ভাৰতে ল’লে প্ৰতিশোধ… ইটোৰ পিছত সিটো আক্ৰমণত কঁপি উঠিল পাকিস্তান

জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ ল’লে ভাৰতে । চলি থকা উত্তেজনাৰ মাজতে ভাৰতে পাকিস্তান অধিকৃত কাশ্মীৰৰ ৯টা সন্ত্ৰাসবাদী শিবিৰত আক্ৰমণ কৰে ভাৰতে । পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ১৫ দিনৰ পাছতে এই প্ৰতিশোধ লৈছে ভাৰতে । তথ্য অনুসৰি ভাৰতে পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ সন্ত্ৰাসবাদী ঘাটিত বিমান আক্ৰমণ চলাইছে । ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে এই অভিযানৰ নাম ৰাখিছে ‘অপাৰেচন সিন্দুৰ’ ।

অপাৰেচন সিন্দুৰৰ অধীনত ভাৰতীয় সেনা, নৌসেনা আৰু বায়ুসেনাই যৌথ অভিযান চলাই পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ কেইবাটাও স্থানত আক্ৰমণ চলাই । সন্ত্ৰাসবাদীক নিৰ্মূল কৰিবলৈ ভাৰতীয় বাহিনীয়ে নিখুঁত ষ্ট্ৰাইক ব্যৱহাৰ কৰে । লগে লগে ভাৰতৰ মাটিৰ পৰা সন্ত্ৰাসবাদীক শিক্ষা দিছে ভাৰতীয় সেনাই ।

৯টা স্থানৰ ভিতৰত চাৰিটা পাকিস্তানত আৰু পাঁচটা পাকিস্তান অধিকৃত কাশ্মীৰত-

সূত্ৰ অনুসৰি ভাৰতীয় সেনাই সফলতাৰে লক্ষ্য কৰি লোৱা ৯টা স্থানৰ ভিতৰত চাৰিটা পাকিস্তানত আৰু ৫টা পাকিস্তান অধীকৃত কাশ্মীৰত । পাকিস্তানৰ ঘাটিসমূহৰ ভিতৰত আছে বাহাৱালপুৰ, মুৰিদকে আৰু শিয়ালকোট । সন্ত্ৰাসবাদী শিবিৰক লক্ষ্য কৰি বিশেষ নিখুঁত অস্ত্ৰ ব্যৱহাৰ কৰা হৈছিল । তিনিওটা বাহিনীয়ে যৌথভাৱে এই অভিযান চলায় । ভাৰতত সন্ত্ৰাসবাদী কাৰ্যকলাপৰ পৃষ্ঠপোষকতাত লোৱা ভূমিকাৰ বাবে জয়ছ-ই-মহম্মদ আৰু লস্কৰৰ শীৰ্ষ নেতৃত্বক লক্ষ্য কৰি ভাৰতীয় সেনাই এই আক্ৰমণৰ স্থান নিৰ্বাচন কৰে ।

প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয় যে ভাৰতৰ বিৰুদ্ধে সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা আৰু নিৰ্দেশ য’ৰ পৰাই আহিছিল ভাৰতীয় বাহিনীয়ে সেই সন্ত্ৰাসবাদী আন্তঃগাঁথনি লক্ষ্য কৰি লৈছে । মুঠতে ৯টা স্থানক লক্ষ্য কৰি লোৱা হৈছিল । আমাৰ কাৰ্য্যসমূহ কেন্দ্ৰীভূত, পূৰ্ব পৰিকল্পিত আৰু অ-উগ্ৰ প্ৰকৃতিৰ হৈ আহিছে । কোনো পাকিস্তানী সামৰিক সুবিধাক লক্ষ্য কৰি লোৱা হোৱা নাছিল ।

লক্ষ্য বাছনি আৰু আক্ৰমণৰ ধৰণত ভাৰতে যথেষ্ট সংযম দেখুৱাইছে বুলি মন্ত্ৰালয়ে কয় । পহলগামত ২৫ জন ভাৰতীয় আৰু এজন নেপালী নাগৰিক নিহত হোৱা নৃশংস সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে । এই আক্ৰমণৰ বাবে দায়ীসকলক জবাবদিহি কৰা হ’ব কোৱা আমাৰ প্ৰতিশ্ৰুতি পালন কৰিছো । ‘অপাৰেচন সিন্দুৰ’ সন্দৰ্ভত বিতং তথ্য শীঘ্ৰে প্ৰদান কৰা হ’ব বুলি মন্ত্ৰালয়ে জানিবলৈ দিয়ে ।

‘ভাৰতৰ অধিকাৰৰ পানীও দেশৰ বাহিৰলৈ গৈছিল, কিন্তু এতিয়া…’ সিন্ধু জল সন্ধি সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ ডাঙৰ ঘোষণা

ভাৰতে পাকিস্তানৰ সৈতে দশক পুৰণি সিন্ধু জল সন্ধি স্থগিত ৰখাৰ সিদ্ধান্তৰ পাছত মঙলবাৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে প্রথম ৰাজহুৱাকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ তেওঁ কয় যে ভাৰতৰ বাবে নিৰ্ধাৰিত পানী এতিয়া দেশৰ ভিতৰতে থাকিব আৰু ব্যৱহাৰ কৰা হ’ব ।

ব্যক্তিগত নিউজ চেনেলৰ এক অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “আগতে ভাৰতৰ অধিকাৰৰ পানীও দেশৰ বাহিৰলৈ ওলাই গৈছিল । এতিয়া ভাৰতৰ পানী ভাৰতৰ অধিকাৰৰ বাবে বৈ যাব, ভাৰতৰ পক্ষত থাকিব আৰু কেৱল ভাৰতৰ কামত আহিব ।” চৰকাৰে সিন্ধু জল সন্ধি স্থগিত ৰখাৰ কথা ঘোষণা কৰাৰ কেইদিনমান পিছতে এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে । বিশ্ব বেংকৰ মধ্যস্থতাত ১৯৬০ চনত পাকিস্তানৰ সৈতে স্বাক্ষৰিত এইখন ঐতিহাসিক পানী ভাগ-বতৰা চুক্তি । পহলগামত সংঘটিত হোৱা মাৰাত্মক সন্ত্ৰাসবাদী আক্ৰমণৰ ফলত ২৬ জন সাধাৰণ নাগৰিকৰ প্ৰাণ কাঢ়ি নিয়াৰ পিছত এই চুক্তি স্থগিত ৰখা হয় ।


এই সন্ধি স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত চৰকাৰৰ সৰ্বোচ্চ সিদ্ধান্ত গ্ৰহণকাৰী সংস্থা কেবিনেট কমিটি অন ছিকিউৰিটিয়ে । পাকিস্তানে সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদক সমৰ্থন কৰা বন্ধ নকৰালৈকে এই নিলম্বন কাৰ্যকৰী হৈ থাকিব বুলি স্পষ্ট কৰি দিছে ভাৰতে । এই সন্ধিৰ আৰম্ভণিৰ পাছত প্ৰথমবাৰৰ বাবে ভাৰতে আনুষ্ঠানিকভাৱে ইয়াৰ কাৰ্যকৰীকৰণত বাধা আৰোপ কৰিছে । এয়া ভাৰতৰ কূটনৈতিক স্থিতিৰ এক উল্লেখযোগ্য পৰিৱৰ্তন । বছৰ বছৰ ধৰি ধাৰাবাহিক উত্তেজনাৰ বাবে সময়ে সময়ে পুনৰীক্ষণৰ আহ্বান জনোৱাৰ পিছতো এতিয়ালৈকে সন্ধিখন অস্পৃশ্য হৈ আছে ।


পূৰ্বৰ চৰকাৰসমূহক কঠোৰ সিদ্ধান্ত লোৱাত অনিচ্ছা প্ৰকাশ কৰাৰ বাবে মঙলবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, “এটা সময় আছিল যেতিয়া মানুহে যিকোনো প্ৰয়োজনীয় পদক্ষেপ লোৱাৰ আগতে বিশ্বই কি ভাবিব সেই বিষয়ে চিন্তা কৰিছিল । তেওঁলোকে ভোট পাব নে নাপাব, তেওঁলোকৰ আসনখন নিৰাপদ হ’ব নে নহয়, সেই কথা ভাবিছিল । এই কাৰণসমূহৰ বাবেই বৃহৎ সংস্কাৰ পলম হৈছিল । কোনো দেশ এনেকৈ আগবাঢ়িব নোৱাৰে । দেশখন তেতিয়াহে আগবাঢ়ি যায় যেতিয়া আমি ৰাষ্ট্ৰক প্ৰথম স্থান দিওঁ ।”

যুদ্ধ হ’বই ! পাকিস্তান সীমান্তত ভাৰতে কৰিব যুদ্ধাভ্যাস… ঘোষণা কৰা হ’ল NOTAM

পাকিস্তান সীমান্তত যুদ্ধাভ্যাসৰ বাবে ভাৰতে NOTAM অৰ্থাৎ Air Mission System লৈ জাননী জাৰি কৰিছে । দেশৰ ২৪৪খন জিলাত ৭ মে’ত মক ড্ৰিল অনুষ্ঠিত হ’ব । আচলতে NOTAM হৈছে এনে এখন জাননী য’ত যিকোনো বিমান পৰিবহণৰ সুবিধা, সেৱা, প্ৰক্ৰিয়া বা বিপদৰ প্ৰতিষ্ঠা, অৱস্থা বা পৰিৱৰ্তনৰ সৈতে জড়িত তথ্য থাকে । ৭ মে’ত পাকিস্তানৰ সীমান্তৱৰ্তী বহু জিলাতো মক ড্ৰিল হোৱাৰ সম্ভাৱনা আছে, এনে পৰিস্থিতিত ভাৰতে ইতিমধ্যে NOTAM জাৰি কৰিছে । বুধবাৰে যদি এয়াৰ ড্ৰিল কৰা হয় তেন্তে পাকিস্তান সীমান্তৰ সমীপৰ বিমানবন্দৰত বিমান সেৱা বন্ধ হৈ থাকিব পাৰে ।

সমগ্ৰ দেশতে মক ড্ৰিলৰ প্ৰস্তুতি-

পহলগামত ২৬ জন নিৰীহ লোকক সন্ত্ৰাসবাদীয়ে হত্যা কৰাৰ পিছতে সমগ্ৰ দেশতে ক্ষোভৰ জুই বিয়পি পৰিছে । লগতে সমগ্ৰ বিশ্বই এই ঘটনাক তীব্ৰ গৰিহণা দিছে । এই ঘটনাৰ পিছৰ পৰাই ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পাইছে আৰু ভাৰতে পাকিস্তানৰ বিৰুদ্ধে বহু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে । ইয়াৰ পাছতে গৃহ মন্ত্ৰালয়ে ৰাজ্যসমূহক ম’ক ড্ৰিল কৰিবলৈ নিৰ্দেশ দিছে । ইয়াৰ ভিতৰত থাকিব বিমান আক্ৰমণৰ সতৰ্কবাণী চাইৰেন, নিয়ন্ত্ৰণ কক্ষ, বায়ুসেনাৰ সৈতে হটলাইন, আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দৰে গুৰুত্বপূৰ্ণ সেৱাসমূহ পৰীক্ষা কৰা ।

এই মক ড্ৰিলত ব্লেকআউট আৰু বিমান আক্ৰমণৰ ক্ষেত্ৰত জৰুৰীকালীন খালী কৰাৰো অভ্যাস কৰা হ’ব । দিল্লী, মুম্বাই, বেংগালুৰু আদি বহু সৰু-বৰ চহৰত বিদ্যুৎ কেন্দ্ৰ, কাৰখানা আৰু ৰাজহুৱা পৰিকাঠামো লুকুৱাই ৰখাৰ অনুশীলন অনুষ্ঠিত হ’ব । উল্লেখ্য য়ে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেনাক প্ৰতিশোধ ল’বলৈ স্বাধীনতা প্ৰদান কৰিছে ।

মানৱ উন্নয়ন সূচকাংকত ভাৰতৰ জাঁপ… ১৯৩খন দেশৰ ভিতৰত ১৩০ সংখ্যক স্থান

ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচীয়ে (UNDP) প্ৰকাশ কৰা ২০২৫ চনৰ মানৱ উন্নয়ন প্ৰতিবেদন (HDR)ত ভাৰতে মানৱ উন্নয়ন সূচকাংকত (HDI) ১৯৩খন দেশৰ ভিতৰত ১৩০ নম্বৰ স্থানলৈ উন্নীত হৈছে । ২০২২ চনত এই ৰেংকিং আছিল ১৩৩, যিটো এতিয়া তিনিটা স্থান বৃদ্ধি পাইছে । উল্লেখ্য যে ভাৰতৰ এইচ ডি আই স্ক’ৰ ০.৬৭৬ৰ পৰা ০.৬৮৫লৈ বৃদ্ধি পাইছে, যিটো মধ্যম মানৱ বিকাশৰ শ্ৰেণীত পৰে । আনহাতে ই উচ্চ মানৱ বিকাশৰ ওচৰত (HDI ≥ 0.700) । কিন্তু প্ৰতিবেদনত কোৱা হৈছে যে বৈষম্যই ভাৰতৰ এইচ ডি আই ৩০.৭% হ্ৰাস কৰিছে, যিটো এই ক্ষেত্ৰৰ সৰ্বাধিক ।

শিক্ষা আৰু জীৱন প্ৰত্যাশাত উন্নত প্ৰদৰ্শন-

প্ৰকাশিত প্ৰতিবেদন অনুসৰি ভাৰতত আয়ুস ৭১.৭ বছৰৰ পৰা ৭২ বছৰলৈ বৃদ্ধি পাইছে, যিটো এতিয়ালৈকে সৰ্বাধিক । একে সময়তে গড় অধ্যয়নৰ বছৰ ৬.৫৭ৰ পৰা ৬.৮৮লৈ বৃদ্ধি পাইছে । কিন্তু স্কুলীয়া শিক্ষাৰ আনুমানিক বছৰবোৰৰ কোনো বিশেষ পৰিৱৰ্তন হোৱা নাই । শিক্ষাৰ উন্নতিৰ বাবে ১৯৯০ চনৰ পিছৰ নীতি যেনে শিক্ষাৰ অধিকাৰ, ‘সমগ্ৰ শিক্ষা অভিযান’ আৰু নতুন শিক্ষা নীতি ২০২০ৰ প্ৰশংসা কৰা হৈছে যদিও শিক্ষাৰ মানদণ্ড আৰু শিক্ষণ ফলাফল উন্নত কৰাৰ বাবে অধিক কামৰ প্ৰয়োজন বুলিও উল্লেখ কৰা হৈছে ।

অৰ্থনৈতিক মঞ্চতো অগ্ৰগতি-

ভাৰতৰ জনমূৰি মুঠ ৰাষ্ট্ৰীয় আয় ২০২১ চনৰ ক্ৰয় শক্তি সমতাত ৮,৪৭৫.৬৮ মাৰ্কিন ডলাৰৰ পৰা ৯,০৪৬.৭৬ মাৰ্কিন ডলাৰলৈ বৃদ্ধি পাইছে । ১৯৯০ চনৰ পৰা ভাৰতৰ এইচ ডি আই ৫৩%তকৈ অধিক বৃদ্ধি পাইছে, যিটো বিশ্ব আৰু দক্ষিণ এছিয়াৰ গড়তকৈ অধিক দ্ৰুত । ইয়াৰ কাৰণ অর্থনৈতিক বিকাশ, সামাজিক সুৰক্ষা আঁচনি, যেনে আয়ুষ্মান ভাৰত, জননী সুৰক্ষা যোজনা, পোষণ অভিযান আৰু এমএনৰেগা, জন ধন যোজনা আৰু ডিজিটেল অন্তর্ভুক্তিৰ কাৰণ বুলি ধৰা হৈছে ৷ এতিয়ালৈকে ২০১৫-১৬ চনৰ পৰা ২০১৯-২১ চনৰ ভিতৰত ১৩.৫ কোটি ভাৰতীয় বহুমাত্ৰিক দৰিদ্ৰতাৰ পৰা ওলাই আহিছে ।

এ আইৰ ক্ষেত্ৰতো ভাৰতৰ আধিপত্য-

ইয়াৰ লগতে প্ৰতিবেদনত কোৱা হৈছে যে ভাৰত এতিয়া কৃত্ৰিম বুদ্ধিমত্তা (AI)ৰ ক্ষেত্ৰতো আগশাৰীৰ হৈ উঠিছে । দেশখনত এ আইৰ দক্ষতা সৰ্বোচ্চ আৰু ২০% ভাৰতীয় এ আই গৱেষক এতিয়া দেশত বাস কৰি আছে, যিটো ২০১৯ চনত কাৰ্যতঃ শূন্য আছিল । ভাৰতত এতিয়া কৃষি, স্বাস্থ্যকে ধৰি বহু খণ্ডত এ আই ব্যৱহাৰ কৰা হৈছে আৰু ইয়াক সকলোৰে বাবে সুলভ কৰি তোলাৰ বাবে নতুন প্ৰচেষ্টা চলোৱা হৈছে । কিন্তু ইউ এন ডি পিয়ে সকীয়াই দিছে যে বিশ্ব পৰ্যায়ত মানৱ উন্নয়নৰ অগ্ৰগতি এতিয়ালৈকে আটাইতকৈ লেহেমীয়া হৈ পৰিছে, যিটো চিন্তাৰ বিষয় ।

পহলগাম আক্ৰমণৰ গৰিহণা ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ… ভাৰত-পাকিস্তানক সংযম বজাই ৰখাৰ আহ্বান

পহলগাম আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত ক্ৰমাৎ উত্তেজনা বৃদ্ধি পাইছে । এতিয়া ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছে দুয়োখন দেশকে সংযম ৰক্ষা কৰিবলৈ আহ্বান জনাইছে । ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানে কয় যে সামৰিক সমাধান কোনো সমাধান নহয় । ইয়াৰ লগতে তেওঁ পহলগাম সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিয়ে । উল্লেখ্য যে, পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছৰে পৰা ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা তুংগত আছে ।

ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছে সোমবাৰে উদ্বেগ প্ৰকাশ কৰে যে ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা “বহু বছৰৰ ভিতৰত সৰ্বাধিক” । লগতে দুয়োখন দেশক সৰ্বাধিক সংযম আৰু পিছুৱাই যাবলৈ আহ্বান জনাই তেওঁ ।

আক্ৰমণৰ পিছত হোৱা কঠিন অনুভৱবোৰ মই বুজি পাওঁ : গুটেৰেছ

গুটেৰেছে এক চমু বিবৃতিত কয় যে ভুল নকৰিব : সামৰিক সমাধান কোনো সমাধান নহয় । লগতে তেওঁ কয় যে ২২ এপ্ৰিলত পহলগামত সংঘটিত ভয়ানক সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত যি কঠোৰ অনুভূতি তেওঁ বুজি পাইছে । তেওঁ পুনৰ এই আক্ৰমণক তীব্ৰ গৰিহণা দি নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে ।

সাধাৰণ নাগৰিকক লক্ষ্য কৰি লোৱাটো গ্ৰহণযোগ্য নহয় : গুটেৰেছ

সাধাৰণ নাগৰিকক লক্ষ্য কৰি লোৱাটো গ্ৰহণযোগ্য নহয় আৰু বিশ্বাসযোগ্য আৰু বৈধ উপায়েৰে দাোষীক ন্যায়ৰ কাঠগঢ়ালৈ আনিব লাগিব বুলিও তেওঁ কয় ।

তেওঁ কয় যে, “ৰাষ্ট্ৰসংঘই যিকোনো পদক্ষেপক সমৰ্থন কৰিবলৈ সাজু আছে যিয়ে ডি-এস্কেলেচন, কূটনীতি আৰু শান্তিৰ প্ৰতি নৱীকৃত প্ৰতিশ্ৰুতিক প্ৰসাৰিত কৰে ।”

‘সন্ত্ৰাসবাদক আশ্ৰয় দিয়া দেশৰ পুঁজি কৰ্তন কৰক’… এ ডি বিক আহ্বান নিৰ্মলা সীতাৰমণৰ

২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামৰ বৈছাৰন উপত্যকাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে । ইয়াৰ পিছতে ইটালীৰ মিলানত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এছিয়ান ডেভেলপমেণ্ট বেংকৰ অধ্যক্ষ মাছাটো কাণ্ডাক সাক্ষাৎ কৰে । এই বৈঠকৰ উদ্দেশ্য আছিল সন্ত্ৰাসবাদক সমৰ্থন কৰা দেশসমূহক অৰ্থনৈতিক সাহায্য প্ৰদানৰ প্ৰক্ৰিয়াটো পুনৰ বিবেচনা কৰাৰ বাবে উদ্যোগ লোৱা ।

এই বিষয়ত বিত্তমন্ত্ৰীগৰাকীয়ে ইটালীৰ বিত্তমন্ত্ৰী জিয়ানকাৰ্লো জিঅৰ্জেট্টিকো সাক্ষাৎ কৰে । ভাৰতে গুৰুত্ব আৰোপ কৰে যে সন্ত্ৰাসবাদক পৃষ্ঠপোষকতা কৰা দেশসমূহক অৰ্থনৈতিক সাহায্য দিয়া উচিত নহয় । ভাৰতে আন্তঃৰাষ্ট্ৰীয় মঞ্চতো এই দিশত নিজৰ মতামত আগবঢ়াইছে যাতে এই দেশসমূহক বিত্তীয় নিৰীক্ষণৰ গ্ৰে লিষ্টত  স্থান দিয়াৰ প্ৰক্ৰিয়াটো আলোচনা কৰিব পৰা যায় ।

ইয়াৰ উপৰিও বিত্ত মন্ত্ৰালয়ে মাছাটো কাণ্ডাৰ সৈতে হোৱা বৈঠকৰ সবিশেষ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে । আলোচনাত ইনছলভেন্সি আৰু দেউলীয়া সংহিতা, কৰ্পৰেট কৰ কৰ্তন, জি এছ টি, ষ্টাৰ্টআপ আঁচনিৰ দৰে বিষয়সমূহো আলোচনা কৰা হয় । এই উপলক্ষে নিৰ্মলা সীতাৰমণে এ ডি বিক ভাৰতত নতুন বিত্তীয় কৌশল আৰু আৰ্হি পৰীক্ষা কৰিবলৈ আমন্ত্ৰণ জনায় ।

পাকিস্তানৰ বুকু কঁপাই সাগৰৰ তলিত MIGMৰ সফল পৰীক্ষণ ভাৰতৰ…

পহলগাম আক্ৰমণৰ পিছত পাকিস্তানৰ সৈতে উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে ভাৰতীয় নৌসেনা আৰু ডি আৰ ডি অ’ (প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা)য়ে সোমবাৰে থলুৱাভাৱে ডিজাইন আৰু বিকাশ কৰা মাল্টি ইনফ্লুৱেন্স গ্ৰাউণ্ড মাইন (এম আই জি এম) সফলতাৰে পৰীক্ষা কৰে । এই ব্যৱস্থাই ভাৰতীয় নৌসেনাৰ সামুদ্ৰিক যুদ্ধৰ ক্ষমতা আৰু অধিক বৃদ্ধি কৰিব । প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ডি আৰ ডি অ’ আৰু নৌসেনাক বহু প্ৰভাৱশালী গ্ৰাউণ্ড মাইনৰ সফল পৰীক্ষাৰ বাবে অভিনন্দন জনাইছে ।

কি হয় এই এম আই জি এম-

এইটো এটা আধুনিক সামুদ্ৰিক লেণ্ডমাইন । যিটো নৌ বিজ্ঞান আৰু প্ৰযুক্তি পৰীক্ষাগাৰ বিশাখাপট্টনমে ডি আৰ ডি অ’কে ধৰি বহু পৰীক্ষাগাৰৰ সহযোগত প্ৰস্তুত কৰিছে । ষ্টীলথ জাহাজ আৰু চাবমেৰিনৰ বিৰুদ্ধে ভাৰতীয় নৌসেনাৰ সামৰ্থ্য বৃদ্ধিৰ বাবে এই এম আই জি এম প্ৰস্তুত কৰা হৈছে । ভাৰত ডাইনেমিক্স লিমিটেড, বিশাখাপট্টনম আৰু এপ’ল’ মাইক্ৰ’চিষ্টেমছ লিমিটেড, হায়দৰাবাদে যৌথভাৱে এই ব্যৱস্থা নিৰ্মাণ কৰিব ।

অতি বিশেষ এই ব্যৱস্থা-

মাল্টি-ইনফ্লুৱেন্স গ্ৰাউণ্ড মাইন (MIGM) হৈছে এক প্ৰকাৰৰ আধুনিক সামুদ্ৰিক লেণ্ডমাইন যিয়ে বিভিন্ন ধৰণৰ বিপদ ধৰা পেলাই জাহাজ বা চাবমেৰিনক লক্ষ্য কৰি লয় । ই প্ৰচলিত লেণ্ডমাইনতকৈ অধিক উন্নত, কিয়নো ইয়াত একেলগে একাধিক চেন্সৰ আৰু ট্ৰিগাৰ ব্যৱস্থা ব্যৱহাৰ কৰা হয়, যাৰ ফলত ইয়াক নিৰস্ত্ৰ কৰা বা ৰক্ষা পোৱাটো কঠিন হৈ পৰে ।

-এই ব্যৱস্থাই ডিজিটেল সংকেত প্ৰক্ৰিয়াকৰণ আৰু প্ৰগ্ৰেমেবল লজিক ব্যৱহাৰ কৰে, যাৰ ফলত ইহঁতে নিৰ্দিষ্ট লক্ষ্য চিনাক্ত কৰিব পাৰে ।

-এই অস্ত্ৰ সাগৰৰ তলত, পানীত ওপঙি বা আংশিকভাৱে ডুবাই ৰাখিব পাৰি ।

-অগভীৰ উপকূলীয় অঞ্চলৰ পৰা গভীৰ সাগৰলৈকে ই ফলপ্ৰসূ ।

-ইয়াৰ ডিজাইন এনেকুৱাকৈ কৰা হৈছে যে ৰাডাৰ, ছ’নাৰ বা অন্যান্য ধৰা পেলোৱা ব্যৱস্থাৰ দ্বাৰা ইহঁতক সহজে ধৰা পেলাব নোৱাৰি ।

প্ৰতিৰক্ষা মন্ত্ৰীয়ে জনালে অভিনন্দন-

অভিনন্দন বাৰ্তাত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে, MIGMৰ সফল পৰীক্ষা প্ৰতিৰক্ষা গৱেষণা আৰু থলুৱা প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতৰ ক্ৰমবৰ্ধমান শক্তিৰ প্ৰতীক । ডি আৰ ডি অ’ আৰু ভাৰতীয় নৌসেনাৰ যৌথ প্ৰচেষ্টাই এই উল্লেখযোগ্য সাফল্য সম্ভৱ কৰি তুলিছে । ‘আত্মনিৰ্ভৰ ভাৰত’ৰ দিশত এয়া আন এক পদক্ষেপ ।

৭ মে’ত সমগ্ৰ দেশতে বাজিব চাইৰেন, ৰাজ্যসমূহক ম’ক ড্ৰিল কৰাৰ নিৰ্দেশ কেন্দ্ৰৰ

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে সকলো ৰাজ্যকে ৭ মে’ত অসামৰিক প্ৰতিৰক্ষা ম’ক ড্ৰিল অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিছে যাতে কোনো জৰুৰীকালীন অৱস্থাত জনসাধাৰণৰ সুৰক্ষা সুনিশ্চিত হয় ।

এই মক ড্ৰিলত তলত দিয়া পদক্ষেপ গ্ৰহণ কৰা হ’ব –

-এয়াৰ ৰেইডৰ সতৰ্কবাণী চাইৰেন সক্ৰিয় হ’ব ।

-সাধাৰণ নাগৰিক, ছাত্র-ছাত্রী আদিক কোনো ধৰণৰ আক্রমণ হ’লে কেনেদৰে নিজকে ৰক্ষা কৰিব পাৰি তাৰ প্রশিক্ষণ দিয়া হ’ব ৷

-ব্লেকআউটৰ ব্যৱস্থা কৰা হ’ব । অৰ্থাৎ প্ৰয়োজনৰ সময়ত বিদ্যুৎ বন্ধ কৰি দিব লাগে যাতে শত্ৰুৱে কোনো লক্ষ্য দেখা নাপায় ।

-গুৰুত্বপূৰ্ণ কাৰখানা আৰু ঘাটি লুকুৱাই ৰখাৰ ব্যৱস্থা ক্ষিপ্ৰতাৰে কৰা হ’ব ।

-খালী কৰাৰ পৰিকল্পনা আপডেট কৰি আখৰা কৰা হ’ব ।

পহলগাম আক্ৰমণৰ পিছত ভাৰত-পাক সম্পৰ্কৰ পুনৰ অৱনতি-

দক্ষিণ কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ লগতে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে প্ৰতিশোধৰ বিকল্পৰ কথা বিবেচনা কৰি থকাৰ সময়তে গৃহ মন্ত্ৰালয়ে এই নিৰ্দেশনা প্ৰদান কৰিছে । এই সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোক নিহত হয় । ইয়াৰে অধিকাংশই আছিল পৰ্যটক ।

এই আক্ৰমণৰ পিছত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে বহু কৌশলগত পদক্ষেপ গ্ৰহণ কৰিছে । ইয়াৰ ভিতৰত আছে সিন্ধু জল সন্ধি স্থগিত ৰখা, পাকিস্তানী উচ্চায়ুক্তৰ কৰ্মচাৰীৰ সংখ্যা হ্ৰাস কৰা, আটৰী চেক প’ষ্ট বন্ধ কৰা আৰু সকলো শিতানত ডাক সেৱা বন্ধ কৰা আদি ।

চৰকাৰক সমৰ্থন বিৰোধী দলৰ-

সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত চৰকাৰে সশস্ত্ৰ বাহিনীক নিজৰ সময় আৰু পদ্ধতিৰে সিদ্ধান্ত লোৱাৰ স্বাধীনতা প্ৰদান কৰিছে । এই আক্ৰমণৰ পিছত চৰকাৰে সৰ্বদলীয় বৈঠক আহ্বান কৰিছিল আৰু এই আক্ৰমণৰ দোষীৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা যিকোনো ব্যৱস্থাক বিৰোধী দলসমূহেও সমৰ্থন আগবঢ়াইছে । সন্ত্ৰাসবাদী আক্ৰমণৰ সীমা অতিক্ৰম সংযোগৰ বিষয়ে সন্ত্ৰাসবাদী আক্ৰমণৰ এদিন পিছতে কেবিনেট কমিটী অন ছিকিউৰিটিৰ বৈঠকত অৱগত কৰা হয় ।

ক্ৰমবৰ্ধমান উত্তেজনাৰ মাজতে ভাৰত-পাকিস্তান বিষয়ত আজি নিৰাপত্তা পৰিষদৰ ৰুদ্ধদ্বাৰ বৈঠক…

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত বৃদ্ধি পোৱা উত্তেজনা সন্দৰ্ভত আজি ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ এখন ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হ’ব । পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়ে বিশ্ব নিৰাপত্তা সংস্থাটোক “ভাৰতৰ আক্ৰমণাত্মক কাৰ্য্য, প্ৰৰোচনা আৰু উত্তেজনামূলক বক্তব্য”ৰ বিষয়ে অৱগত কৰিব বুলি কোৱাৰ এদিন পিছতে এই বিবৃতি প্ৰকাশ পাইছে । ইয়াত কোৱা হৈছে যে, “পাকিস্তানে সিন্ধু জল সন্ধি স্থগিত ৰখাৰ বাবে ভাৰতৰ অবৈধ কাৰ্য্যক বিশেষভাৱে উপস্থাপন কৰিব ।”

ইয়াৰ সমান্তৰালকৈ পাকিস্তানে কৈছে যে নতুন দিল্লীৰ এই কার্যই কেনেদৰে ‘শান্তি আৰু নিৰাপত্তা’ বিপন্ন কৰিছে সেই কথা দেশখনে স্পষ্ট কৰি দিব ৷

আজি অনুষ্ঠিত হ’বলগীয়া বৈঠকখন আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ সন্মুখত সীমা অতিক্ৰম কৰা উত্তেজনা সন্দৰ্ভত দুয়োপক্ষই নিজৰ মতামত দাঙি ধৰাৰ সুযোগ পাব । ৰাষ্ট্ৰসংঘত গ্ৰীচৰ স্থায়ী প্ৰতিনিধি তথা মে’ মাহৰ বাবে নিৰাপত্তা পৰিষদৰ সভাপতি ৰাষ্ট্ৰদূত ইভানজেলছ চেকেৰিছে ইয়াৰ পূৰ্বে জনাইছ যে, “এয়া এক নীতিগত স্থিতি । আমি সন্ত্ৰাসবাদক সকলো ধৰণৰ নিন্দা কৰিছো । আনহাতে, অঞ্চলটোত উত্তেজনা বৃদ্ধি পোৱাৰ বাবে আমি চিন্তিত ।”

উল্লেখ্য যে, ২৬ জন সাধাৰণ নাগৰিক নিহত হোৱা পহলগাম সন্ত্ৰাসবাদী আক্ৰমণক ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে তীব্ৰ গৰিহণা দিছিল । এই আক্রমণৰ পাছত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কেতবোৰ ব্যৱস্থা গ্ৰহণৰ কথা ঘোষণা কৰে, য’ত সিন্ধু জল সন্ধি স্থগিত ৰখা আৰু আত্তৰীৰ স্থল-প্রৱেশন প’ষ্ট তৎকালীনভাৱে বন্ধ কৰাকে ধৰি বহুকেইটা পদক্ষেপৰ কথা ঘোষণা কৰা হৈছিল ৷