বাজেটত বৃহৎ ঘোষণাঃ কোন কোন সামগ্ৰীত কমিল দাম ?  কোন কোন সামগ্ৰীত বাঢ়িল দাম ?

বাজেটত বৃহৎ ঘোষণাঃ কোন কোন সামগ্ৰীত কমিল দাম ?  কোন কোন সামগ্ৰীত বাঢ়িল দাম ?

দেওবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে সংসদত দাখিল কৰে ২০২৬-২৭ বৰ্ষৰ সাধাৰণ বাজেট । এই কেন্দ্ৰীয় বাজেটে আপোনাৰ পকেটত কেনে প্ৰভাৱ পেলাব, জানক । দেওবাৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত দাখিল কৰে ২০২৬-২৭ বৰ্ষৰ সাধাৰণ বাজেট । বিত্তমন্ত্ৰীগৰাকীয়ে এই বাজেটত ঘৰুৱা উৎপাদনক প্ৰসাৰিত কৰাৰ লগতে সাধাৰণ জনতাক সকাহ দিয়াৰ

দেওবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে সংসদত দাখিল কৰে ২০২৬-২৭ বৰ্ষৰ সাধাৰণ বাজেট । এই কেন্দ্ৰীয় বাজেটে আপোনাৰ পকেটত কেনে প্ৰভাৱ পেলাব, জানক ।

দেওবাৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত দাখিল কৰে ২০২৬-২৭ বৰ্ষৰ সাধাৰণ বাজেট । বিত্তমন্ত্ৰীগৰাকীয়ে এই বাজেটত ঘৰুৱা উৎপাদনক প্ৰসাৰিত কৰাৰ লগতে সাধাৰণ জনতাক সকাহ দিয়াৰ বাবে সীমা শুল্কত কেইবাটাও উল্লেখযোগ্য পৰিৱৰ্তন সাধন কৰে । এই কেন্দ্ৰীয় বাজেটে আপোনাৰ পকেটত কেনে প্ৰভাৱ পেলাব, কেন্দ্ৰীয় বাজেটৰ পিছত কোন কোন সামগ্ৰীৰ দাম কমিল আৰু কোন কোন সামগ্ৰীত দাম বাঢ়িল জানক ।

কোন কোন সামগ্ৰীত কমিল দাম ?  

ঔষধঃ কৰ্কট ৰোগৰ চিকিৎসাত ব্যৱহৃত ১৭ বিধ ঔষধ আৰু দুৰ্লভ ৰোগৰ বাবে ৭ বিধ ঔষধ সম্পূৰ্ণৰূপে শুল্কমুক্ত কৰা হৈছে । ব্যক্তিগত ব্যৱহাৰৰ বাবে আমদানি কৰা ঔষধৰ ওপৰত শুল্ক ২০%ৰ পৰা ১০%লৈ হ্ৰাস কৰা হৈছে ।

মোবাইল আৰু ইলেক্ট্ৰনিকছঃ কেমেৰা মডিউল আৰু ডিছপ্লে পেনেলৰ দৰে উপাদানৰ ওপৰত শুল্ক হ্ৰাস পোৱাৰ বাবে ঘৰুৱাভাৱে নিৰ্মিত স্মাৰ্টফোন আৰু টেবলেটত দাম কমিব পাৰে । তদুপৰি মাইক্ৰৱেভ অভেনৰ কিছুমান অংশতো বাজেটত ৰেহাই দিয়া হৈছে ।

বৈদ্যুতিক বাহনঃ বৈদ্যুতিক বাহনৰ বেটাৰী আৰু লিথিয়াম-আয়ন বেটাৰী নিৰ্মাণত ব্যৱহৃত কেঁচামাল (যেনে লিথিয়াম আৰু কোবাল্ট)ৰ ওপৰত শুল্ক শুল্ক হ্ৰাস কৰা হৈছে ।

জোতা আৰু কাপোৰঃ চামৰাৰ জোতা আৰু কাপোৰৰ ৰপ্তানি প্ৰসাৰিত কৰাৰ বাবে এইবাৰৰ বাজেটত কেঁচামালৰ ওপৰত আমদানি শুল্ক হ্ৰাস কৰা হৈছে, যিয়ে ঘৰুৱা বজাৰত দামতো সকাহ দিব পাৰে ।

ক্ৰীড়া সামগ্ৰীঃ খেলো ইণ্ডিয়া মিছনৰ অধীনত ক্ৰীড়াৰ সামগ্ৰী অধিক সুলভ কৰি তোলা হৈছে ।

বিমান ভ্ৰমণ (সম্ভাৱ্য): অসামৰিক বিমানৰ অংশ আৰু এম আৰ অ’ৰ বাবে কেঁচামালৰ ওপৰত সীমা শুল্ক ৰেহাই প্ৰৱৰ্তন কৰা হৈছে, যাৰ ফলত দীৰ্ঘম্যাদীভাৱে বিমান পৰিবহণ খণ্ডৰ খৰচ হ্ৰাস পাব পাৰে ।

সৌৰ আৰু চিএনজিঃ স্বচ্ছ শক্তিৰ প্ৰসাৰৰ বাবে চৰকাৰে সৌৰ ব্যৱস্থাৰ ওপৰত কৰ হ্ৰাস কৰিছে, যাৰ ফলত চিএনজিৰো দাম কমিব পাৰে ।

কি কি সামগ্ৰীৰ বাঢ়িল দাম ?

ধঁপাতজাতীয় সামগ্ৰী আৰু চিগাৰেটঃ বাজেটত নতুন আবকাৰী শুল্ক আৰু চিগাৰেট আৰু পান মছলাৰ ওপৰত ‘চিন টেক্স’ প্ৰস্তাৱ কৰা হৈছে, যাৰ ফলত এই সামগ্ৰীসমূহ অধিক ব্যয়বহুল হৈ পৰিব ।

বিদেশী সুৰাঃ আমদানিকৃত সুৰাৰ ওপৰত কৰ বৃদ্ধি কৰা হৈছে ।

আমদানি কৰা বিলাসী সামগ্ৰীঃ আমদানি শুল্ক বৃদ্ধিৰ বাবে বিদেশী সুগন্ধি, দামী জোতা, কাপোৰ, বিলাসী ঘড়ী অধিক ব্যয়বহুল হ’ব পাৰে ।

সোণ আৰু ৰূপঃ বহুমূলীয়া ধাতুৰ ওপৰত আমদানি শুল্কৰ পৰিৱৰ্তনে ঘৰুৱা বজাৰত ইয়াৰ মূল্য বৃদ্ধি পাব পাৰে ।

ষ্টক মাৰ্কেট বিনিয়োগঃ ফিউচাৰ আৰু অপচন (এফ এণ্ড অ’)ৰ ওপৰত নিৰাপত্তা লেনদেন কৰ (এছ টি টি) যথেষ্ট বৃদ্ধি কৰা হৈছে, যাৰ ফলত ষ্টক মাৰ্কেটৰ ব্যৱসায় অধিক ব্যয়বহুল হৈ পৰিছে ।

লগতে পঢ়ক : ‘ভাৰতৰ সংস্কাৰ এক্সপ্ৰেছে গতি লাভ কৰিব’; বাজেটক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ

শেহতীয়া প্ৰৱন্ধসমূহ