুঁজৰ বাবে সশস্ত্ৰ বাহিনীক স্বতন্ত্ৰতা দিয়াৰ সময়তে এই বক্তব্য প্ৰকাশ কৰিছে ভয়াতুৰ পাকিস্তানে ।

পাকিস্তানৰ তথ্য মন্ত্ৰী তাৰাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্টত লিখিছে যে পহলগাম কাণ্ডক ভুৱা অজুহাত দেখুৱাই ভাৰতে অহা ২৪ৰ পৰা ৩৬ ঘণ্টাৰ ভিতৰত সামৰিক আক্ৰমণ চলাব পাৰে বুলি পাকিস্তানৰ বিশ্বাসযোগ্য চোৰাংচোৱা তথ্য আছে ।

তাৰাৰে কয় যে যিকোনো আক্ৰমণাত্মক কাৰ্য্যৰ প্ৰতি নিৰ্ণায়ক সঁহাৰি দিয়া হ’ব । তেওঁ কয় যে পাকিস্তান নিজেই সন্ত্ৰাসবাদৰ বলি হৈ আহিছে আৰু এই সংকটৰ যন্ত্ৰণা সঁচা অৰ্থত বুজি পাইছে । আমি এই কথা পৃথিৱীত সদায় গৰিহণা দি আহিছো । তাৰাৰে কয় যে পাকিস্তানে সত্য উন্মোচনৰ বাবে বিশেষজ্ঞৰ নিৰপেক্ষ আয়োগৰ দ্বাৰা বিশ্বাসযোগ্য, স্বচ্ছ আৰু স্বতন্ত্ৰ তদন্তৰ প্ৰস্তাৱ সম্পূৰ্ণ হৃদয়েৰে আগবঢ়াইছে । পাকিস্তানৰ মন্ত্ৰীগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়কো পৰিস্থিতিৰ গভীৰতাক স্বীকাৰ কৰিবলৈ আহ্বান জনায় । তেওঁ কয় যে আমি যিকোনো মূল্যৰ বিনিময়ত পাকিস্তানৰ সাৰ্বভৌমত্ব আৰু ভূখণ্ডৰ অখণ্ডতাক সুৰক্ষিত কৰাৰ সংকল্প পুনৰবাৰ প্ৰকাশ কৰিছো ।

পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে ক’লে- আমি হাই এলাৰ্টত আছো

ৰয়টাৰৰ মতে, ইয়াৰ পূৰ্বে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে কৈছিল যে পাকিস্তান হাই এলাৰ্টত আছে যদিও দেশখনৰ অস্তিত্বৰ প্ৰতি প্ৰত্যক্ষ ভাবুকি আহিলেহে পাকিস্তানে নিজৰ পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰিব ।

ভাৰতে গ্ৰহণ কৰিছে কঠোৰ পদক্ষেপ-

উল্লেখ্য যে ২২ এপ্ৰিলত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ২৪ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতে পহলগাম হত্যাকাণ্ডৰ লগত জড়িত প্ৰতিটো সন্ত্ৰাসবাদী আৰু সমৰ্থকক চিনাক্ত, অনুসন্ধান আৰু শাস্তি প্ৰদান কৰিব । ইয়াৰ লগতে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কূটনৈতিক আক্ৰমণ তীব্ৰতৰ কৰি তুলিছে । ভাৰতে পাকিস্তানৰ সৈতে কূটনৈতিক সম্পৰ্ক হ্ৰাস কৰাৰ লগতে সিন্ধু জল সন্ধি স্থগিত ৰাখি আট্টাৰী-ৱাঘা সীমান্ত বন্ধ কৰি দিছে ।

প্ৰধানমন্ত্ৰী মোদীৰ উচ্চ পৰ্যায়ৰ বৈঠক… ৰাজনাথ সিং-অজিত ডোভালৰ লগতে উপস্থিত তিনিও সেনাৰ মুৰব্বী

জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত কেন্দ্ৰীয় চৰকাৰক ধাৰাবাহিকভাৱে একচন মোডত দেখা গৈছে । পাকিস্তানৰ ওপৰত কেইবাটাও নিষেধাজ্ঞা আৰোপ কৰাৰ পিছত মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত ভৱিষ্যতৰ ৰণনীতিৰ বাবে উচ্চ পৰ্যায়ৰ বৈঠক আহ্বান কৰা হয় । এই বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা (এন এছ এ) অজিত ডোভাল আৰু প্ৰতিৰক্ষা মুৰব্বী জেনেৰেল অনিল চৌহান উপস্থিত থাকে ।

সেনা প্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদী আৰু নৌসেনাৰ মুৰব্বী এডমিৰেল দিনেশ কে. ত্ৰিপাঠীও উপস্থিত থাকে এই বৈঠকত । এই গুৰুত্বপূৰ্ণ বৈঠকত পহলগাম আক্ৰমণৰ পিছত নিৰাপত্তা পৰিস্থিতি, সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলি থকা অভিযান আৰু ভৱিষ্যতৰ কৌশলৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হয় ।

তথ্য অনুসৰি প্ৰধানমন্ত্ৰীৰ বাসগৃহত অনুষ্ঠিত এই বৈঠকত আক্ৰমণৰ পৰিস্থিতি, নিৰাপত্তা বাহিনীৰ কাৰ্য্য আৰু ভৱিষ্যতৰ কৌশলৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হয় । লগতে পহলগাম আক্ৰমণৰ অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে নিৰ্দেশ দিছে । ইফালে অমৰনাথ যাত্ৰা আৰু অন্যান্য অসামৰিক কাৰ্যকলাপৰ নিৰাপত্তাৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ ত্ৰুটি নাথাকে তাৰ বাবেও তেওঁ নিৰ্দেশ দিয়ে ।

২২ এপ্ৰিলত পহলগামত সংঘটিত হৈছিল সন্ত্ৰাসবাদী আক্ৰমণ-

উল্লেখ্য যে ২২ এপ্ৰিলত পহলগামত সংঘটিত ভয়ানক সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোকে প্ৰাণ হেৰুৱাইছিল । ইয়াৰ উপৰিও এই বৰ্বৰ আক্ৰমণত কেইবাজনো লোক আহত হৈছে । শেহতীয়া বছৰবোৰত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ অন্যতম বুলি বিবেচিত হৈছে এই কাণ্ড । এই আক্ৰমণৰ পিছত উপত্যকাটোত নিৰাপত্তা সংস্থাসমূহক হাই এলাৰ্টত ৰখা হৈছে । এই আক্ৰমণৰ লগত জড়িত সন্ত্ৰাসবাদীৰ সন্ধানত অভিযান অব্যাহত আছে । ইয়াৰ বাবে নিৰাপত্তা বাহিনীয়ে বিভিন্ন স্থানত অভিযান চলাই আছে । এই আক্ৰমণৰ আঁৰত আছে পাকিস্তান । ইয়াৰ পিছতে ভাৰত চৰকাৰে পাকিস্তানৰ ওপৰত কেইবাটাও নিষেধাজ্ঞা আৰোপ কৰাৰ সিদ্ধান্ত লয় ।

‘যুদ্ধ নহয় কূটনীতি…’, ভাৰতৰ সৈতে উত্তেজনাৰ মাজতে পাকিস্তানৰ প্ৰধানমন্ত্ৰীক পৰামৰ্শ দিলে জ্যেষ্ঠ ভাতৃয়ে

পহলগাম সন্দ্ৰাসবাদী আক্ৰমণৰ পিছতে ভাৰত আৰু পাকিস্তানৰ মাজত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে । ক্ৰমবৰ্ধমান উত্তেজনাৰ মাজতে প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফে প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফক কূটনৈতিক সমাধান বিচাৰিবলৈ পৰামৰ্শ দিছে বুলি দেওবাৰে পাকিস্তানৰ সংবাদ মাধ্যমে প্ৰকাশ কৰিছে । পাকিস্তানৰ ‘দ্য এক্সপ্ৰেছ ট্ৰিবিউন’ কাকতত প্ৰকাশ পাইছে যে পাকিস্তান মুছলিম লীগ (নৱাজ)ৰ মুৰব্বী নৱাজ শ্বৰীফে তেওঁৰ কনিষ্ঠ ভাতৃ শ্বাহবাজ শ্বৰীফক ভাৰতৰ সৈতে সংঘাত বৃদ্ধিৰ পৰা হাত সাৰিবলৈ কয় ।

প্ৰতিবেদন অনুসৰি প্ৰধানমন্ত্ৰী শ্বাহবাজে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ কৌশল সন্দৰ্ভত নৱাজ শ্বৰীফৰ পৰামৰ্শ লৈছিল । প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে জ্যেষ্ঠ ভাতৃ নৱাজ শ্বৰীফক পৰিয়ালৰ বাসগৃহত সাক্ষাৎ কৰে । এই বৈঠকত পঞ্জাৱৰ মুখ্যমন্ত্ৰী মৰিয়ম নৱাজো উপস্থিত আছিল ।

কোৱা হৈছে যে আলোচনাৰ সময়ত শ্বাহবাজে সিন্ধু জল সন্ধি বাতিল কৰাৰ পিছত পাকিস্তানৰ ৰাষ্ট্ৰীয় নিৰাপত্তা সমিতিয়ে ল’বলগীয়া সিদ্ধান্তৰ বিষয়ে জ্যেষ্ঠ ভাতৃক অৱগত কৰে । উল্লেখ্য যে, জম্মু-কাশ্মীৰৰ পহলগামত পৰ্যটকক লক্ষ্য কৰি সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে ভাৰতে সিন্ধু জল সন্ধি স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে ।

ভুৱা অভিযানৰ অভিযোগ-

বৈঠকৰ সময়ত শ্বেহবাজ শ্বৰীফে পহলগাম আক্ৰমণ ভাৰতে অঞ্চলটোত অস্থিৰতা সৃষ্টিৰ বাবে চলোৱা আন এক “মিছা অভিযান” বুলি অভিযোগ উত্থাপন কৰা বুলি জানিব পৰা গৈছে । তেওঁ উদ্বেগ প্ৰকাশ কৰে যে ভাৰতে সিন্ধু জল সন্ধি স্থগিত ৰখাৰ সিদ্ধান্তই দুয়োখন পাৰমাণৱিক অস্ত্ৰধাৰী প্ৰতিবেশী দেশৰ মাজত সংঘাতৰ আশংকা বিপজ্জনকভাৱে বৃদ্ধি কৰিব পাৰে ।

শ্বাহবাজ শ্বৰীফক সাৱধান হ’বলৈ পৰামৰ্শ দিলে জেষ্ঠ্য ভাতৃয়ে-

বৈঠকৰ সময়ত পাকিস্তানৰ প্ৰধানমন্ত্ৰী আগ্ৰাসী মোডত থকাৰ সময়তে নৱাজ শ্বৰীফে তেওঁক সাৱধান হ’বলৈ পৰামৰ্শ দিয়ে । নৱাজ শ্বৰীফে ভাৰতৰ সৈতে উত্তেজনা দূৰ কৰিবলৈ আৰু সম্ভাৱ্য সামৰিক সংঘৰ্ষ ৰোধ কৰিবলৈ পাকিস্তানে সকলো কূটনৈতিক বিকল্পৰ সন্ধান কৰা উচিত বুলি জোৰ দিয়ে ।

নৱাজ শ্বৰীফে অঞ্চলটোত শান্তিৰ প্ৰতি দায়বদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে পাকিস্তানে দক্ষিণ এছিয়াত শান্তি বিচাৰে আৰু সকলো ধৰণৰ সন্ত্ৰাসবাদক তীব্ৰ গৰিহণা দিয়ে ।

ভাৰতে লাভ কৰিব ২৬খন ৰাফেল সামুদ্ৰিক যুদ্ধ বিমান… ফ্ৰান্সৰ সৈতে ৬৩০০০ কোটি টকাৰ চুক্তি

পেহেলগাম আক্ৰমণৰ পিছত ভাৰত-পাকিস্তানৰ মাজৰ সম্পৰ্কৰ উত্তেজনা তুংগত উঠিছে । ইয়াৰ মাজতে ভাৰত আৰু ফ্ৰান্সে সোমবাৰে দিল্লীত ২৬খন ৰাফেল সামুদ্ৰিক যুদ্ধ বিমানৰ বাবে ৬৩ হাজাৰ কোটি টকাৰ চুক্তিত স্বাক্ষৰ কৰে । এই চুক্তিত ভাৰতীয় পক্ষক প্ৰতিনিধিত্ব কৰে প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰ সিঙে, আনহাতে নৌসেনাৰ ভাইচ চিফ অৱ দ্য নেভেল ষ্টাফৰ ভাইচ এডমিৰেল কে স্বামীনাথনো উপস্থিত থাকে । ইয়াৰ পূৰ্বে ফ্ৰান্সৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী স্বাক্ষৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কথা আছিল যদিও ব্যক্তিগত কাৰণত তেওঁ ভ্ৰমণ বাতিল কৰিবলগীয়া হয় । অৱশ্যে চুক্তি স্বাক্ষৰ অনুষ্ঠানত উপস্থিত থাকে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ।

২০২৩ চনৰ জুলাই মাহত প্ৰতিৰক্ষা মন্ত্ৰালয়ে বিবেচনা আৰু মূল্যায়নৰ অন্তত মেগা অধিগ্ৰহণৰ বাবে প্ৰাৰম্ভিক অনুমোদন দিছিল । এই চুক্তিৰ অধীনত ভাৰতীয় নৌসেনাই ৰাফেল (মেৰিন) জেট বিমান নিৰ্মাতা ডেচল্ট এভিয়েশনৰ পৰা অস্ত্ৰ ব্যৱস্থা আৰু অতিৰিক্ত অংশকে ধৰি আনুষংগিক সহায়ক সঁজুলিও লাভ কৰিব ।

মেৰিন ৰাফেল যুঁজাৰু বিমানসমূহক আই এন এছ বিক্ৰান্ত পৰা পৰিচালিত হ’ব আৰু ই বৰ্তমানৰ মিগ-২৯কে ফ্লীটৰ পৰিপূৰক হিচাপে কাম কৰিব । ভাৰতীয় বায়ুসেনাই ইতিমধ্যে ২০১৬ চনত অধিগ্ৰহণ কৰা ৩৬খন ৰাফেল জেটৰ ফ্লীট পৰিচালনা কৰি আছে । এই বিমানসমূহ আম্বালা আৰু হাছিমাৰাত অৱস্থিত । এই নতুন চুক্তিয়ে ভাৰতত মুঠ ৰাফেল জেট বিমানৰ সংখ্যা ৬২ লৈ বৃদ্ধি কৰিব, যাৰ ফলত দেশৰ ৪.৫ প্ৰজন্মৰ যুদ্ধ বিমানৰ বহৰ যথেষ্ট বৃদ্ধি পাব । ভাৰতীয় বিমানবাহী জাহাজ বিশেষকৈ আই এন এছ বিক্ৰান্তত নিয়োগ কৰাৰ বাবে ২৬খন ৰাফেল মেৰিন যুঁজাৰু বিমানৰ বিশেষ প্ৰয়োজনীয়তা আছে ।

উল্লেখ্য যে, ২০২৯ চনৰ ভিতৰত এই বিমানৰ প্ৰথম ডেলিভাৰীৰ আশা কৰা হৈছে । লগতে ২০৩১ চনৰ ভিতৰত সম্পূৰ্ণ ডেলিভাৰীৰ সম্ভাৱনা আছে ।

মেৰিন ৰাফেলৰ বৈশিষ্ট্য-

-ৰাফেল মেৰিনে যুদ্ধ বিমানে এক মিনিটত ১৮ হাজাৰ মিটাৰ উচ্চতালৈ যাব পাৰে ।

-পাকিস্তানৰ হাতত থকা এ-১৬ বিমান আৰু চীনৰ জে-২০ বিমানতকৈ ৰাফেল উন্নত । এই বিমানসমূহে নিজৰ উৰণ স্থানৰ পৰা ৩৭০০ কিলোমিটাৰ দূৰত্বলৈকে আক্ৰমণ কৰিব পাৰে ।

-ইয়াক বিশেষভাৱে বিমানবাহী যুদ্ধজাহাজৰ বাবে ডিজাইন কৰা হৈছে । ই শত্ৰুৰ ৰাডাৰক ধূলি দিবলৈ  সক্ষম । অত্যন্ত ঠাণ্ডা বতৰতো হিমালয়ৰ ওপৰত ৰাফেল বিমান উৰিব পাৰে ।

– ৰাফেল মেৰিন বিমানৰ ওজন ৰাফেলতকৈ অলপ বেছি । তথ্য অনুসৰি এই যুদ্ধ বিমানৰ ওজন প্ৰায় ১০,৩০০ কিলোগ্ৰাম ।

-ইয়াৰ সৰ্বোচ্চ গতি ঘন্টাত ১,৯১২ কিলোমিটাৰ । এই বিমানৰ কম্বেট ৰেঞ্জ ১,৮৫০ কিলোমিটাৰ । ই সৰ্বোচ্চ ৫১,৯৫২ ফুট উচ্চতালৈ উৰিব পাৰে ।

৯০ ঘণ্টা, ৩খন বৈঠক… এতিয়াও পাকিস্তান ৰেঞ্জাৰৰ জিম্মাত আছে বি এছ এফৰ জোৱান

পাৰ হ’ল ৯০ ঘণ্টাৰো অধিক সময় । এই ৯০ ঘন্টাত সামৰিক পৰ্যায়ত অনুষ্ঠিত হ’ল তিনিখনকৈ বৈঠক । কিন্তু এতিয়াও ভুলবশতঃ সীমান্ত অতিক্ৰম কৰা বি এছ এফৰ জোৱানজনক মুকলি কৰি দিয়া নাই পাকিস্তানে । সীমান্ত পাৰ হৈ যোৱা বি এছ এফৰ জোৱানক ঘূৰাই অনাৰ বাবে বি এছ এফ আৰু পাকিস্তান ৰেঞ্জাৰৰ মাজত তিনি ৰাউণ্ডৰ বৈঠক অনুষ্ঠিত হৈছে যদিও এতিয়াও মুকলি হোৱা নাই জোৱানজন । পাকিস্তানী ৰেঞ্জাৰে কয় যে তেওঁলোকৰ হাতত জোৱানজনৰ কোনো তথ্য নাই ।

ভুলতে সীমান্ত পাৰ হৈছিল বি এছ এফৰ জোৱান-

উল্লেখযোগ্য যে বুধবাৰে পঞ্জাৱৰ ফিৰোজপুৰত আন্তঃৰাষ্ট্ৰীয় সীমান্ত নিৰীক্ষণ কৰি থকাৰ সময়তে পূৰ্ণম কুমাৰ শ্ব’ নামৰ বি এছ এফৰ জোৱান এজনে ভুলবশতঃ সীমান্ত পাৰ হৈ যায় । য’ত পাকিস্তানী ৰেঞ্জাৰে তেওঁক আটক কৰি জিম্মাত লয় । বি এছ এফৰ জোৱানজনে সামৰিক ইউনিফৰ্ম পিন্ধিছিল আৰু লগতে তেওঁৰ চাৰ্ভিচ ৰাইফলো আছিল । বিষয়াসকলে জনোৱা মতে, সীমান্তৰ ওচৰত কৰ্তব্যৰত অৱস্থাত জোৱানজনে ভুলবশতঃ সীমান্ত পাৰ হৈ গছৰ ছাঁত বহিছিল, য’ত তেওঁক পাকিস্তানী ৰেঞ্জাৰে আটক কৰা বুলি অভিযোগ উঠিছে । এতিয়া জোৱানজনক উভতাই অনাৰ বাবে প্ৰচেষ্টা অব্যাহত আছে ।

ফিল্ড কমাণ্ডাৰ পৰ্যায়ৰ বৈঠকৰ বাবে প্ৰস্তুতি-

এতিয়া বি এছ এফে পাকিস্তানী ৰেঞ্জাৰৰ সৈতে ফিল্ড কমাণ্ডাৰ পৰ্যায়ৰ বৈঠকৰ দাবী জনাইছে । বিষয়াসকলে কয় যে এই বৈঠক অতি সোনকালে হ’ব পাৰে । বি এছ এফৰ ডিজি দলজিৎ চৌধুৰীয়েও এই সন্দৰ্ভত বিতং তথ্য গৃহ মন্ত্ৰালয়ক দিছে । বি এছ এফ জোৱানৰ পৰিয়াল পশ্চিম বংগত থাকে । জোৱানজনৰ পিতৃয়ে পুত্ৰৰ সুৰক্ষাৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰি পুত্ৰৰ নিৰাপদে ঘূৰি অহাৰ বাবে চৰকাৰক আবেদন জনাইছে ।

সাগৰৰ বুকুত ভাৰতীয় নৌ সেনাৰ শক্তি প্ৰদৰ্শন… যুদ্ধ জাহাজৰ পৰা নিক্ষেপ জাহাজ বিধ্বংসী ক্ষেপণাস্ত্ৰ

জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতেই এতিয়া ভাৰতীয় সেনাই নিজৰ শক্তি প্ৰদৰ্শন কৰিছে । যুদ্ধ অনুশীলনৰ জৰিয়তে সেনাই নিজৰ শক্তি প্ৰমাণ কৰিছে । ইয়াৰ মাজতে আৰব সাগৰত নিয়োজিত ভাৰতীয় নৌসেনাৰ যুদ্ধ জাহাজসমূহে শেহতীয়াকৈ কেইবাটাও জাহাজ বিধ্বংসী ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে । ভাৰতীয় নৌসেনাই কয় যে ভাৰতীয় নৌসেনাৰ জাহাজসমূহে দীৰ্ঘ দূৰত্বৰ নিখুঁত আক্ৰমণৰ বাবে প্লেটফৰ্ম, চিষ্টেম আৰু ক্ৰুৰ প্ৰস্তুতি পুনৰ প্ৰমাণীকৰণ আৰু প্ৰদৰ্শন কৰিবলৈ একাধিক সফল জাহাজ বিৰোধী ক্ষেপণাস্ত্ৰৰ পৰীক্ষণ কৰিছিল । ভাৰতীয় নৌসেনা যিকোনো সময়তে, যিকোনো ঠাইতে, যিকোনো প্ৰকাৰে ৰাষ্ট্ৰৰ সামুদ্ৰিক স্বাৰ্থ সুৰক্ষিত কৰিবলৈ যুদ্ধৰ বাবে সাজু, বিশ্বাসযোগ্য আৰু ভৱিষ্যতৰ বাবে সাজু ।

ইয়াৰ পূৰ্বে ভাৰতীয় নৌসেনাই আৰব সাগৰত থলুৱা বিমানবাহী জাহাজ আই এন এছ বিক্ৰান্ত মোতায়েন কৰিছিল । ভাৰত আৰু পাকিস্তানৰ মাজত ক্ৰমাৎ উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে ইয়াক কৌশলগত সংকেত হিচাপে বিবেচিত হৈছে । ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত এই নিয়োগ কৰা হৈছিল ।

ইয়াৰ পূৰ্বে ভাৰতীয় নৌসেনাই ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত এটা পোষ্ট দিছিল । তাত লিখা আছিল, ‘ঐক্যত শক্তি, উদ্দেশ্যপ্ৰণোদিত উপস্থিতি ।’

উল্লেখ্য যে, জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক লৈ সমগ্ৰ দেশতে ক্ষোভৰ সৃষ্টি হৈছে । সন্ত্ৰাসবাদৰ আশ্ৰয়স্থল পাকিস্তানক ভাৰতে কেতিয়া আৰু কেনেকৈ উপযুক্ত উত্তৰ দিব সেয়া চাবলৈ সমগ্ৰ দেশেই অপেক্ষা কৰি আছে । ইফালে ভাৰতৰ তিনিওটা সেনাই প্ৰস্তুতি আৰম্ভ কৰিছে । তেওঁলোকে কয় যে যিকোনো পৰিস্থিতিত যিকোনো শত্ৰুক উপযুক্ত উত্তৰ দিবলৈ সাজু ।

হঠাৎ বৃদ্ধি ঝেলামৰ জলপৃষ্ঠ… সূচনা নিদিয়াকৈ ভাৰতৰ বিৰুদ্ধে পানী এৰি দিয়াৰ অভিযোগ উত্থাপন পাকিস্তানৰ

ঝেলাম নদীৰ জলপৃষ্ঠ হঠাতে বৃদ্ধি পোৱাৰ বাবে শনিবাৰে পাকিস্তান অধীকৃত কাশ্মীৰত আতংকৰ সৃষ্টি হয় । জলপৃষ্ঠ বৃদ্ধিৰ বাবে মুজাফৰাবাদৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত বানপানীৰ আশংকাই দেখা দিছে । ইফালে ভাৰতে অনন্তনাগৰ অতিৰিক্ত পানী পূৰ্ব কোনো জাননী অবিহনে মুকলি কৰি দিয়াৰ অভিযোগ উত্থাপন কৰিছে পাকিস্তানে ।

চাকোঠি সীমান্তৰ পৰা মুজাফৰাবাদ চহৰলৈকে নদীখনৰ জলপৃষ্ঠ বৃদ্ধিয়ে হাটিয়ান বালা, ঘৰী দুপাট্টা, মাঝোই আদি গাঁৱত আতংকৰ সৃষ্টি কৰিছে । মছজিদৰ পৰা জৰুৰী সতৰ্কবাণী প্ৰচাৰ কৰা হৈছে আৰু জনসাধাৰণক নিৰাপদ স্থানলৈ যাবলৈ কোৱা হৈছে ।

‘অত্যাচাৰীক শিক্ষা দিয়াটো আমাৰ কৰ্তব্য’… পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত মোহন ভাগৱতৰ মন্তব্য

জম্মু-কাশ্মীৰৰ পহলগামত ২২ এপ্ৰিলত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত সমগ্ৰ দেশতে পাকিস্তানৰ বিৰুদ্ধে ক্ষোভৰ সৃষ্টি হৈছে । ইতিমধ্যে ভাৰতে সন্ত্ৰাসবাদ সন্দৰ্ভত চুবুৰীয়া দেশখনৰ বিৰুদ্ধে ব্যৱস্থা আৰম্ভ কৰিছে । ইয়াৰ মাজতে আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতেও এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । তেওঁ কয় যে অত্যাচাৰ কৰাসকলক শিক্ষা দিয়াটো আমাৰ কৰ্তব্য ।

তেওঁ কয়, “ৰাৱণক তেওঁৰ কল্যাণৰ বাবে হত্যা কৰা হৈছিল । ভগৱানে তেওঁক হত্যা কৰিছিল । এয়া হিংসা নহয় অহিংসা । অহিংসা আমাৰ ধৰ্ম কিন্তু অত্যাচাৰ কৰাসকলক ধৰ্ম শিকোৱাটো অহিংসা । আমি কেতিয়াও আমাৰ ওচৰ-চুবুৰীয়াৰ ক্ষতি নকৰো । ইয়াৰ পিছতো যদি কোনোবাই ভুল পথ গ্ৰহণ কৰে তেন্তে জনসাধাৰণক ৰক্ষা কৰাটো ৰজাৰ কৰ্তব্য । ৰজাই নিজৰ কাম কৰিব ।”

‘যুদ্ধ ধৰ্ম আৰু অধৰ্মৰ মাজত’

আৰ এছ এছৰ মুৰব্বীগৰাকীয়ে কয় যে, “এই আক্ৰমণৰ দ্বাৰা সোঁৱৰাই দিয়া হৈছে যে এয়া ধৰ্ম আৰু অধৰ্মৰ যুঁজ । মানুহক তেওঁলোকৰ ধৰ্মৰ বিষয়ে সোধা হৈছিল আৰু হত্যা কৰা হৈছিল । হিন্দুসকলে কেতিয়াও এই কাম নকৰে । এইটো আমাৰ স্বভাৱ নহয় । ঘৃণা আৰু শত্ৰুতা কেৱল আমাৰ সংস্কৃতিত নাই কিন্তু মনে মনে লোকচান সহ্য কৰাটোও আমাৰ সংস্কৃতিত নাই । আমাৰ হৃদয়ত যন্ত্ৰণা আছে । আমি ক্ষোভত আছো । আমি বেয়াৰ অন্ত পেলাবলৈ আমাৰ শক্তি দেখুৱাব লাগিব ।”

তেওঁ আৰু কয়, “ৰাৱণকো হত্যা কৰা হৈছিল কাৰণ তেওঁ নিজৰ মন সলনি কৰিবলৈ অস্বীকাৰ কৰিছিল । কোনো বিকল্প বাকী নাছিল । ৰামে তেওঁক হত্যা কৰিছিল যদিও তেওঁক সংস্কাৰৰ সুযোগো দিয়া হৈছিল, যেতিয়া তেওঁ সংস্কাৰ কৰা নাছিল, তেতিয়াহে তেওঁক হত্যা কৰা হৈছিল ।”

মোহন ভাগৱতে কয়, “আমি শক্তিশালী সঁহাৰি আশা কৰিছো । প্ৰকৃততে অহিংস ব্যক্তিও শক্তিশালী হ’ব লাগে । যদি শক্তি নাথাকে তেন্তে বিকল্প নাই কিন্তু শক্তি থাকিলে প্ৰয়োজনৰ সময়ত দৃশ্যমান হ’ব লাগে ।”