‘বন্ধুসকল সলনি হৈয়েই থাকে কিন্তু…’; মোদী-জিনপিং বৈঠকক লৈ তীক্ষ্ণ সমালোচনা কংগ্ৰেছৰ

মোদী-জিনপিং বৈঠকক লৈ তীক্ষ্ণ সমালোচনা কংগ্ৰেছৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চীন ভ্ৰমণৰ পিছত কংগ্ৰেছ নেতা পৱন খেড়াই কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক নীতিক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

তেওঁ কৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেই কথা ক’ব লাগে যে ভাৰত-চীন সীমান্তৰ সেই সকলোবোৰ স্থানতে ভাৰতীয় সৈন্যই মুক্তভাৱে টহল দিবলৈ সক্ষম হৈছেনে,য’ত তেওঁলোকে প্ৰথমে কৰিছিল?

খেড়াই এই প্ৰশ্নটো সেই সময়ত উত্থাপন কৰিছে যি সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে SCO শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ চীনলৈ আনুষ্ঠানিক ভ্ৰমণত গৈছে।

খেড়াই ২০২০ চনৰ জুন মাহত গালৱান উপত্যকাত চীনৰ আক্ৰমণ সন্দৰ্ভত চৰকাৰৰ মনোভাৱক লৈও প্ৰশ্ন উত্থাপন কৰে।

কংগ্ৰেছ নেতা পৱন খেড়াই কয় যে, ‘প্ৰথমে “মাই ডিয়াৰ ফ্ৰেণ্ড ড’নাল্ড ট্ৰাম্প” আৰু এতিয়া “মাই ডিয়াৰ ফ্ৰেণ্ড ছি জিনপিং”।মোক কওক,আমি গলৱানৰ ন্যায় পালোঁ নেকি?’

“২০২০ চনৰ এপ্ৰিলৰ আগৰ পৰিস্থিতি ঘূৰি আহিব নে? আমাৰ সেনা বাহিনীয়ে আগতে টহল দিয়া ঠাইবোৰত টহল দিবলৈ সক্ষম হৈছেনে?প্ৰধানমন্ত্ৰী গৰাকীয়ে এই প্ৰশ্নবোৰৰ উত্তৰ দিবনে?”

তেওঁ লগতে কয় যে, ‘বন্ধু সলনি হৈ থাকে, হৃদয় ভাঙি যায় আৰু তাৰ পিছত নতুন বন্ধু বিচাৰি পায়।দেশৰ অৱস্থা, অৰ্থনীতি আৰু বৈদেশিক নীতি আপুনি দেখিছে।’

লগতে পঢ়ক: টিয়ানজিনত মোদী, পুটিন আৰু জিংপিঙৰ মাজত বিশ্বব্যাপী বিষয়সমূহৰ ওপৰত আলোচনা আৰম্ভ…

একেখন মঞ্চতে প্ৰধানমন্ত্ৰী মোডী, জিনপিং, পুটিন আৰু শ্বাহবাজ; SCO নেতাৰ গ্ৰুপ ফটো চেচন

SCO নেতাৰ গ্ৰুপ ফটো চেচন

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বৰ্তমান চীনত আছে, আজি চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙকো সাক্ষাৎ কৰে। ত্যেনজিনত অনুষ্ঠিত হোৱা চাংহাই সহযোগিতা সংস্থাৰ শীৰ্ষ সন্মিলনৰ আঁৰত অনুষ্ঠিত হয় এই বৈঠক।

ইয়াৰ উপৰিও আজি, SCO’ দেশৰ নেতাসকলৰ গ্ৰুপ ফটো চেচনো হয়, য’ত প্ৰধানমন্ত্ৰী মোদী, ছি জিনপিং, ভ্লাদিমিৰ পুটিন আৰু শ্বাহবাজ শ্বৰীফক একেখন মঞ্চতে দেখা পোৱা গ’ল।

আজি আৰু কাইলৈ ​​অৰ্থাৎ ১ ছেপ্টেম্বৰত উত্তৰ চীনৰ ত্যেনজিনত অনুষ্ঠিত হ’বলগীয়া এছ চি অ’ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।

প্ৰধানমন্ত্ৰী মোদীয়ে শনিবাৰে এক্সত পোষ্ট কৰিছিল যে ‘ত্যেনজিন,চীন পালোঁহি। আলোচনা আৰু SCO শীৰ্ষ সন্মিলনত বিশ্বৰ বিভিন্ন নেতাক লগ পোৱাৰ বাবে আগ্ৰহী’।

দেওবাৰে স্থানীয় সময় অনুসৰি দিনৰ প্ৰায় ১২ বজাৰ পৰা প্ৰধানমন্ত্ৰী মোদী-জিনপিঙৰ বৈঠক আৰম্ভ হয়। এনে সময়ত মোদী আৰু জিনপিঙৰ বৈঠক হৈছে, যিটো সময়ত ভাৰত আৰু চীনৰ সম্পৰ্ক কিছু ভাল হৈছে।

৭ বছৰৰ পাছত এইটোৱেই হৈছে প্ৰধানমন্ত্ৰী মোদীৰ চীন ভ্ৰমণ আৰু দহ মাহৰ ভিতৰত ৰাষ্ট্ৰপতি ছি জিনপিঙৰ সৈতে তেওঁৰ দ্বিতীয়খন সাক্ষাৎ। ৰাছিয়াৰ কাজানত অনুষ্ঠিত ব্ৰিকছ ২০২৪ শীৰ্ষ সন্মিলনৰ সময়ত শেষ বৈঠকখন অনুষ্ঠিত হৈছিল।

প্ৰধানমন্ত্ৰী মোদীৰ সৈতে হোৱা বৈঠকত জিনপিঙে কয় যে আমি ভাল চুবুৰীয়া, বিশ্বাসযোগ্য অংশীদাৰ আৰু ইজনে সিজনৰ সফলতাত সহায় কৰা বন্ধু হ’ব লাগে।

ড্ৰেগন (চীন) আৰু হাতী (ভাৰত) একেলগে কাম কৰাটো দুয়োখন দেশৰ বাবে সঠিক বিকল্প। তেওঁ কয় যে ভাৰত-চীনৰ সম্পৰ্কক দীৰ্ঘম্যাদী আৰু কৌশলগত দৃষ্টিকোণৰ পৰা চাব লাগে।

এইবাৰ দুয়োখন দেশৰ কূটনৈতিক সম্পৰ্কৰ ৭৫ বছৰ সম্পূৰ্ণ হ’ল, এনে পৰিস্থিতিত সম্পৰ্কবোৰ সুস্থিৰ আৰু গঠনমূলক কৰি ৰখাৰ দায়িত্ব আৰু বাঢ়ি যায়।

জিনপিঙে দুয়োখন দেশক কৌশলগত আলোচনা বৃদ্ধি কৰিবলৈ আহ্বান জনায়, পাৰস্পৰিক আস্থা শক্তিশালী কৰা, বহুপক্ষীয় সহযোগিতাত অংশগ্ৰহণ বৃদ্ধি কৰা আৰু গ্ল’বেল চাউথৰ সংহতি আগুৱাই নিয়াৰ আহ্বান জনায়।

লগতে পঢ়ক: ‘প্ৰধানমন্ত্ৰী মোদীক লগ পাই বৰ ভাল লাগিল…’; জিনপিঙে কৰিলে মোদীৰ প্ৰশংসা

‘ভাৰতৰ উন্নয়ন যাত্ৰাত জাপান সদায় এক গুৰুত্বপূৰ্ণ অংশীদাৰ হৈ আহিছে’; প্ৰধানমন্ত্ৰী মোদী

‘ভাৰতৰ উন্নয়ন যাত্ৰাত জাপান সদায় এক গুৰুত্বপূৰ্ণ অংশীদাৰ হৈ আহিছে’

দুদিনীয়া কাৰ্যসূচীৰে জাপানত উপস্থিত হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাৰ আমন্ত্ৰণত পঞ্চদশ বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে।

জাপানত উপস্থিত হৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, ভাৰতৰ উন্নয়ন যাত্ৰাৰ জাপান এক গুৰুত্বপূৰ্ণ অংশীদাৰ।মই অতি সুখী যে মোৰ যাত্ৰা  ব্যৱসায়িক জগতৰ দিগ্বজৰ পৰা আৰম্ভ হৈছে।তাৰ মাজৰ বহু লোককেই মই ব্যক্তিগত ভাৱে চিনি পাওঁ।

মই সুখী যে আপোনালোকক লগ পোৱাৰ সুযোগ পাইছো।মই প্ৰধানমন্ত্ৰী ইছিবাক বিশেষভাৱে ধন্যবাদ জনাইছো যে তেওঁ এই মঞ্চৰ সৈতে সংযুক্ত হৈ আছে।

তেওঁ লগতে কয় যে, ভাৰতৰ উন্নয়ন যাত্ৰাত জাপান সদায় এক গুৰুত্বপূৰ্ণ অংশীদাৰ হৈ আহিছে।মেট্ৰ’ৰ পৰা উৎপাদনলৈকে,অৰ্ধপৰিবাহীৰ পৰা আৰম্ভ কৰি ষ্টাৰ্টআপলৈকে প্ৰতিটো ক্ষেত্ৰতে আমাৰ অংশীদাৰিত্ব পাৰস্পৰিক বিশ্বাসৰ প্ৰতীক হৈ পৰিছে।

জাপানৰ প্ৰযুক্তি আৰু ভাৰতৰ প্ৰতিভাই একেলগে এই শতিকাৰ প্ৰযুক্তিগত বিপ্লৱৰ নেতৃত্ব দিব পাৰে।দুয়োখন দেশে স্বচ্ছ ইন্ধন আৰু সেউজ ভৱিষ্যতৰ যুটীয়া ঋণ ব্যৱস্থা চুক্তিতো স্বাক্ষৰ কৰিছে।জাপানৰ উৎকৃষ্টতা আৰু ভাৰতৰ পৰিসৰ একত্ৰিত হৈ এক আদৰ্শ অংশীদাৰিত্ব গঢ়ি তুলিব পাৰে।

টকিঅ’ত ভাৰত-জাপান অৰ্থনৈতিক মঞ্চত ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দুয়োখন দেশৰ অংশীদাৰিত্ব কৌশলগত আৰু বুদ্ধিমান।

অৰ্থনৈতিক যুক্তিৰ দ্বাৰা পৰিচালিত হৈ দুয়োখন দেশে অংশীদাৰী স্বাৰ্থক অংশীদাৰী সমৃদ্ধিলৈ ৰূপান্তৰিত কৰিছে।তেওঁ কয় যে ভাৰত হৈছে গ্ল’বেল চাউথলৈ জাপানী ব্যৱসায়ৰ স্প্ৰিংব’ৰ্ড আৰু দুয়োখন দেশে একেলগে এছিয়ান শতিকাত স্থিতিশীলতা, বৃদ্ধি আৰু সমৃদ্ধিৰ দিশ দিব।

প্ৰধানমন্ত্ৰী গৰাকীয়ে আৰু কয় যে ভাৰতে সহজ-সৰল ব্যৱসায়ৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে আৰু ব্যৱসায়ৰ বাবে একক ডিজিটেল উইণ্ড’ অনুমোদনৰ ব্যৱস্থা ৰূপায়ণ কৰিছে।

তেওঁ কয় যে এছ এণ্ড পি গ্ল’বেলে দুটা দশকৰ পাছত ভাৰতৰ ক্ৰেডিট ৰেটিং উন্নীত কৰিছে।অটো খণ্ডত ভাৰতৰ অংশীদাৰিত্ব অত্যন্ত সফল হৈছে আৰু একে সফলতা এতিয়া বেটাৰী, ৰবটিক্স, অৰ্ধপৰিবাহী, জাহাজ নিৰ্মাণ আৰু পাৰমাণৱিক শক্তিৰ দৰে খণ্ডতো প্ৰতিলিপি কৰিব পৰা যাব।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰত আৰু জাপানে মিলি গ্ল’বেল চাউথ বিশেষকৈ আফ্ৰিকাৰ উন্নয়নত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াব পাৰে।

লগতে পঢ়ক: জাপানত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী; টকিঅ’ বিমানবন্দৰত উষ্ম আদৰণি

জাপানত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী; টকিঅ’ বিমানবন্দৰত উষ্ম আদৰণি

জাপানত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

দুদিনীয়া ভ্ৰমণসূচীৰে জাপানত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাৰ আমন্ত্ৰণত ১৫ সংখ্যক বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিবলৈ গৈছে মোদী।

জাপান ভ্ৰমণ সন্দৰ্ভত প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে তেওঁৰ জাপান ভ্ৰমণৰ উদ্দেশ্য ভাৰত আৰু জাপানৰ মাজত থকা বিশেষ কৌশলগত আৰু বিশ্বব্যাপী অংশীদাৰিত্বক এক নতুন মাত্ৰা প্ৰদান কৰা।

তেওঁ কয় যে যোৱা ১১ বছৰত দুয়োখন দেশৰ মাজত সম্পৰ্ক অতি শক্তিশালী হৈ উঠিছে আৰু এতিয়া তেওঁলোকে বিনিয়োগ, অৰ্থনীতি আৰু কৃত্ৰিম বুদ্ধিমত্তা আৰু অৰ্ধপৰিবাহী সহযোগিতাৰ দৰে নতুন প্ৰযুক্তিৰ ওপৰত গুৰুত্ব দিয়া হ’ব।

তেওঁ লগতে কয় যে তেওঁৰ এই ভ্ৰমণ ভাৰত আৰু জাপানৰ মাজত সাংস্কৃতিক আৰু সভ্যতাৰ সম্পৰ্ক আৰু অধিক সুদৃঢ় কৰাৰ সুযোগ হ’ব।

উল্লেখ্য যে, জাপানৰ পাছত প্ৰধানমন্ত্ৰীগৰাকীয়ে চীন ভ্ৰমণ কৰিব।য’ত তেওঁ চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ আমন্ত্ৰণত টিয়ানজিনত অনুষ্ঠিত হ’বলগীয়া চাংহাই সহযোগিতা সংস্থাৰ সন্মিলনত অংশগ্ৰহণ কৰিব।

তেওঁ কয় যে ভাৰত এছচিঅ’ৰ এক সক্ৰিয় আৰু সৃষ্টিশীল সদস্য আৰু তেওঁৰ ৰাষ্ট্ৰপতিত্বৰ সময়ছোৱাত দেশখনে স্বাস্থ্য, উদ্ভাৱন আৰু সাংস্কৃতিক আদান-প্ৰদানৰ ক্ষেত্ৰত নতুন পদক্ষেপ গ্ৰহণ কৰিছিল।

জাপানত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী মোদীক পৰম্পৰাগত ভাৱে টকিঅ’ত আদৰণি জনোৱা হয়। ৰাজস্থানী সাজ-পোছাক পৰিধান কৰি জাপানীৰ যুৱতী সকলে ৰাজস্থানী লোকগীতেৰে আদৰণি জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক।

লগতে পঢ়ক: ৰাজ্যবাসীৰ বাবে গৌৰৱৰ খবৰ; দেশৰ ভিতৰতে জিলিকিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

‘বিহাৰ চাণক্য-চন্দ্ৰগুপ্তৰ ভূমি,সংকল্প অসাৰ নাযাব’;প্ৰধানমন্ত্ৰী মোদীৰ ডাঙৰ মন্তব্য

‘বিহাৰ চাণক্য-চন্দ্ৰগুপ্তৰ ভূমি,সংকল্প অসাৰ নাযাব’

আজি বিহাৰৰ গয়াজীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যখনক বহু ডাঙৰ ডাঙৰ উপহাৰ দিলে। প্ৰধানমন্ত্ৰী মোদীয়ে বিদ্যুৎ, পথ, স্বাস্থ্য, নগৰ উন্নয়ন, পানী যোগান আদি বিভিন্ন খণ্ডত প্ৰায় ১৩ হাজাৰ কোটি টকাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন কৰে।

এই উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়েও এই সমাৱেশত ভাষণ প্ৰদান কৰে। য’ত প্ৰধানমন্ত্ৰী মোদীয়ে কৈছিল, “এই গয়াজীৰ ভূমি আধ্যাত্মিকতা আৰু শান্তিৰ ভূমি, এইখনেই পবিত্ৰ ভূমি যিয়ে ভগৱান বুদ্ধক জ্ঞান প্ৰদান কৰিছিল… ইয়াৰ ৰাইজে বিচাৰিছিল যে এই চহৰৰ নাম গয়া নহয়, গয়াজী হওক।

এই সিদ্ধান্তৰ বাবে ইয়াৰ চৰকাৰক অভিনন্দন জনাইছো। মই সুখী যে ইয়াত ডাবল ইঞ্জিন চৰকাৰে গয়াজীৰ দ্ৰুত বিকাশৰ বাবে দ্ৰুতগতিত কাম কৰি আছে।”

প্ৰধানমন্ত্ৰী গৰাকীয়ে আৰু কয় যে, প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে প্ৰতিজন আৰ্তজনৰ স্থায়ী ঘৰ নোপোৱালৈকে মোদীয়ে শান্তিৰে বহি নাথাকিব সেয়া মোৰ সংকল্প।

এই চিন্তাৰ প্ৰতি লক্ষ্য ৰাখি বিগত ১১ বছৰত ৪ কোটিৰো অধিক দৰিদ্ৰ লোকক স্থায়ী ঘৰ দিয়া হৈছে। কেৱল ইয়াতেই নিৰ্মাণ হৈছে ৩৮ লাখৰো অধিক ঘৰ…বিহাৰ চন্দ্ৰগুপ্ত মৌৰ্য আৰু চাণক্যৰ ভূমি… এই ভূমিত লোৱা প্ৰতিটো সংকল্প কেতিয়াও অসাৰ হৈ যোৱা নাই।

কাশ্মীৰৰ পহলগামত যেতিয়া সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছিল তেতিয়া আমাৰ নিৰীহ নাগৰিকক ধৰ্মৰ বিষয়ে সুধি হত্যা কৰা হৈছিল।

তেতিয়া মই কৈছিলোঁ যে এই বিহাৰৰ ভূমিৰ পৰা সন্ত্ৰাসবাদীক নিঃশেষ কৰা উচিত।আজি বিশ্বই দেখিছে যে বিহাৰৰ ভূমিত লোৱা সংকল্প পূৰণ হৈছে।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে অপাৰেচন সিন্দুৰে ভাৰতৰ প্ৰতিৰক্ষা নীতিত এক নতুন ৰেখা টানিলে, এতিয়া ভাৰতলৈ সন্ত্ৰাসবাদী প্ৰেৰণ কৰি আক্ৰমণ সংঘটিত কৰাৰ পিছতো কোনেও সাৰি যাব নোৱাৰিব।সন্ত্ৰাসবাদী যিমানেই গভীৰত লুকাই নাথাকক কিয়, ভাৰতৰ ক্ষেপণাস্ত্ৰই তেওঁলোকক কবৰ দিব।

লগতে পঢ়ক: ‘দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ভাৰত-ৰাছিয়াৰ সম্পৰ্ক আটাইতকৈ সুস্থিৰ’; পুটিনক সাক্ষাৎ এছ জয়শংকৰৰ

‘এই দীপাৱলীত দেশবাসীয়ে পাব ডাঙৰ উপহাৰ’; প্ৰধানমন্ত্ৰীৰ ডাঙৰ ঘোষণা

এই দীপাৱলীত দেশবাসীয়ে পাব ডাঙৰ উপহাৰ

প্ৰধানমন্ত্ৰী মোদীয়ে আজি লালকিল্লাৰ প্ৰাচীৰৰ পৰা এটা ডাঙৰ ঘোষণা কৰি কয় যে এইবাৰ মানুহে দুগুণ দীপাৱলী উপহাৰ পাব।

পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰৰ এক বৃহৎ ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।লালকিল্লাত এইবাৰ দীপাৱলীত দেশবাসীয়ে এটা ডাঙৰ উপহাৰ লাভ কৰিবলৈ ওলাইছে বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

তেওঁ কয় যে, যোৱা আঠ বছৰত আমি জি এছ টিৰ বৃহৎ সংস্কাৰ সাধন কৰিছো।আমি লৈ আহিছো পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰ। সাধাৰণ মানুহৰ প্ৰয়োজনীয়তাৰ ওপৰত কৰ যথেষ্ট হ্ৰাস পাব…। ইয়াৰ ফলত সমগ্ৰ দেশতে কৰ বোজা হ্ৰাস পাব।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বিগত ৮ বছৰত জি এছ টিত এক বৃহৎ সংস্কাৰ কৰা হৈছে। ৮ বছৰৰ পাছত সেই সময়ৰ দাবী এই যে ইয়াৰ পৰ্যালোচনা কৰা উচিত, তাৰ পিছত আমি এখন উচ্চ ক্ষমতা পৰ্যালোচনা সমিতি গঠন কৰিলোঁ আৰু ৰিভিউ আৰম্ভ হ’ল।

লগতে ৰাজ্যসমূহৰ সৈতে আলোচনা কৰা হয়। আমি পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰ লৈ আহিছো।এইবাৰ আপোনালোকৰ বাবে এই দীপাৱলী উপহাৰ হৈ পৰিব।সাধাৰণ মানুহৰ প্ৰয়োজনীয়তাৰ ওপৰত কৰ যথেষ্ট হ্ৰাস পাব।

আমাৰ এম এছ এম ই, আমাৰ ক্ষুদ্ৰ উদ্যোগসমূহে এক বৃহৎ লাভ কৰিব আৰু দৈনন্দিন সামগ্ৰী বহুত সস্তা হ’ব।তাৰ পৰা অৰ্থনীতিয়েও নতুন গতি লাভ কৰিবলৈ গৈ আছে।’

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আমি পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰৰ বাবে টাস্ক ফ’ৰ্চ গঠন কৰাৰ সিদ্ধান্ত লৈছো।এই টাস্ক ফ’ৰ্চে সময়সীমাৰ ভিতৰত এই কাম সম্পূৰ্ণ কৰিব লাগে।

বৰ্তমানৰ নিয়ম, আইন, নীতি, প্ৰথাক একবিংশ শতিকাৰ বাবে উপযোগী, বিশ্ব পৰিৱেশৰ বাবে উপযোগী আৰু ২০৪৭ চনত ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ বাবে এই টাস্ক ফ’ৰ্চ গঠন কৰা হৈছে।

লগতে পঢ়ক: ‘১৪০ কোটি দেশবাসীৰ বাবে সংকল্পৰ উৎসৱ’; দ্বাদশবাৰৰ বাবে লালকিল্লাত পতাকা উত্তোলন প্ৰধানমন্ত্ৰী মোদীৰ

‘১৪০ কোটি দেশবাসীৰ বাবে সংকল্পৰ উৎসৱ’; দ্বাদশবাৰৰ বাবে লালকিল্লাত পতাকা উত্তোলন প্ৰধানমন্ত্ৰী মোদীৰ

দ্বাদশবাৰৰ বাবে লালকিল্লাত পতাকা উত্তোলন প্ৰধানমন্ত্ৰী মোদীৰ

সমগ্ৰ দেশবাসীয়ে আজি ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিছে।স্বাধীনতা দিৱস উপলক্ষ্যে লালকিল্লাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে একেৰাহে দ্বাদশবাৰৰ বাবে পতাকা উত্তোলন কৰে।পতাকা উত্তোলন কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে দেশবাসীক সম্বোধন কৰে।

লালকিল্লাত পতাকা উত্তোলনৰ সময়ত হেলিকপ্টাৰৰ পৰা পুষ্প বৃষ্টি কৰা হৈছিল। পতাকাৰ লগতে অপাৰেচন সেন্দুৰৰ পতাকাও উত্তোলন কৰা হয়।

লালকিল্লাত পতাকা উত্তোলন কৰি ভাষণৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী মোদীয়ে কয়- স্বাধীনতাৰ এই মহান উৎসৱ ১৪০ কোটি দেশবাসীৰ সংকল্পৰ উৎসৱ, সামূহিক সাফল্য আৰু গৌৰৱৰ উৎসৱ।হৃদয়খন অহংকাৰেৰে ভৰি পৰে। ঐক্যৰ অনুভূতি অধিক শক্তিশালী হৈ আহিছে। ১৪০ কোটি দেশবাসীক ত্ৰিৰংগাৰ  ৰঙেৰে ৰঙীন হৈ পৰিছে।  

তেওঁ কয় যে, প্ৰকৃতিয়ে আমাৰ সকলোকে পৰীক্ষা কৰি আছে। যোৱা কেইদিনমানৰ পৰা ভূমিস্খলন, ডাৱৰ বিস্ফোৰণৰ দৰে ঘটনা সংঘটিত হৈছে।

ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে পূৰ্ণ শক্তিৰে মিলি সাহায্য আৰু উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।  অপাৰেচন সেন্দুৰৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়- আমাৰ সাহসী জোৱানসকলে তেওঁলোকৰ কল্পনাৰ বাহিৰত শত্ৰুক হত্যা কৰিছে।

পহলগামত নিজৰ ধৰ্ম সুধি যিদৰে মানুহক হত্যা কৰা হ’ল, গোটেই ভাৰত ক্ষোভেৰে ভৰি পৰিল। অপাৰেচন সেন্দুৰ সেই খঙৰ প্ৰকাশ। ২২ এপ্ৰিলৰ পিছত আমি সেনাবাহিনীক মুক্ত হাত দিলোঁ।

কৌশল, লক্ষ্য, সময়, সেইবোৰ বাছি লওক। আৰু আমাৰ সেনাই বহু দশক ধৰি কেতিয়াও নকৰা কামটো কৰিলে। শ শ কিলোমিটাৰ শত্ৰুৰ ভূখণ্ডত সোমাই তেওঁলোকক ভাঙি পেলালে।

তেওঁ কয় যে যদি তেওঁলোকে পুনৰ এনেকুৱা কাম কৰিবলৈ সাহস কৰে তেন্তে আমি তেওঁলোকক আৰু উপযুক্ত উত্তৰ দিম। আমি পাৰমাণৱিক ভাবুকিৰ প্ৰতি ভয় কৰা নাই।

প্ৰধানমন্ত্ৰী মোদীয়ে পাকিস্তানক কঠোৰ সতৰ্কবাণী দিয়া কয় যে আমি পাৰমাণৱিক ভাবুকিৰ প্ৰতি ভয় নকৰো। তেজ আৰু পানী কেতিয়াও একেলগে বৈ নাযায়।

দেশবাসীয়ে এতিয়া গম পাইছে যে সিন্ধু চুক্তি কিমান অন্যায়।দেশৰ নদীৰ পানীয়ে শত্ৰুৰ মাটিত জলসিঞ্চন কৰি আছে আৰু আমাৰ কৃষকসকলে পানীৰ বাবে হাহাকাৰ কৰিছে।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়- এটা জাতিৰ প্ৰতি আত্মসন্মানৰ আটাইতকৈ ডাঙৰ অনুভৱ হ’ল আত্মনিৰ্ভৰশীলতা। আত্মনিৰ্ভৰশীলতাও উন্নত ভাৰতৰ আধাৰ।দুৰ্ভাগ্যজনকভাৱে যেতিয়া কোনোবাই নিৰ্ভৰশীলতাৰ অভ্যাসত লিপ্ত হয়।

এই অভ্যাসবোৰ বিপদৰ পৰা মুক্ত নহয়। গতিকে আত্মনিৰ্ভৰশীল হ’বলৈ সাৱধান হ’ব লাগে।আত্মনিৰ্ভৰশীলতা কেৱল আমদানি-ৰপ্তানিৰ সৈতে জড়িত নহয়।

ই আমাৰ সামৰ্থ্যৰ সৈতে জড়িত। আত্মনিৰ্ভৰশীলতাৰ অন্ত পৰিলে সামৰ্থ্যৰো অন্ত পৰে।সামৰ্থ্য অটুট ৰাখিবলৈ আত্মনিৰ্ভৰশীলতাৰ প্ৰয়োজন।

অপাৰেচন সেন্দুৰত আমি দেখিছিলো যে আমি যদি স্বাৱলম্বী নহ’লোহেঁতেন তেন্তে ইমান গতিৰে অপাৰেচন সেন্দুৰ কৰিব নোৱাৰিলোহেঁতেন।

আমি সদায় চিন্তিত আছিলো কোনে অস্ত্ৰ-শস্ত্ৰ যোগান ধৰিব নে নিদিব। কিন্তু ভাৰতীয় সেনাই আত্মনিৰ্ভৰশীলতাৰে কাম কৰি থাকিল।

লগতে পঢ়ক: ‘অপাৰেচন সেন্দুৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে মানৱতাৰ যুঁজ’ হৈ থাকিব’; স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত দেশবাসীক সম্বোধন ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

SCO শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে চীনলৈ যাব পাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী!

SCO শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব পাৰে প্ৰধানমন্ত্ৰী মোদীয়ে

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চলিত মাহৰ শেষত চীন ভ্ৰমণ কৰিব পাৰে।তথ্য অনুসৰি চীনত অনুষ্ঠিত হ’বলগীয়া ছাংহাই সহযোগিতা সংস্থা(SCO) ৰ সন্মিলনত অংশগ্ৰহণ কৰিব পাৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

গালৱানত সংঘৰ্ষৰ পিছত ভাৰত আৰু চীনৰ মাজত দীৰ্ঘদিনীয়া উত্তেজনাৰ পিছত এতিয়া লাহে লাহে পৰিস্থিতি স্বাভাৱিক হৈ পৰিছে।

এনে পৰিস্থিতিত প্ৰধানমন্ত্ৰীগৰাকীৰ এই চীন ভ্ৰমণে দুয়োখন দেশৰ সম্পৰ্ক উন্নত কৰাৰ প্ৰক্ৰিয়াত এক ডাঙৰ পদক্ষেপ হিচাপে প্ৰমাণিত হ’ব পাৰে।

সামৰিক স্তব্ধতাৰ পাছত দুয়োখন ৰাষ্ট্ৰৰ মাজৰ সম্পৰ্ক তিতা হৈ পৰাৰ পাছত এইটোৱেই হ’ব প্ৰধানমন্ত্ৰী মোদীৰ চীন ভ্ৰমণৰ প্ৰথমটো।

উল্লেখ্য যে, ৩১ আগষ্টৰ পৰা ১ ছেপ্টেম্বৰলৈ ছাংহাই সহযোগিতা সংস্থা(SCO)ৰ ২৫ সংখ্যক ৰাষ্ট্ৰপতিৰ বৈঠক অনুষ্ঠিত হ’ব।

এই বৈঠক ভাৰতৰ চুবুৰীয়া দেশ চীনৰ তিয়ানজিন চহৰত আয়োজন কৰিবলৈ গৈ আছে।এতিয়া তথ্য পোহৰলৈ আহিছে যে ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকীয়েও এই বৈঠকত অংশগ্ৰহণ কৰিব পাৰে।

২০০১ চনত চীনৰ ছাংহাইত স্থাপন কৰা হৈছিল ছাংহাই সহযোগিতা সংস্থা। ই বিশ্বৰ এক প্ৰভাৱশালী অৰ্থনৈতিক আৰু সুৰক্ষা গোট।

এই গোটৰ ভিতৰত আছে ভাৰত, চীন, ৰাছিয়া, পাকিস্তান, ইৰাণ, কাজাখস্তান, কিৰ্গিস্তান, তাজিকিস্তান আৰু উজবেকিস্তান।

আঞ্চলিক নিৰাপত্তা, অৰ্থনৈতিক সহযোগিতা আৰু সাংস্কৃতিক সম্পৰ্কক প্ৰসাৰিত কৰাৰ লক্ষ্যৰে এছ চি অ’ স্থাপন কৰা হৈছিল।

ইয়াৰ উপৰিও এই সংগঠনটোৱে সন্ত্ৰাসবাদ আৰু বিচ্ছিন্নতাবাদৰ বিৰুদ্ধে যৌথভাৱে যুঁজ দিয়াতো গুৰুত্ব আৰোপ কৰে।বিনিয়োগ আৰু পৰিবহণৰ ক্ষেত্ৰত সহযোগিতাক প্ৰসাৰ কৰাও এছ চি অ’ৰ অন্যতম প্ৰধান লক্ষ্য।

যোৱা বছৰৰ অক্টোবৰ মাহত কাজানত অনুষ্ঠিত ব্ৰিকছ সন্মিলনৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ মাজত সাক্ষাৎ হৈছিল।

এই বৈঠকৰ অন্তত ভাৰত আৰু চীনে সীমান্তৰ উত্তেজনা হ্ৰাস কৰাৰ বাবে প্ৰচেষ্টা চলাইছিল। এতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ শুল্ক যুদ্ধৰ মাজতে সকলোৰে দৃষ্টি প্ৰধানমন্ত্ৰী মোদী আৰু ছি জিনপিঙৰ বৈঠকৰ ওপৰত আছে।

যদিহে প্ৰধানমন্ত্ৰী মোদীয়ে এছচিঅ’ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰে তেন্তে চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ সৈতে বৈঠকৰ সম্ভাৱনা আছে।

লগতে পঢ়ক: আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ নতুন ভাবুকি… ২৪ ঘন্টাত পুনৰ শুল্ক বৃদ্ধি কৰাৰ ঘোষণা

‘ভাৰতৰ জীয়ৰীৰ সেন্দুৰৰ প্ৰতিশোধ পূৰণ হ’ল: বাৰাণসীত পহলগাম কাণ্ডক লৈ প্ৰধানমন্ত্ৰীৰ ডাঙৰ মন্তব্য

বাৰাণসীত পহলগাম কাণ্ডক লৈ প্ৰধানমন্ত্ৰীৰ ডাঙৰ মন্তব্য

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেওঁৰ সংসদীয় সমষ্টি বাৰাণসীত উপস্থিত হয়, য’ত তেওঁ প্ৰায় ২,১৮৩.৪৫ কোটি টকাৰ ৫২টা উন্নয়নমূলক প্ৰকল্প উদ্বোধন, আধাৰশিলা স্থাপন কৰাৰ লগতে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ২০ তম কিস্তিও মুকলি কৰে।

এই উপলক্ষে বাৰাণসীৰ এখন ৰাজহুৱা সভাত পহলগাম কাণ্ডৰ কথা উল্লেখ কৰি ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “অপাৰেচন সেন্দুৰৰ পিছত আজি প্ৰথমবাৰলৈ মই কাশীলৈ আহিছো।

২২ এপ্ৰিলত যেতিয়া পহলগামত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছিল।২৬জন নিৰীহ লোকক নিৰ্মমভাৱে হত্যা কৰিছিল।

তেওঁলোকৰ পৰিয়ালৰ সেই সন্তানসকলৰ দুখ আৰু সেই কন্যাসকলৰ যন্ত্ৰণা দেখি, মোৰ যথেষ্ট দুখ লাগিছিল। তেতিয়া মই বাবা বিশ্বনাথক প্ৰাৰ্থনা কৰিছিলো যে তেওঁলোকক এই দুখ সহ্য কৰিব পৰাকৈ শক্তি দিয়ক।

মই যি কথা দিছিলো সেইটো একমাত্ৰ মহাদেৱৰ আশীৰ্বাদত পূৰণ হ’ল। অপাৰেচন সেন্দুৰৰ সফলতা তেওঁৰ চৰণত উচৰ্গা কৰিছো”।

বাৰাণসীত অপাৰেচন সেন্দুৰৰৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে লগতে কয় যে, ১৪০ কোটি দেশবাসীৰ একতাই হৈ পৰিল অপাৰেচন সেন্দুৰৰ শক্তি।

অপাৰেচন সেন্দুৰ আছিল জোৱানসকলৰ সেই বীৰত্বৰ মুহূৰ্ত আৰু আজি আমি কৃষকসকলক চেলুট দিয়াৰ সুযোগ পাইছো।আজি কাশীত এক বিশাল কৃষক উৎসৱৰ আয়োজন কৰা হৈছে।

লগতে পঢ়ক: ‘আগষ্ট মাহত নাপাব অৰুণোদয়ৰ ধন’;  মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা