প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰি নতুন বছৰ আৰম্ভ কৰিলে দিলজিৎ দোছাঞ্জে…

যোৱা কেইমাহমানৰ পৰা গায়ক দিলজিৎ দোছাঞ্জে সমগ্ৰ দেশতে নিজৰ সংগীত কনচাৰ্ট কৰি আছে । তেওঁৰ সংগীত ভ্ৰমণ দেশৰ বিভিন্ন ৰাজ্যত কৰিছিল, এই সংগীত ভ্ৰমণৰ নাম আছিল দিল লুমিনাটি । এই অনুষ্ঠানৰ জৰিয়তে দিলজিতে সমগ্ৰ দেশৰ সংগীতপ্ৰেমীৰ হৃদয় জয় কৰিছিল । তেওঁৰ সংগীত আৰু হৃদয় জয় কৰা কলাক প্ৰশংসা কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে । শেহতীয়াকৈ কণ্ঠশিল্পী দিলজিৎ দোছাঞ্জে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে । দিলজিতে এই বৈঠকৰ ভিডিঅ’ নিজৰ ইনষ্টাগ্ৰাম পেজত শ্বেয়াৰ কৰিছে ।


প্ৰধানমন্ত্ৰীয়ে কয় হৃদয় জয় কৰা এজন ব্যক্তি-
ভিডিঅ’টোত প্ৰধানমন্ত্ৰী মোদীয়ে দিলজিতক কৈছে যে ভাৰতৰ এখন গাঁৱৰ ল’ৰাই যেতিয়া নিজৰ নাম পৃথিৱীত উজ্জ্বল কৰি তোলে ভাল লাগে । প্ৰধানমন্ত্ৰী মোদীয়ে আৰু কয় যে আপোনাৰ নাম দিলজিৎ আৰু আপুনি সকলোৰে হৃদয় জয় কৰি আছে ।


ভাৰতৰ মহত্ত্বৰ ওপৰত আলোচনা হৈছিল-
প্ৰধানমন্ত্ৰী মোদীৰ সৈতে কথা পাতি থাকোঁতে গায়ক দিলজিতে কয় যে তেওঁ শৈশৱতে শুনিছিল যে ভাৰত এখন মহান দেশ । কিন্তু যেতিয়া তেওঁ নিজৰ দেশখন দেখি আৰু বুজি পালে, তেতিয়া তেওঁ উপলব্ধি কৰিলে যে আমাৰ দেশখন সঁচাকৈয়ে মহান । এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে আমাৰ দেশ আৰু সংস্কৃতি অতি জীৱন্ত ।


যোগৰ গুৰুত্বৰ ওপৰত আলোচনা-
প্ৰধানমন্ত্ৰী মোদী আৰু দিলজিতৰ মাজত হোৱা বৈঠকৰ এই ভিডিঅ’টোত যোগৰ বিষয়েও আলোচনা কৰা দেখা গৈছে । দিলজিতে কয় যে যোগৰ শক্তি অপৰিসীম, প্ৰধানমন্ত্ৰী মোদীয়েও এই কথাত সন্মতি প্ৰকাশ কৰে ।
ইফালে এই সাক্ষাতৰ ভিডিঅ’ত দিলজিতে এটা ভক্তিমূলক গীত গোৱা দেখা গৈছিল, যাৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে ওচৰতে ৰখা টেবুলত তবলা সদৃশ তাল দিবলৈ আৰম্ভ কৰে । এই কথা দেখি গায়ক দিলজিত বৰ আনন্দিত হৈছিল । সাক্ষাতৰ শেষত প্ৰধানমন্ত্ৰীয়ে গায়কজনৰ প্ৰতিভাৰ প্ৰশংসা কৰে ।

নতুন আশা-প্ৰত্যাশাৰে দেশবাসীয়ে আদৰিলে নৱবৰ্ষক, প্ৰধানমন্ত্ৰীয়ে জনালে শুভেচ্ছা…

আজি নৱবৰ্ষ ২০২৫ৰ প্ৰথমটো দিন । পুৰণিক বিদায় দি সকলোৱে আদৰিছে নতুন বৰ্ষটোক । সমগ্ৰ বিশ্বৰ লগতে ভাৰততো আনন্দ-উলাহেৰে সকলোৱে নৱবৰ্ষক আদৰণি জনাইছে ।

পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন সময় জ’নৰ বাবে, প্ৰতিখন দেশৰ নতুন বছৰ বেলেগ বেলেগ সময়ত আৰম্ভ হয় । নৱবৰ্ষ প্ৰথমে কিৰিটমতী দ্বীপত (খ্ৰীষ্টমাছ দ্বীপ) উদযাপন কৰা হয় । বিশ্বৰ ৪১ খন দেশৰ পিছত, ভাৰতেও নৱবৰ্ষ উদযাপন কৰে ।

এয়া উদযাপন কৰাৰ, অতীতক এৰি এক উজ্জ্বল ভৱিষ্যতৰ আশাৰে আগবাঢ়ি যোৱাৰ সময় । সেয়েহে আজিৰ দিনটোতে সকলোৱে নতুন উদ্যমৰে, নতুন পৰিকল্পনাৰে সংকল্প লৈছে আগবাঢ়ি যোৱাৰ । বছৰটো মংগলময় হৈ পৰাৰ কামনাৰে ইজনে সিজনক নৱবৰ্ষৰ শুভেচ্ছাৰে উপচাই পেলোৱা পৰিলক্ষিত হৈছে । ইয়াৰ মাজতে প্ৰধানমন্ত্ৰীকে ধৰি  দেশৰ ৰাজনৈতিক নেতাসকলেও ছ’চিয়েল মিডিয়াৰ জৰিয়তে ৰাইজক নৱবৰ্ষৰ শুভেচ্ছা জনাইছে ।

প্ৰধানমন্ত্ৰী মোদীৰ শুভেচ্ছা-

নৱবৰ্ষ উপলক্ষে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমত দেশবাসীক শুভেচ্ছা জনাইছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, “২০২৫ চনৰ শুভেচ্ছা থাকিল । এই বছৰে সকলোৰে বাবে নতুন সুযোগ, সফলতা আৰু বহু সুখ কঢ়িয়াই আনক । সকলোৱে সুস্বাস্থ্য আৰু সমৃদ্ধিৰ আশীৰ্বাদ লাভ কৰক ।”

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনালে শুভেচ্ছা-

ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত ৰাইজক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছে । তেওঁ কয়, “২০২৫ বৰ্ষৰ শুভেচ্ছা থাকিল । মা কামাখ্যাই আমাৰ সকলো সাধনাতে আমাক পথ প্ৰদৰ্শন কৰি যাওক ।“

আন এটা পোষ্টত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “জয় শ্ৰী ৰাম ৷ ভগৱান ৰামৰ ওচৰত প্ৰাৰ্থনা জনাইছো যে আপোনাৰ এই নতুন বছৰটো সুখ আৰু সমৃদ্ধিশালী হওক ।“

বছৰৰ শেষৰটো ‘মন কি বাত’, প্ৰধানমন্ত্ৰী মোদীয়ে জনসাধাৰণক জনালে এই আহ্বান…

মন কি বাতৰ ১১৭ সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংবিধানক তেওঁৰ চৰকাৰৰ পথ প্ৰদৰ্শক শক্তি বুলি অভিহিত কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই আগন্তুক জানুৱাৰীত ভাৰতীয় সংবিধানে ৭৫ বছৰ সম্পূৰ্ণ কৰিব, এই বৃহৎ অনুষ্ঠানটোক সন্মান জনাই চৰকাৰে দেশজোৰা অভিযান আৰম্ভ কৰিছে, নাগৰিকসকলক সংবিধানৰ প্ৰস্তাৱনা পঢ়াৰ ভিডিঅ’ শ্বেয়াৰ কৰিবলৈ আহ্বান জনাইছে ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘সংবিধানৰ উত্তৰাধিকাৰৰ সৈতে দেশৰ নাগৰিকক সংযোগ কৰিবলৈ এটা বিশেষ ৱেবছাইট http://Constitution75.com প্ৰস্তুত কৰা হৈছে । আপুনি ইয়াত নিজ নিজ ভাষাত সংবিধান পঢ়িব পাৰে আৰু ইয়াৰ লগত জড়িত প্ৰশ্ন সুধিব পাৰে ।‘ ইফালে ১৩ জানুৱাৰীৰ পৰা প্ৰয়াগৰাজত অনুষ্ঠিত হ’বলগীয়া মহাকুম্ভ অনুষ্ঠান সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কুম্ভৰ সৈতে জড়িত তথ্য লাভ কৰিব পৰাকৈ ব্যৱহাৰকাৰীৰ বাবে ১১টা ভাৰতীয় ভাষাত এ আই চেটব’ট উপলব্ধ ।

ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে কয়, ‘ডিজিটেল নেভিগেচনৰ সহায়ত আপুনি ২০২৫ চনৰ মহাকুম্ভত সাধুসকলৰ বিভিন্ন ঘাট, মন্দিৰ আৰু আখাড়াত উপনীত হ’ব পাৰিব । একেটা নেভিগেচন ব্যৱস্থাই আপোনাক পাৰ্কিং স্থানত উপনীত হোৱাতো সহায় কৰিব । ‘মহাকুম্ভ’ক ঐক্যৰ মহাকুম্ভ বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ভক্তসকলক সমাজৰ পৰা ঘৃণা আৰু বিভাজন দূৰ কৰাৰ প্ৰতিশ্ৰুতিৰে ইয়াত যোগদান কৰিবলৈ আহ্বান জনায় । ছবিৰ জৰিয়তে ভাৰতৰ শক্তিক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে অহা বছৰ ভাৰতত অনুষ্ঠিত হ’বলগীয়া WAVES সন্মিলন ভাৰতক বিশ্বব্যাপী বিষয়বস্তু সৃষ্টিৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ ।

লগতে প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘যেতিয়া আমি ৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিৰ দিশে আগবাঢ়িছো, আমাৰ সৃষ্টিশীল অৰ্থনীতিয়ে এক নতুন শক্তি আনিছে । মই ভাৰতৰ মনোৰঞ্জন আৰু সৃষ্টিশীল উদ্যোগক ৱেভছ ছামিটৰ অংশ হ’বলৈ আহ্বান জনাম ।

ভাৰতীয় গ্ৰেণ্ডমাষ্টাৰ ডি গুকেশক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ, বিশ্ব দবা চেম্পিয়নৰ খিতাপ জয়ৰ বাবে অভিনন্দন

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে ভাৰতীয় গ্ৰেণ্ডমাষ্টাৰ ডি গুকেশক সাক্ষাৎ কৰি বিশ্ব দবা চেম্পিয়নশ্বিপৰ খিতাপ জয়ৰ বাবে তেওঁক অভিনন্দন জনায় । এই সময়ছোৱাত গুকেশৰ পিতৃ-মাতৃ উপস্থিত আছিল । উল্লেখ্য যে, চলিত মাহত বিশ্ব দবা চেম্পিয়নশ্বিপৰ চতুৰ্দশ আৰু অন্তিম ৰাউণ্ডত চীনৰ ডিং লিৰেনক পৰাস্ত কৰি খিতাপ দখল কৰিছিল গুকেশে । লিৰেনক পৰাস্ত কৰি তেওঁ বিশ্বৰ আটাইতকৈ কম বয়সীয়া দবা চেম্পিয়ন হয় । ১৮ বছৰ বয়সত তেওঁ সৃষ্টি কৰে এই ইতিহাস ।

গুকেশক সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে-

প্ৰধানমন্ত্ৰী বাসগৃহত হোৱা এই সাক্ষাতৰ ছবি শ্বেয়াৰ কৰি মোদীয়ে নিজৰ এক্স  হেণ্ডেলত লিখিছে- দবা চেম্পিয়ন আৰু ভাৰতৰ গৌৰৱ ডি গুকেশৰ সৈতে এক সুন্দৰ বাৰ্তালাপত মিলিত হলো । যোৱা কেইবছৰমানৰ পৰা তেওঁৰ সৈতে ঘনিষ্ঠভাৱে মত বিনিময় কৰি আহিছো, আৰু তেওঁৰ বিষয়ে মোক আটাইতকৈ বেছি আপ্লুত কৰা কথাটো হ’ল তেওঁৰ দৃঢ়তা আৰু নিষ্ঠা । তেওঁৰ আত্মবিশ্বাস সঁচাকৈয়ে প্ৰেৰণাদায়ক । আচলতে কেইবছৰমান পূৰ্বে তেওঁৰ এটা ভিডিঅ’ মনত আছে য’ত তেওঁ কৈছিল যে তেওঁ এতিয়ালৈকে সৰ্বকণিষ্ঠ বিশ্ব চেম্পিয়ন হ’ব– যিটো ভৱিষ্যদ্বাণী এতিয়া তেওঁৰ নিজৰ প্ৰচেষ্টাৰ বাবেই সঁচা হৈছে ।

গুকেশৰ পিতৃ-মাতৃকো সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে

এই সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদীয়ে গুকেশৰ পিতৃ-মাতৃৰ সৈতেও বাৰ্তালাপ কৰে । তেওঁ কয়-প্ৰতিগৰাকী খেলুৱৈৰ সফলতাত তেওঁলোকৰ পিতৃ-মাতৃয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । প্ৰতিটো কঠিন পৰিস্থিতিত গুকেশক পিতৃ-মাতৃয়ে সহায় কৰাৰ বাবে মই শলাগ লৈছিলো । তেওঁৰ এই সমৰ্পণে ক্ৰীড়াক কেৰিয়াৰ হিচাপে লোৱাৰ সপোন দেখা যুৱ আকাংক্ষীৰ অগণন অভিভাৱকক অনুপ্ৰাণিত কৰিব ।

গুকেশে প্ৰধানমন্ত্ৰীক বিশেষ উপহাৰ দিয়ে-

এই বৈঠকত গুকেশেও প্ৰধানমন্ত্ৰী মোদীক বিশেষ উপহাৰ দিয়ে । তেওঁ প্ৰধানমন্ত্ৰীক দবা বৰ্ড উপহাৰ দিয়ে । প্ৰধানমন্ত্ৰীয়ে আৰু লিখিছে – গুকেশৰ পৰা তেওঁ জয়ী হোৱা খেলখনৰ মূল দবা বৰ্ডখনো পাই সুখী হৈছো । তেওঁ আৰু ডিং লিৰেন দুয়োৰে স্বাক্ষৰিত দবা ফলকখন এক বহুমূলীয়া স্মৃতি ।

১৪খন ৰাজ্যৰ ১৭টি শিশুক ‘বাল  পুৰস্কাৰ‘ প্ৰদান কৰিলে ৰাষ্ট্ৰপতিয়ে; সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ১৭ টি শিশুক ‘প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ’ প্ৰদান কৰে । কলা, সংস্কৃতি, ক্ৰীড়াকে ধৰি বিভিন্ন ক্ষেত্ৰত অসাধাৰণ সাহস আৰু অসাধাৰণ কৃতিত্বৰ বাবে এই বঁটা প্ৰদান কৰা হয় । এই বঁটাসমূহ সাতটা শিতানত প্ৰদান কৰা হয়- শিল্প আৰু সংস্কৃতি, সাহস, উদ্ভাৱন, বিজ্ঞান আৰু প্ৰযুক্তি, সমাজ সেৱা, ক্ৰীড়া আৰু পৰিৱেশ । এইবাৰ ১৪খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা নিৰ্বাচিত ৭ জন ল’ৰা আৰু ১০ গৰাকী ছোৱালীক এই বঁটাৰে সন্মানিত কৰা হয় । এই বঁটাৰ অধীনত শিশুসকলক পদক, প্ৰমাণ পত্ৰ আৰু প্ৰশস্তি পুস্তিকা প্ৰদান কৰা হয় । ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সন্মানিত শিশুসকলক সাক্ষাৎ কৰে । এই সময়ছোৱাত তেওঁ বঁটাপ্ৰাপ্ত শিশুসকলৰ সৈতে বাৰ্তালাপ কৰে ।

কোন শিশু আৰু কি পুৰস্কাৰ হিচাপে পায় ?

১৯৯৬ চনত আৰম্ভ হৈছিল প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ । মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰৰ বাবে শিশুক বাছনি কৰে । এই বঁটা লাভ কৰা শিশুসকলক এক লাখ টকা ধনৰ লগতে প্ৰমাণ পত্ৰও দিয়া হয় ।

এই শিতানত বঁটা প্ৰদান কৰা হয়-

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী বাল পুৰস্কাৰক ৬টা শিতানত দিয়া হৈছিল, যিটো এতিয়া ৭টালৈ বৃদ্ধি কৰা হৈছে । এই বঁটাসমূহ এতিয়া কলা-সংস্কৃতি, সাহস, উদ্ভাৱন, শিক্ষা, সমাজসেৱা আৰু ক্ৰীড়া আদিত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা শিতানত দিয়া হয় ।

অৰ্থনীতিবিদ আৰু বিশেষজ্ঞক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ; ২০২৫-২৬ বৰ্ষৰ বাজেটৰ ওপৰত আলোচনা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আগন্তুক বাজেটৰ বাবে তেওঁলোকৰ মতামত আৰু পৰামৰ্শ জানিবলৈ আজি বিশিষ্ট অৰ্থনীতিবিদ আৰু বিশেষজ্ঞসকলক সাক্ষাৎ কৰে । বৈঠকত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু নিটি আয়োগৰ উপাধ্যক্ষ সুমন বেৰী উপস্থিত থাকে । ইয়াৰ উপৰিও পলিচি থিংক টেংকৰ আন সদস্যসকলো এই বৈঠকত উপস্থিত থকা দেখা যায় ।

প্ৰকৃততে বাজেটৰ পূৰ্বে সদায় বিভিন্ন বিশেষজ্ঞৰ মতামত লোৱা হয় । এই সন্দৰ্ভত আজি প্ৰধানমন্ত্ৰী মোদীয়ে অৰ্থনীতিবিদ আৰু বিশেষজ্ঞৰ সৈতে আলোচনাত মিলিত হয় । অর্থনীতি উন্নীতকৰণৰ বিকল্প সন্দৰ্ভত বিশেষজ্ঞৰ সৈতে আলোচনা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ।

উল্লেখ্য যে, কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২৫-২৬ চনৰ বাজেট ১ ফেব্ৰুৱাৰীত লোকসভাত দাখিল কৰিব । ২০ ডিচেম্বৰত বিত্তমন্ত্ৰী সীতাৰমণৰ অধ্যক্ষতাত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৈতে বাজেটৰ পূৰ্বে আলোচনা বৈঠক অনুষ্ঠিত হয় । পঞ্জাৱ, কেৰালাৰ দৰে আৰ্থিকভাৱে সংকটগ্ৰস্ত ৰাজ্যৰ বিত্তমন্ত্ৰীসকলে চৰকাৰৰ পৰা সকাহ বিচাৰে ।

শ্যাম বেনেগালৰ মৃত্যুত শোক প্ৰকাশ প্ৰধানমন্ত্ৰী মোদীৰ, চলচ্চিত্ৰ জগতেও জনালে শ্ৰদ্ধাঞ্জলি

হিন্দী চলচ্চিত্ৰ জগততৰ প্ৰখ্যাত প্ৰবীণ পৰিচালক শ্যাম বেনেগালে ৯০ বছৰ বয়সত সোমবাৰে শেষ নিশ্বাস ত্যাগ কৰে । দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ আছিল বিশিষ্ট চলচ্চিত্ৰ পৰিচালকজন । তেখেতৰ মৃত্য সমগ্ৰ উদ্যোগটোৰ বাবে এক ডাঙৰ ক্ষতি । শ্যামৰ কন্যা পিয়া বেনেগালে এই খবৰ নিশ্চিত কৰে । বেনেগালক ১৯৭৬ চনত ভাৰত চৰকাৰে পদ্মশ্ৰী আৰু ১৯৯১ চনত পদ্মভূষণ বঁটা প্ৰদান কৰিছিল । তেওঁৰ সফল ছবিসমূহৰ ভিতৰত আছে মন্থন, জুবেইদা আৰু চৰ্দাৰী বেগম । ২৪ ডিচেম্বৰ মঙলবাৰে বিয়লি ২ বজাত মুম্বাইৰ শিৱাজী পাৰ্ক ইলেক্ট্ৰিক শ্মশানত শ্যাম বেনেগালৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব ।

পৰিচালকগৰাকীৰ মৃত্যুত শোক প্ৰকাশ বিভিন্নজনৰ-

তেওঁৰ মৃত্যত শোক প্ৰকাশ কৰি ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে লিখিছে – শ্ৰী শ্যাম বেনেগালৰ মৃত্যুৰ লগে লগে ভাৰতীয় চিনেমা আৰু টেলিভিছনৰ এক গৌৰৱময় অধ্যায়ৰ অন্ত পৰিল । তেওঁ এক নতুন ধৰণৰ চিনেমা আৰম্ভ কৰিছিল আৰু বহুতো ক্লাছিক ছবি নিৰ্মাণ কৰিছিল । প্ৰকৃত প্ৰতিষ্ঠান হিচাপে ই বহু অভিনেতা আৰু শিল্পীৰ সৃষ্টি কৰিছে । তেওঁৰ এই ব্যতিক্ৰমী অৱদানে দাদাচাহেব ফালকে বঁটা আৰু পদ্মভূষণকে ধৰি কেইবাটাও বঁটাৰে স্বীকৃতি লাভ কৰে । তেওঁৰ পৰিয়ালৰ সদস্য আৰু তেওঁৰ অগণন অনুৰাগীলৈ মোৰ সমবেদনা জ্ঞাপন কৰিলোঁ ।

পৰিচালক শ্যাম বেনেগালৰ মৃত্যুত শোক প্ৰকাশ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । তেওঁৰ মৃত্যুত মৰ্মাহত হৈ প্ৰধানমন্ত্ৰী মোদীয়ে টুইটাৰত লিখিছে – ভাৰতীয় চিনেমাত গল্প কোৱাৰ দক্ষতাই গভীৰ প্ৰভাৱ পেলোৱা শ্ৰী শ্যাম বেনেগল জীৰ মৃত্যুত গভীৰভাৱে শোক প্ৰকাশ কৰিছো । তেওঁৰ এই কামৰ সদায় বিভিন্ন ক্ষেত্ৰৰ লোকে শলাগ ল’ব । তেওঁৰ পৰিয়াল আৰু অনুৰাগীলৈ সমবেদনা জ্ঞাপন কৰিলোঁ ।

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও পৰিচালক শ্যাম বেনেগালৰ মৃত্যুত শোক প্ৰকাশ কৰে । এক্সত পোষ্ট কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লিখিছে, “আমাৰ আইকনিক চলচ্চিত্ৰ নিৰ্মাতা শ্যাম বেনেগালৰ মৃত্যুত দুখী । ভাৰতীয় পেৰেলেল চিনেমাৰ এক স্তম্ভ, তেওঁক সকলো ৰসিকৰ প্ৰিয় আৰু প্ৰশংসা কৰা হৈছিল । তেখেতৰ পৰিয়াল, বন্ধু-বান্ধৱী আৰু অনুগামীসকলৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিছো ।”

পৰিচালকগৰাকীক স্মৰণ কৰি লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে লিখিছে – শ্যাম বেনেগল জীৰ মৃত্যুত মই দুখী, তেওঁ আছিল ভাৰতৰ কাহিনীবোৰক গভীৰতা আৰু সংবেদনশীলতাৰে সজীৱ কৰি তোলা এজন দূৰদৰ্শী চলচ্চিত্ৰ নিৰ্মাতা । চিনেমাৰ ক্ষেত্ৰত তেওঁৰ উত্তৰাধিকাৰ আৰু সামাজিক বিষয়ৰ প্ৰতি তেওঁৰ দায়বদ্ধতাই প্ৰজন্মক অনুপ্ৰাণিত কৰিব । বিশ্বজুৰি তেওঁৰ আপোনজন আৰু অনুৰাগীলৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰিলোঁ ।

ইফালে বলিউডৰ পৰা আৰম্ভ কৰি চলচ্চিত্ৰ জগতৰ বহুতো প্ৰখ্যাত পৰিচালক, অভিনে-অভিনেত্ৰীয়ে তেখেতৰ মৃত্যত শোক প্ৰকাশ কৰিছে ।

উপসাগৰীয় দেশৰ সৈতে শক্তিশালী হৈছে ভাৰতৰ সম্পৰ্ক, ৮ গুণ বৃদ্ধি এফ ডি আই…

যোৱা কেইবছৰমানৰ পৰা ভাৰতে উপসাগৰীয় দেশসমূহৰ সৈতে সম্পৰ্ক আৰু অধিক সুদৃঢ় কৰি তুলিছে । যাৰ প্ৰভাৱ এতিয়া ভাৰতৰ অৰ্থনীতিত দেখা গৈছে । উপসাগৰীয় দেশসমূহৰ সৈতে ভাৰতৰ সুদৃঢ় সম্পৰ্কৰ বাবে বিনিয়োগ বৃদ্ধি পাইছে । এই দেশসমূহৰ পৰা ভাৰতলৈ অহা বিনিয়োগে দেখুৱাইছে যে ভাৰতৰ প্ৰতি সেই দেশসমূহৰ আস্থা বাঢ়িছে । বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে প্ৰকাশ কৰা প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ তথ্য অনুসৰি বিগত ১০ বছৰত উপসাগৰীয় দেশসমূহৰ পৰা বিনিয়োগ ৮ গুণ বৃদ্ধি পাইছে ।

উপসাগৰীয় দেশসমূহৰ পৰা বৃদ্ধি পাইছে বিনিয়োগ-

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি উপসাগৰীয় সহযোগিতা পৰিষদৰ দেশসমূহৰ পৰা ভাৰতলৈ প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ প্ৰবাহ ২০১৩ চনৰ ছেপ্টেম্বৰৰ পৰা ২০২৪ চনৰ ছেপ্টেম্বৰৰ ভিতৰত ২৪.৫৪ বিলিয়ন ডলাৰৰ ওপৰত বৃদ্ধি পাইছে । যিটো ২০০০ চনৰ এপ্ৰিলৰ পৰা ২০১৩ চনৰ ছেপ্টেম্বৰৰ ভিতৰত ৩.০৪৬ বিলিয়ন ডলাৰ আছিল ডলাৰৰ প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ পৰিসংখ্যাৰ তুলনাত ৮গুণ বৃদ্ধি পাইছে ।

কোনখন দেশৰ পৰা কিমান এফ ডি আই আহিছে-

তথ্য অনুসৰি জি চি চি দেশৰ পৰা ভাৰতলৈ ৮৯ শতাংশ প্ৰত্যক্ষ বিদেশী বিনিয়োগ বিগত ১০ বছৰত আহিছে, যিয়ে ভাৰত আৰু উপসাগৰীয় অঞ্চলৰ মাজত ক্ৰমবৰ্ধমান অৰ্থনৈতিক সম্পৰ্কৰ প্ৰতিফলন ঘটায় । বৰ্তমান কুৱেইটে উপসাগৰীয় সহযোগিতা পৰিষদৰ অধ্যক্ষতা কৰি আছে, গতিকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমীৰাট ভ্ৰমণে বাহৰেইন, ওমান, কাটাৰ, চৌদি আৰব, ইউ এ ই আৰু কুৱেইটক লৈ গঠিত এই প্ৰভাৱশালী গোটৰ সৈতে ভাৰতৰ সংযোগ বৃদ্ধি কৰাৰ সম্ভাৱনা আছে ।

শনিবাৰে বিয়লি কুৱেইটত উপস্থিত হৈ ৪৩ বছৰৰ ভিতৰত উপসাগৰীয় দেশ ভ্ৰমণ কৰা প্ৰথমজন ভাৰতীয় প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হয় প্ৰধানমন্ত্ৰী মোদী । তেওঁ কয় যে কুৱেইট বিনিয়োগ কৰ্তৃপক্ষই ভাৰতত ১০ বিলিয়ন ডলাৰতকৈ অধিক বিনিয়োগ কৰিছে, যাৰ ফলত দুয়োখন দেশৰ আৰ্থিক সম্পৰ্ক সুদৃঢ় হৈছে । প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে কুৱেইট বিনিয়োগ কৰ্তৃপক্ষই ভাৰতত যথেষ্ট বিনিয়োগ কৰিছে আৰু এতিয়া ভাৰতত বিনিয়োগৰ আগ্ৰহ বাঢ়িছে ।

কুৱেইট ভাৰতৰ বাবে এক গুৰুত্বপূৰ্ণ অংশীদাৰ-

কুৱেইট নিউজ এজেন্সীৰ সৈতে হোৱা এক সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বেপাৰ আৰু বাণিজ্য কুৱেইট আৰু ভাৰতৰ মাজত দ্বিপাক্ষিক সম্পৰ্কৰ গুৰুত্বপূৰ্ণ স্তম্ভ হৈ আহিছে, দুমুখীয়া বাণিজ্য বৃদ্ধি পাইছে । কুৱেইট ভাৰতৰ বাবে এক গুৰুত্বপূৰ্ণ অংশীদাৰ, ইয়াৰ ষষ্ঠ বৃহত্তম খাৰুৱা তেলৰ যোগানকাৰী আৰু ভাৰতৰ শক্তিৰ প্ৰয়োজনীয়তাৰ ৩ শতাংশ পূৰণ কৰে । ২০২৩-২৪ চনত দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক বাণিজ্য ১০.৪৭ বিলিয়ন ডলাৰত উপনীত হোৱাৰ বিপৰীতে ভাৰতৰ ৰপ্তানি বছৰৰ পিছত বছৰ ধৰি ৩৪.৭ শতাংশ বৃদ্ধি পাইছে ।

ইফালে, জি চি চি দেশসমূহৰ সৈতে ভাৰতৰ বাণিজ্য ২০২২-২৩ চনত ১৮৪.৪৬ বিলিয়ন ডলাৰৰ শক্তিশালী ৰূপত উপনীত হয় । বিশেষকৈ অটোম’বাইল, বৈদ্যুতিক আৰু যান্ত্ৰিক যন্ত্ৰপাতি আৰু টেলিকমিউনিকেচন খণ্ডত ‘মেড ইন ইণ্ডিয়া’ সামগ্ৰীয়ে কুৱেইটত নতুনকৈ আগ্ৰাসন কৰা দেখি আমি আনন্দিত হৈছো বুলি প্ৰধানমন্ত্ৰী মোদীয়ে কয় ।

ডেৰ বছৰত ১০ লাখ লোকে লাভ কৰিলে চৰকাৰী চাকৰি, নিয়োগ মেলাত ৭১ হাজাৰ নিযুক্তি পত্ৰ বিতৰণ প্ৰধানমন্ত্ৰী মোদীৰ

সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে তেওঁৰ চৰকাৰে যোৱা ডেৰ বছৰত যুৱক-যুৱতীসকলক প্ৰায় ১০ লাখ স্থায়ী চৰকাৰী চাকৰি প্ৰদান কৰিছে, যিটো তেওঁ অভিলেখ বুলি দাবী কৰে । চাকৰি মেলাত নিযুক্তিপ্ৰাপ্তসকলক নিযুক্তি পত্ৰ প্ৰদান কৰি তেওঁ কয় যে কোনো চৰকাৰৰ কাৰ্যকালত ইয়াৰ পূৰ্বে কেতিয়াও এনে “মিছন মোড”ত চাকৰি দিয়া হোৱা নাছিল ।

ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে নিযুক্তি পত্ৰ বিতৰণ-

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে দেশৰ ৪৫টা স্থানত আয়োজন কৰা নিয়োগ মেলাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৭১ হাজাৰ যুৱক-যুৱতীক যোগদান পত্ৰ বিতৰণ কৰে । প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ চৰকাৰৰ নীতি আৰু কাৰ্যসূচীৰ মূলতে যুৱ জনসংখ্যা আৰু নিযুক্তি প্ৰক্ৰিয়াত সততা আৰু স্বচ্ছতাক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়া হৈছে ।

নাৰীক আত্মনিৰ্ভৰশীল কৰি তোলাৰ ওপৰত গুৰুত্ব দিয়া হৈছে-

নিয়োগ মেলাত ভাষণ দি প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে বৃহৎ সংখ্যক নিযুক্তিপ্ৰাপ্ত মহিলা আছে আৰু তেওঁৰ চৰকাৰৰ প্ৰচেষ্টা হৈছে মহিলাসকলক প্ৰতিটো ক্ষেত্ৰতে স্বাৱলম্বী কৰি তোলা । তেওঁ কয় যে মহিলাসকলৰ বাবে ২৬ সপ্তাহৰ প্ৰসূতিকালীন ছুটীৰ নীতি তেওঁলোকৰ কেৰিয়াৰত সহায়ক বুলি প্ৰমাণিত হৈছে । লগতে তেওঁ কয় যে ‘প্ৰধানমন্ত্ৰী আৱাস যোজনা’ৰ অধীনত নিৰ্মাণ কৰা ঘৰৰ মালিকৰ অধিকাংশই মহিলা ।

ছাত্ৰ-ছাত্ৰীয়ে ১৩টা ভাৰতীয় ভাষাত নামভৰ্তি পৰীক্ষা দিব পাৰিব-

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতীয় যুৱক-যুৱতীসকলৰ সামৰ্থ আৰু প্ৰতিভাক অনুকূলভাৱে ব্যৱহাৰ কৰাটো তেওঁৰ চৰকাৰৰ বাবে অগ্ৰাধিকাৰ  আৰু তেওঁলোক ষ্টাৰ্টআপ ইণ্ডিয়া, ডিজিটেল ইণ্ডিয়া, আৰু মহাকাশ আৰু প্ৰতিৰক্ষা খণ্ডৰ সংস্কাৰৰ দৰে কেইবাখনো আঁচনিৰ অংশ । লগতে তেওঁ কয় যে ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে যুৱক-যুৱতীসকলৰ বিকাশৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে, মাতৃভাষাৰ ব্যৱহাৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে । তেওঁৰ চৰকাৰে নিশ্চিত কৰিছে যে যুৱক-যুৱতীসকলে ১৩টা ভাৰতীয় ভাষাত নিযুক্তি পৰীক্ষা দিব পাৰে যাতে ভাষা বাধা হৈ নপৰে ।