ভাৰতৰ ‘মেক ইন ইণ্ডিয়া’ নীতিক প্ৰশংসা ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ, প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বকো প্ৰশংসা

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ভাৰতৰ অৰ্থনৈতিক পদক্ষেপ, বিশেষকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত “মেক ইন ইণ্ডিয়া” পদক্ষেপক প্ৰশংসা কৰিছে । ভাৰতৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ (এছ এম ই)ৰ বাবে সুস্থিৰ পৰিস্থিতিৰ সৃষ্টিৰ বাবে ভাৰত চৰকাৰ আৰু প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বক প্ৰশংসা কৰে পুটিনে ।

বুধবাৰে (৪ ডিচেম্বৰ, ২০২৪) মস্কোত অনুষ্ঠিত হোৱা ভি টি বি বিনিয়োগ মঞ্চত ভাষণ দি ভ্লাদিমিৰ পুটিনে ৰাছিয়াৰ আমদানি প্ৰতিস্থাপন কাৰ্যসূচী আৰু ভাৰতৰ “মেক ইন ইণ্ডিয়া” পদক্ষেপ আৰু ৰাছিয়াই ভাৰতত উৎপাদন কাৰ্যকলাপ স্থাপনৰ বাবে তৎপৰতা প্ৰকাশ কৰে ।

‘ভাৰতত উৎপাদন কাৰখানা নিৰ্মাণ কৰিবলৈ সাজু ৰাছিয়া’

ইয়াৰ উপৰিও পুটিনে কয় যে ভাৰতৰ নেতৃত্বই ভাৰতৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিয়াৰ নীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে । ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, “প্ৰধানমন্ত্ৰী মোদীৰ মেক ইন ইণ্ডিয়া নামৰ অনুৰূপ কাৰ্যসূচী আছে । আমিও ভাৰতত আমাৰ মেনুফেকচাৰিং পইণ্ট সৃষ্টি কৰিবলৈ সাজু । ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে সুস্থিৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে আৰু ইয়াৰ কাৰণ হ’ল ভাৰতীয় নেতৃত্ব আমি অনুসৰণ কৰি আছো । ভাৰতক অগ্ৰাধিকাৰ দিয়াৰ নীতি আৰু আমি বিশ্বাস কৰোঁ যে ভাৰতত বিনিয়োগ লাভজনক ।”

পুটিনে ৰাছিয়াৰ সামগ্ৰী আৰু ব্ৰেণ্ডকো প্ৰশংসা কৰে-

পুটিনে ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহৰ উন্নয়নৰ বাবে ব্ৰিকছ ৰূপান্তৰৰ প্ৰেক্ষাপটত ৰাছিয়াৰ আমদানি প্ৰতিস্থাপন কাৰ্যসূচীৰ প্ৰাসংগিকতা আৰু ব্ৰিকছ+ দেশসমূহত ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহৰ সৈতে আৰামদায়ক ব্যৱহাৰৰ বাবে ক্ষিপ্ৰ বিবাদ নিষ্পত্তিৰ মঞ্চৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে । তেওঁ বজাৰ এৰি যোৱা পশ্চিমীয়া ব্ৰেণ্ডৰ ঠাইত নতুন ৰাছিয়ান ব্ৰেণ্ডৰ উত্থানৰ কথা উল্লেখ কৰি গ্ৰাহক সামগ্ৰী, আই টি, উচ্চ প্ৰযুক্তি আৰু কৃষিৰ দৰে খণ্ডত স্থানীয় ৰাছিয়ান নিৰ্মাতাসকলৰ সফলতাৰ দিশটো আঙুলিয়াই দিয়ে ।

ব্ৰিকছ দেশসমূহৰ মাজত সহযোগিতা বৃদ্ধিৰ আহ্বান-

পুটিনে ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ উন্নয়নৰ বাবে ব্ৰিকছ দেশসমূহৰ মাজত সহযোগিতা বৃদ্ধিৰ আহ্বান জনোৱাৰ লগতে অহা বছৰ ব্ৰাজিলত অনুষ্ঠিত হ’বলগীয়া শীৰ্ষ সন্মিলনৰ সময়ত সদস্য ৰাষ্ট্ৰসমূহক সহযোগিতাৰ মূল ক্ষেত্ৰসমূহৰ মূল্যায়ন কৰিবলৈ আহ্বান জনায় । তেওঁ কয় যে মই ব্ৰিকছ নিগমৰ সহকৰ্মীসকলক সহযোগিতাৰ মূল ক্ষেত্ৰসমূহৰ ওপৰত পৰিস্থিতি বিশ্লেষণ কৰিবলৈ ক’ম আৰু আমি নিশ্চিতভাৱে অহা বছৰ ব্ৰিকছৰ অধ্যক্ষ হ’বলগীয়া ব্ৰাজিলৰ সহকৰ্মীসকলৰ দৃষ্টি আকৰ্ষণ কৰিম ।

প্ৰধানমন্ত্ৰী মোদী, অমিত শ্বাহ… দেৱেন্দ্ৰ ফাড়নৱিছৰ শপত গ্ৰহণ অনুষ্ঠানৰ অতিথি তালিকাত কোন কোন ?

মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনে নতুন চৰকাৰ গঠনৰ বাবে বিজেপিৰ জ্যেষ্ঠ নেতা দেৱেন্দ্ৰ ফাড়নৱিছক আমন্ত্ৰণ জনাইছে । তেওঁ বৃহস্পতিবাৰে (৫ ডিচেম্বৰ) ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব । দক্ষিণ মুম্বাইৰ আজাদ ময়দানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অনুষ্ঠিত হ’বলগীয়া এক অনুষ্ঠানত এন চি পিৰ নেতা অজিত পাৱাৰকে ধৰি দুগৰাকী উপ-মুখ্যমন্ত্ৰীয়েও শপত গ্ৰহণ কৰিব ।

শপতগ্ৰহণৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি চলোৱা হৈছে । নিৰাপত্তাৰ ব্যৱস্থা কটকটীয়া কৰা হৈছে । একে সময়তে অতিথিৰ তালিকা প্ৰস্তুত কৰা হৈছে । প্ৰধানমন্ত্ৰী মোদীৰ উপৰিও ‘লাডলী বেহনা’ আঁচনিৰ ১০০০ হিতাধিকাৰীকো ফাড়নৱিছৰ শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে ।

৪২ হাজাৰ লোকে অংশগ্ৰহণ কৰিব-

বিজেপি নেতা প্ৰসাদ লাডে কয় যে প্ৰায় ৪২ হাজাৰ লোকে শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব । তেওঁ কয়, ‘প্ৰধানমন্ত্ৰী মোদী, ৯ৰ পৰা দহজন কেন্দ্ৰীয় মন্ত্ৰী আৰু ১৯গৰাকী মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব । তেওঁ কয় যে ৪০ হাজাৰ বিজেপি সমৰ্থকৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছে আৰু বিভিন্ন ধৰ্মৰ নেতাকে ধৰি ২০০০ ভি আই পিৰ বাবে সুকীয়াকৈ আসনৰ ব্যৱস্থা কৰা হৈছে ।‘

এই অতিথিসকল অনুষ্ঠানত উপস্থিত থাকিব-

-প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

-কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

-বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা

-এন ডি এ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী/উপমুখ্যমন্ত্ৰী

-কেন্দ্ৰীয় মন্ত্ৰী

-সাধু-সন্ত

-‘লাডলী বেহনা’ আঁচনিৰ ১০০০ হিতাধিকাৰী মহিলা

-কৃষক হিতাধিকাৰী

-উদ্যোগ, মনোৰঞ্জন, শিক্ষা আৰু সাহিত্য জগতৰ সুপৰিচিত ব্যক্তি

-মহাযুটীৰ সকলো গঠনকাৰী দল – বিজেপি, শিৱসেনা আৰু এন চি পিৰ কৰ্মী

৪ হাজাৰৰো অধিক আৰক্ষীক নিয়োগ কৰা হৈছিল-

এজন বিষয়াই জনোৱা মতে, শপতগ্ৰহণৰ সময়ত নিৰাপত্তাৰ বাবে ৪ হাজাৰৰো অধিক আৰক্ষীক নিয়োগ কৰা হৈছে । বিষয়াগৰাকীয়ে কয় যে নিৰাপত্তাৰ ব্যৱস্থাৰ বাবে কমেও ৩৫০০ আৰক্ষী আৰু ৫২০জন বিষয়া নিয়োগ কৰা হৈছে ।

সংসদ ভৱন চৌহদত সাংসদসকলৰ সৈতে ‘দ্য সবৰমতী ৰিপ’ৰ্ট’ উপভোগ প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে তেওঁৰ সতীৰ্থ এন ডি এ সাংসদসকলৰ সৈতে ‘দ্য সবৰমতী ৰিপ’ৰ্ট’ ছবিখন উপভোগ কৰে । ছ’চিয়েল মিডিয়াত তেওঁ এটা পোষ্ট শ্বেয়াৰ কৰিছে, য’ত তেওঁ ছবিখনৰ নিৰ্মাতাসকলৰ শলাগ লোৱা লয় । ইফালে এই সন্দৰ্ভত কংগ্ৰেছে প্ৰধানমন্ত্ৰী মোদীক তীব্ৰ সমালোচনা কৰিছে ।

ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ছবিখনৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, ‘‘দ্য সবৰমতী ৰিপ’ৰ্ট’ ছবিখনৰ নিৰ্মাতাসকলৰ মই শলাগ লৈছো আৰু এই প্ৰচেষ্টাৰ বাবে তেওঁলোকক অভিনন্দন জনাইছো ।” একে সময়তে কংগ্ৰেছৰ উপ-নেতা প্ৰমোদ তিৱাৰীয়ে চৰকাৰক তীব্ৰ আক্ৰমণ কৰি কয় যে চৰকাৰৰ বাবেই সদনৰ সময় নষ্ট হৈছে ।

অমিত শ্বাহেও ছবিখনৰ প্ৰশংসা কৰে-

গৃহমন্ত্ৰী অমিত শ্বাহে ‘দ্য সবৰমতী ৰিপ’ৰ্ট’ ছবিখনক প্ৰশংসা কৰি গোধৰাৰ সত্য উন্মোচন কৰা বুলি অভিহিত কৰে । তেওঁ এক্সত লিখিছে, “এই ছবিখনে দেশবাসীক গোধৰা কাণ্ডৰ প্ৰকৃত সত্যৰ সৈতে পৰিচয় কৰাই দিলে আৰু ইয়াক লুকুৱাই ৰখাৰ ক্ষেত্ৰত কেনেদৰে এটা সমগ্ৰ পৰিৱেশ তন্ত্ৰ জড়িত হৈ আছিল সেই কথাও কোৱা হৈছে । আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জী আৰু এন ডি এৰ সাংসদসকলৰ সৈতে এই ছবিখন প্ৰদৰ্শন কৰা হৈছে  আৰু এই প্ৰশংসনীয় প্ৰচেষ্টাৰ বাবে সমগ্ৰ চলচ্চিত্ৰ দলটোক মই অভিনন্দন জনাইছো ।”

পুটিনক প্ৰধানমন্ত্ৰী মোদীৰ নিমন্ত্ৰণ, ভাৰত-ৰাছিয়াৰ সম্পৰ্কৰ নতুন আৰম্ভণিঃ ২০২৫ত অনুষ্ঠিত হ’ব ঐতিহাসিক আলোচনা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক ভাৰত ভ্ৰমণলৈ আমন্ত্ৰণ জনাইছে । ক্ৰেমলিনৰ বিষয়া ইউৰি উছাকোভে এক বিবৃতিৰ সময়ত কয় যে ২০২৫ চনৰ আৰম্ভণিতে পুটিনৰ ভ্ৰমণৰ তাৰিখ নিৰ্ধাৰণ কৰা হ’ব । এই আমন্ত্ৰণৰ আঁৰৰ উদ্দেশ্য হৈছে ভাৰত আৰু ৰাছিয়াৰ মাজত ক্ৰমবৰ্ধমান সম্পৰ্কক আৰু অধিক সুদৃঢ় কৰা ।

ব্যৱসায়, প্ৰতিৰক্ষা আৰু শক্তিৰ ক্ষেত্ৰত ৰাছিয়া আৰু ভাৰতৰ মাজত দীৰ্ঘদিনীয়া সহযোগিতা চলি আহিছে । এই ভ্ৰমণে দুয়োখন দেশৰ নেতাসকলক বিভিন্ন ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বিষয়ে আলোচনা কৰাৰ সুযোগ প্ৰদান কৰিব । ইতিমধ্যে পুটিন আৰু মোদী নিয়মীয়াকৈ বৈঠকত মিলিত হ’ব বুলি চুক্তি হৈছে । এই ভ্ৰমণ চুক্তিৰ অংশ যিয়ে ভাৰত আৰু ৰাছিয়াৰ মাজৰ সম্পৰ্কক নতুন উচ্চতালৈ লৈ যোৱাত সহায়ক হ’ব পাৰে ।

বিশ্বব্যাপী প্ৰত্যাহ্বানসমূহৰ বিষয়ে কৰিব আলোচনা-

উল্লেখ্য যে ভাৰত আৰু ৰাছিয়া দুয়োখনেই বিশ্ব পৰ্যায়ত বহু বিষয়ত একে ধৰণৰ স্থিতি গ্ৰহণ কৰিছে । তথ্য অনুসৰি এই সম্ভাৱ্য ভ্ৰমণৰ সময়ত ইউক্ৰেইনৰ সংঘাত, শক্তি সংকট আৰু এছিয়া-পেচিফিক অঞ্চলত ক্ৰমাৎ উত্তেজনা বৃদ্ধিৰ দৰে বিষয়সমূহো আলোচনা কৰাৰ সম্ভাৱনা আছে । এনে পৰিস্থিতিত ভাৰত আৰু ৰাছিয়াৰ এই আলোচনাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দুয়োখন দেশৰ স্থিতি শক্তিশালী কৰি তুলিব বুলি বিশ্বাস কৰা হৈছে ।

শক্তিশালী অংশীদাৰিত্বৰ প্ৰতীক-

পুটিনৰ ভাৰত ভ্ৰমণে দুয়োখন দেশৰ কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে প্ৰমাণিত হ’ব পাৰে । এই ভ্ৰমণে দেখুৱাব যে ভাৰত আৰু ৰাছিয়াই কেৱল পৰম্পৰাগত সহযোগিতা অটুট ৰখাই নহয়, ইয়াক নতুন ক্ষেত্ৰলৈ সম্প্ৰসাৰণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ আৰু এতিয়া ভাৰতৰ বৈদেশিক নীতিৰ এই পদক্ষেপক দুয়োখন দেশৰ মাজত সম্পৰ্ক আৰু অধিক গভীৰ কৰাৰ প্ৰয়াস হিচাপে দেখা গৈছে ।