কুৱেইট ভ্ৰমণ সম্পূৰ্ণ কৰি দিল্লীলৈ উভতিল প্ৰধানমন্ত্ৰী মোদী, কিয় ঐতিহাসিক আছিল এই যাত্ৰা

দুদিনীয়া কুৱেইট ভ্ৰমণৰ সামৰি দেওবাৰে নিশা দিল্লীৰ আই এফ এছ পালাম বিমানবন্দৰত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । ৪৩ বছৰৰ পিছত ভাৰতৰ কোনো প্ৰধানমন্ত্ৰীৰ এয়া আছিল প্ৰথম কুৱেইট ভ্ৰমণ । কুৱেইটৰ আমিৰ শ্বেইখ মেছাল আল আহমদ আল জাবেৰ আল ছাবাহৰ আমন্ত্ৰণত উপস্থিত হৈছিল প্ৰধানমন্ত্ৰী মোদী । তেওঁ কুৱেইটত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰি ভাৰত-কুৱেইটৰ সম্পৰ্ক আৰু অধিক গভীৰ কৰাৰ বাবে ৰাষ্ট্ৰপতিগৰাকীক সাক্ষাৎ কৰে ।

উপসাগৰীয় দেশখনত যোগৰ প্ৰচাৰ কৰা কুৱেইটৰ ছ’চিয়েল মিডিয়াৰ প্ৰভাৱশালী ব্যক্তিৰ সৈতেও প্ৰধানমন্ত্ৰীয়ে মত বিনিময় কৰে । তেওঁ কুৱেইটৰ আমিৰ মেছাল আল-আহমদ আল-জাবেৰ আল-ছাবাহৰ সৈতে ফাৰ্মাচিউটিকেল, আই টি, ফিনটেক আৰু নিৰাপত্তাৰ দৰে মূল খণ্ডত সহযোগিতাৰ বিষয়ে আলোচনা কৰে । দুয়োজন নেতাই দ্বিপাক্ষিক সম্পৰ্কক ‘কৌশলগত অংশীদাৰিত্ব’লৈ উন্নীত কৰিবলৈ সন্মত হয় । কুৱেইটৰ প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী মোদী ভাৰতলৈ ওভতাৰ সময়ত বিমানবন্দৰত বিদায় দিবলৈয়ো উপস্থিত হয় ।

কুৱেইটৰ শীৰ্ষ নেতৃত্বৰ সৈতে হোৱা আলোচনাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীক বায়ান পেলেচত আনুষ্ঠানিকভাৱে আদৰণি জনোৱাৰ লগতে গাৰ্ড অৱ অনাৰ দিয়া হয় । প্ৰধানমন্ত্ৰী মোদীৰ কুৱেইট ভ্ৰমণৰ দ্বিতীয় দিনা তেওঁক উষ্ম আদৰণি জনায় কুৱেইটৰ প্ৰধানমন্ত্ৰী আহমেদ আল আব্দুল্লাহ আল আহমদ আল ছাবাহে । ভাৰত আৰু কুৱেইটৰ মাজত শক্তিশালী ঐতিহাসিক আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্কক স্মৰণ কৰি দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সহযোগিতাক আৰু অধিক উচ্চতালৈ লৈ যোৱাৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰে ।

প্ৰধানমন্ত্ৰী মোদীয়ে ইনষ্টাগ্ৰামৰ এটা পোষ্টত কয়, ‘কুৱেইটৰ আমিৰ শ্বেখ মেছাল আল আহমদ আল-জাবেৰ আল ছাবাহৰ সৈতে হোৱা বৈঠক অতি উত্তম আছিল । আমি ফাৰ্মাচিউটিকেলছ, আই টি, ফিনটেক, আন্তঃগাঁথনি আৰু নিৰাপত্তাৰ দৰে মূল ক্ষেত্ৰত সহযোগিতাৰ বিষয়ে আলোচনা কৰিলোঁ । আমাৰ দেশসমূহৰ মাজত থকা ঘনিষ্ঠ সম্পৰ্কৰ লগত খাপ খুৱাই আমি আমাৰ অংশীদাৰিত্বক কৌশলগত স্তৰলৈ উন্নীত কৰিছো আৰু মই আশা কৰিছো যে আগন্তুক সময়ত আমাৰ বন্ধুত্ব আৰু অধিক শক্তিশালী হৈ উঠিব আৰু কুৱেইটৰ অধ্যক্ষতাত ভাৰত আৰু উপসাগৰীয় সহযোগিতা পৰিষদৰ মাজৰ সম্পৰ্ক অধিক শক্তিশালী হ’ব ।‘

প্ৰধানমন্ত্ৰী মোদীলৈ কুৱেইটৰ সৰ্বোচ্চ সন্মান…ভাৰতৰ প্ৰধানমন্ত্ৰীক ‘দ্য অৰ্ডাৰ অৱ মুবাৰক আল কবীৰ’ প্ৰদান

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দেওবাৰে (২২ ডিচেম্বৰ, ২০২৪) কুৱেইট ভ্ৰমণৰ অন্তিম দিনা বায়ান পেলেচত গাৰ্ড অৱ অনাৰ প্ৰদান কৰা হয় । কুৱেইটে প্ৰধানমন্ত্ৰী মোদীক সৰ্বোচ্চ সন্মান দ্য অৰ্ডাৰ অৱ মুবাৰক আল কবীৰক সন্মান প্ৰদান কৰে । বায়ান প্ৰাসাদ কুৱেইটৰ ক্ষমতাৰ প্ৰতীক আৰু ইয়াত বহু দেশৰ দূতাবাসো আছে ।

যিকোনো দেশে প্ৰধানমন্ত্ৰী মোদীক প্ৰদান কৰা এয়া ২০ সংখ্যক আন্তৰ্জাতিক সন্মান । এই অৰ্ডাৰ বন্ধুত্বৰ প্ৰতীক হিচাপে উপস্থাপন কৰা হৈছে । বিদেশী ৰাষ্ট্ৰপতি আৰু বিদেশী ৰাজপৰিয়ালৰ সদস্যক প্ৰদান কৰা হয় এই সন্মান । ইয়াৰ পূৰ্বে এই সন্মান বিল ক্লিণ্টন, প্ৰিন্স চাৰ্লছ আৰু জৰ্জ বুশ্বৰ দৰে বিদেশী নেতাক প্ৰদান কৰা হৈছে ।

দুয়োখন দেশৰ মাজত হ’ব বহু চুক্তি-

প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণৰ সময়ত দুয়োখন দেশৰ মাজতো বহু চুক্তি স্বাক্ষৰিত হ’ব । উপসাগৰীয় দেশসমূহৰ সৈতে সম্পৰ্ক সুদৃঢ় কৰাৰ দিশত ভাৰত চৰকাৰে কাম কৰি আছে । বিশেষকৈ বাণিজ্য, বিনিয়োগ আৰু শক্তিৰ ক্ষেত্ৰত ভাৰত-কুৱেইট সম্পৰ্কক নতুন গতি প্ৰদানৰ ওপৰত গুৰুত্ব আৰোপ কৰি কুৱেইটৰ আমিৰ শ্বেইখ মেছাল আল আহমদ আল-জাবেৰ আল-ছাবাহৰ সৈতে আলোচনাত মিলিত হয় প্ৰধানমন্ত্ৰী মোদী ।

ভাৰতীয় সম্প্ৰদায়ক সম্বোধন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে-

কুৱেইটৰ আমন্ত্ৰণত শনিবাৰে (২১ ডিচেম্বৰ ২০২৪) ইয়াত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী । এই উপসাগৰীয় দেশখনলৈ যোৱা ৪৩ বছৰৰ ভিতৰত কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীৰ এয়া প্ৰথম ভ্ৰমণ । শনিবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতীয় সম্প্ৰদায়ৰ এক অনুষ্ঠানত ভাষণ দিয়াৰ লগতে ভাৰতীয় শ্ৰমিক শিবিৰো পৰিদৰ্শন কৰে । ভাৰত কুৱেইটৰ অন্যতম শীৰ্ষ বাণিজ্যিক অংশীদাৰ আৰু ভাৰতীয় সম্প্ৰদায় কুৱেইটৰ সৰ্ববৃহৎ প্ৰবাসী সম্প্ৰদায় ।

আৰবীয়ান গাল্ফ কাপৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী মোদীৰ, কুৱেইটৰ আমিৰকো সাক্ষাৎ

শনিবাৰে (২১ ডিচেম্বৰ) কুৱেইটত অনুষ্ঠিত ২৬ সংখ্যক আৰবীয়ান গাল্ফ কাপৰ মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । এই উপলক্ষে তেওঁ কুৱেইটৰ আমিৰ শ্বেইখ মাছাল আল আহমদ আল-জাবেৰ আল-ছাবাহক সাক্ষাৎ কৰে । এই ফুটবল প্ৰতিযোগিতাৰ আয়োজনৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে অংশগ্ৰহণ কৰা সকলো দেশকে শুভেচ্ছা জনায় । আৰবীয়ান গাল্ফ কাপত গাল্ফ ক’অপাৰেচন কাউন্সিল (জি চি চি)ৰ সদস্য ৰাষ্ট্ৰ, ইৰাক আৰু য়েমেনৰ দৰে আঠখন দেশে অংশগ্ৰহণ কৰিছে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই ভ্ৰমণ বিশেষভাৱে ঐতিহাসিক কাৰণ ৪৩ বছৰৰ পাছত কুৱেইটলৈ কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে ভ্ৰমণ কৰিছে । দুদিনীয়া ভ্ৰমণৰ প্ৰথম দিনাই প্ৰধানমন্ত্ৰী মোদীয়ে ‘হালা মোদী’ নামৰ এক বিশেষ অনুষ্ঠানত ভাৰতীয় সম্প্ৰদায়ক সম্বোধন কৰে । তেওঁ বিশ্বৰ প্ৰগতিৰ ক্ষেত্ৰত ভাৰতীয় সম্প্ৰদায়ৰ অৱদানৰ প্ৰশংসা কৰে আৰু ভাৰতক “বিশ্বৰ দক্ষতা ৰাজধানী” হিচাপে গঢ়ি তোলাৰ সম্ভাৱনাৰ ওপৰত আলোকপাত কৰে ।

ভাৰতীয় সম্প্ৰদায়ৰ সৈতে মত বিনিময় কৰে প্ৰধানমন্ত্ৰী মোদীয়ে-

কুৱেইটত ভাৰতীয় জনগোষ্ঠীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতৰ প্ৰতিভা, প্ৰযুক্তি আৰু পৰম্পৰাই কুৱেইটত এক বিশেষ স্থানৰ সৃষ্টি কৰিছে । ভাৰতীয় বৈদেশিক সেৱাৰ এগৰাকী ১০১ বছৰীয়া প্ৰাক্তন বিষয়া আৰু ৰামায়ণ আৰু মহাভাৰত আৰবীলৈ অনুবাদ কৰা দুজন কুৱেইট নাগৰিককো সাক্ষাৎ কৰে তেওঁ । ইয়াৰ উপৰিও তেওঁ ১৫০০ ভাৰতীয় নাগৰিকৰ শ্ৰম শিবিৰ পৰিদৰ্শন কৰি তেওঁলোকৰ সমস্যাৰ বুজ লয় ।

আগন্তুক বৈঠকত প্ৰধানমন্ত্ৰীৰ চকু-

তথ্য অনুসৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভ্ৰমণৰ দ্বিতীয় দিনা কুৱেইটৰ আমিৰ, ক্ৰাউন প্ৰিন্স আৰু প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিব । এই ভ্ৰমণক ভাৰত আৰু কুৱেইটৰ মাজত সম্পৰ্ক আৰু অধিক সুদৃঢ় কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে ।

প্ৰতিশ্ৰুতি পূৰণঃ কুৱেইটত ১০১ বছৰীয়া প্ৰাক্তন IFS বিষয়াক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ

দুদিনীয়া ভ্ৰমণসূচীৰে উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শনিবাৰে কুৱেইটত উষ্ম আদৰণি জনোৱা হয় । দেশখনত উপস্থিত হোৱাৰ লগে লগে তেওঁ প্ৰথমে ১০১ বছৰীয়া প্ৰাক্তন আমোলা মংগল ছেইন হাণ্ডাক লগ পোৱাৰ প্ৰতিশ্ৰুতি পূৰণ কৰে । আৰবী ভাষাত ৰামায়ণ আৰু মহাভাৰত প্রকাশ কৰা আব্দুল্লাতিফ আলনেছিফ আৰু আৰবী ভাষালৈ অনুবাদ কৰা আব্দুল্লা বাৰেনকো সাক্ষাৎ কৰে তেওঁ ।

আৰবী অনুবাদক লৈ সুখ প্ৰকাশ-

আব্দুল্লাতিফ আলনেছিফ আৰু আব্দুল্লা বেৰেনৰ সৈতে হোৱা বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ৰামায়ণ আৰু মহাভাৰতৰ আৰবী সংস্কৰণ দেখি তেওঁ আনন্দিত হৈছে । অটোগ্ৰাফ দি তেওঁ এই কামক প্ৰশংসনীয় বুলি অভিহিত কৰে । প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোকৰ এই পদক্ষেপে বিশ্বজুৰি ভাৰতীয় সংস্কৃতিৰ জনপ্ৰিয়তাক উজ্জ্বল কৰি তুলিছে ।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মোদী হোটেলত উপস্থিত হোৱাৰ লগে লগে তাত সমবেত ভাৰতীয় সম্প্ৰদায়ৰ লোকে তেওঁক কথকলী নৃত্যৰে আদৰণি জডনাই । ইয়াত প্ৰধানমন্ত্ৰীয়ে প্ৰাক্তন আই এফ এছ বিষয়া মংগল ছেইন হাণ্ডাকে ধৰি ভাৰতীয় সম্প্ৰদায়ৰ সদস্যসকলক সাক্ষাৎ কৰে । মংগল ছেইনে বৈদেশিক সেৱাত কাৰ্যনিৰ্বাহ কৰি থকাৰ ইৰাক, কুৱেইট, চীন, আৰ্জেণ্টিনা, ব্ৰিটেইন, আৰু কম্বোডিয়াত নিযুক্তি লাভ কৰিছিল । হুইল চেয়াৰত আহি উপস্থিত হোৱা হাণ্ডাক প্ৰধানমন্ত্ৰীৰ সৈতে হাত মিলাই খুব সুখী যেন পৰিলক্ষিত হয় ।

প্ৰধানমন্ত্ৰীয়ে শনিবাৰে পুৱা ছ’চিয়েল মিডিয়াৰ এটা পোষ্টত লিখিছিল যে প্ৰবাসী সম্প্ৰদায়ৰ সৈতে হোৱা বৈঠকৰ সময়ত হাণ্ডাক লগ পাবলৈ তেওঁ আগ্ৰহী । ইয়াৰ পূৰ্বে শ্ৰেয়া জুনেজাই কৰা এটা পোষ্টত প্ৰধানমন্ত্ৰীক তেওঁৰ ককাদেউতাকক লগ কৰিবলৈ অনুৰোধ জনাইছিল । কুৱেইট চহৰৰ ফটো শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে লিখে যে এই আদৰণিত তেওঁ আপ্লুত হৈ পৰিছে ।

কুৱেইটত প্ৰবাসী ভাৰতীয়ক সম্বোধন প্ৰধানমন্ত্ৰী মোদীৰ, কুম্ভলৈ জনালে নিমন্ত্ৰণ…

দুদিনীয়া ভ্ৰমণসূচীৰে শনিবাৰে কুৱেইট উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । দেশখনত উপস্থিত হৈ তেওঁ শনিবাৰে ‘হালা মোদী’ অনুষ্ঠানত ভাৰতীয় প্ৰবাসীসকলক সম্বোধন কৰে । ভাষণত তেওঁ কয় যে, আপোনালোক সকলোকে দেখি মোৰ সন্মুখত ‘মিনি ইণ্ডিয়া’ আবিৰ্ভাৱ হোৱা যেন অনুভৱ হৈছে । য’ত মোৰ সন্মুখত প্ৰতিটো অঞ্চলৰ মানুহ দেখা পাইছো, কিন্তু সকলোৰে হৃদয়ত এটাই প্ৰতিধ্বনি-ভাৰত মাতা কি জয়…

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আজি এই মুহূৰ্তটো মোৰ বাবে ব্যক্তিগতভাৱে অতি বিশেষ, কাৰণ ৪ দশকৰো অধিক সময়ৰ পাছত ভাৰতৰ এজন প্ৰধানমন্ত্ৰী কুৱেইটলৈ আহিছে । যদি আপুনি ভাৰতৰ পৰা ইয়ালৈ আহিব বিচাৰে তেন্তে মাত্ৰ ৪ ঘণ্টা সময় লাগে, কিন্তু এজন প্ৰধানমন্ত্ৰী ইয়ালৈ আহিবলৈ ৪ দশক সময় লাগিল । প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰত আৰু কুৱেইটৰ মাজৰ সম্পৰ্ক সভ্যতা, সাগৰ আৰু বাণিজ্যৰ । দুয়োখন দেশে সদায়ে ইখনে সিখনৰ হৈ থিয় দি আহিছে ।

ইফালে প্ৰধানমন্ত্ৰী মোদীয়ে ২০২৫ চনৰ জানুৱাৰী মাহত ভাৰতত অনুষ্ঠিত হ’বলগীয়া প্ৰবাসী ভাৰতীয় দিৱস আৰু মহা কুম্ভত অংশগ্ৰহণৰ বাবেও দেশখনৰ প্ৰবাসী ভাৰতীয়সকলক আমন্ত্ৰণ জনায় ।

কুৱেইটত উপস্থিত প্ৰধানমন্ত্ৰী মোদী, আমিৰ আৰু ক্ৰাউন প্ৰিন্সক কৰিব  সাক্ষাৎ

দুদিনীয়া ভ্ৰমণসূচীৰে কুৱেইট উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । ৪৩ বছৰৰ পাছত প্রথমবাৰৰ বাবে ভাৰতৰ কোনো প্রধানমন্ত্রী কুৱেইট ভ্রমণত উপস্থিত হৈছে ৷ উল্লেখ্য যে ছেপ্টেম্বৰ মাহত প্ৰধানমন্ত্ৰী মোদীয়ে কুৱেইটৰ ক্ৰাউন প্ৰিন্সক সাক্ষাৎ কৰিছিল । প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কৈছিল যে কুৱেইটৰ আমিৰ মহামহিম শ্বেখ মেছাল আল আহমদ আল-জাবেৰ আল-ছাবাহৰ আমন্ত্ৰণত প্ৰধানমন্ত্ৰী মোদীয়ে কুৱেইট ভ্ৰমণ কৰিছে ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে এই ভ্ৰমণে ভাৰত আৰু কুৱেইটৰ মাজত দ্বিপাক্ষিক সম্পৰ্কত এক নতুন অধ্যায় আৰম্ভ কৰিব বুলি আশা কৰা হৈছে । বৈদেশিক মন্ত্ৰালয়ৰ মতে, এই ভ্ৰমণৰ সময়ত প্ৰতিৰক্ষা, বাণিজ্য আৰু অন্যান্য ক্ষেত্ৰত দুয়োখন দেশৰ মাজত অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ ওপৰত আলোচনা হ’ব ।

২১ ডিচেম্বৰ, ২০২৪ শনিবাৰ-

-গালফ স্পিক লেবাৰ কেম্প ভ্ৰমণ

-শ্বেইখ সাদ আল আব্দুল্লাহ ইনড’ৰ স্প’ৰ্টছ কমপ্লেক্সত সামূহিক অনুষ্ঠান

>-গালফ কাপ (ফুটবল) মুকলি অনুষ্ঠান

দেওবাৰ, ২২ ডিচেম্বৰ, ২০২৪-

বায়ান পেলেচত গাৰ্ড অৱ অনাৰ

-কুৱেইটৰ আমিৰৰ সৈতে বৈঠক

-কুৱেইটৰ ক্ৰাউন প্ৰিন্সৰ সৈতে সাক্ষাৎ

-কুৱেইটৰ প্ৰধানমন্ত্ৰীৰ সৈতে বৈঠক আৰু পৰৱৰ্তী বুজাবুজি চুক্তি স্বাক্ষৰ

-প্ৰেছ ব্রিফিং

-দিল্লীলৈ যাত্ৰা

-দিল্লীৰ বায়ুসেনা ষ্টেচন পালামত উপস্থিত

ভাৰত মণ্ডপমত অনুষ্ঠিত হ’ব এইবাৰৰ ‘পৰীক্ষা পে চৰ্চা’, শিক্ষাৰ্থীৰ সৈতে মত বিনিময় কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

পৰীক্ষাৰ ভয় প্ৰতিহত কৰিবলৈ পুনৰ এবাৰ দেশত ‘পৰীক্ষা পে চৰ্চা’ অনুষ্ঠিত হ’বলৈ গৈ আছে । প্ৰধানমন্ত্ৰী মোদীৰ অতি জনপ্ৰিয় অনুষ্ঠান ‘পৰীক্ষা পে চৰ্চা’ আৰম্ভ হৈছে । পৰীক্ষ পে চৰ্চাৰ অষ্টম সংস্কৰণৰ পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ হৈছে । ভাৰতৰ ২৮খন ৰাজ্য আৰু ৮খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ শিশু তথা শিক্ষাৰ্থী, তেওঁলোকৰ পিতৃ-মাতৃ, অভিভাৱক আৰু শিক্ষকে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰিব । ইচ্ছুক প্ৰাৰ্থীয়ে অফিচিয়েল ৱেবছাইট mygov.in/ppc-2023 ত গৈ অনলাইন আবেদন কৰিব পাৰিব । এতিয়ালৈকে ইয়াৰ বাবে ২.৯২ লাখতকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে পঞ্জীয়ন কৰিছে । এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আগন্তুক ব’ৰ্ড পৰীক্ষা আৰু আনুষংগিক বিষয়সমূহৰ ওপৰত অভিভাৱক আৰু শিক্ষকৰ সৈতে মত বিনিময় কৰে । এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলে সৰ্বাধিক ৫০০ আখৰত প্ৰধানমন্ত্ৰীলৈ প্ৰশ্ন প্ৰেৰণ কৰিব লাগিব ।

পৰীক্ষা পে চৰ্চাত নৱম শ্ৰেণী, দশম শ্ৰেণী, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব পাৰিব । ইয়াৰ বাবে অনলাইন সৃষ্টিশীল লেখা প্ৰতিযোগিতাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীক নিৰ্বাচিত কৰা হয় । পি পি চি ২০২৪ প্ৰতিযোগিতাৰ বিজয়ীসকলে প্ৰধানমন্ত্ৰীৰ সৈতে এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পায় । ইয়াৰ উপৰিও তেওঁলোকে এখন চাৰ্টিফিকেট আৰু ‘পৰীক্ষা পে চৰ্চা’ৰ কিটো লাভ কৰে । প্ৰধানমন্ত্ৰীয়ে ২০১৮ চনৰ পৰা প্ৰতি বছৰে ‘পৰীক্ষা পে চৰ্চা’ কাৰ্যসূচীৰ আয়োজন কৰি আহিছে ।

ক’ত হ’ব পৰীক্ষা পে চৰ্চা-

২০২৫ চনৰ জানুৱাৰী মাহত নতুন দিল্লীৰ ভাৰত মণ্ডপমত পৰীক্ষ পে চৰ্চা কাৰ্যসূচীৰ আয়োজন কৰা হ’ব । অৱশ্যে এই কাৰ্যসূচীৰ তাৰিখ এতিয়াও নিৰ্ণয় হোৱা নাই । ইয়াৰ তাৰিখ অতি সোনকালে কেন্দ্ৰীয় শিক্ষা বিভাগে প্ৰকাশ কৰিব ।

‘পৰীক্ষা পে চৰ্চা’ ২০২৫ত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীৰ বাবে নিৰ্দেশনা-

১.এই প্ৰতিযোগিতা ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ।

২. ছাত্ৰ-ছাত্ৰীসকলে নিজৰ প্ৰশ্ন প্ৰধানমন্ত্ৰীলৈ সৰ্বাধিক ৫০০ আখৰেৰে প্ৰেৰণ কৰিব পাৰিব ।

৩. অভিভাৱক আৰু শিক্ষকসকলেও তেওঁলোকৰ বাবে বিশেষভাৱে ডিজাইন কৰা অনলাইন কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি নিজৰ প্ৰৱেশ পত্ৰ জমা দিব পাৰিব ।

৪. ভুল তথ্য প্ৰদান কৰা যিকোনো অংশগ্ৰহণকাৰীক পি পি চি ২০২৫ত অংশগ্ৰহণ কৰাৰ পৰা অযোগ্য ঘোষণা কৰা হ’ব ।

‘পৰীক্ষা পে চৰ্চা’ ২০২৫ৰ বাবে কেনেদৰে আৱেদন কৰিব-

১. প্ৰথমে অফিচিয়েল ৱেবছাইট https://www.mygov.in লৈ যাওক।

২. হোমপেজত Participate Now লিংকত ক্লিক কৰক।

৩. আকৌ Participate Now ত ক্লিক কৰক।

৪. আপুনি যিটো শ্ৰেণীত পৰে তাত ক্লিক কৰক, অৰ্থাৎ যদি আপুনি ছাত্ৰ তেন্তে ছাত্ৰ লিংকত ক্লিক কৰক, যদি আপুনি অভিভাৱক তেন্তে অভিভাৱক লিংকত ক্লিক কৰক আৰু যদি আপুনি শিক্ষক তেন্তে শিক্ষক লিংকত ক্লিক কৰি সম্পূৰ্ণ কৰক পঞ্জীয়ন প্ৰক্ৰিয়া ।

৪৩ বছৰৰ পাছত ভাৰতীয় প্ৰধানমন্ত্ৰীৰ কুৱেইট ভ্ৰমণ, ২ দিনত কি কি কৰিব মোদীয়ে ?

আজি দুদিনীয়া ভ্ৰমণসূচীৰে কুৱেইটলৈ ৰাওনা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । পশ্চিম এছিয়াৰ এই বৃহৎ দেশখনলৈ ৪৩ বছৰৰ পিছত কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীৰ এয়া প্ৰথম ভ্ৰমণ । ইয়াৰ পূৰ্বে ১৯৮১ চনত তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে কুৱেইট ভ্ৰমণ কৰিছিল । প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণ অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে । প্ৰধানমন্ত্ৰী মোদীৰ ঐতিহাসিক ভ্ৰমণৰ পূৰ্বে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে ভাৰত আৰু কুৱেইটে পৰম্পৰাগতভাৱে ইতিহাসত শিপাই থকা আৰু জনসাধাৰণৰ মাজত শক্তিশালী সম্পৰ্কৰ ওপৰত ভিত্তি কৰি ঘনিষ্ঠ আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰক্ষা কৰি আহিছে ।

মন্ত্ৰালয়ে কয়, “ভাৰত কুৱেইটৰ অন্যতম শীৰ্ষ বাণিজ্যিক অংশীদাৰ । ভাৰতীয় সম্প্ৰদায় কুৱেইটৰ সৰ্ববৃহৎ প্ৰবাসী সম্প্ৰদায় । এই ভ্ৰমণে ভাৰত আৰু কুৱেইটৰ মাজত বহুমুখী সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ সুযোগ প্ৰদান কৰিব ।”

দিয়া হ’ব গাৰ্ড অৱ অনাৰ-

বায়ান পেলেচত প্ৰধানমন্ত্ৰী মোদীক আনুষ্ঠানিকভাৱে গাৰ্ড অৱ অনাৰ প্ৰদান কৰা হ’ব, তাৰ পিছত তেওঁ কুৱেইটৰ আমিৰ আৰু ক্ৰাউন প্ৰিন্সৰ সৈতে পৃথক পৃথক বৈঠকত মিলিত হ’ব । ইয়াৰ পিছত কুৱেইটৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনা হ’ব, য’ত দুয়োপক্ষই দ্বিপাক্ষিক সম্পৰ্ক পৰ্যালোচনা কৰিব ।

২ দিনত কি কৰিব মোদীয়ে ?

ইতিমধ্যে কুৱেইটলৈ ৰাওনা হৈছে প্ৰধানমন্ত্ৰী মোদী । কুৱেইটত উপস্থিত হোৱাৰ পিছত স্থানীয় সময় অনুসৰি দুপৰীয়া ২:৫০ বজাত প্ৰধানমন্ত্ৰী মোদীয়ে স্থানীয় শ্ৰমিক শিবিৰ পৰিদৰ্শন কৰিব । ইয়াৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে শ্বেইখ সাদ আল আব্দুল্লাহ ইনড’ৰ স্প’ৰ্টছ কমপ্লেক্সলৈ যাব, য’ত তেওঁ ৪০০০-৫০০০ ভাৰতীয় লোকক সম্বোধন কৰিব ।

ইয়াৰ পিছতে গালফ কাপ ফুটবলৰ মুকলি সভাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে । পিছদিনা প্ৰধানমন্ত্ৰী মোদীয়ে আনুষ্ঠানিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব, য’ত তেওঁ কুৱেইটৰ আমিৰ আৰু ক্ৰাউন প্ৰিন্সৰ সৈতে আনুষ্ঠানিক বৈঠকত মিলিত হ’ব ।

এই বিষয়সমূহৰ ওপৰত দুয়োখন দেশৰ মাজত আলোচনা হ’ব-

প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণৰ সময়ত শক্তি, হাইড্ৰ’কাৰ্বন আৰু ব্যৱসায়িক সম্পৰ্ক সম্পৰ্কীয় অন্যান্য বিষয়সমূহ আলোচনা কৰা হ’ব । কুৱেইটৰ আমিৰৰ সৈতে দ্বিপাক্ষিক বৈঠকত স্থানীয় মুদ্ৰাৰ ব্যৱসায়ৰ বিষয়েও আলোচনা কৰা হ’ব ।

এই ভ্ৰমণ কিয় গুৰুত্বপূৰ্ণ-

বৰ্তমান কুৱেইটে উপসাগৰীয় সহযোগিতা পৰিষদৰ (জি চি চি) অধ্যক্ষ – য’ত সংযুক্ত আৰব আমিৰশ্বাহী, বাহৰেইন, চৌদি আৰব, ওমান আৰু কাটাৰকো অন্তৰ্ভুক্ত আছে । ২০১৪ চনত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে ভ্ৰমণ নকৰা একমাত্ৰ জি চি চিৰ সদস্য দেশ এইখন । ২০২২ চনত প্ৰস্তাৱিত ভ্ৰমণ Covid মহামাৰীৰ বাবে স্থগিত ৰখা হৈছিল । উপসাগৰীয় দেশসমূহ ভাৰতৰ বাবে প্ৰধান বাণিজ্য আৰু বিনিয়োগৰ অংশীদাৰ আৰু নতুন দিল্লীৰ এই দেশসমূহৰ সৈতেও শক্তিশালী শক্তি অংশীদাৰিত্ব আছে ।

-কুৱেইট ভাৰতৰ অন্যতম শীৰ্ষ বাণিজ্যিক অংশীদাৰ দেশ ।

-কুৱেইট ভাৰতৰ ষষ্ঠ বৃহত্তম খাৰুৱা তেল যোগানকাৰী দেশ, যিয়ে দেশৰ শক্তিৰ তিনি শতাংশ পৰ্যন্ত প্ৰয়োজন পূৰণ কৰে ।

-যাৰ দ্বিপাক্ষিক বাণিজ্য ২০২৩-২৪ বিত্তীয় বৰ্ষত ১০.৪৭ বিলিয়ন মাৰ্কিন ডলাৰ আছিল ।

-এই ভ্ৰমণে ভাৰত-কুৱেইটৰ সম্পৰ্ক আৰু অধিক সুদৃঢ় কৰিব ।

৪৩ বছৰৰ পিছত প্ৰথম ভাৰতীয় প্ৰধানমন্ত্ৰী…২১ ডিচেম্বৰৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ দুদিনীয়া কুৱেইট ভ্ৰমণ

কুৱেইটৰ আমিৰ শ্বেখ মিছাল আল আহমদ আল-জাবেৰ আল-ছাবাহৰ আমন্ত্ৰণত অহা ২১ আৰু ২২ ডিচেম্বৰত কুৱেইট ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি এয়া ৪৩ বছৰৰ পাছত ভাৰতৰ কোনো প্ৰধানমন্ত্ৰীৰ প্ৰথম কুৱেইট ভ্ৰমণ হ’ব । এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী প্ৰধানমন্ত্ৰী মোদীয়ে কুৱেইটৰ নেতৃত্বৰ সৈতে আলোচনাত মিলিত হোৱাৰ লগতে ভাৰতীয় সম্প্ৰদায়ৰ সৈতেও মত বিনিময় কৰিব ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে ভাৰত আৰু কুৱেইটৰ মাজত পৰম্পৰাগতভাৱে ঘনিষ্ঠ আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে । লগতে দুয়োখন দেশৰ জনসাধাৰণৰ মাজত আছে সুদৃঢ় সম্পৰ্ক । ভাৰত কুৱেইটৰ অন্যতম শীৰ্ষ বাণিজ্যিক অংশীদাৰ দেশ । ভাৰতীয় সম্প্ৰদায়েই হৈছে কুৱেইটৰ সৰ্ববৃহৎ প্ৰবাসী বৰ্গ । এই ভ্ৰমণে ভাৰত আৰু কুৱেইটৰ বহুমুখী সম্পৰ্ক আৰু অধিক শক্তিশালী কৰিব । শেহতীয়াকৈ কুৱেইটৰ বৈদেশিক মন্ত্ৰী আব্দুল্লা আলী আল-য়াহিয়াই ভাৰত ভ্ৰমণ কৰিছিল । এই সময়ত তেওঁ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰক সাক্ষাৎ কৰে ।

১৯৮১ চনত ইন্দিৰা গান্ধীয়ে শেষবাৰৰ বাবে কুৱেইট ভ্ৰমণ কৰিছিল-

উল্লেখযোগ্য যে ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে শেষবাৰৰ বাবে কুৱেইট ভ্ৰমণ কৰিছিল ১৯৮১ চনত । তেতিয়া প্ৰয়াত ইন্দিৰা গান্ধীয়ে কুৱেইট ভ্ৰমণ কৰিছিল । ২০২৩-২৪ বিত্তীয় বৰ্ষত ভাৰত আৰু কুৱেইটৰ মাজত দ্বিপাক্ষিক বাণিজ্য ১০.৪৭ বিলিয়ন ডলাৰ । কুৱেইট ভাৰতৰ অন্যতম শীৰ্ষ বাণিজ্যিক অংশীদাৰ দেশ । কুৱেইট ভাৰতৰ ষষ্ঠ বৃহত্তম খাৰুৱা তেল যোগানকাৰী দেশ । ইয়াৰ দ্বাৰা দেশৰ শক্তিৰ প্ৰয়োজনীয়তাৰ ৩ শতাংশ পূৰণ হয় । প্ৰথমবাৰৰ বাবে কুৱেইটলৈ ভাৰতৰ ৰপ্তানি ২ বিলিয়ন ডলাৰ হোৱাৰ বিপৰীতে ভাৰতত কুৱেইট বিনিয়োগ কৰ্তৃপক্ষৰ বিনিয়োগে ১০ বিলিয়ন ডলাৰ অতিক্ৰম কৰিলে । ভাৰতৰ সৈতে সামুদ্ৰিক বাণিজ্য আছিল ইয়াৰ অৰ্থনীতিৰ মেৰুদণ্ড ।

১৯৬১ চনলৈকে কুৱেইটত ভাৰতীয় টকা আইনী মুদ্ৰা আছিল-

১৯৬১ চনলৈকে কুৱেইটত ভাৰতীয় টকা আইনী মুদ্ৰা আছিল । ই দুয়োখন দেশৰ মাজত চিৰস্থায়ী অৰ্থনৈতিক আৰু সাংস্কৃতিক সম্পৰ্কৰ প্ৰতীক । ১৯৬১ চনত দুয়োখন দেশৰ মাজত আনুষ্ঠানিকভাৱে কূটনৈতিক সম্পৰ্ক স্থাপন কৰা হয় । আমিৰ শ্বেখ মিছাল আল আহমদ আল-জাবেৰ আল-ছাবাহে ২০১৭ চনৰ জুলাই মাহত ব্যক্তিগত ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰিছিল ।