প্ৰধানমন্ত্ৰী মোদীয়ে উদ্বোধন কৰিলে Z-Morh সুৰংগ…জনসাধাৰণ আৰু সেনা দুয়োৰে বাবে ডাঙৰ লাভ

সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জম্মু-কাশ্মীৰৰ সোণমাৰ্গ অঞ্চলত কৌশলগতভাৱে গুৰুত্বপূৰ্ণ Z-Morh সুৰংগ বা টানেল উদ্বোধন কৰে । ইয়াৰ লগে লগে এই পৰ্যটনস্থলীটো গোটেই বছৰটোৰ বাবে উপলদ্ধ হৈ পৰে । এই উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী, জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহা, মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাকে ধৰি অন্যান্য বিষয়াসকলো উপস্থিত থাকে ।

২৭০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা প্ৰকল্পটো উদ্বোধন কৰাৰ পিছত প্ৰধানমন্ত্ৰীয়ে সুৰংগটো পৰিদৰ্শন কৰি নিৰ্মাণ বিষয়াৰ সৈতে মত বিনিময় কৰে । এই সময়ত প্ৰধানমন্ত্ৰীয়ে নিৰ্মাণ দলৰ পৰা সুৰংগ নিৰ্মাণৰ ক্ষেত্ৰত সন্মুখীন হোৱা অসুবিধা আৰু প্ৰত্যাহ্বানৰ তথ্য গ্ৰহণ কৰে ।

৬.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দুইলেনযুক্ত দ্বিমুখী সুৰংগটো গণ্ডাৰবল জিলাৰ গগনগীৰ আৰু সোণমাৰ্গৰ মাজত নিৰ্মাণ কৰা হৈছে । জৰুৰীকালীন পৰিস্থিতিৰ বাবে এই সুৰংগটোত ৭.৫ মিটাৰ বহল পলায়ন পথো নিৰ্মাণ কৰা হৈছে । সমুদ্ৰপৃষ্ঠৰ পৰা ৮৬৫০ ফুট উচ্চতাত অৱস্থিত এই সুৰংগটোৱে শ্ৰীনগৰ আৰু সোণমাৰ্গৰ মাজত সৰ্ববস্তৰৰ সংযোগ শক্তিশালী কৰাৰ লগতে ভূমিস্খলন আৰু হিমস্খলনৰ পৰা হাত সাৰিবলৈ সহায় কৰিব ।

প্ৰধানমন্ত্ৰী মোদীয়ে জম্মু-কাশ্মীৰ ভ্ৰমণৰ সময়ত এই প্ৰকল্পৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে । এই সুৰংগই সোণামাৰ্গক গোটেই বছৰটো পৰ্যটনৰ বাবে সুলভ কৰি তুলিব, যাৰ ফলত স্থানীয় পৰ্যটন, দুঃসাহসিক ক্ৰীড়া আৰু কৰ্মসংস্থাপন বৃদ্ধি পাব । জোজিলা সুৰংগৰ লগতে এই সুৰংগ প্ৰকল্পই কাশ্মীৰ উপত্যকা আৰু লাডাখৰ মাজত অধিক সহজ যাত্ৰাৰ সুবিধা প্ৰদান কৰাৰ লগতে প্ৰতিৰক্ষা, অৰ্থনৈতিক উন্নয়ন আৰু সাংস্কৃতিক সংহতিৰ ক্ষেত্ৰতো অৰিহণা যোগাব ।

২০১৫ চনৰ মে’ মাহত Z-Morh সুৰংগটোৰ কাম আৰম্ভ হৈছিল আৰু ইয়াৰ পূৰ্বে ২০১৬-২০১৭ চনত এই প্ৰকল্পটো সম্পূৰ্ণ হোৱাৰ কথা আছিল যদিও ২০১৮ চনত আৰ্থিক সংকটৰ বাবে কাম বন্ধ হৈ পৰে । ইয়াৰ পিছত ২০১৯ চনত এই প্ৰকল্পটো পুনৰ নিবিদা মুকলি কৰি এপকো ইনফ্ৰাটেকক প্ৰদান কৰা হয় ।

আজি সোণমাৰ্গত Z-Morh  সুৰংগ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে…জানক ইয়াৰ বৈশিষ্ট্য আৰু কৌশলগত গুৰুত্বৰ বিষয়ে

আজি পুৱা প্ৰায় ১১:৪৫ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গাণ্ডাৰবল জিলাত কৌশলগতভাৱে গুৰুত্বপূৰ্ণ Z-Morh সুৰংগ উদ্বোধন কৰিব । Z-Morh   সুৰংগ তথা টানেলক সোণমাৰ্গ সুৰংগ বুলিও জনা যায় । বিষয়াসকলে কয় যে স্পৰ্শকাতৰ অঞ্চলত নিৰাপত্তাৰক্ষীৰ নিয়োগ বৃদ্ধি কৰা হৈছে, মুখ্য স্থানসমূহত কেইবা ডজন চেকপইণ্ট স্থাপন কৰা হৈছে । যান-বাহনসমূহ পুংখানুপুংখভাৱে পৰীক্ষা কৰাৰ লগতে নিয়মীয়াকৈ টহল দিয়াৰ ব্যৱস্থাও কৰা হৈছে ।

Z-Morh   সুৰংগ এলেকাত বহুস্তৰীয় নিৰাপত্তা-

সুৰংগ এলেকাৰ সমীপত নিৰাপত্তা কটকটীয়া কৰা হৈছে । উদ্বোধনী স্থানত দায়িত্ব গ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাৰক্ষী দলে, য’ত এছ পি জিৰ বিষয়াসকলো আছে । স্পৰ্শকাতৰ স্থানত শ্বাৰ্পশ্বুটাৰ নিয়োগ কৰা হৈছে আৰু ড্ৰোনৰ জৰিয়তে আকাশী আৰু কাৰিকৰী নিৰীক্ষণ কৰা হৈছে ।

সুৰংগটোৰ কৌশলগত গুৰুত্ব-

সোণমাৰ্গ আৰু গগনগীৰক সংযোগ কৰা এই সুৰংগটো ৮৬৫০ ফুট উচ্চতাত অৱস্থিত আৰু জৰুৰীকালীন অৱস্থাত ৭.৫ মিটাৰ বহল সমান্তৰাল পথ আছে । এই সুৰংগটোৱে গোটেই বছৰটো পথেৰে লাডাখক সংযোগ কৰিব আৰু দেশৰ প্ৰতিৰক্ষাৰ প্ৰয়োজনীয়তা আৰু আঞ্চলিক উন্নয়নতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ।

সুৰংগটোৰ সুবিধা-

– সোণমাৰ্গ সুৰংগই গগনগীৰৰ পৰা সোণমাৰ্গলৈ নিৰৱচ্ছিন্ন যাতায়ত নিশ্চিত কৰিব

– ৰাষ্ট্ৰীয় ঘাইপথ-১ত যাত্ৰাৰ দূৰত্ব ৪৯ কিলোমিটাৰৰ পৰা ৪৩ কিলোমিটাৰলৈ হ্ৰাস হ’ব

– ঘণ্টাত ৩০ কিলোমিটাৰৰ পৰা ৭০ কিলোমিটাৰলৈ বৃদ্ধি পাব যান-বাহনৰ গতি

– এই সুৰংগটোৱে অঞ্চলটোৰ পৰ্যটন আৰু ব্যৱসায় বৃদ্ধিত সহায় কৰিব

সুৰংগটো গেম চেঞ্জাৰ বুলি প্ৰমাণিত হ’ব-

ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডে এই সুৰংগটোক অভিযান্ত্ৰিক আশ্চৰ্য্য আৰু অঞ্চলটোৰ বাবে গেম চেঞ্জাৰ বুলি অভিহিত কৰিছে । তেওঁলোকে আৰু কয় যে এই প্ৰকল্পই কেৱল ভ্ৰমণ অভিজ্ঞতা উন্নত কৰাই নহয় জম্মু-কাশ্মীৰ আৰু লাডাখৰ মাজত সামাজিক আৰু অৰ্থনৈতিক উন্নয়নও ত্বৰান্বিত কৰিব । Z-Morh   সুৰংগৰ লগতে জোজিলা সুৰংগৰ কাম ২০২৮ চনৰ ভিতৰত সম্পূৰ্ণ হ’ব । ইয়াৰ দ্বাৰা আঞ্চলিক প্ৰতিৰক্ষা লজিষ্টিক আৰু পৰিবহণ ব্যৱস্থা সহজ হ’ব । ইয়াৰ দ্বাৰা লাডাখ আৰু জম্মু-কাশ্মীৰৰ মাজত সংযোগ আৰু উন্নয়নৰ এক নতুন দিশ লাভ কৰিব ।

‘পৃথিৱীৰ কোনো শক্তিয়ে আমাক উন্নত দেশ হোৱাৰ পৰা বাধা দিব নোৱাৰে’…ভাৰত মণ্ডপমত ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে (১২ জানুৱাৰী, ২০২৫) ভাৰত মণ্ডপমত আয়োজিত বিকশিত ভাৰত ইয়ং লীডাৰ্ছ ডায়েলগ ২০২৫ কাৰ্যসূচীত অংশগ্ৰহণ কৰে । এই অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ কয় যে দেশৰ যুৱক-যুৱতীসকলৰ সৈতে তেওঁৰ এক উত্তম বন্ধুত্বৰ দৰে সম্পৰ্ক আছে । প্ৰধানমন্ত্ৰী মোদীয়ে আস্থা প্ৰকাশ কৰে যে দেশৰ যুৱ শক্তিয়ে ভাৰতক অতি সোনকালে উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব ।

‘ভাৰতক উন্নত দেশ হোৱাৰ পৰা কোনেও বাধা দিব নোৱাৰে’-

ভাৰত যুৱ নেতা সংবাদ অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “আজি আপোনালোকৰ সৈতে কথা পাতি থাকোঁতে মই উন্নত ভাৰতৰ এখন ছবিও দেখিবলৈ পাইছো । উন্নত ভাৰতত আমি কি চাব বিচাৰো ?  আমি কেনেধৰণৰ ভাৰত চাব বিচাৰো ?  য’ত ভাল আয় আছে আৰু ভালদৰে পঢ়াৰ সুযোগ অধিক… আমি কেৱল কথা ক’লেই বিকশিত হ’মনে ?… যেতিয়া আমাৰ প্ৰতিটো সিদ্ধান্তৰ মাপকাঠী একে হ’ব, যেতিয়া আমাৰ প্ৰতিটোৰ দিশৰ খোজ একেই হ’ব, তেতিয়া ভাৰত উন্নত হব… তেতিয়া বিশ্বৰ কোনো শক্তিয়ে আমাক বিকশিত হোৱাত বাধা দিব নোৱাৰিব ।”

‘ভাৰত হ’ব বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি’-

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “মই লালকিল্লাৰ পৰাই এক লাখ নতুন যুৱক-যুৱতীক ৰাজনীতিত অনাৰ কথা কৈছো । ৰাজনীতিও আপোনাৰ পৰামৰ্শ কাৰ্যকৰী কৰাৰ এক মহান মাধ্যম হ’ব পাৰে । মই নিশ্চিত যে আপোনালোকৰ বহুতে ৰাজনীতিত অংশগ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিব,” তেওঁ কয় । সেই দিনটো বেছি দূৰ নহয় যেতিয়া ভাৰতে বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হোৱাৰ লক্ষ্য প্ৰাপ্ত কৰিব । যোৱা ১০ বছৰত, দেশখনে ২৫ কোটি লোকক দৰিদ্ৰতাৰ পৰা উলিয়াই আনিছে, যি গতিত আমি আগবাঢ়ি আছো, সেই দিনটো বেছি দূৰ নহয় যেতিয়া সমগ্ৰ ভাৰত দৰিদ্ৰতাৰ পৰা মুক্ত হ’ব ।“

‘ভাৰতে সময়ৰ আগতে লক্ষ্য প্ৰাপ্ত কৰিছে’-

“আজি বহুক্ষেত্ৰত নিৰ্ধাৰিত সময়ৰ আগতেই ভাৰতে নিজৰ লক্ষ্য প্ৰাপ্ত কৰিছে । আপোনাৰ মনত থাকিব কৰোনাৰ সময়, বিশ্ব ভেকছিনৰ বিষয়ে চিন্তিত আছিল, কোৱা হৈছিল যে কৰোনা ভেকছিন প্ৰস্তুত কৰিবলৈ বহু বছৰ লাগিব, কিন্তু ভাৰতৰ বিজ্ঞানীসকলে সময়ৰ আগতে এই ভেকছিন প্ৰস্তুত কৰি দেখুৱাইছিল ।“

যুৱসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “১৯৩০ ৰ দশকত আমেৰিকা এক তীব্ৰ অৰ্থনৈতিক সংকটত পৰিছিল, তেতিয়া আমেৰিকাৰ ৰাইজে সিদ্ধান্ত লৈছিল যে আমি ইয়াৰ পৰা ওলাই আহি দ্ৰুত গতিত আগবাঢ়িব লাগিব । তেওঁলোকে সেই পথ বাছি লৈছিল আৰু আমেৰিকা কেৱল সেই সংকটৰ পৰা ওলাই অহাই নহয়, ই উন্নয়নৰ গতিও বহুগুণে ত্বৰান্বিত কৰিছিল ।

এ আই সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ফ্ৰান্স ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে, জানিবলৈ দিলে ৰাষ্ট্ৰপতি মেক্ৰনে

চলিত বছৰৰ ফেব্ৰুৱাৰীত ফ্ৰান্স ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । ১০-১১ ফেব্ৰুৱাৰীত ফ্ৰান্সত অনুষ্ঠিত হ’বলগীয়া এ আই একচন কনফাৰেন্সত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে । শুকুৰবাৰে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে এই তথ্য প্ৰদান কৰে । শুকুৰবাৰে ৩০ সংখ্যক ৰাষ্ট্ৰদূত সন্মিলনৰ সময়ত দিয়া ভাষণত মেক্ৰনে কয় যে ‘ফ্ৰান্সে ১০-১১ ফেব্ৰুৱাৰীত এ আই একচন ছামিট আয়োজন কৰিব । এই সন্মিলনত এ আইৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় আলোচনা হ’ব । ইয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও অংশগ্ৰহণ কৰিব । এইটো এটা গুৰুত্বপূৰ্ণ ভ্ৰমণ হ’ব কাৰণ আমি এই বিষয়ে সকলো এ আই শক্তিৰে আলোচনা কৰিব বিচাৰো ।‘

এ আই সন্মিলনৰ সময়ত এই বিষয়সমূহৰ ওপৰত দিয়া হ’ব গুৰুত্ব-

ফ্ৰান্সৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে বিশ্বব্যাপী আলোচনাত এ আইৰ বিষয়ে কোৱাটো অতি গুৰুত্বপূৰ্ণ । তেওঁ কয় যে ‘আমেৰিকা, চীন, ভাৰতৰ লগতে আৰব দেশসমূহেও এ আই সন্মিলনত অংশগ্ৰহণ কৰিব আৰু এই দেশসমূহৰ এ আই প্ৰযুক্তিৰ বিকাশ আৰু নিয়ন্ত্ৰণত গুৰুত্বপূৰ্ণ ভূমিকা আছে ।’  মেক্ৰনে কয় যে এই সন্মিলনত উদ্ভাৱন, প্ৰতিভাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব আৰু ইয়াৰ জৰিয়তে ফ্ৰান্স আৰু ইউৰোপক বিশ্বৰ এ আইৰ কেন্দ্ৰবিন্দুত স্থান দিয়া হ’ব । ইয়াৰ পূৰ্বে ডিচেম্বৰ মাহত ইমানুৱেল মেক্ৰনে ভাৰতক এ আই সন্মিলনলৈ আমন্ত্ৰণ জনোৱাৰ কথা কৈছিল আৰু ভাৰত এখন গুৰুত্বপূৰ্ণ দেশ বুলি কৈছিল ।

ভাৰতক অতি গুৰুত্বপূৰ্ণ দেশ বুলি আখ্যা দিয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতিয়ে-         

সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত ফ্ৰান্সৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰতকে ধৰি প্ৰায় ৯০খন দেশক এ আই একচন কনফাৰেন্সত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে । এই সন্মিলনত এ আইৰ জৰিয়তে ভুল তথ্য প্ৰচাৰ আৰু এ আইৰ অপব্যৱহাৰৰ বিষয়টোও আলোচনা কৰা হ’ব । ভাৰতক প্ৰশংসা কৰি মেক্ৰনে কয় যে ভাৰত এখন অতি গুৰুত্বপূৰ্ণ দেশ আৰু বিশেষকৈ মানুহৰ জীৱনত প্ৰভাৱ পেলোৱাৰ ক্ষেত্ৰত ইয়াৰ অপৰিসীম সম্ভাৱনা আছে । পেৰিছৰ গ্ৰেণ্ড পেলেছত অনুষ্ঠিত হ’ব এই এ আই কনফাৰেন্স । ইয়াত ৰাষ্ট্ৰপতি, অসামৰিক প্ৰশাসনৰ শীৰ্ষ বিষয়া, বিভিন্ন কোম্পানীৰ চি ই অ’ আৰু শিক্ষা জগতৰ লোক, বেচৰকাৰী সংস্থা, শিল্পী আৰু নাগৰিক সমাজৰ গোটৰ সদস্যসকল থাকিব ।

বিবেকানন্দ জয়ন্তীত যুৱ শক্তিক সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে, উন্নত ভাৰতকে ধৰি বহু বিষয়ৰ ওপৰত হ’ব আলোচনা

প্ৰতি বছৰে ১২ জানুৱাৰীত স্বামী বিবেকানন্দৰ জন্ম বাৰ্ষিকী পালন কৰা হয় । এই বিশেষ দিন উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ কাৰ্যসূচী সম্পৰ্কে তথ্য প্ৰদান কৰিছে । তেওঁ সমগ্ৰ ভাৰতৰ ৩,০০০ গতিশীল যুৱ নেতাৰ সৈতে মত বিনিময় কৰিব । এই উপলক্ষে তেওঁ সমাৱেশত ভাষণ প্ৰদানো কৰিব ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ভাৰতৰ যুৱ শক্তিক শ্ৰদ্ধাঞ্জলি । কাইলৈ ​​১২ জানুৱাৰী এটা বিশেষ দিন কাৰণ স্বামী বিবেকানন্দৰ জন্ম বাৰ্ষিকী । এই বিশেষ অনুষ্ঠানত মই মোৰ সমগ্ৰ দিনটো মোৰ বিকশিত ভাৰত ইয়ং লীডাৰ্ছ ডায়েলগ ২০২৫ত মোৰ যুৱ বন্ধুসকলৰ সৈতে কটাম । আলোচনা আৰু দুপৰীয়াৰ আহাৰ গ্ৰহণৰ উপৰিও উন্নত ভাৰত গঢ়াৰ লক্ষ্যৰে বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰিম ।

মোদী কেৱল ভাৰতীয়ই নহয় বিশ্বৰ নেতাসকলৰ মাজতো অতি উচ্চ…প্ৰধানমন্ত্ৰীক প্ৰশংসা চন্দ্ৰবাবু নাইডুৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰিছে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে । তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদী উন্নয়নৰ পক্ষত । তেওঁৰ পৰা মই প্ৰেৰণা লাভ কৰোঁ । প্ৰধানমন্ত্ৰীক প্ৰশংসা কৰি নাইডুৱে কয় যে তেওঁ এতিয়া কেৱল ভাৰতীয় নেতা নহয়, বিশ্বজনীন নেতা । তেওঁৰ স্থান বিশ্বৰ সকলো নেতাতকৈ বহু উচ্চ ।

প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ভাৰত সমৃদ্ধ হ’ব : মুখ্যমন্ত্ৰী নাইডু

নাইডুৱে কয় যে তেওঁ প্ৰধানমন্ত্ৰীৰ প্ৰতিশ্ৰুতিৰ দ্বাৰা প্ৰভাৱিত হৈছে । তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ নেতৃত্বত ভাৰতক আগুৱাই লৈ গৈছে । তেওঁৰ নেতৃত্বত ভাৰত আৰু সমৃদ্ধ হ’ব । আমি সকলো তেওঁৰ বাবে গৌৰৱান্বিত । শেহতীয়া বিধানসভা নিৰ্বাচনত আমি (টি ডি পি, জনসেনা আৰু বিজেপি) একেলগে যুঁজ দিছিলো আৰু ৰাইজে এক ঐতিহাসিক ৰায় দিছিল । আমাৰ ষ্ট্ৰাইক ৰেট আছিল ৯৩ শতাংশ ।

নাইডুৱে কয় যে আমি বিধানসভা নিৰ্বাচনত ১৬৪খন আসন লাভ কৰি লোকসভা নিৰ্বাচনতো ২১খন আসন দখল কৰিলোঁ । ভৱিষ্যতেও এই মিত্ৰতা অব্যাহত থাকিব বুলি কয় তেওঁ । চন্দ্ৰবাবু নাইডুৱে কয় যে হাৰিয়ানা আৰু মহাৰাষ্ট্ৰত এন ডি এৰ জয় কেৱল প্ৰধানমন্ত্ৰী মোদীৰ হৈছে । প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ কল্যাণৰ বাবে কঠোৰ পৰিশ্ৰম কৰি থকাৰ বাবে মানুহে সদায় তেওঁৰ সৈতে থিয় দিয়ে ।

ইফালে প্ৰধানমন্ত্ৰী মোদীয়ে উন্নয়ন, সংস্কাৰ, সুশাসন আদি শ্লোগানেৰে দেশক আগুৱাই লৈ গৈছে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী নাইডুৱে । পি এম কিষাণ নিধি, মেক-ইন-ইণ্ডিয়া, স্কিল ইণ্ডিয়া আৰু ডিজিটেল ইণ্ডিয়াৰ দৰে কাৰ্যসূচীৰ কথা উল্লেখ কৰি নাইডুৱে আস্থা প্ৰকাশ কৰে যে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ভাৰত বিশ্বৰ প্ৰথম বা দ্বিতীয় বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হ’ব ।

উল্লেখ্য যে, বুধবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত আধাৰশিলা স্থাপন কৰাৰ লগতে দুই লাখ কোটিৰো অধিক টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰে ।

‘ভৱিষ্যৎ যুদ্ধত নাই, বুদ্ধত আছে’, ১৮ সংখ্যক প্ৰবাসী ভাৰতীয় দিৱসত ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে…

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে ওড়িশাৰ ভুৱনেশ্বৰত অনুষ্ঠিত ১৮ সংখ্যক প্ৰবাসী ভাৰতীয় দিৱস সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত হয় । এই অনুষ্ঠানত ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিও উপস্থিত থাকে । প্ৰধানমন্ত্ৰী মোদীয়ে এই সন্মিলন উদ্বোধন কৰে ।

১৮ সংখ্যক প্ৰবাসী ভাৰতীয় দিৱস সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এয়া জীৱন্ত উৎসৱৰ সময় । কিছুদিনৰ পাছত প্ৰয়াগৰাজত আৰম্ভ হ’ব মহাকুম্ভ । মকৰ সংক্ৰান্তি, বিহু, পোংগল, লোহৰীৰ দৰে উৎসৱ কৰিবলৈ সাজু হৈছে দেশবাসী । সকলোতে আনন্দৰ পৰিবেশ ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আজি আপোনালোকে সমবেত হোৱা ওড়িশাৰ মহান ভূমিও ভাৰতৰ চহকী ঐতিহ্যৰ প্ৰতিফলন । ওড়িশাৰ প্ৰতিটো খোজতে আমাৰ ঐতিহ্য দৃশ্যমান । আনকি শ শ বছৰৰ পূৰ্বেও ওড়িশাৰ পৰা অহা আমাৰ ব্যৱসায়ীসকলে বালি, সুমাত্ৰা, জাভা আদি ঠাইলৈ বহু দূৰলৈ গৈছিল…আজিও ওড়িশাত বালি যাত্ৰাৰ আয়োজন কৰা হয় ।

তেওঁ কয় যে যেতিয়া বিশ্বই তৰোৱালৰ শক্তিৰে সাম্ৰাজ্যৰ সম্প্ৰসাৰণৰ সাক্ষী হৈ আছিল, তেতিয়া আমাৰ সম্ৰাট অশোকে ইয়াত শান্তিৰ পথ বাছি লৈছিল । এয়াই আমাৰ ঐতিহ্যৰ সেই শক্তি যাৰ বাবেই আজি ভাৰতে বিশ্ববাসীক ক’বলৈ সক্ষম হৈছে যে ভৱিষ্যত যুদ্ধত নহয়, বুদ্ধতহে নিহিত হৈ আছে ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে মই সদায় প্ৰৱাসী ভাৰতীয়সকলক ভাৰতৰ ৰাষ্ট্ৰদূত বুলি গণ্য কৰি আহিছো । সমগ্ৰ বিশ্বত আপোনালোকে সকলোকে লগ পালে আৰু আপোনালোকৰ লগত কথা পাতিলে মই বৰ সুখী অনুভৱ কৰো । মই পোৱা মৰমবোৰ পাহৰিব নোৱাৰো । আপোনালোকৰ মৰম, আশীৰ্বাদ সদায় মোৰ লগত আছে । আমি কেৱল গণতন্ত্ৰৰ জননী নহয়, গণতন্ত্ৰ আমাৰ জীৱনৰ এটা অংশ । আমি বৈচিত্ৰ্য শিকাব নালাগে, আমাৰ জীৱনে নিজেই আমাক বৈচিত্ৰ্য প্ৰদান কৰে । ভাৰতীয়সকল য’তেই যায় তাতেই সমাজৰ লগত সংযোগ স্থাপন কৰে । ভাৰতীয়সকলে য’তেই যাওক তাৰ নিয়ম আৰু পৰম্পৰাক সন্মান কৰে । আমি সেই দেশৰ, সেই সমাজখনক সম্পূৰ্ণ সততাৰে সেৱা আগবঢ়াইছো । এই সকলোবোৰৰ সমান্তৰালকৈ আমাৰ হৃদয়ত ভাৰতৰো স্পন্দন অব্যাহত আছে ।

তেওঁ কয় যে আজি বিশ্বই ভাৰতৰ সফলতা দেখিবলৈ পাইছে । আজি যেতিয়া ভাৰতৰ চন্দ্ৰযান শিৱ শক্তি পইণ্টত উপনীত হয় তেতিয়া আমি সকলোৱে গৌৰৱ অনুভৱ কৰো । আজি যেতিয়া ডিজিটেল ইণ্ডিয়াৰ শক্তি দেখি বিশ্ব আচৰিত হৈ পৰে তেতিয়া আমি সকলোৱে গৌৰৱ অনুভৱ কৰো । আজি ভাৰতৰ প্ৰতিটো খণ্ডই আকাশৰ উচ্চতা স্পৰ্শ কৰিবলৈ আগবাঢ়িছে । আজি বিশ্বই ভাৰতৰ কথা ভালদৰে শুনিছে । আজিৰ ভাৰতে কেৱল নিজৰ কথাটো দৃঢ়ভাৱে প্ৰতিষ্ঠা কৰাই নহয়, পূৰ্ণ শক্তিৰে গ্ল’বেল চাউথৰ কণ্ঠও উত্থাপন কৰে ।

আজি প্ৰধানমন্ত্ৰী মোদীয়ে কৰিব উদ্বোধন;  ফ্লেগ অফ কৰিব প্ৰৱাসী ভাৰতীয় এক্সপ্ৰেছৰ

আজি ভুৱনেশ্বৰত ১৮ সংখ্যক প্ৰবাসী ভাৰতীয় দিৱস সন্মিলন উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে । তেওঁ ভাৰতৰ বিশ্বব্যাপী সংযোগৰ ক্ৰমবৰ্ধমান গুৰুত্ব আৰু দেশৰ ভৱিষ্যত গঢ় দিয়াত প্ৰৱাসীসকলৰ ভূমিকা সম্পৰ্কে বক্তব্য আগবঢ়াব । ১০ জানুৱাৰীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কাৰ্যসূচীৰ সামৰণি অধিৱেশনৰ সভাপতিত্ব কৰিব । এই সন্মিলনত অংশগ্ৰহণৰ বাবে ৫০খনতকৈও অধিক দেশৰ পৰা বৃহৎ সংখ্যক প্ৰৱাসী ভাৰতীয়ই পঞ্জীয়ন কৰিছে ।

প্ৰৱাসী ভাৰতীয় এক্সপ্ৰেছৰ ফ্লেগ অফ কৰিব প্ৰধানমন্ত্ৰীয়ে-

ইয়াৰ লগতে এদিনীয়া ভ্ৰমণৰ সময়ত মোদীয়ে প্ৰৱাসী ভাৰতীয় এক্সপ্ৰেছৰ ফ্লেগ অফ কৰিব । এইখন প্ৰৱাসী ভাৰতীয়ৰ বাবে বিশেষ পৰ্যটন ৰে’ল, যিখন ৰে’ল দিল্লীৰ নিজামুদ্দিনৰ পৰা যাত্ৰা কৰি তিনি সপ্তাহৰ বাবে পৰ্যটন আৰু ধৰ্মীয় গুৰুত্বপূৰ্ণ কেইবাটাও স্থান ভ্ৰমণ কৰিব ।

উল্লেখ্য যে, এয়া ভাৰত চৰকাৰৰ এটা ডাঙৰ অনুষ্ঠান, য’ত প্ৰৱাসী ভাৰতীয়সকলক সংযোগ কৰি ইজনে সিজনৰ লগত যোগাযোগৰ বাবে সক্ষম কৰিবলৈ এক মঞ্চৰ ব্যৱস্থা কৰা হৈছে । ইয়াৰ বিষয়বস্তু হৈছে উন্নত ভাৰতত প্ৰবাসী ভাৰতীয়সকলৰ অৱদান ।

৭০খন দেশৰ ৩ হাজাৰ প্ৰবাসী ভাৰতীয়ই অংশগ্ৰহণ কৰিব-

৭০ খনতকৈও অধিক দেশৰ পৰা প্ৰায় ৩ হাজাৰ প্ৰৱাসী ভাৰতীয় (এন আৰ আই) লোকে অংশগ্ৰহণ কৰিব, যিয়ে ভাৰতৰ অৰ্থনৈতিক, সাংস্কৃতিক আৰু পৰ্যটন উন্নয়নত তেওঁলোকৰ অৱদানৰ বিষয়ে আলোচনা কৰিব । ইয়াৰ ভিতৰত উন্নত ভাৰতৰ দৃষ্টিভংগীও অন্তৰ্ভুক্ত হ’ব । ট্ৰিনিদাদ আৰু ট’বাগোৰ ৰাষ্ট্ৰপতি ক্ৰীষ্টিন কাৰ্লা কাংগালু এই সন্মিলনৰ মুখ্য অতিথি । ভাৰ্চুৱেলভাৱে তেওঁ এই সন্মিলনত ভাষণ দিব ।

উল্লেখ্য যে ওড়িশাত প্ৰথমবাৰৰ বাবে প্ৰবাসী ভাৰতীয় দিৱসৰ আয়োজন কৰা হৈছে । এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰী মোদীকে ধৰি বহু কেন্দ্ৰীয় মন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব । ইয়াত সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে ।

প্ৰথমে প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ…তাৰ পিছত এই ডাঙৰ ঘোষণা কৰিলে মাইক্ৰছফ্টৰ মুখ্য কাৰ্যবাহী বিষয়া সত্য নাডেলাই

ভাৰতীয় মূলৰ আমেৰিকান মুখ্য কাৰ্যবাহী বিষয়া সত্য নাডেলাই ভাৰতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে । নতুন দিল্লীত অনুষ্ঠিত এই বৈঠকৰ সময়ত মাইক্ৰ’ছফ্টৰ চি ই অ’ গৰাকীয়ে ভাৰতত কোম্পানীটোৰ সম্প্ৰসাৰণ আৰু বিনিয়োগৰ পৰিকল্পনা সন্দৰ্ভত বিতংভাৱে আলোচনা কৰে । মূল বিষয়সমূহ আছিল এ আই, ক্লাউড সেৱাৰ পৰা আৰম্ভ কৰি উদ্ভাৱনলৈকে । সোমবাৰে এই বৈঠকৰ অন্তত সত্য নাডেলাই এক্স-পোষ্টৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনায় । একে সময়তে প্ৰধানমন্ত্ৰী মোদীয়েও এই বৈঠকত আলোচনা কৰা বিষয়সমূহৰ বিষয়ে এটা পোষ্ট যোগে কয় । ইয়াৰ লগতে মঙলবাৰে সত্য নাডেলাই দেশত ৩ বিলিয়ন ডলাৰৰ বিনিয়োগৰ কথাও ঘোষণা কৰে ।

এ আইৰ সকলো দিশৰ ওপৰত আলোচনা-

মাইক্ৰ’ছফ্টৰ ভাৰতীয় মূলৰ চি ই অ’ সত্য নাডেলাই সোমবাৰে প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰি কোম্পানীটোৰ ভাৰতত বিনিয়োগৰ পৰিকল্পনা আৰু এ আইৰ বিভিন্ন দিশৰ বিষয়ে আলোচনা কৰে । তেওঁ ভাৰতক এ আই খণ্ডত আগশাৰীৰ ৰূপত গঢ়ি তোলাৰ দিশত কাম কৰাৰ আগ্ৰহ প্ৰকাশ কৰে । সত্য নাডেলাই তেওঁৰ এক্স একাউণ্টত প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী মোদীক । তেওঁ নিজৰ পোষ্টত লিখিছে, ‘আপোনাৰ নেতৃত্বৰ বাবে ধন্যবাদ । ভাৰতক এ আই ফাৰ্ষ্ট কৰাৰ প্ৰতিশ্ৰুতি আৰু দেশত আমাৰ অবিৰত সম্প্ৰসাৰণৰ ওপৰত একেলগে কাম কৰি আমি উৎফুল্লিত হৈছো যাতে প্ৰতিজন ভাৰতীয়ই এই এ আই প্লেটফৰ্মৰ ৰূপান্তৰৰ পৰা লাভৱান হ’ব পাৰে ।’

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পোষ্টটো শ্বেয়াৰ কৰি লিখিছে, ‘আপোনাক লগ পাই আনন্দিত হৈছো আৰু ভাৰতত মাইক্ৰ’ছফ্টৰ অভিলাষী সম্প্ৰসাৰণ আৰু বিনিয়োগৰ পৰিকল্পনাৰ বিষয়ে জানিবলৈ পাই আনন্দিত হৈছো । এই বৈঠকত উদ্ভাৱন, প্ৰযুক্তি আৰু এ আইৰ বিভিন্ন দিশৰ ওপৰত আলোচনা কৰা হয় ।‘

১ কোটি লোকক এ আই প্ৰশিক্ষণ-

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে সাক্ষাৎ কৰাৰ পিছদিনা মঙলবাৰে আমেৰিকাৰ চি ই অ’ সত্য নাডেলাই ডাঙৰ ডাঙৰ ঘোষণা কৰে । তেওঁ কয় যে ২০৩০ চনৰ ভিতৰত মাইক্ৰ’ছফটে ভাৰতৰ প্ৰায় ১ কোটি লোকক এ আই দক্ষতা বিকাশৰ প্ৰশিক্ষণ প্ৰদান কৰিব । সত্য নাডেলাই আৰু কয় যে ভাৰতত প্ৰচণ্ড গতি আছে, য’ত মানুহে বহু এজেণ্ট ধৰণৰ নিয়োগৰ বাবে ঠেলি দিছে ।

ভাৰতত ৩ বিলিয়ন ডলাৰৰ বিনিয়োগৰ ঘোষণা-

সত্য নাডেলাই আন এক ডাঙৰ ঘোষণা কৰি কয় যে আই টি জায়ান্ট মাইক্ৰ’ছফটে নিজৰ ক্লাউড আৰু এ আই ক্ষমতা সম্প্ৰসাৰণৰ বাবে ভাৰতত ৩ বিলিয়ন ডলাৰ বিনিয়োগ কৰিব । ইয়াৰ জৰিয়তে দেশত ক্লাউড আৰু এআই আন্তঃগাঁথনি সম্প্ৰসাৰণ কৰা হ’ব । নাডেলাই আৰু কয় যে ভাৰতত অতিৰিক্ত ৩ বিলিয়ন ডলাৰ বিনিয়োগ কৰি এতিয়ালৈকে হোৱা আটাইতকৈ ডাঙৰ সম্প্ৰসাৰণৰ কথা ঘোষণা কৰি আমি সঁচাকৈয়ে উৎসাহিত হৈছো ।