‘কংগ্ৰেছে আম্বেদকাৰৰ উত্তৰাধিকাৰ মচি পেলাবলৈ চেষ্টা কৰিছিল’, বিৰোধীৰ আক্ৰমণৰ প্ৰত্যুত্তৰ দিলে প্ৰধানমন্ত্ৰী মোদীয়ে

বি আৰ আম্বেদকাৰ সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহে দিয়া বিবৃতিক লৈ দেশৰ ৰাজনীতি উত্তপ্ত হৈ পৰিছে । কংগ্ৰেছকে ধৰি সকলো বিৰোধী দলে এই বিষয়টো সন্দৰ্ভত বিজেপিক ক্ষমা বিচাৰিবলৈ দাবী জনাইছে । ইফালে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আম্বেদকাৰৰ বিষয়টোক লৈ কংগ্ৰেছক লক্ষ্য কৰি লয় । এই বিতৰ্ক সন্দৰ্ভত তেওঁ কয়, “কংগ্ৰেছে আম্বেদকাৰক কৰা অপমান লুকুৱাব নোৱাৰে । এটা ৰাজবংশৰ নেতৃত্বত এটা দলে আম্বেদকাৰৰ উত্তৰাধিকাৰীক মচি পেলাবলৈ চেষ্টা কৰিছিল ।”

‘কংগ্ৰেছে আম্বেদকাৰৰ উত্তৰাধিকাৰ মচি পেলাবলৈ চেষ্টা কৰিছিল’

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত প্ৰধানমন্ত্ৰী মোদীয়ে এক পোষ্টত কয় যে ভাৰতৰ জনসাধাৰণে বাৰে বাৰে দেখিছে যে কেনেকৈ এটা বংশৰ নেতৃত্বত এটা দলে ড০ আম্বেদকাৰৰ উত্তৰাধিকাৰ মচি পেলাবলৈ আৰু অনুসূচিত জাতি/জনজাতি সম্প্ৰদায়ক অপমান কৰিবলৈ সম্ভৱ প্ৰতিটো লেতেৰা কৌশল ব্যৱহাৰ কৰিছে । কংগ্ৰেছে নিৰ্বাচনত বাবা চাহেবক দুবাৰকৈ পৰাজিত কৰিবলৈ চেষ্টা কৰিছিল । পণ্ডিত নেহৰুৱে তেওঁৰ বিৰুদ্ধে প্ৰচাৰ চলাইছিল আৰু তেওঁৰ পৰাজয়ক সন্মানৰ বিষয় কৰি তুলিছিল । তেওঁৰ ভাৰত ৰত্ন প্ৰত্যাখ্যান কৰা হৈছিল । কংগ্ৰেছে তেওঁৰ প্ৰতিকৃতিক সংসদৰ কেন্দ্ৰীয় হলত গৌৰৱৰ স্থান দিবলৈ অস্বীকাৰ কৰিছিল ।“

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “সংসদত গৃহমন্ত্ৰী অমিত শ্বাহে ড০ আম্বেদকাৰক অপমান কৰা আৰু অনুসূচীত জাতি/জনজাতি সম্প্ৰদায়ক উপেক্ষা কৰাৰ কংগ্ৰেছৰ অন্ধকাৰ ইতিহাস উন্মোচন কৰে । তেওঁ উপস্থাপন কৰা তথ্যবোৰক লৈ কংগ্ৰেছ উদ্বিগ্ন হৈ পৰিছে আৰু সেয়েহে তেওঁলোকে এতিয়া নাটক কৰি আছে ।”

অমিত শ্বাহৰ কোনটো বক্তব্যই হুলস্থুলৰ সৃষ্টি কৰিলে ?

সংসদত গৃহমন্ত্ৰী অমিত শ্বাহে দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ প্ৰথম মন্ত্ৰীসভাৰ পৰা বি আৰ আম্বেদকাৰে পদত্যাগ কৰাৰ কথা উল্লেখ কৰিছিল । কংগ্ৰেছৰ ফালে আঙুলিয়াই তেওঁ প্ৰশ্ন কৰে যে দেশৰ প্ৰথম মন্ত্ৰীসভাৰ পৰা আম্বেদকাৰে কিয় পদত্যাগ কৰিলে ?  তেওঁ ক’লে, “এতিয়া আপুনি লাগিলে এশবাৰতকৈও অধিক আম্বেদকাৰৰ নাম লওক, কিন্তু একে সময়তে, আম্বেদকাৰৰ প্ৰতি আপোনালোকৰ কি অনুভৱ সেয়াও কওক ।”

প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ‘পৰীক্ষা  পে চৰ্চা’ৰ পঞ্জীয়ন আৰম্ভ…অন্তিম তাৰিখ ১৪ জানুৱাৰী

নতুন বছৰৰ পৰা দেশত আৰম্ভ হ’ব ব’ৰ্ড পৰীক্ষাৰ বতৰ । ব’ৰ্ড পৰীক্ষাৰ বতৰ (Board Exam 2025) মানে মানসিক চাপৰ বতৰ । এই মানসিক চাপ কমোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰতি বছৰে ‘পৰীক্ষা  পে চৰ্চা’ নামৰ এক কাৰ্যসূচীৰ আয়োজন কৰি আহিছে (Pariksha Pe Charcha 2025)। ‘পৰীক্ষা পে চৰ্চা’ৰ অষ্টম সংস্কৰণৰ বাবে পঞ্জীয়ন আৰম্ভ হৈছে । কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে তেওঁৰ শেহতীয়া পোষ্টত এই তথ্য শ্বেয়াৰ কৰিছে । তেওঁ কয়, পৰীক্ষাৰ বতৰ অৰ্থাৎ ভয় আৰু চাপৰ সময় আহিল, পি পি চি২০২৫ লৈ পৰীক্ষাৰ মানসিক চাপ আৰু ভয় অতিক্ৰম কৰাৰ সময় আহি পৰিছে । গতিকে কিহৰ বাবে অপেক্ষা ?  আপোনাৰ ভিতৰৰ পৰীক্ষা যোদ্ধাক প্ৰজ্বলন কৰক প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ।

ধৰ্মেন্দ্ৰ প্ৰধানে নিজৰ পোষ্টত লিখিছে, প্ৰধানমন্ত্ৰী মোদীৰ মাষ্টাৰ ক্লাছৰ অংশ হ’বলৈ তেওঁক আপোনাৰ প্ৰশ্ন প্ৰেৰণ কৰক আৰু অনলাইন কাৰ্যসূচীত অংশগ্ৰহণ কৰক । আপুনি আপোনাৰ প্ৰৱেশ পত্ৰ http://innovateindia1.mygov.in ত জমা দিব পাৰে । শেষ তাৰিখ ১৪ জানুৱাৰী ।

‘পৰীক্ষা পে চৰ্চা’ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক আঁচনি । এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে সমগ্ৰ দেশৰ শিশুসকলৰ সৈতে ব’ৰ্ড পৰীক্ষাৰ মানসিক চাপ আৰু ভয়ৰ বিষয়ে কথা পতাই নহয়, প্ৰেৰণাদায়ক কাহিনী কৈ তেওঁলোকক উৎসাহিত কৰে । ‘পৰীক্ষা পে চৰ্চা’ কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে মত বিনিময় কৰাৰ সুযোগ লাভ কৰে । প্ৰতি বছৰে এই কাৰ্যসূচী (PPC 2025) কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে আয়োজন কৰে ।

পৰীক্ষ পে চৰ্চা ২০২৫: ক’ত পঞ্জীয়ন কৰিব-

পৰীক্ষ পে চৰ্চা ২০২৫ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ হ’লে অফিচিয়েল ৱেবছাইট innovateindia.mygov.in ত গৈ পঞ্জীয়ন কৰিব লাগিব । এই কাৰ্যসূচীত দেশৰ সকলো ৰাজ্যৰ সকলো ব’ৰ্ডৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱকে পঞ্জীয়ন কৰিব পাৰিব । পি পি চিৰ ৮ম সংস্কৰণৰ বাবে অনলাইন আবেদনৰ অন্তিম তাৰিখ ১৪ জানুৱাৰী ২০২৪ ।

শ্ৰীলংকা ভ্ৰমণৰ বাবে ৰাষ্ট্ৰপতি দিছানায়াকেৰ আমন্ত্ৰণ গ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়েঃ বিদেশ মন্ত্ৰালয়

শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানায়াকে দেওবাৰে তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হয় । বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে তেওঁৰ ভ্ৰমণ আৰু প্ৰধানমন্ত্ৰী মোদীৰ সৈতে হোৱা বৈঠক সন্দৰ্ভত এখন সংবাদমেল অনুষ্ঠিত কৰে । তেওঁ জনোৱা মতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানায়কেৰ শ্ৰীলংকা ভ্ৰমণৰ বাবে আমন্ত্ৰণ গ্ৰহণ কৰিছে । বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে কয় যে দ্বিপাক্ষিক বৈঠকৰ সময়ত ৰাষ্ট্ৰপতি দিছানায়কে প্ৰধানমন্ত্ৰীক আমন্ত্ৰণ প্ৰদান কৰে ।

বৈদেশিক সচিবগৰাকীয়ে কয় যে তাৰিখ এতিয়াও কূটনৈতিক মাধ্যমৰ জৰিয়তে চূড়ান্ত হোৱা নাই । তেওঁ লগতে জনায় যে দুয়োখন দেশৰ নেতাৰ মাজত ব্যাপক আলোচনা অনুষ্ঠিত হৈছিল আৰু দুয়োজন নেতাই সহমতত উপনীত হয় যে, মাছমৰীয়াসকলৰ সৈতে সম্পৰ্কিত বিষয়বোৰ মানৱীয় দিশৰ পৰা মোকাবিলা কৰিব লাগে কিয়নো এইবোৰ জীৱিকা সম্পৰ্কীয় বিষয় আৰু যিকোনো পৰিস্থিতিত বল প্ৰয়োগ পৰিহাৰ কৰিব লাগে ।

‘অনুদান সাহায্যৰ বাবে ভাৰতক ধন্যবাদ’

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে আৰু কয় যে, বৰ্তমানৰ ভ্ৰমণৰ লক্ষ্য হৈছে এই অতি শক্তিশালী অংশীদাৰিত্বক সম্প্ৰসাৰিত কৰা আৰু ইয়াৰ সীমাবদ্ধতাক আৰু অধিক আগুৱাই নিয়া । ৰাষ্ট্ৰপতি দিছানায়কে শ্ৰীলংকাত উন্নয়নমূলক প্ৰকল্প গ্ৰহণৰ বাবে ঋণ পুনৰ্গঠন আৰু অনুদান সাহায্য প্ৰদানৰ ক্ষেত্ৰত ভাৰতে লোৱা গুৰুত্বপূৰ্ণ ভূমিকাৰ বাবে ধন্যবাদ জনায় । বিশেষকৈ শ্ৰীলংকাত সম্পূৰ্ণ হোৱা ৭টা ঋণ প্ৰকল্পৰ সৈতে জড়িত পৰিশোধ নিষ্পত্তিৰ বাবে ২০.৬৬ মিলিয়ন ডলাৰৰ অনুদান সাহায্যৰ বাবে ভাৰতক ধন্যবাদ জনায় তেওঁ । প্ৰধানমন্ত্ৰীয়ে শ্ৰীলংকাৰ অৰ্থনৈতিক স্থিতিশীলতাৰ প্ৰচেষ্টাক সমৰ্থন কৰাৰ আমাৰ অবিৰত দায়বদ্ধতাক পুনৰ দৃঢ় কৰে । ভাৰতৰ এই পন্থা বিনিয়োগ ভিত্তিক আৰু অনুদানমুখী হ’ব বুলিও প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি দিছানায়কেক আশ্বাস দিয়ে ।

‘ভাৰত সদায়ে সহায় কৰা প্ৰথম দেশ’

বিক্ৰম মিশ্ৰীয়ে কয়, ‘শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ পদ গ্ৰহণ কৰাৰ পিছত দিছনায়কেৰ এয়া প্ৰথম ভ্ৰমণ । কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত ভাৰতক প্ৰথম বিদেশী গন্তব্যস্থান হিচাপে বাছি লোৱাটোৱে ভাৰতৰ সৈতে দ্বিপাক্ষিক সম্পৰ্কক শ্ৰীলংকাই কিমান গুৰুত্ব প্ৰদান কৰে, সেই কথাই দেখুৱাইছে । শ্ৰীলংকা ভাৰতৰ নিকটতম সামুদ্ৰিক প্ৰতিবেশী আৰু ভাৰতৰ চুবুৰীয়া প্ৰথম নীতি আৰু ভাৰতৰ ভিজন সাগৰৰ অবিচ্ছেদ্য অংগ হৈ আহিছে । ভাৰতে বাৰে বাৰে দেখুৱাইছে যে ই শ্ৰীলংকাৰ এক নিৰ্ভৰযোগ্য অংশীদাৰ আৰু বিশ্বাসযোগ্য বন্ধু, ভাৰত সদায় সহায় কৰা প্ৰথম দেশ । ৰাষ্ট্ৰপতি দিছানায়কে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভাৰতৰ সহায়ৰ বাবে ধন্যবাদ জ্ঞাপন কৰে, বিশেষকৈ ২০২২-২০২৩ বৰ্ষত ৪ বিলিয়ন ডলাৰৰ সাহায্যৰ বাবে… ভাৰতে আই এম এফৰ সৈতে যোগাযোগৰ জৰিয়তে শ্ৰীলংকাৰ বাবে এই বিত্তীয় স্থিতিশীলতা প্ৰচেষ্টাত যোগদান কৰিছে… আমি শ্ৰীলংকাৰ সৰ্ববৃহৎ বাণিজ্যিক অংশীদাৰ, সৰ্ববৃহৎ পৰ্যটক আৰু বিনিয়োগৰ উৎস ।’

প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি দিছানায়াকেৰ; এইসমূহ গুৰুত্বপূৰ্ণ বিষয়সৰ ওপৰত হ’ল আলোচনা…

শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানায়াকে তিনিদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে দেওবাৰে ভাৰতত উপস্থিত হয় । ইয়াৰ মাজতে তেওঁ সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ লগতে প্ৰতিৰক্ষা, বাণিজ্য আৰু বিনিয়োগ বৃদ্ধিৰ বাবে বিস্তৃত আলোচনাত মিলিত হয় । উল্লেখ্য যে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ পিছত এইটোৱেই ৰাষ্ট্ৰপতিগৰাকীৰ প্ৰথম বিদেশ ভ্ৰমণ, যাৰ বাবে তেওঁ দেওবাৰে ৰাষ্ট্ৰীয় ৰাজধানী নতুন দিল্লীত উপস্থিত হয় । আলোচনাৰ পূৰ্বে ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দিছানায়কেক আদৰণি জনোৱা হয় । তেওঁ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুকো সাক্ষাৎ কৰে ।

প্ৰধানমন্ত্ৰী মোদী আৰু অনুৰা দিছানায়কেৰ আলোচনা সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে দুয়োখন দেশৰ মাজত বাণিজ্য, বিনিয়োগ, উন্নয়ন আৰু নিৰাপত্তা সহযোগিতাৰ বিষয়ে আলোচনা কৰা হয় ।

জয়শংকৰে সামাজিক মাধ্যমত পোষ্ট কৰে-

বিদেশ মন্ত্ৰী এছ জয়শংকৰে সামাজিক মাধ্যমত পোষ্ট কৰিছে যে্, “ভাৰত ভ্ৰমণৰ আৰম্ভণিতে ৰাষ্ট্ৰপতি দিছানায়েকক সাক্ষাৎ কৰি আনন্দিত হৈছো । শ্ৰীলংকা আমাৰ ‘চুবুৰীয়া প্ৰথম’ নীতি আৰু ‘সাগৰীয় দৃষ্টিভংগী’ৰ বাবে গুৰুত্বপূৰ্ণ । প্ৰধানমন্ত্ৰী মোদীৰ সৈতে তেওঁৰ আলোচনাই আমাৰ দুয়োখন দেশৰ মাজত বিশ্বাস আৰু সহযোগিতা বৃদ্ধি কৰিব বুলি মই নিশ্চিত ।”

দিছানায়েকৰ সামাজিক মাধ্যমৰ পোষ্ট-

ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতি দিছানায়েকে কয় যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ সৈতে হোৱা বৈঠকত পাৰস্পৰিক স্বাৰ্থৰ বিষয়ত তেওঁ “অতি উপযোগী আলোচনা” কৰিছিল । “আজি সন্ধিয়া প্ৰায় ৫:৩০ বজাত নতুন দিল্লীত উপস্থিত হওঁ, য’ত তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যিক মন্ত্ৰী ড০ এল মুৰুগান আৰু অন্যান্য বিষয়াসকলে মোক উষ্ম আদৰণি জনায় । আজি ৰাতি এছ জয়শংকৰ আৰু অজিত ডোভালৰ সৈতে পাৰস্পৰিক স্বাৰ্থৰ ওপৰত গুৰুত্বপূৰ্ণ আলোচনা হয় ।“

বৈদেশিক মন্ত্ৰালয়ৰ বিবৃতি-

দিছানায়কেৰ ভাৰত ভ্ৰমণ সন্দৰ্ভত বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে ছ’চিয়েল মিডিয়া পোষ্টত কয় যে দিছানায়কৰ এই ভ্ৰমণে ভাৰত-শ্ৰীলংকাৰ সম্পৰ্ক গভীৰ কৰাৰ লগতে দ্বিপাক্ষিক অংশীদাৰিত্ব ত্বৰান্বিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব । ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুকো তেওঁ সাক্ষাৎ কৰিব ।

আজি তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি,,,প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক কৰিব সাক্ষাৎ

দেওবাৰ (১৫ ডিচেম্বৰ)ৰ পৰা মঙলবাৰ (১৭ ডিচেম্বৰ)লৈ তিনিদিনীয়া ভাৰত ভ্ৰমণত থাকিব শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানায়াকে । শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি হিচাবে দায়িত্ব গ্ৰহণ কৰাৰ পিছত এয়া তেওঁৰ প্ৰথমটো বিদেশ ভ্ৰমণ ।

তিনিদিনীয়া ভাৰত ভ্ৰমণৰ সময়ত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানায়াকে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব । তিনিদিনীয়া এই ভ্ৰমণত ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে শ্ৰীলংকাৰ বৈদেশিক মন্ত্ৰী বিজিতা হেৰাথ আৰু বিত্ত মন্ত্ৰালয়ৰ উপমন্ত্ৰী অনিল জয়ন্ত ফাৰ্নাণ্ডোও উপস্থিত থাকিব ।

ভাৰত আৰু শ্ৰীলংকাৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰাৰ লক্ষ্য-

শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানায়াকেৰ তিনিদিনীয়া ভাৰত ভ্ৰমণক দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্ক আৰু অধিক সুদৃঢ় কৰাৰ বাবে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে । ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে শুকুৰবাৰে (১৩ ডিচেম্বৰ) কয় যে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ ভ্ৰমণৰ সময়ত সামুদ্ৰিক সুৰক্ষা সহযোগিতাৰ দৰে বিষয়সমূহ আলোচনা কৰা হ’ব পাৰে ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ পৰা জাৰি কৰা বিবৃতি অনুসৰি ১৫ ডিচেম্বৰৰ পৰা ১৭ ডিচেম্বৰলৈ হ’বলগীয়া এই ভ্ৰমণৰ সময়ত দিছনায়কে ভাৰতৰ ৰাজনৈতিক নেতৃত্বৰ সৈতে বৈঠকত মিলিত হ’ব । ইয়াৰ উপৰিও তেওঁ দেশৰ ৰাজধানী দিল্লীত ভাৰত আৰু শ্ৰীলংকাৰ মাজত বিনিয়োগ আৰু বাণিজ্যিক সম্পৰ্ক বৃদ্ধিৰ বাবে ব্যৱসায়িক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব । একে সময়তে তেওঁ বিহাৰৰ গয়াত অৱস্থিত বোধগয়া মন্দিৰো পৰিদৰ্শন কৰিব ।

এছ. জয়শংকৰে ৰাষ্ট্ৰপতিক দিল্লীলৈ আহিবলৈ নিমন্ত্ৰণ জনাইছিল-

এছ অনুৰা কুমাৰ দিছানায়াকে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি হোৱাৰ পিছত জয়শংকৰ কলম্বো ভ্ৰমণ কৰা প্ৰথমজন বৈদেশিক মন্ত্ৰী । শ্ৰীলংকা ভ্ৰমণৰ সময়ত ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ. জয়শংকৰে দিল্লীলৈ আহিবলৈ দিছনায়েকক নিমন্ত্ৰণ কৰিছিল । দিছানায়েকেৰ পাৰ্টি ক্ষমতালৈ অহাৰ পাছত শ্ৰীলংকা ভ্ৰমণ কৰা প্ৰথমজন বিদেশী বিশিষ্ট ব্যক্তি জয়শংকৰ ।

‘গৰিবী হটাও’ আটাইতকৈ ডাঙৰ জুমলাঃ কংগ্ৰেছক প্ৰধানমন্ত্ৰী মোদীৰ তীব্ৰ আক্ৰমণ…

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদত সংবিধান সন্দৰ্ভত হোৱা আলোচনাৰ উত্তৰ দিয়াৰ সময়ত কংগ্ৰেছক তীব্ৰ আক্ৰমণ কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কংগ্ৰেছ এটা শব্দৰ প্ৰতি অতিকৈ আকৰ্ষিত, যাৰ অবিহনে তেওঁলোকে জীয়াই থাকিব নোৱাৰে, সেয়া হ’ল ‘জুমলা’ । কিন্তু এই দেশে জানে যে যদি ভাৰতত কোনো ডাঙৰ জুমলা আছিল আৰু সেয়া ৪-৪ প্ৰজন্মই ব্যৱহাৰ কৰিছিল, সেই জুমলা আছিল ‘গৰিবী হটাও’ । এই জুমলাই তেওঁলোকৰ ৰাজনীতিত সহায় কৰিছিল যদিও দুখীয়াৰ অৱস্থাৰ উন্নত কৰা নাছিল ।

তেওঁ কয় যে, স্বাধীনতাৰ ইমান বছৰৰ পাছত মৰ্যাদাৰে জীয়াই থকা পৰিয়াল এটাৰ শৌচাগাৰো থাকিব নালাগেনে ?  ইমান সময়ো নাছিল নেকি ?  আমি এই কাম কৰাৰ দায়িত্ব লৈছিলো আৰু আমি এই কামৰ বাবে আমাৰ সমস্ত হৃদয় উচৰ্গা কৰিছিলো । মই জানো ইয়াক ঠাট্টা কৰা হৈছিল, কিন্তু আমি বিচলিত নহৈ আগবাঢ়িলোঁ । এতিয়াও দৰিদ্ৰতাত থকা সকলক আমি দৰিদ্ৰতাৰ পৰা উলিয়াই আনিব লাগিব ।

কংগ্ৰেছে দিলে ‘গৰিবী হটাও’ৰ জুমলাঃ প্ৰধানমন্ত্ৰী মোদী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভাত কয় যে ‘গৰিবী হটাও’ৰ নামত বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল, কিন্তু ২০১৪ চনলৈকে দুখীয়া লোক কেতিয়াও বেংকলৈ যোৱা নাছিল । এতিয়া দেশৰ ৫০ কোটি লোকৰ বেংক একাউণ্ট আছে । চৰকাৰে নিশ্চিত কৰিছিল যে দৰিদ্ৰ লোকে কোনো নিশ্চয়তা নোহোৱাকৈ ঋণ পাব পাৰে । যাৰ বিষয়ে কোনেও নোসোধে তেওঁক মোদীয়ে পূজা কৰে ।

ইফালে সংবিধানৰ সৈতে খেলা কৰা আৰু সংবিধানৰ আত্মাক ধ্বংস কৰাটো কংগ্ৰেছৰ শিৰা শিৰাই থকা বুলিও মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । প্ৰধানমন্ত্ৰী মোদীয়ে পুনৰ কয়, আমিও দৰদাম কৰিব পাৰিলোহেঁতেন, কিন্তু সংবিধানৰ পথ বাছি লৈছিলো । অটল জীয়ে চুক্তি কৰা নাছিল । ১৩ দিনৰ মূৰত পদত্যাগ কৰিছিল তেওঁ । অটল জীয়ে কেতিয়াও দৰদামৰ পথ গ্ৰহণ কৰা নাছিল । তেওঁ সংবিধান আৰু গণতান্ত্ৰিক নীতি-নিয়মৰ প্ৰতি উৎসৰ্গিত হোৱাৰ বাবেই পদত্যাগ কৰিছিল ।”

‘জৰুৰীকালীন অৱস্থাৰ পাপ খণ্ডন নহয়…’, সংবিধান সন্দৰ্ভত আলোচনাৰ সময়ত কংগ্ৰেছক আক্ৰমণ প্ৰধানমন্ত্ৰী মোদীৰ

লোকসভাত সংবিধান সন্দৰ্ভত আলোচনাৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছক তীব্ৰ আক্ৰমণ কৰে । জৰুৰীকালীন অৱস্থাৰ কথা উল্লেখ কৰি তেওঁ কয়, ‘যেতিয়া দেশে সংবিধানৰ ২৫ বছৰ সম্পূৰ্ণ কৰিছিল, তেতিয়া সংবিধানক মোহাৰি পেলোৱা হৈছিল । দেশখন কাৰাগাৰলৈ পৰিণত হ’ল, নাগৰিকৰ অধিকাৰ কাঢ়ি লোৱা হ’ল । কংগ্ৰেছৰ কপালত লগা এই পাপ এনেকুৱা যে ইয়াক কেতিয়াও খণ্ডন কৰিব নোৱাৰি ।‘

প্ৰধানমন্ত্ৰী মোদীয়ে সকলো সাংসদকে তেওঁলোকৰ অৱদানৰ বাবে ধন্যবাদ জনাই কয়, ‘সংবিধানৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাটো আমাৰ বাবে কেৱল গৌৰৱৰ মুহূৰ্ত নহয়, ই আমাৰ গণতন্ত্ৰৰ শক্তিৰ প্ৰতীকো ।’

ইয়াৰ পূৰ্বে ৩৭০ অনুচ্ছেদ সন্দৰ্ভত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আমি বৈচিত্ৰ্যক উদযাপন কৰো কিন্তু দাসত্বৰ মানসিকতাৰে ডাঙৰ-দীঘল হোৱা লোকসকলে বৈচিত্ৰ্যৰ মাজত বিৰোধ বিচাৰি পাইছে । এনে লোকে বৈচিত্ৰ্যতাৰ মাজত বিষাক্ত বীজ সিঁচিবলৈ চেষ্টা কৰি আছে যিয়ে ঐক্যত আঘাত হানিব । ৩৭০ অনুচ্ছেদ দেশৰ ঐক্যৰ বাধা আছিল, গতিকে আমি ৩৭০ অনুচ্ছেদক সমাধিষ্ঠ কৰিলোঁ ।

সংবিধানৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ ওপৰত বিশেষ আলোচনা-

ভাৰতৰ সংবিধান গৃহীত হোৱাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ স্মৃতিত লোকসভাত এই বিশেষ আলোচনাৰ আয়োজন কৰা হৈছে । প্ৰধানমন্ত্ৰী মোদীয়ে ইয়াক ভাৰতৰ বাবে গৌৰৱৰ মুহূৰ্ত আখ্যা দি কয় যে এই কৃতিত্ব সাধাৰণ নহয় বৰঞ্চ অসাধাৰণ ।

১৩ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা এই দুদিনীয়া আলোচনাত বহু সাংসদে অংশগ্ৰহণ কৰে । প্ৰথম দিনাই প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু ৱায়ানাদৰ সাংসদ প্ৰিয়ংকা গান্ধীৰ শক্তিশালী ভাষণে আলোচনাক অধিক আকৰ্ষণীয় কৰি তুলিছিল ।

সংবিধান সন্দৰ্ভত এই বিতৰ্ক ১৩-১৪ ডিচেম্বৰত লোকসভাত হয়, আনহাতে ১৬-১৭ ডিচেম্বৰত ৰাজ্যসভাত অনুষ্ঠিত হ’ব । ১৯৪৯ চনৰ ২৬ নৱেম্বৰত সংবিধান গ্ৰহণৰ ঐতিহাসিক দিনটো স্মৰণ কৰিবলৈ এই আলোচনাৰ আয়োজন কৰা হয় ।

সংগম নগৰীত কাইলৈ গংগা পূজা কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে, মহাকুম্ভৰ বাবে বিশ্ববাসীক কৰিব নিমন্ত্ৰণ

সংগমৰ বালিত সাময়িকভাৱে বসতি স্থাপন কৰা মহাকুম্ভ নগৰত শুকুৰবাৰে চাৰি ঘণ্টা থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । এই সময়ছোৱাত গংগা পূজাৰ সমান্তৰালকৈ তেওঁ এই আধ্যাত্মিক নগৰলৈ আহিবলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকক আমন্ত্ৰণ জনাব ।

১৩ জানুৱাৰীৰ পৰা আৰম্ভ হ’বলগা মহাকুম্ভ ২৬ ফেব্ৰুৱাৰীলৈ চলিব । শুকুৰবাৰে গংগা পূজাৰে আৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে । বিশেষ বিমানেৰে প্ৰায় ১১:২৫ বজাত বামৰৌলী বিমানবন্দৰত অৱতৰণ কৰিব প্ৰধানমন্ত্ৰীয়ে । তাৰ পৰা হেলিকপ্টাৰেৰে আৰাইললৈ যাব তেওঁ । ইয়াৰ পিছত আৰাইলৰ পৰা নিশাদৰাজ ক্ৰুজেৰে কিলা ঘাটলৈ আহিব ।

কিলা ঘাটৰ পৰা প্ৰধানমন্ত্ৰীয়ে সংগমত উপস্থিত হ’ব আৰু গংগা পূজাৰ সমান্তৰালকৈ সন্তসকলৰ সৈতে বাৰ্তালাপ কৰিব । প্ৰধানমন্ত্ৰীয়ে সৰস্বতী কুপা, অক্ষয়ৱত আৰু বাদে হনুমান মন্দিৰ দৰ্শন কৰিব । লগতে প্ৰধানমন্ত্ৰীয়ে সংগমত স্নান কৰাৰ কথাও চৰ্চা হৈছে । গংগা পূজাৰ অন্তত প্ৰধানমন্ত্ৰীয়ে সংগমত ভাষণ দিব । ইয়াৰ পূৰ্বে তেওঁ ৭ হাজাৰ কোটিৰো অধিক মূল্যৰ প্ৰায় ছশটা নিৰ্মাণ প্ৰকল্প উদ্বোধন কৰিব ।

১৫ বিধ গোলাপ ফুলেৰে আদৰণি জনোৱা হ’ব মোদীক-

প্ৰধানমন্ত্ৰী মোদীক ৪ হাজাৰ কুইণ্টল ফুলেৰে আদৰণি জনোৱা হ’ব । আদৰণিৰ বাবে ১৫ বিধ গোলাপৰ অৰ্ডাৰ দিয়া হৈছে । কৰ্ণাটক, পশ্চিমবংগ আৰু দিল্লীৰ ৩২ প্ৰজাতিৰ ফুল বিদেশী ফুলেও পৰিবেশ সুগন্ধিত কৰি তুলিব । ইয়াৰ বাহিৰেও কলকাতাৰ পৰা আহিছে দুবিধ মেৰিগল্ড ফুল । একেদৰে শেৱালি আৰু অৰ্কিডো অৰ্ডাৰ দিয়া হৈছে । কেৱল এয়াই নহয়, বহু বিদেশী প্ৰজাতিৰ ফুলৰো অন্তৰ্ভুক্ত কৰা হৈছে ।

প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কাপুৰ পৰিয়ালৰ, ফটো শ্বেয়াৰ কৰিলে কৰীনা কাপুৰে

১৪ ডিচেম্বৰত বলীউডৰ মহান অভিনেতা ৰাজ কাপুৰৰ ১০০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে ৰাজ কাপুৰ চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন কৰা হৈছে । এই চলচ্চিত্ৰ মহোৎসৱৰ নিমন্ত্ৰণ দিবলৈ সমগ্ৰ কাপুৰ পৰিয়ালে প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰে । এই সাক্ষাতৰ ছবি পোহৰলৈ আহিছে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে কাপুৰ পৰিয়ালৰ সাক্ষাতৰ ভিতৰৰ ছবি শ্বেয়াৰ কৰিছে কৰীনা কাপুৰ খানে । ইয়াৰ মাজতে সমগ্ৰ কাপুৰ পৰিয়ালে প্ৰধানমন্ত্ৰী মোডীৰ সৈতে গ্ৰুপ ফটো ক্লিক কৰিছিল । ফটোত ছেইফ, কৰীনা, কৰিশ্মা, ৰণবীৰ কাপুৰ, আলিয়া ভাটকে ধৰি সমগ্ৰ কাপুৰ পৰিয়ালে ভংগীমা দিয়া দেখা গৈছে ।

ফটোত প্ৰধানমন্ত্ৰী মোদীয়ে কাপুৰ পৰিয়ালৰ সৈতে বাৰ্তালাপ কৰি থকা দেখা গৈছে । এখন ফটোত কৰিশ্মা কাপুৰ, ছৈফ আলী খান, নীতু সিং আৰু কৰীনা কাপুৰে প্ৰধানমন্ত্ৰী মোদীক আমন্ত্ৰণ জনোৱা দেখা গৈছে ।