অসম বাজেট ২০২৬-২৭: উচ্চশিক্ষাৰ বাবে বৃহৎ ঘোষণা চৰকাৰৰ

ৰাজ্যৰ উচ্চ শিক্ষানুষ্ঠানসমূহৰ আধুনিকীকৰণৰ বাবে ২০২৬-২৭ বৰ্ষৰ বাজেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

অসমৰ উচ্চশিক্ষা খণ্ডৰ সৰ্বাংগীণ উন্নয়নৰ বাবে এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে । চলিত বৰ্ষৰ বাজেটত উচ্চশিক্ষাৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ উদ্দেশ্যে মুঠ ১,৭৫০ কোটি টকাৰ এক অভিলাষী পুঁজিৰ প্ৰস্তাৱ কৰা হৈছে । ইয়াৰ উপৰিও ৰাজ্যৰ স্বায়ত্ত্বশাসিত মহাবিদ্যালয়সমূহলৈ আৰ্থিক সাহায্য বৃদ্ধি, ‘গুৰু দক্ষিণা’ আঁচনিৰ সম্প্ৰসাৰণ আৰু যোগ্য ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহৰ প্ৰাদেশীকৰণ প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে আগবঢ়াই নিয়াৰ সিদ্ধান্ত লোৱা হৈছে ।

বিশ্ববিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নয়নত অভিলেখ ধন

ৰাজ্যৰ উচ্চ শিক্ষানুষ্ঠানসমূহৰ আধুনিকীকৰণৰ বাবে বিত্তমন্ত্ৰীগৰাকীয়ে কেইবাখনো বিশ্ববিদ্যালয়লৈ বিশেষ বিত্তীয় অনুদান ঘোষণা কৰে । নতুন প্ৰস্তাৱ অনুসৰি, শিৱসাগৰ বিশ্ববিদ্যালয়, জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়, নগাঁও বিশ্ববিদ্যালয়, উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়, কোকৰাঝাৰ বিশ্ববিদ্যালয়, বঙাইগাঁও বিশ্ববিদ্যালয় আৰু গুৰুচৰণ বিশ্ববিদ্যালয়ক পৰ্যায়ক্ৰমে ১০০ কোটি টকাকৈ প্ৰদান কৰা হ’ব ।

একেদৰে, মাধৱদেৱ বিশ্ববিদ্যালয়, ভট্টদেৱ বিশ্ববিদ্যালয়, ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়, বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়, অসম মহিলা বিশ্ববিদ্যালয়, কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয় আৰু মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ৫০ কোটি টকাকৈ আৱণ্টন দিয়া হৈছে । ইয়াৰ উপৰি চলিত বৰ্ষত গুৱাহাটী বিশ্ববিদ্যালয়লৈ ১০০ কোটি টকা আগবঢ়োৱা হৈছে । উল্লেখ্য যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ইতিমধ্যে একে পৰিমাণৰ পুঁজি লাভ কৰিছে ।

বাজেটত এক গুৰুত্বপূৰ্ণ ঘোষণা কৰি বিত্তমন্ত্ৰী বৰুৱাই কয় যে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ক কেৱল সাংস্কৃতিক চৰ্চাতে সীমাবদ্ধ নাৰাখি, ইয়াক এক পূৰ্ণাংগ ৰূপ দিয়া হ’ব । এতিয়াৰে পৰা এই বিশ্ববিদ্যালয়খনত বিজ্ঞান আৰু কলা শাখাও অন্তৰ্ভুক্ত কৰা হ’ব, যাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলে ব্যাপকভাৱে উপকৃত হ’ব ।

স্বায়ত্ত্বশাসিত মহাবিদ্যালয়সমূহলৈ ২ কোটি টকাকৈ সাহায্য

ৰাজ্যৰ মহাবিদ্যালয়সমূহৰ গুণগত মানদণ্ড বৃদ্ধিৰ দিশতো বাজেটত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে । বিত্তমন্ত্ৰীয়ে সদনত জানিবলৈ দিয়ে যে বিশ্ববিদ্যালয় অনুদান আয়োগে শেহতীয়াকৈ অসমৰ ২৭ খন মহাবিদ্যালয়ক স্বায়ত্ত্বশাসিত মৰ্যাদা প্ৰদান কৰিছে । এই নতুন স্বায়ত্ত্বশাসিত মহাবিদ্যালয়সমূহৰ শৈক্ষিক আৰু প্ৰতিষ্ঠানিক বিকাশ সুনিশ্চিত কৰিবলৈ চৰকাৰে প্ৰতিখন মহাবিদ্যালয়ক দুটা সমান কিস্তিত মুঠ ২ কোটি টকাকৈ বিশেষ সাহায্য প্ৰদান কৰিব ।

শিক্ষক কল্যাণ আৰু ‘গুৰু দক্ষিণা’ আঁচনি

শিক্ষকসকলৰ কল্যাণৰ বাবে চৰকাৰে আৰম্ভ কৰা ‘গুৰু দক্ষিণা’ আঁচনিৰ ব্যাপক সম্প্ৰসাৰণ কৰা হৈছে । বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই জনোৱা মতে, নিম্ন প্ৰাথমিক, উচ্চ প্ৰাথমিক, হাইস্কুল, উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ডিগ্ৰী মহাবিদ্যালয়ৰ ১৫,০০০ তকৈও অধিক শিক্ষকে ইতিমধ্যে এই আঁচনিৰ অধীনত আবেদন কৰিছে । শিক্ষা বিভাগে অতি সোনকালে এই আবেদনসমূহ পৰীক্ষা কৰি শিক্ষকসকলক প্ৰদান কৰিবলগীয়া আৰ্থিক সাহায্যৰ পৰিমাণ চূড়ান্ত কৰিব ।

ভেঞ্চাৰ মহাবিদ্যালয়ৰ প্ৰাদেশীকৰণ আৰু আইন সংশোধন

অসমৰ ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহত কৰ্মৰত শিক্ষক-কৰ্মচাৰীসকলৰ বাবেও এই বাজেটত আছে এক ডাঙৰ সুখবৰ । ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহৰ প্ৰাদেশীকৰণৰ বাবে চৰকাৰে প্ৰায় ৮,০০০ আবেদন লাভ কৰিছে । বিত্তমন্ত্ৰীয়ে আশ্বাস দিয়ে যে চৰকাৰে যোগ্য সকলো ভেঞ্চাৰ মহাবিদ্যালয় আৰু শিক্ষানুষ্ঠানৰ প্ৰাদেশীকৰণ প্ৰক্ৰিয়া পূৰ্বৰ দৰেই অব্যাহত ৰাখিব ।

আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, চৰকাৰে ‘অসম শিক্ষা (শিক্ষকৰ সেৱা প্ৰাদেশীকৰণ আৰু শিক্ষানুষ্ঠানৰ পুনৰ সংগঠন) আইন’ সংশোধন কৰাৰ সিদ্ধান্ত লৈছে । এই সংশোধনৰ জৰিয়তে প্ৰাদেশীকৰণৰ কৃতিচিহ্নিত তাৰিখ বা কাট-অফ ডেট সলনি কৰা হ’ব, যাৰ ফলত বহু বছৰ ধৰি বঞ্চিত হৈ থকা বহু সংখ্যক শিক্ষক আৰু টিউটৰ নতুনকৈ প্ৰাদেশীকৰণৰ বাবে যোগ্য বিবেচিত হ’ব । চৰকাৰৰ এই ঐতিহাসিক পদক্ষেপে ৰাজ্যৰ শিক্ষা খণ্ডত এক নতুন যুগৰ সূচনা কৰিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক: পথ আৰু দলঙৰ বাবে বাজেটত কি কি ঘোষণা ?

মোদী চৰকাৰৰ বাজেটত কি পালে অসমকে ধৰি নিৰ্বাচনমুখী পাঁচখন ৰাজ্যই ?

পশ্চিম বংগ, অসম, তামিলনাডু, কেৰালা আৰু পুডুচেৰীত এপ্ৰিল-মে’ মাহত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে । ইয়াৰ পূৰ্বে আজি দাখিল কৰা মোদী চৰকাৰৰ বাজেটে এই ৰাজ্যকেইখনলৈ কি বাৰ্তা কঢ়িয়ালে জানক-

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দেওবাৰে সংসদত ২০২৬-২৭ বৰ্ষৰ সাধাৰণ বাজেট দাখিল কৰে । পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনক লৈ চলি থকা ৰাজনৈতিক কুচকাৱাজৰ মাজতে বিত্তমন্ত্ৰীগৰাকীয়ে এই বাজেট দাখিল কৰে । সেয়েহে মোদী চৰকাৰৰ গুৰুত্ব আছিল নিৰ্বাচনীমুখী ৰাজ্যসমূহৰ ওপৰত ।

পশ্চিম বংগ, অসম, তামিলনাডু, কেৰালা আৰু পুডুচেৰীত এপ্ৰিল-মে’ মাহত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে । বিশেষকৈ বিজেপিয়ে পশ্চিম বংগত টিএমচিৰ মুৰব্বী মমতা বেনাৰ্জীৰ ৰাজনৈতিক দুৰ্গত খহনীয়াৰ সৃষ্টি কৰাৰ লগতে অসমত ক্ষমতাৰ হেট্ৰিক নিশ্চিত কৰাত মনোনিৱেশ কৰিছে । ইফালে নিৰ্বাচনমুখী এই পাঁচখন ৰাজ্যত দলসমূহে ৰাজনৈতিক কুচকাৱাজ বৃদ্ধি কৰিছে ।

দক্ষিণ ভাৰতৰ তামিলনাডু আৰু কেৰালাত পদুম ফুলোৱাৰ সপোন দেখিছে বিজেপিয়ে । সেই বাবে মোদী চৰকাৰে উন্নয়নৰ নতুন গতিৰ সূচনা কৰি এই ৰাজ্যসমূহৰ ৰাজনৈতিক যুদ্ধত জয়ী হোৱাৰ এক শক্তিশালী পদক্ষেপ গ্ৰহণ কৰি আহিছে ।

বাজেটত কি পালে পশ্চিংম বংগই ?

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সাধাৰণ বাজেট দাখিল কৰাৰ সময়ত বংগৰ আগন্তুক নিৰ্বাচনৰ প্ৰতি বিশেষ লক্ষ্য ৰাখে । বংগৰ ডাংকুনী (পূব)ৰ পৰা চুৰাট (পশ্চিম)লৈ নতুনকৈ প্ৰস্তাবিত ডেডিকেটেড ফ্ৰেইট কৰিডোৰ নিৰ্মাণৰ কতা বাজেটত ঘোষণা কৰিছে । ইয়াৰ ফলত বংগৰ পৰা গুজৰাটলৈ সামগ্ৰী পৰিবহণৰ সুবিধা হ’ব । লগতে গুজৰাটৰ পৰা বংগলৈ মালবাহী ৰে’লৰ চলাচল সহজ আৰু ক্ষীপ্ৰ হ’ব । ইয়াৰ ফলত দুয়োখন ৰাজ্যৰ মাজত বাণিজ্য বৃদ্ধি পাব ।

ইফালে বিত্তমন্ত্ৰীয়ে পশ্চিম বংগক উপহাৰ দিয়ে এখন তীব্ৰবেগী ৰে’ল । নিৰ্মলা সীতাৰমণে শিলিগুৰিৰ পৰা বাৰাণসী সংযোগী এক তীব্ৰবেগী ৰেল লাইন নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰে । ইষ্ট ক’ষ্ট ইণ্ডাষ্ট্ৰিয়েল কৰিডৰো উন্নয়ন কৰা হ’ব, য’ত বংগৰ দুৰ্গাপুৰ এটা মূল আৰু সুসংযুক্ত কেন্দ্ৰত পৰিণত হ’ব । মোদী চৰকাৰে বংগক বিকাশৰ উপহাৰেৰে ৰাজনৈতিক সমীকৰণৰ ভাৰসাম্য ৰক্ষাৰ চেষ্টা চলাইছে যদিও মমতা বেনাৰ্জীয়ে কয় যে বাজেটত বংগই একো নাপালে ।

অসমত বিজেপিৰ হেট্ৰিক অৰ্জনৰ লক্ষ্য-

অসমত ১০ বছৰে ক্ষমতাত থকা বিজেপিয়ে এইবাৰ বিজয়ৰ হেট্ৰিকৰ লক্ষ্য লৈছে । গতিকে বিজেপিয়ে কোনো কাৰণতে অসম হেৰুৱাব নিবিচাৰে । সেহেয়ে নোদী চৰকাৰে বাজেটৰ জৰিয়তে অসমক আকৰ্ষণ কৰাৰ প্ৰয়াস কৰিছে । মানসিক স্বাস্থ্য আৰু ট্ৰমা কেয়াৰৰ বাবে অসমৰ তেজপুৰত NIMHANS 2 নিৰ্মাণৰ কথা বাজেটত ঘোষণা কৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে ।

উত্তৰ-পূর্বাঞ্চলকো আকর্ষণ কৰিবলৈ প্রচেষ্টা চলাইছে মোদী চৰকাৰে ৷ ইয়াৰ বাবে অৰুণাচল প্ৰদেশ, ছিকিম, অসম, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত বৌদ্ধ চাৰ্কিট গঢ়ি তোলাৰ বাবে এখন আঁচনি আৰম্ভ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে ।

তামিলনাডুৰ বাবে উন্নয়নৰ উপহাৰ-

মোদী চৰকাৰৰ ২০২৬-২৭ বাজেটত সম্পূৰ্ণৰূপে তামিলনাডুৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়, য’ত এপ্ৰিল মাহত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন । ৰাজ্যখনৰ পৰা ডি এম কেক ক্ষমতাৰ পৰা উৎখাত কৰিবলৈ বিজেপিয়ে যৎপৰোনাস্তি চেষ্টা চলাইছে । সেয়েহে তামিলনাডুৰ ৰাজনৈতিক গতিশীলতাক আগবঢ়াবলৈ বাজেট ব্যৱহাৰ কৰা হৈছে । বিত্তমন্ত্ৰীয়ে তামিলনাডু, ওড়িশা, কেৰালা আৰু অন্ধ্ৰপ্ৰদেশত ৰেয়াৰ আৰ্থ মিনাৰেলছৰ বাবে বিশেষ কৰিডৰ নিৰ্মাণৰ কথা ঘোষণা কৰিছে । ইয়াক মিনাৰেল কৰিডৰ বুলিও কোৱা হৈছে ।

তামিলনাডু আৰু অন্ধ্ৰপ্ৰদেশৰ সীমান্তত অৱস্থিত পুলিকাট হ্ৰদৰ আশে-পাশে চৰাই নিৰীক্ষণৰ বাবে ব্যৱস্থা নিৰ্মাণ কৰা হ’ব । বাজেটত নাৰিকল, কাজু, ক’ক’ৰ দৰে উচ্চ মূল্যৰ শস্যৰ প্ৰচাৰৰ বাবেও আহ্বান জনোৱা হৈছে । ইয়াৰ দ্বাৰা তামিলনাডু আৰু কেৰালাৰ কৃষকসকল বিশেষভাৱে উপকৃত হ’ব । এই ঘোষণা তামিলনাডু, কেৰালাৰ দৰে উপকূলীয় ৰাজ্যৰ কৃষকৰ বাবে ৰাজনৈতিক আশীৰ্বাদ হিচাপে বিবেচিত হৈছে । ইয়াৰ পৰা বিজেপিয়ে ৰাজনৈতিক লাভালাভ অৰ্জন কৰিব পাৰিব নে নাই সেয়া হ’ব লক্ষ্যণীয় ।

বাজেটত কেৰেলাই কি পালে-

তামিলনাডুৰ লগতে মোডী চৰকাৰে কেৰালাৰ ৰাজনৈতিক পৰিৱেশকো নিয়ন্ত্ৰণলৈ অনাৰ চেষ্টা চলাইছে । বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেটৰ জৰিয়তে কেৰালাক উন্নয়নৰ বতৰা দিছে । ওড়িশা, অন্ধ্ৰ প্ৰদেশ আৰু তামিলনাডুৰ মাজেৰে পাৰ হ’বলগীয়া ৰেয়াৰ আৰ্থ কৰিডৰত কেৰালাকো অন্তৰ্ভুক্ত কৰা হৈছে । ওড়িশা, কৰ্ণাটক আৰু কেৰালাৰ উপকূলীয় অঞ্চলত কাছ সংৰক্ষণৰ বাবে “টাৰ্টেল ট্ৰেইল” বিকশিত কৰা হ’ব ।

ইক’-টুৰিজিমঃ হিমাচল, উত্তৰাখণ্ড, জম্মু-কাশ্মীৰ, আৰাকু উপত্যকা আৰু পুডিগাই মালাইত বহনক্ষম পাহাৰীয়া পথ নিৰ্মাণ কৰা হ’ব । বন্যপ্ৰাণী পৰ্যটনৰ ভিতৰত ওড়িশা, কৰ্ণাটক আৰু কেৰালাৰ টাৰ্টল ট্ৰেলছ আৰু পুলিকাট হ্ৰদৰ চাৰিওফালে চৰাই নিৰীক্ষণৰ পথ অন্তৰ্ভুক্ত হ’ব । নাৰিকল, কাজু আৰু ক’ক’ৰ দৰে মূল্যৱান শস্যৰ বাবে সহায় কৰিলে কেৰেলাৰ কৃষকসকল উপকৃত হ’ব । চৰকাৰৰ বাজেটত স্বাস্থ্য খণ্ডক উন্নীত কৰাত গুৰুত্ব আৰোপ কৰা হৈছে, যাৰ ফলত কেৰালা উপকৃত হ’ব ৷

ব্যক্তিগত খণ্ডৰ সহযোগত পাঁচটা আঞ্চলিক চিকিৎসা হাব স্থাপন কৰা হ’ব বুলি বিত্তমন্ত্ৰীয়ে ঘোষণা কৰে । ইয়াৰ ভিতৰত থাকিব আয়ুষ কেন্দ্ৰ, চিকিৎসা পৰ্যটন আৰু নিদান কেন্দ্ৰ । স্বাস্থ্য পেছাদাৰী যেনে চিকিৎসক, নাৰ্ছ আৰু অন্যান্য চিকিৎসা কৰ্মচাৰীয়ে ইয়াত কৰ্মসংস্থাপন পাব । ইয়াৰ পৰা কেৰালাৰ দৰে ৰাজ্যই সৰ্বাধিক লাভৱান হ’ব, কিয়নো কেৰালাৰ বৃহৎ সংখ্যক লোক স্বাস্থ্য খণ্ডৰ সৈতে জড়িত । নাৰ্ছৰ পৰা চিকিৎসকলৈকে যথেষ্ট সংখ্যক লোক কেৰালাৰ ।

ইফালে কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীৰ বাবে বাজেটত কোনো ঘোষণা কৰা হোৱা নাই ।

লগতে পঢ়ক : দেশত তিনিখন আয়ুৰ্বেদ প্ৰতিষ্ঠান আৰু ডিজাইন ইনষ্টিটিউট… বাজেটত শিক্ষা খণ্ডই কি লাভ কৰিলে ?

বাজেটত বৃহৎ ঘোষণাঃ কোন কোন সামগ্ৰীত কমিল দাম ?  কোন কোন সামগ্ৰীত বাঢ়িল দাম ?

দেওবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে সংসদত দাখিল কৰে ২০২৬-২৭ বৰ্ষৰ সাধাৰণ বাজেট । এই কেন্দ্ৰীয় বাজেটে আপোনাৰ পকেটত কেনে প্ৰভাৱ পেলাব, জানক ।

দেওবাৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত দাখিল কৰে ২০২৬-২৭ বৰ্ষৰ সাধাৰণ বাজেট । বিত্তমন্ত্ৰীগৰাকীয়ে এই বাজেটত ঘৰুৱা উৎপাদনক প্ৰসাৰিত কৰাৰ লগতে সাধাৰণ জনতাক সকাহ দিয়াৰ বাবে সীমা শুল্কত কেইবাটাও উল্লেখযোগ্য পৰিৱৰ্তন সাধন কৰে । এই কেন্দ্ৰীয় বাজেটে আপোনাৰ পকেটত কেনে প্ৰভাৱ পেলাব, কেন্দ্ৰীয় বাজেটৰ পিছত কোন কোন সামগ্ৰীৰ দাম কমিল আৰু কোন কোন সামগ্ৰীত দাম বাঢ়িল জানক ।

কোন কোন সামগ্ৰীত কমিল দাম ?  

ঔষধঃ কৰ্কট ৰোগৰ চিকিৎসাত ব্যৱহৃত ১৭ বিধ ঔষধ আৰু দুৰ্লভ ৰোগৰ বাবে ৭ বিধ ঔষধ সম্পূৰ্ণৰূপে শুল্কমুক্ত কৰা হৈছে । ব্যক্তিগত ব্যৱহাৰৰ বাবে আমদানি কৰা ঔষধৰ ওপৰত শুল্ক ২০%ৰ পৰা ১০%লৈ হ্ৰাস কৰা হৈছে ।

মোবাইল আৰু ইলেক্ট্ৰনিকছঃ কেমেৰা মডিউল আৰু ডিছপ্লে পেনেলৰ দৰে উপাদানৰ ওপৰত শুল্ক হ্ৰাস পোৱাৰ বাবে ঘৰুৱাভাৱে নিৰ্মিত স্মাৰ্টফোন আৰু টেবলেটত দাম কমিব পাৰে । তদুপৰি মাইক্ৰৱেভ অভেনৰ কিছুমান অংশতো বাজেটত ৰেহাই দিয়া হৈছে ।

বৈদ্যুতিক বাহনঃ বৈদ্যুতিক বাহনৰ বেটাৰী আৰু লিথিয়াম-আয়ন বেটাৰী নিৰ্মাণত ব্যৱহৃত কেঁচামাল (যেনে লিথিয়াম আৰু কোবাল্ট)ৰ ওপৰত শুল্ক শুল্ক হ্ৰাস কৰা হৈছে ।

জোতা আৰু কাপোৰঃ চামৰাৰ জোতা আৰু কাপোৰৰ ৰপ্তানি প্ৰসাৰিত কৰাৰ বাবে এইবাৰৰ বাজেটত কেঁচামালৰ ওপৰত আমদানি শুল্ক হ্ৰাস কৰা হৈছে, যিয়ে ঘৰুৱা বজাৰত দামতো সকাহ দিব পাৰে ।

ক্ৰীড়া সামগ্ৰীঃ খেলো ইণ্ডিয়া মিছনৰ অধীনত ক্ৰীড়াৰ সামগ্ৰী অধিক সুলভ কৰি তোলা হৈছে ।

বিমান ভ্ৰমণ (সম্ভাৱ্য): অসামৰিক বিমানৰ অংশ আৰু এম আৰ অ’ৰ বাবে কেঁচামালৰ ওপৰত সীমা শুল্ক ৰেহাই প্ৰৱৰ্তন কৰা হৈছে, যাৰ ফলত দীৰ্ঘম্যাদীভাৱে বিমান পৰিবহণ খণ্ডৰ খৰচ হ্ৰাস পাব পাৰে ।

সৌৰ আৰু চিএনজিঃ স্বচ্ছ শক্তিৰ প্ৰসাৰৰ বাবে চৰকাৰে সৌৰ ব্যৱস্থাৰ ওপৰত কৰ হ্ৰাস কৰিছে, যাৰ ফলত চিএনজিৰো দাম কমিব পাৰে ।

কি কি সামগ্ৰীৰ বাঢ়িল দাম ?

ধঁপাতজাতীয় সামগ্ৰী আৰু চিগাৰেটঃ বাজেটত নতুন আবকাৰী শুল্ক আৰু চিগাৰেট আৰু পান মছলাৰ ওপৰত ‘চিন টেক্স’ প্ৰস্তাৱ কৰা হৈছে, যাৰ ফলত এই সামগ্ৰীসমূহ অধিক ব্যয়বহুল হৈ পৰিব ।

বিদেশী সুৰাঃ আমদানিকৃত সুৰাৰ ওপৰত কৰ বৃদ্ধি কৰা হৈছে ।

আমদানি কৰা বিলাসী সামগ্ৰীঃ আমদানি শুল্ক বৃদ্ধিৰ বাবে বিদেশী সুগন্ধি, দামী জোতা, কাপোৰ, বিলাসী ঘড়ী অধিক ব্যয়বহুল হ’ব পাৰে ।

সোণ আৰু ৰূপঃ বহুমূলীয়া ধাতুৰ ওপৰত আমদানি শুল্কৰ পৰিৱৰ্তনে ঘৰুৱা বজাৰত ইয়াৰ মূল্য বৃদ্ধি পাব পাৰে ।

ষ্টক মাৰ্কেট বিনিয়োগঃ ফিউচাৰ আৰু অপচন (এফ এণ্ড অ’)ৰ ওপৰত নিৰাপত্তা লেনদেন কৰ (এছ টি টি) যথেষ্ট বৃদ্ধি কৰা হৈছে, যাৰ ফলত ষ্টক মাৰ্কেটৰ ব্যৱসায় অধিক ব্যয়বহুল হৈ পৰিছে ।

লগতে পঢ়ক : ‘ভাৰতৰ সংস্কাৰ এক্সপ্ৰেছে গতি লাভ কৰিব’; বাজেটক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ

এআইক লৈ বাজেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত…

বাজেটত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এআইক লৈ ডাঙৰ সিদ্ধান্ত লৈছে। এতিয়াৰে পৰা এআইৰ জৰিয়তে শাসন ব্যৱস্থা উন্নত কৰা হ’ব।

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট দাখিল কৰি এআইক লৈ এক গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে। বিত্তমন্ত্ৰী গৰাকীয়ে এআইৰ জৰিয়তে শাসন ব্যৱস্থা উন্নত কৰা হ’ব বুলি উল্লেখ কৰে।

বিশ্বজুৰি এআই ব্যৱহাৰ কৰা হয়, আৰু এই উদ্যোগত ভাৰতে দ্ৰুতগতিত আগবাঢ়িছে।ভাৰতত বিশ্বৰ কিছুমান বৃহৎ এআই প্লেটফৰ্ম আছে।

উৎপাদনশীলতা বৃদ্ধিৰ বাবে এআই ব্যৱহাৰ কৰা হ’ব।ইয়াৰ দ্বাৰা শাসন ব্যৱস্থাক দ্ৰুত আৰু স্বচ্ছ কৰি তোলাত সহায়ক হ’ব।আগন্তুক দিনত এআই শাসনে ভাৰতলৈ কি কি লাভ কঢ়িয়াই আনিব সেয়া প্ৰকাশ কৰা হ’ব।

এআই প্ৰযুক্তিৰ ব্যৱহাৰ চৰকাৰী সেৱাৰ প্ৰদানৰ উন্নতি, নীতি নিৰ্ধাৰণক তথ্য-চালিত কৰি তোলা, আৰু ইয়াৰ সহায়ত সাধাৰণ নাগৰিকক উন্নত সুবিধা প্ৰদান কৰিব। এআইৰ সহযোগত কৃষি বিকাশৰ ওপৰত গুৰুত্ব আৰোপ এইবাৰ বাজেটত

লগতে পঢ়ক: বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ ডাঙৰ ঘোষণা; দাম কমিব  কৰ্কট আৰু ডায়েবেটিছ ৰোগৰ ঔষধৰ