বিশ্বজুৰি মোদীৰ যাদু; ট্ৰাম্প আৰু মেলনীক পিছ পেলাই আটাইতকৈ জনপ্ৰিয় নেতা হিচাপে পৰিগণিত

বিশ্বজুৰি মোদীৰ যাদু

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুনৰবাৰ বিশ্বৰ জনপ্ৰিয় নেতা হিচাপে স্থান লাভ কৰিছে। এই তালিকাখন বিজনেছ ইনটেলিজেন্স কোম্পানী মৰ্নিং কনছাল্টে প্ৰকাশ কৰিছে।

মৰ্নিং কনছাল্টে প্ৰকাশ কৰা ২০২৫ চনৰ জুলাই মাহৰ শেহতীয়া প্ৰতিবেদন অনুসৰি প্ৰধানমন্ত্ৰী মোদীয়ে ৭৫ শতাংশ লোকৰ অনুমোদন ৰেটিং লাভ কৰিছে।

কোৱা হৈছে যে এই তালিকাখন ৪ জুলাইৰ পৰা ১০ জুলাইৰ ভিতৰত নিৰ্মাণ কৰা হৈছিল। ২০খনতকৈও অধিক দেশৰ নেতাসকলক এই সমীক্ষাত অন্তৰ্ভুক্ত কৰা হৈছে।

বিজেপিৰ আই টি চেলৰ মুৰব্বী অমিত মালৱিয়াইও প্ৰধানমন্ত্ৰী গৰাকীক আটাইতকৈ জনপ্ৰিয় নেতা হিচাপে নিৰ্বাচিত কৰা সন্দৰ্ভত ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছে।

এই পোষ্টটোত তেওঁ লিখিছে যে এক বিলিয়নতকৈও অধিক ভাৰতীয়ৰ প্ৰিয় আৰু বিশ্বৰ লাখ লাখ মানুহে সন্মান কৰা, মৰ্নিং কনছাল্ট গ্ল’বেল লিডাৰ এপ্ৰুভেল ট্ৰেকাৰত পুনৰ শীৰ্ষস্থান দখল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

বিশ্বৰ সৰ্বোচ্চ ৰেটিং পোৱা আৰু আটাইতকৈ বিশ্বাসযোগ্য নেতা। শক্তিশালী নেতৃত্ব। বিশ্বব্যাপী সন্মান। নিৰাপদ হাতত ভাৰত।

এই সমীক্ষা অনুসৰি ড’নাল্ড ট্ৰাম্প আৰু মেলনীৰ দৰে নেতাও জনপ্ৰিয়তাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদীৰ পিছত আছে। এই তালিকাত দ্বিতীয় স্থানত আছে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি লি জে-ম্যুং।

তেওঁ ৫৯ শতাংশ অনুমোদন ৰেটিং লাভ কৰিছে। তিনি নম্বৰত আছে আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি জেভিয়াৰ মিলী।তেওঁ ৫৭ শতাংশ ভোট লাভ কৰিছে।

ইয়াৰ পিছতে কানাডাৰ মাৰ্ক কাৰ্নীয়ে ৫৬ শতাংশ ভোট আৰু অষ্ট্ৰেলিয়াৰ এণ্টনি আলবানিজে ৫৪ শতাংশ ভোট লাভ কৰে।

আনহাতে ড’নাল্ড ট্ৰাম্পে অনুমোদন ৰেটিংত ৪৪ শতাংশ ভোট লাভ কৰিছে। একে সময়তে ইটালীৰ জৰ্জিয়া মেল’নীয়ে লাভ কৰিছে ৪০ শতাংশ অনুমোদন ৰেটিং।

লগতে পঢ়ক: প্ৰধানমন্ত্ৰীৰ বৃহৎ ঘোষণা; ভাৰতত মুকলি হ’ব ব্ৰিটেইনৰ শীৰ্ষ বিশ্ববিদ্যালয়ৰ চৌহদ

‘অপাৰেচন সেন্দুৰ’ লক্ষ্যত উপনীত হ’ল”; বৰ্ষাকালীন অধিৱেশনৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী মোদীৰ সম্বোধন

প্ৰধানমন্ত্ৰী মোদীৰ সম্বোধন

২১ জুলাই সোমবাৰৰ পৰা আৰম্ভ হৈছে সংসদৰ বৰ্ষাকালীন অধিৱেশন।বৰ্ষাকালীন  অধিৱেশনত অংশগ্ৰহণৰ বাবে প্ৰধানমন্ত্ৰী মোদীকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ নেতা সংসদত উপস্থিত হৈছে।

অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে সংসদ কমপ্লেক্সত সংবাদ মাধ্যমৰ জৰিয়তে দেশবাসীক সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

প্ৰধানমন্ত্ৰী মোদীয়ে সম্বোধন কৰি কয় যে, “সংসদৰ এই বৰ্ষাকালীন অধিৱেশন বিজয় উদযাপনৰ দৰে। আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত ভাৰতীয় পতাকা উত্তোলন কৰাটো প্ৰতিজন ভাৰতীয়ৰ বাবে গৌৰৱৰ মুহূৰ্ত”।

‘সকলো সাংসদ আৰু দেশবাসীয়ে এক কণ্ঠত এই কৃতিত্বৰ প্ৰশংসা কৰিব।ই আমাৰ ভৱিষ্যত অভিযানৰ বাবে প্ৰেৰণা হিচাপে কাম কৰিব।”

“এই বাৰিষা অধিবেশন বিজয়ৰ উদযাপন। সমগ্ৰ বিশ্বই ভাৰতৰ সামৰিক শক্তিক স্বীকাৰ কৰিছে।অপাৰেচন সেন্দুৰত ভাৰতীয় সেনাই ১০০% লক্ষ্যত উপনীত হৈছে”।

” অপাৰেচন সেন্দুৰৰ অধীনত ২২ মিনিটৰ ভিতৰতে সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান শেষ কৰি দিয়া হৈছে”।

“অপাৰেচন সেন্দূৰৰ অধীনত ২২ মিনিটৰ ভিতৰতে সন্ত্ৰাসবাদীৰ স্থান ধ্বংসস্তুপলৈ পৰিণত কৰা হয়। মেড ইন ইণ্ডিয়াৰ সামৰিক শক্তিৰ এই নতুন ৰূপটোৰ প্ৰতি বিশ্ব অতি আকৰ্ষিত হৈছে”।

“বৰ্তমান যেতিয়াই পৃথিৱীৰ বিভিন্ন ঠাইৰ মানুহ লগ পাওঁ, তেতিয়াই ভাৰতে নিৰ্মাণ কৰা মেড ইন ইণ্ডিয়া অস্ত্ৰৰ প্ৰতি বিশ্বৰ আকৰ্ষণ বৃদ্ধি পাইছে।”

“আজি আমাৰ নিৰাপত্তা বাহিনীয়ে নক্সালবাদৰ অন্ত পেলোৱাৰ নতুন আত্মবিশ্বাস আৰু সংকল্প লৈ আগবাঢ়িছে।আজি বহু জিলা নক্সালবাদৰ পৰা মুক্ত।আমি গৌৰৱান্বিত যে ভাৰতীয় সংবিধানে নক্সালবাদৰ বিৰুদ্ধে জয়লাভ কৰিছে।’ৰঙা কৰিডৰ’বোৰ ‘সেউজীয়া বৃদ্ধিৰ অঞ্চল’লৈ ৰূপান্তৰিত হৈছে।”

লগতে পঢ়ক: অপাৰেচন সেন্দূৰৰ পৰা ট্ৰাম্পলৈ; আজিৰে পৰা আৰম্ভ সংসদৰ বৰ্ষাকালীন অধিৱেশন

‘পশ্চিম বংগই পৰিৱৰ্তন বিচাৰিছে…’; দুৰ্গাপুৰত মমতা বেনাৰ্জীক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰত্যাহ্বান

‘পশ্চিম বংগই পৰিৱৰ্তন বিচাৰিছে…’

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি বিহাৰ আৰু পশ্চিমবংগ ভ্ৰমণত আছে।প্ৰধানমন্ত্ৰী মোদীয়ে বিহাৰৰ মতিহাৰী জিলাত আধাৰশিলা স্থাপন কৰাৰ লগতে ৭২০০ কোটিৰো অধিক টকাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰে।

ইয়াৰ লগতে প্ৰধানমন্ত্ৰী গৰাকীয়ে পশ্চিম বংগৰ দুৰ্গাপুৰত আধাৰশিলা স্থাপন কৰাৰ লগতে ৫০০০ কোটিৰো অধিক টকাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰে। ইয়াত তেল আৰু গেছ, বিদ্যুৎ, পথ আৰু ৰে’ল আদি বিভিন্ন খণ্ড অন্তৰ্ভুক্ত কৰা হৈছে।

দুৰ্গাপুৰত উপস্থিত হৈ প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, ‘পশ্চিম বংগত ৰে’ল সংযোগ উন্নত কৰাৰ বাবে বহু কাম কৰা হৈছে।পশ্চিম বংগ দেশৰ সেই ৰাজ্যসমূহৰ ভিতৰত অন্যতম য’ত বৃহৎ সংখ্যক বন্দে ভাৰত ৰে’ল চলি আছে।

বংগৰ দুৰ্গাপুৰত এখন সভাত ভাষণ দি পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক তীব্ৰ সমালোচনা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।

তেওঁ কয় যে ‘পশ্চিম বংগই পৰিৱৰ্তন বিচাৰে। ইয়াৰ মাজতে তেওঁ বংগবাসীৰ সৈতে পোনপটীয়াকৈ সংযোগ স্থাপনৰ বাবে বাংলা ভাষাত কেইশাৰীমান কথা কোৱাও দেখা গ’ল’।

তেওঁ কয় যে ‘কেন্দ্ৰীয় চৰকাৰে বংগৰ উন্নয়নৰ বাবে কাম কৰি আছে। বিজেপিয়ে বংগৰ বাবে ডাঙৰ সপোন দেখিছে’।

‘অহা বছৰ বংগত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন।বিজেপিৰ তৰফৰ পৰা অনুৰোধ জনালোঁ যে এবাৰ বিজেপিক সুযোগ দিয়ক’।

প্ৰধানমন্ত্ৰী গৰাকীয়ে লগতে কয় যে, ‘বিগত দশকবোৰত এই খণ্ডত বিনিয়োগ আৰু নিয়োগৰ পৰিস্থিতি ক্ৰমান্বয়ে প্ৰতিকূল হৈ পৰিছে’।

‘সঘনাই হিংসাৰ ঘটনা, পক্ষপাতপূৰ্ণ পুলিচ ব্যৱস্থা আৰু ন্যায় ব্যৱস্থাৰ প্ৰতি অনাস্থাই এনে এক পৰিৱেশৰ সৃষ্টি কৰিছে য’ত বিনিয়োগৰ ক্ষেত্ৰত কোনেও আত্মবিশ্বাসী অনুভৱ নকৰে’।

‘জীৱন আৰু ব্যৱসায়ৰ সুৰক্ষাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ অক্ষমতাই সম্ভাৱ্য বিনিয়োগকাৰীৰ চিন্তা আৰু অধিক গভীৰ কৰি তোলে’।

‘কঠোৰ পৰিশ্ৰমী, সৎ আৰু শক্তিশালী চৰকাৰ বাছি লওক। বংগৰ উন্নয়নৰ সন্মুখত টিএমচি চৰকাৰ দেৱালৰ দৰে থিয় হৈ আছে’।

‘যিদিনা টিএমচি চৰকাৰৰ এই দেৱালখন সৰি পৰিব, সেইদিনা বংগই উন্নয়নৰ এক নতুন গতি ল’ব। বংগত প্ৰকৃত পৰিৱৰ্তন তেতিয়াহে আহিব যেতিয়া ইয়াৰ পৰা টিএমচি চৰকাৰ যাব’।

লগতে পঢ়ক: চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙক সাক্ষাৎ মন্ত্ৰী এছ জয়শংকৰৰ; দিলে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তা

‘পহলগাম কাণ্ড আছিল সমগ্ৰ মানৱতাৰ ওপৰত আক্ৰমণ…’;BRICS ত প্ৰধানমন্ত্ৰী মোদীৰ ডাঙৰ মন্তব্য

BRICS ত প্ৰধানমন্ত্ৰী মোদীৰ ডাঙৰ মন্তব্য

ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰ’ত অনুষ্ঠিত হোৱা ১৭ সংখ্যক BRICS সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সন্ত্ৰাসবাদৰ বিষয়টোক গুৰুত্বসহকাৰে লৈ জম্মু-কাশ্মীৰৰ পহলগামত ২২ এপ্ৰিলত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণক সমগ্ৰ মানৱ জাতিৰ ওপৰত আক্ৰমণ বুলি অভিহিত কৰা হৈছিল।

তেওঁ কয় যে সন্ত্ৰাসবাদ হৈছে মানৱতাৰ সন্মুখত থকা অন্যতম গুৰুতৰ প্ৰত্যাহ্বান। শেহতীয়াকৈ ভাৰতে পহলগামত অমানৱীয় আৰু কাপুৰুষ সন্ত্ৰাসবাদী আক্ৰমণৰ সন্মুখীন হ’বলগীয়া হৈছে।এই আক্ৰমণ কেৱল ভাৰতৰ ওপৰত নহয়, সমগ্ৰ মানৱতাৰ ওপৰত আক্ৰমণ।

BRICS শীৰ্ষ সন্মিলনৰ ‘শান্তি-নিৰাপত্তা আৰু বিশ্ব শাসনৰ সংস্কাৰ’ অধিবেশনত প্ৰধানমন্ত্ৰী মোদীয়ে শান্তি আৰু ভাতৃত্ববোধৰ প্ৰতি ভাৰতৰ দায়বদ্ধতা পুনৰবাৰ উল্লেখ কৰে।লগতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ঐক্যবদ্ধ বিশ্বব্যাপী ব্যৱস্থা গ্ৰহণৰ বাবেও তীব্ৰ আহ্বান জনায়।

তেওঁ স্পষ্টকৈ কৈছিল যে সন্ত্ৰাসবাদক প্ৰত্যক্ষ বা পৰোক্ষভাৱে সমৰ্থন কৰা যিকোনো দেশেই তাৰ মূল্য দিব লাগে।সন্ত্ৰাসবাদীক নিষিদ্ধ কৰাত কোনো সংকোচ হ’ব নালাগে।সন্ত্ৰাসবাদৰ বলি হোৱা লোক আৰু ইয়াৰ সমৰ্থকসকলক একে স্কেলত ওজন কৰিব নোৱাৰি।

প্ৰধানমন্ত্ৰী মোদীয়ে লগতে জোৰ দি কয় যে ৰাজনৈতিক বা ব্যক্তিগত স্বাৰ্থৰ বাবে মৌন সমৰ্থন দিয়া বা সন্ত্ৰাসবাদক আওকাণ কৰাটো কোনো কাৰণতে গ্ৰহণযোগ্য হ’ব নালাগে।

তেওঁ কয় যে মহাত্মা গান্ধী আৰু গৌতম বুদ্ধৰ নিৰ্দেশনাত ভাৰতে শান্তিৰ পথ বাছি লৈ যাব।পৰিস্থিতি যিমানেই কঠিন নহওক কিয়, মানৱতাৰ কল্যাণৰ বাবে শান্তি সৰ্বোত্তম পথ।

ব্ৰিকছ দেশসমূহে পহলগাম আক্ৰমণক গৰিহণা দিছে

ব্ৰিকছৰ দেশসমূহে যৌথভাৱে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে গৰিহণা দিয়ে।তেওঁলোকৰ যৌথ বিবৃতিত তেওঁলোকে ইয়াক সন্ত্ৰাসবাদৰ অপৰাধমূলক আৰু ইয়াক ক্ষমা কৰিব নোৱাৰা কাম বুলি অভিহিত কৰি তেওঁ সন্ত্ৰাসবাদৰ সকলো ধৰণৰ বিৰুদ্ধে একেলগে যুঁজ দিয়াৰ প্ৰতিশ্ৰুতি পুনৰবাৰ উল্লেখ কৰে।

বিবৃতিটোত কোৱা হৈছে যে ২০২৫ চনৰ ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণত তীব্ৰ গৰিহণা দিছো, য’ত ২৬ জন লোক নিহত হোৱাৰ লগতে বহু আহত হয়।

লগতে পঢ়ক: গ্লবেল চাউথ অবিহনে পৃথিৱী নেটৱৰ্ক নথকা মোবাইলৰ দৰে… ব্ৰিকছ মঞ্চৰ পৰা ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে

আৰ্জেণ্টিনাত উপস্থিত প্ৰধানমন্ত্ৰী মোদী; বিমানবন্দৰত উষ্ম আদৰণি

আৰ্জেণ্টিনাত উপস্থিত প্ৰধানমন্ত্ৰী মোদী

শুকুৰবাৰে সন্ধিয়া আৰ্জেণ্টিনাৰ ৰাজধানী বুয়েনছ আয়াৰ্ছত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।৫৭ বছৰৰ ভিতৰত কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীৰ আৰ্জেণ্টিনাৰ প্ৰথমটো দ্বিপাক্ষিক ভ্ৰমণ।

এজেইজা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত তেওঁক এক বৃহৎ আদৰণি জনোৱা হয়।এই ২ দিনীয়া ভ্ৰমণৰ সময়ত মোদীয়ে ৰাষ্ট্ৰপতি জেভিয়াৰ মেইলীৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’ব আৰু দুয়োখন দেশৰ সম্পৰ্ক আৰু অধিক সুদৃঢ় কৰাৰ সন্দৰ্ভত আলোচনা হ’ব।

এয়া প্ৰধানমন্ত্ৰী মোদীৰ দেশখনলৈ দ্বিতীয়টো ভ্ৰমণ। ইয়াৰ পূৰ্বে ২০১৮ চনত জি-২০ শীৰ্ষ সন্মিলনৰ বাবে ইয়ালৈ আহিছিল।এইবাৰ তেওঁৰ এই ভ্ৰমণটো ৫খন দেশ ভ্ৰমণৰ তৃতীয় পৰ্যায়।

বহুতো গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা

বৈদেশিক মন্ত্ৰালয়ৰ তথ্য অনুসৰি, প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি মাইলীৰ মাজত প্ৰতিৰক্ষা, কৃষি, খনন, তেল আৰু গেছ, নবীকৰণযোগ্য শক্তি, বাণিজ্য আৰু বিনিয়োগ আদি বহু গুৰুত্বপূৰ্ণ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰত আলোচনা হ’ব।

মন্ত্ৰালয়ে কয়, ‘এই ভ্ৰমণে ভাৰত আৰু দেশখনৰ মাজত বহুমুখী কৌশলগত অংশীদাৰিত্ব আৰু অধিক গভীৰ কৰি তুলিব।’

ইয়ালৈ যোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘আৰ্জেণ্টিনা লেটিন আমেৰিকাত আমাৰ মূল অৰ্থনৈতিক অংশীদাৰ আৰু জি-২০ৰ ঘনিষ্ঠ মিত্ৰ।মই, ৰাষ্ট্ৰপতি জেভিয়াৰ মাইলীক লগ পাবলৈ আগ্ৰহী, যাক যোৱা বছৰ লগ পাইছিলো।

আমি কৃষি, জটিল খনিজ পদাৰ্থ, শক্তি, বাণিজ্য, পৰ্যটন, প্ৰযুক্তি আৰু বিনিয়োগ আদি ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতা আৰু অধিক বৃদ্ধিৰ ওপৰত গুৰুত্ব দিম।

ইয়াৰ পিছত যাব ব্ৰাজিললৈ

আৰ্জেণ্টিনাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে ট্ৰিনিদাদ আৰু ট’বাগো ভ্ৰমণলৈ গৈছিল, য’ত দুয়োখন দেশে ৬খন চুক্তিত স্বাক্ষৰ কৰিছিল।

তাত তেওঁক ‘দ্য অৰ্ডাৰ অৱ দ্য ৰিপাব্লিক অৱ ট্ৰিনিদাদ এণ্ড ট’বাগো’, কেৰিবিয়ান দেশৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে সন্মানিত কৰা হয়।প্ৰথমবাৰৰ বাবে বিদেশী নেতাক দিয়া হৈছিল।

আৰ্জেণ্টিনাৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে ব্ৰাজিললৈ যাব, য’ত তেওঁ ১৭ সংখ্যক ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰিব আৰু ৰাজ্যিক ভ্ৰমণতো যাব।তেওঁৰ যাত্ৰাৰ শেষ ষ্টপ হ’ব নামিবিয়া।

আৰ্জেণ্টিনা ভ্ৰমণ প্ৰধানমন্ত্ৰীৰ কিয় বিশেষ?

এই ভ্ৰমণৰ জৰিয়তে ভাৰত আৰু আৰ্জেণ্টিনাৰ বন্ধুত্ব আৰু অধিক মজবুত কৰাৰ এক সুন্দৰ সুযোগ।বাণিজ্য আৰু প্ৰযুক্তিৰ পৰা আৰম্ভ কৰি প্ৰতিৰক্ষা আৰু শক্তিলৈকে বহু ক্ষেত্ৰত দুয়োখন দেশৰ মাজত অংশীদাৰিত্বৰ অপৰিসীম সম্ভাৱনা আছে।

এই ভ্ৰমণৰ সময়ত লিথিয়ামৰ বিষয়েও আলোচনা হোৱাৰ সম্ভাৱনা আছে, কাৰণ ভাৰতে এই খনিজৰ বাবে চীনৰ ওপৰত নিৰ্ভৰশীলতা কম কৰিব বিচাৰিছে।

এই দৃষ্টিকোণৰ পৰা চালে প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণে কেৱল দ্বিপাক্ষিক সম্পৰ্কক নতুন উচ্চতালৈ লৈ যোৱাই নহয়, বৰঞ্চ ই বিশ্বৰ মঞ্চত ভাৰতৰ স্থিতি আৰু অধিক শক্তিশালী কৰিব।

লগতে পঢ়ক: ত্ৰিনিদাদ আৰু ট’বাগোত প্ৰধানমন্ত্ৰী মোদীৰ সীতাৰাম আৰু জয় শ্ৰীৰামৰ শ্লোগান

ত্ৰিনিদাদ আৰু ট’বাগোত প্ৰধানমন্ত্ৰী মোদীৰ সীতাৰাম আৰু জয় শ্ৰীৰামৰ শ্লোগান

ত্ৰিনিদাদ আৰু ট’বাগোত প্ৰধানমন্ত্ৰী মোদী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বৰ্তমান ৫ খন দেশ ভ্ৰমণত আছে। ঘানাৰ পাছত বৃহস্পতিবাৰে (৩ জুলাই, ২০২৫) ত্ৰিনিদাদ আৰু ট’বাগোত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী মোদীয়ে সীতাৰাম আৰু জয়শ্ৰী ৰামৰ শ্ল’গানৰ সৈতে ভাষণ আৰম্ভ কৰে।

আফ্ৰিকাৰ দেশ ট্ৰিনিদাদ আৰু ট’বাগোত বসতি স্থাপন কৰা ভাৰতীয় সম্প্ৰদায়কৰ লোকসকলক সম্বোধন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। এই সময়ত তেওঁ প্ৰবাসী ভাৰতীয়সকলক দেশৰ মাটিৰ কথা সোঁৱৰাই দিয়ে।

ইয়াৰ উপৰিও তেওঁ ত্ৰিনিদাদ আৰু ট’বাগোত অযোধ্যাত শ্ৰীৰাম মন্দিৰ নিৰ্মাণৰ কাহিনী, সৰজু নদীৰ প্ৰবাহ আৰু মহা কুম্ভৰ গৌৰৱ আৰু ভাৰত বিশ্বৰ চতুৰ্থ বৃহত্তম অৰ্থনীতি হোৱাৰ উন্নয়নৰ কাহিনীও বৰ্ণিত কৰিছিল।

প্ৰধানমন্ত্ৰী মোদীয়ে ত্ৰিনিদাদ আৰু ট’বাগোত থকা প্ৰবাসী ভাৰতীয়সকলক ভাৰতলৈ আহি নিজৰ ককা-আইতাৰ স্মৃতি লালন-পালন কৰিবলৈ আৰু দেশৰ মাটি চাবলৈ আমন্ত্ৰণ জনায়।

প্ৰবাসী ভাৰতীয় সকলক সম্বোধন জনাই কয় যে, “মই কিছু সময়ৰ আগতে এই ধুনীয়া ভূমিলৈ আহিছো, য’ত চৰাইৰ মাত অনুৰণন হৈ থাকে। আৰু মোৰ প্ৰথম যোগাযোগ আছিল ইয়াৰ ভাৰতীয় সম্প্ৰদায়ৰ সৈতে”।

“এইটো যথেষ্ট স্বাভাৱিক অনুভৱ হয়, কাৰণ আমি একেটা পৰিয়ালৰ অংশ… ট্ৰিনিদাদ আৰু ট’বাগোৰ ভাৰতীয় সম্প্ৰদায়ৰ যাত্ৰা সাহসেৰে ভৰা।

আপোনালোকৰ পূৰ্বপুৰুষসকলে যি পৰিস্থিতিৰ সন্মুখীন হৈছিল, সেইবোৰে সকলোৰে শক্তিশালী আত্মাকো ভাঙি পেলালেহেঁতেন। কিন্তু তেওঁলোকে আশাৰে সমস্যাৰ সৈতে যুঁজ দিছিল”।

“তেওঁলোকে সাহসেৰে সমস্যাবোৰৰ সন্মুখীন হৈছিল। গংগা আৰু যমুনাক এৰি দিছিল, কিন্তু হৃদয়ত ৰামায়ণ কঢ়িয়াই লৈ ফুৰিছিল।তেওঁলোকে নিজৰ মাটি এৰি দিছিল, কিন্তু নিমখ এৰি দিয়া নাছিল”।

“তেওঁলোক কেৱল প্ৰব্ৰজনকাৰী নাছিল; তেওঁলোক এক চিৰন্তন সভ্যতাৰ দূত আছিল।তেওঁলোকৰ অৱদানে এই দেশখনক সাংস্কৃতিক, অৰ্থনৈতিক আৰু আধ্যাত্মিকভাৱে উপকৃত কৰিছে।”

ভাৰতীয় চহৰৰ নামেৰে নামাকৰণ ট্ৰিনিদাদ আৰু ট’বাগোৰ ৰাজপথ

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, “যেতিয়া যোৱাবাৰ মই আহিছিলো, তেতিয়াৰ পৰা এতিয়ালৈকে ২৫ বছৰ হৈ গ’ল…তেতিয়াৰ পৰা এতিয়ালৈকে আমাৰ বন্ধুত্ব আৰু অধিক মজবুত হৈ পৰিছে।

বেনাৰস, পাটনা, কলকাতা আৰু দিল্লী ভাৰতৰ চহৰ হ’ব পাৰে, কিন্তু ইয়াৰ ৰাস্তাবোৰৰ নামো আছে।ইয়াত নৱৰাত্ৰি, মহাশিৱৰাত্ৰি আৰু জন্মাষ্টমী আনন্দ, উল্লাস আৰু গৌৰৱেৰে পালন কৰা হয়।ইয়াত চৌতল আৰু ভিটাক বংশই ফুলি উঠে।ইয়াত বহুতো চিনাকি মুখৰ উষ্ণতা দেখিবলৈ পাওঁ।

মোদীয়ে লগতে কয় যে, “অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰতিৰূপ আৰু সৰজু নদীৰ পৰা কিছু পানী অনাটো মোৰ বাবে এক সন্মান। এই সৰজু আৰু পবিত্ৰ সংগমৰ এই জল হৈছে বিশ্বাসৰ অমৃত”।

“এইটোৱেই সেই বৈ যোৱা ধাৰা যিয়ে আমাৰ মূল্যবোধ আৰু আমাৰ পৰম্পৰাক চিৰদিনৰ বাবে জীয়াই ৰাখে।” আপোনালোকে সকলোৱে জানে যে এই বছৰৰ আৰম্ভণিতে বিশ্বৰ সৰ্ববৃহৎ আধ্যাত্মিক সমাৱেশ মহা কুম্ভ অনুষ্ঠিত হৈছিল”।

“মহা কুম্ভৰ পানী মোৰ লগত লৈ অহাটো সৌভাগ্য হৈছে।মই কমলা জীক অনুৰোধ কৰিছো যে তেওঁ সৰজু নদী মহাকুম্ভৰ পবিত্ৰ পানী ইয়াত গংগা নৈত অৰ্পণ কৰক।”

লগতে পঢ়ক: ঘানাৰ ৰাষ্ট্ৰীয় সন্মানেৰে সন্মানিত প্ৰধানমন্ত্ৰী মোদী; গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ দুয়ো দেশৰ

ইৰানৰ ৰাষ্ট্ৰপতিৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ; কেইবাটাও বিষয়ত আলোচনা

ইৰানৰ ৰাষ্ট্ৰপতিৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ

দেওবাৰে পুৱা আমেৰিকাই ইৰাণৰ তিনিটা পাৰমাণৱিক স্থানত আক্ৰমণ কৰে।এই আক্ৰমণৰ পিছত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানৰ সৈতে কথা পাতিছিল।

এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত তথ্য প্ৰদান কৰে।টুইটাৰযোগে প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, “বৰ্তমান পৰিস্থিতিৰ বিষয়ে আমি বিতংভাৱে আলোচনা কৰিলোঁ।

শেহতীয়া উত্থান ঘটাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিলোঁ।আগবাঢ়ি যাবলৈ তাৎক্ষণিক মানসিক চাপৰ পৰা সকাহ, আলোচনা আৰু কূটনীতি, আৰু আঞ্চলিক শান্তি, নিৰাপত্তা আৰু স্থিতিশীলতাৰ আগতীয়া পুনৰুদ্ধাৰৰ বাবে আমাৰ আহ্বান পুনৰবাৰ উল্লেখ কৰে।’

ইজৰাইলৰ সৈতে আমেৰিকা

দৰাচলতে, বিগত কেইবাদিনো ধৰি ইৰাণ আৰু ইজৰাইলৰ মাজত এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছে।দুয়োপক্ষৰ পৰা অবিৰতভাৱে মিছাইল আক্ৰমণ চলাই আছে।

এই উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ মাজতে আমেৰিকাও ইয়াৰ লগত যোগদান কৰিছে।ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে ইৰাণৰ বিৰুদ্ধে যুদ্ধত ইজৰাইলক সমৰ্থন কৰাৰ সন্দৰ্ভত তেওঁ দুসপ্তাহৰ পিছত সিদ্ধান্ত ল’ব।

অৱশ্যে মাত্ৰ দুদিনতে তেওঁ এই সিদ্ধান্ত লৈছিল আৰু ইজৰাইলৰ অভিযানত যোগদান কৰি আমেৰিকাই দেওবাৰে পুৱাৰ ভাগত ইৰাণক আক্ৰমণ কৰিছিল।অৱশ্যে আমেৰিকাৰ আক্ৰমণে ইৰাণৰ কিমান ক্ষতি কৰিছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

এই আক্ৰমণৰ প্ৰতিক্ৰিয়া প্ৰকাশ ইৰাণৰ

আমেৰিকাৰ আক্ৰমণৰ পিছতে এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইৰাণৰ বৈদেশিক মন্ত্ৰালয়ে।ইৰাণৰ বৈদেশিক মন্ত্ৰালয়ে কয় যে আমেৰিকাই ইছলামিক ৰিপাব্লিকৰ তিনিটা পাৰমাণৱিক স্থানত আক্ৰমণ কৰি খোদ ইৰাণৰ বিৰুদ্ধে বিপজ্জনক যুদ্ধ আৰম্ভ কৰিছে।

এক বিবৃতি অনুসৰি মন্ত্ৰালয়ে কয় যে, “বিশ্বই পাহৰিব নালাগে যে চলি থকা কূটনৈতিক প্ৰক্ৰিয়াৰ মাজতে আমেৰিকাই ইজৰাইলৰ দৰে গণহত্যাকাৰী আৰু আইনহীন শাসন ব্যৱস্থাক সমৰ্থন কৰি কূটনীতিক বিশ্বাসঘাতকতা কৰিছিল।”

ইয়াত লগতে কোৱা হৈছে যে, “এতিয়া জায়নিষ্ট শাসনে সংঘটিত কৰা উলংঘা আৰু অপৰাধৰ ধাৰাবাহিকতা সম্পূৰ্ণ কৰি আমেৰিকাই নিজেই ইৰাণৰ বিৰুদ্ধে বিপজ্জনক যুদ্ধ আৰম্ভ কৰিছে।

আমেৰিকাৰ সামৰিক আক্ৰমণ আৰু এই শাসন ব্যৱস্থাই সংঘটিত অপৰাধক বলপূৰ্বকভাৱে প্ৰতিহত কৰাৰ লগতে নিজৰ নিৰাপত্তা আৰু জাতীয় স্বাৰ্থ ৰক্ষা কৰাৰ অধিকাৰ ইৰাণৰ আছে।’

লগতে পঢ়ক: ইজৰাইলৰ বিৰুদ্ধে ক্ষুদ্ধ ইৰাণৰ বৃহৎ প্ৰত্যুত্তৰ; কেইবাখনো চহৰত জৰুৰী অৱস্থা

‘যোগে সমগ্ৰ বিশ্বক সংযোগ কৰিছে’, ডিঙিত গামোছা লৈ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত প্ৰধানমন্ত্ৰী মোদী

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত প্ৰধানমন্ত্ৰী মোদী

আজি সমগ্ৰ বিশ্বই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে যোগাসন কৰি আছে।যোগ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিশাখাপট্টনমত উপস্থিত হৈ ৩ লাখ লোকৰ সৈতে গণ যোগাসনৰ নেতৃত্ব দিছে।

আজি সমগ্ৰ দেশৰ ৪ লাখৰো অধিক স্থানত গণ কাৰ্যসূচীৰ জৰিয়তে যোগ দিৱস উদযাপন কৰা হৈছে।উধামপুৰত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে জোৱান সকলৰ সৈতে যোগ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ সময়ত সংসদ ভৱন কমপ্লেক্সত লোকসভাৰ অধ্যক্ষ ওম বিৰলাক যোগাসন কৰা দেখা গৈছে।

দেশবাসীক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি ভাষণৰ আৰম্ভণি কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।তেওঁ কয় যে,‘আজি ২১ জুনত সমগ্ৰ বিশ্বই একাদশ বাৰৰ বাবে একেলগে যোগাসন কৰিছে। যোগৰ সহজ অৰ্থ হ’ল সংযোগ। যোগে যে সমগ্ৰ বিশ্বক সংযোগ কৰি ৰাখিছে সেয়া দেখি ভাল লাগে।’

যোগক গণ আন্দোলন হিচাপে গঢ়ি তোলকঃ প্ৰধানমন্ত্ৰী

বিশাখাপট্টনমত ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কয় – আমি একেলগে যোগক এক গণ আন্দোলন হিচাপে গঢ়ি তুলিব লাগিব যিয়ে বিশ্বক শান্তি আৰু সম্প্ৰীতিৰ দিশত আগুৱাই নিব।য’ত প্ৰতিজন ব্যক্তিয়ে দিনটো আৰম্ভ কৰি ভাৰসাম্য বিচাৰি পায়। যোগ মানৱতাক একত্ৰিত কৰাৰ মাধ্যম হৈ পৰে।

যোগ দিৱসৰ এটা দশকৰ যাত্ৰাৰ কথা স্মৰণ প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰী গৰাকীয়ে কয়- যোৱা দশকত যোগৰ যাত্ৰালৈ চালে বহু কথা মনত পৰে। যেতিয়া ভাৰতে ৰাষ্ট্ৰসংঘত এই প্ৰস্তাৱ আগবঢ়াইছিল, তেতিয়া সম্ভৱপৰ কম সময়ৰ ভিতৰতে বিশ্বৰ দেশসমূহে আমাৰ প্ৰস্তাৱৰ সৈতে থিয় দিছিল।

এনে সমৰ্থন আজিৰ পৃথিৱীত সাধাৰণ ঘটনা নহয়। মানৱতাৰ বাবে বিশ্বৰ এক সামূহিক প্ৰচেষ্টা আছিল। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আজি যোগাসন সমগ্ৰ বিশ্বৰ কোটি কোটি লোকৰ জীৱনশৈলীৰ অংগ হৈ পৰিছে।

তেওঁ কয় যে আমাৰ দিব্যাং বন্ধুসকলে যোগশাস্ত্ৰ অধ্যয়ন, বিজ্ঞানীসকলে মহাকাশত যোগ কৰা দেখিলেই গৌৰৱ অনুভৱ কৰো। যোগে আমাক শান্তিৰ দিশ দিয়ে।

মেদবহুলতা এটা ডাঙৰ সমস্যা: প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী গৰাকীয়ে মেদবহুলতাক ডাঙৰ সমস্যা আখ্যা দি কয় যে আমি আমাৰ খাদ্যত ১০ শতাংশ কম তেল ব্যৱহাৰ কৰিব লাগে। মানুহে যোগাসনত যোগদান কৰি সুস্থ হৈ থকা উচিত।

লগতে পঢ়ক: ২১ জুনত কিয় পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ?  জানক ইয়াৰ গুৰুত্ব আৰু ২০২৫ চনৰ বিষয়বস্তু

‘পাঞ্জা আৰু লালটেনে বিহাৰৰ আত্মসন্মানক আঘাত কৰিছে’; প্ৰধানমন্ত্ৰী মোদী

বিহাৰত প্ৰধানমন্ত্ৰী মোদীৰ ডাঙৰ মন্তব্য

৪ মাহৰ পিছত বিহাৰত বিধানসভা নিৰ্বাচন। ইয়াৰ পূৰ্বে আজি পুনৰবাৰ বিহাৰ ভ্ৰমণলৈ গৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ছিৱানত আয়োজিত জনসভাত ভাষণ দি প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে ছিৱান হৈছে সংবিধানক শক্তি প্ৰদান কৰা ভূমি।এই ভূমি স্বাধীনতা সংগ্ৰামৰ ভূমি। প্ৰতিটো ক্ষেত্ৰতে বিহাৰ দ্ৰুতগতিত বিকশিত হৈছে।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, “কালি মাত্ৰ বিদেশ ভ্ৰমণৰ পৰা উভতি আহিলোঁ। বহু সমৃদ্ধিশালী দেশৰ নেতাৰ সৈতে কথা পাতিলোঁ।

ভাৰতৰ দ্ৰুত অগ্ৰগতিৰ বাবে সকলো নেতাই অতিশয় আপ্লুত।সমগ্ৰ বিশ্বই ভাৰতক বিশ্বৰ তৃতীয় বৃহত্তম মহাশক্তি হিচাপে পৰিগণিত হোৱা দেখিছে আৰু ইয়াত বিহাৰে নিশ্চিতভাৱে ডাঙৰ ভূমিকা ল’বলৈ গৈ আছে।

জংঘলত থকা সকলে সুযোগ বিচাৰিছে: প্ৰধানমন্ত্ৰী মোদী

তেওঁ আৰু কয়, ‘জংগলৰাজ বাসীয়ে সুযোগ বিচাৰিছে আৰু সকলো ধৰণৰ কৌশল অৱলম্বন কৰিছে।বিহাৰৰ প্ৰিয় ভাই-ভনীসকল, নিজৰ লগতে সন্তানৰ উজ্জ্বল ভৱিষ্যতৰ বাবে সজাগ হ’ব লাগিব।

যুগ যুগ ধৰি ভাৰতৰ অগ্ৰগতিৰ নেতৃত্ব দিয়া বিহাৰক পাঞ্জা আৰু লালটেনৰ কবলত প্ৰব্ৰজনৰ প্ৰতীক হিচাপে গঢ়ি তুলিছিল।

পাঞ্জা আৰু লালটেন একেলগে থকা মানুহবোৰে বিহাৰৰ আত্মসন্মানক গভীৰভাৱে আঘাত কৰিছে।প্ৰতিটো নিৰ্বাচনতে এই মানুহবোৰ আহি কৈছিল দৰিদ্ৰতা নিৰ্মূল কৰক, দৰিদ্ৰতা নিৰ্মূল কৰক।

কিন্তু আপুনি যিহেতু এন ডি এ চৰকাৰক এটা সুযোগ দিলে, গতিকে স্পষ্ট হৈ পৰিল যে দৰিদ্ৰতাও হ্ৰাস কৰিব পাৰি।দৰিদ্ৰ সীমাৰেখাৰ পৰা ওলাই আহিছে দেশৰ ২৫ কোটি জনসংখ্যা। পৃথিৱীৰ মানুহে এতিয়া আমাক প্ৰশংসা কৰিছে।

প্ৰধানমন্ত্ৰী মোদীয়ে গতালে স্থায়ী ঘৰৰ চাবি

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে বিহাৰৰ জনসাধাৰণক ৫৭৩৬ কোটি টকাৰ ২২খন উন্নয়নমূলক আঁচনিৰ উপহাৰ দিয়ে।প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৫৩,৬৬৬ গৰাকী হিতাধিকাৰীৰ একাউণ্টলৈ প্ৰথম কিস্তি হিচাপে ৫৩৬ কোটি টকা হস্তান্তৰ।

৬ মাহত চতুৰ্থবাৰৰ বাবে বিহাৰত উপস্থিত

৬ মাহৰ ভিতৰত চতুৰ্থবাৰৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে বিহাৰ ভ্ৰমণ কৰিছে আৰু ২০ দিনৰ ভিতৰত এয়া তেওঁৰ দ্বিতীয়টো বিহাৰ ভ্ৰমণ।আজি বিহাৰৰ ছিৱানত এখন ৰাজহুৱা সভাত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে ১০ হাজাৰ কোটি টকাৰ প্ৰকল্প উন্মোচন কৰে।

লগতে পঢ়ক: ‘নামঘৰ-মন্দিৰৰ ৫ কিঃমিঃ ভিতৰত কুৰবাণী নিষিদ্ধ’; মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা