‘যুদ্ধৰে নহয় কথা-বতৰাত হে সমাধান ওলাব…’; ইৰাণ-ইজৰাইল লৈ প্ৰধানমন্ত্ৰী মোদীৰ পৰামৰ্শ

প্ৰধানমন্ত্ৰী মোদীৰ পৰামৰ্শ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক্ৰ’ৱেচিয়া ভ্ৰমণৰ সময়ত চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানক পুনৰবাৰ তীব্ৰ সমালোচনা কৰে।তেওঁ কয় যে সন্ত্ৰাসবাদ মানৱতাৰ শত্ৰু।

পহলগাম আক্ৰমণৰ পিছত ক্ৰ’ৱেচিয়াৰ প্ৰধানমন্ত্ৰীয়ে আমাক যি সমৰ্থন আগবঢ়াইছিল তাৰ বাবে ধন্যবাদ জনাইছো।ইজৰাইল আৰু ইৰাণৰ মাজত চলি থকা যুদ্ধক লৈও এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।

প্ৰধানমন্ত্ৰীয়ে স্পষ্ট শব্দৰে কয় যে যুদ্ধই সমস্যা সমাধান কৰিব নোৱাৰে। আলোচনা আৰু কূটনীতিৰ জৰিয়তেহে সমস্যা সমাধান কৰিব পৰা যায়।

প্ৰধানমন্ত্ৰীৰ প্ৰথম ক্ৰ’ৱেচিয়া ভ্ৰমণ

ভাৰতৰ কোনো প্ৰধানমন্ত্ৰীৰ এয়া প্ৰথম ক্ৰ’ৱেচিয়া ভ্ৰমণ। প্ৰধানমন্ত্ৰী মোদীয়ে ইয়াক সৌভাগ্যৰ বিষয় বুলি অভিহিত কৰি কয় যে তেওঁক উষ্ম আদৰণি জনোৱা হৈছে, যাৰ বাবে মই প্ৰধানমন্ত্ৰী আন্দ্ৰেজ প্লেংকভিচ আৰু ক্ৰ’ৱেচিয়া চৰকাৰৰ প্ৰতি মোৰ কৃতজ্ঞতা প্ৰকাশ কৰিছো।

ভাষণত মোদীয়ে ভাৰত আৰু ক্ৰ’ৱেচিয়াৰ মাজত ভাগ কৰা গণতান্ত্ৰিক মূল্যবোধ, আইনৰ শাসন আৰু সমতাৰ ওপৰত আলোকপাত কৰে।

তেওঁ দুয়োখন দেশৰ নাগৰিকে নিজৰ নিজৰ নেতৃত্বক কেনেকৈ একেৰাহে তৃতীয়বাৰৰ বাবে সেৱা আগবঢ়োৱাৰ সুযোগ দিছিল, যিয়ে দুয়োখন গণতন্ত্ৰৰ পৰিপক্কতা দেখুৱাইছে।

সন্ত্ৰাসবাদৰ ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰি মোদীয়ে ইয়াক “মানৱতাৰ শত্ৰু” বুলি অভিহিত কৰে।তেওঁ ২২ এপ্ৰিলত ভাৰতৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ কথা উল্লেখ কৰে আৰু সেই কঠিন সময়ত ক্ৰ’ৱেচিয়াৰ সহায়ৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে।

এইটো এটা স্পষ্ট বাৰ্তা আছিল যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে বিশ্বব্যাপী সহযোগিতা অতি প্ৰয়োজনীয় আৰু গণতন্ত্ৰত বিশ্বাসী দেশসমূহে ইয়াৰ ক্ষেত্ৰত একত্ৰিত হৈ থাকিব লাগিব।

লগতে পঢ়ক: কল খোৱাৰ পিছত ভূলটো নকৰিবৰ এই কাম; উপকাৰৰ সলনি হ’ব লোকচান

৫ দিন, ৩খন দেশ আৰু জি-৭ শীৰ্ষ সন্মিলন…; মেগা কূটনৈতিক যাত্ৰা প্ৰধানমন্ত্ৰী মোদীৰ

কূটনৈতিক যাত্ৰা প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণ পুনৰ এবাৰ প্ৰস্তাৱিত হৈছে।৫ দিনত ৩ খন দেশ ভ্ৰমণ কৰিব মোদীয়ে।  প্ৰথমবাৰলৈ চাইপ্ৰাছলৈ যাব প্ৰধানমন্ত্ৰী গৰাকী।

তাত দুদিন (১৫-১৬ জুন) বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।ইয়াৰ পিছত তেওঁ কানাডাত উপস্থিত হৈ দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰিব। ১৮ জুনত ক্ৰ’ৱেচিয়া ভ্ৰমণ কৰি ১৯ জুনত ভাৰতলৈ উভতি আহিব প্ৰধানমন্ত্ৰী গৰাকী।

তথ্য অনুসৰি অহা ১৫ জুনৰ পৰা ১৯ জুনলৈ বিদেশ ভ্ৰমণলৈ যাব লগীয়া প্ৰধানমন্ত্ৰী মোডীয়ে ৰিপাব্লিক অৱ চাইপ্ৰাছ, কানাডা আৰু ক্ৰ’ৱেচিয়ালৈ আনুষ্ঠানিক ভ্ৰমণ কৰিব।

এই ভ্ৰমণৰ লক্ষ্য হৈছে তিনিওখন দেশৰ সৈতে ভাৰতৰ দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰা আৰু ইউৰোপীয় সংঘ আৰু বিশ্ব মঞ্চত ভাৰতৰ ভূমিকা আৰু অধিক বৃদ্ধি কৰিবলৈ ইয়াক দেশক অধিক সক্ৰিয় কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে।

চাইপ্ৰাছ ৰিপাব্লিকৰ ৰাষ্ট্ৰপতি নিকোছ ক্রিষ্টোডুলিডেছৰ আমন্ত্ৰণত প্ৰধানমন্ত্ৰী মোদীয়ে ১৫-১৬ জুনত চাইপ্ৰাছলৈ আনুষ্ঠানিক ভ্ৰমণলৈ যাব।যোৱা দুটা দশকৰ ভিতৰত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ চাইপ্ৰাছ ভ্ৰমণৰ এইটোৱেই হ’ব প্ৰথম।

দ্বিতীয় পৰ্যায়ৰ এই ভ্ৰমণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কানাডাত উপস্থিত হ’ব।কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নিৰ আমন্ত্ৰণত প্ৰধানমন্ত্ৰী মোদীয়ে ১৬-১৭ জুনত কানানাস্কিছত অনুষ্ঠিত হ’বলগীয়া জি-৭ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব।একেৰাহে ষষ্ঠবাৰৰ বাবে জি-৭ সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।

লগতে পঢ়ক: ক’ৰ’নাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ মাজতে চৰকাৰৰ নিৰ্দেশ; মাস্ক পৰিধান কৰিবলৈ পৰামৰ্শ

১০ মিনিটৰ বিমান দুৰ্ঘটনাস্থলীত ৰৈ চিকিৎসালয়ত আহতসকলৰ ললে খবৰ; আহমেদাবাদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

আহমেদাবাদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

বৃহস্পতিবাৰে দুপৰীয়া আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উৰণৰ কিছু সময়ৰ পিছতে মেঘনিনগৰ অঞ্চলত দুৰ্ঘটনাগ্ৰস্ত হয় এয়াৰ ইণ্ডিয়াৰ বয়িং ৭৮৭ ড্ৰিমলাইনাৰ বিমানখন।

গুজৰাটৰ আহমেদাবাদত সংঘটিত হোৱা বিমান দুৰ্ঘটনাৰ বাবে সমগ্ৰ দেশ শোকত ভাগি পৰিছে।কিছু সময় পূৰ্বে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহমেদাবাদৰ বিমান দুৰ্ঘটনা সংঘটিত হোৱা স্থানত উপস্থিত হয় ।

প্ৰায় ১০ মিনিট সময় সেই স্থানতে থাকে প্ৰধানমন্ত্ৰী গৰাকী। ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছে প্ৰধানমন্ত্ৰী মোদীয়ে।

ইয়াৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে চিকিৎসালয়লৈ গৈ আহতসকলক লগ কৰি তেওঁলোকৰ খবৰ লয়। এই দুৰ্ঘটনাত তেওঁ চিকিৎসা মহাবিদ্যালয়খনৰ আহত ছাত্ৰ-ছাত্ৰীৰ লগতে আনসকলক সাক্ষাৎ কৰে।

বিমান দুৰ্ঘটনাটোত সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পোৱা বিশ্বাস কুমাৰ ৰমেশকো লগ কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে।

এই দুৰ্ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে এখন পৰ্যালোচনা বৈঠকো অনুষ্ঠিত কৰিব । ইয়াৰ মাজতে তেওঁ এতিয়ালৈকে দুৰ্ঘটনাটোৰ প্ৰতিটো আপডেট ল’ব। দুৰ্ঘটনাস্থলীত উপস্থিত হৈ BJ মেডিকেল কলেজৰ হোষ্টেলৰ পৰিদৰ্শন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

লগতে পঢ়ক: ইজৰাইলৰ আক্ৰমণত মৃত্যু ইৰাণৰ মুৰব্বী হুছেইন চালামী; তেহৰাণে দিলে সকিয়নী

G-7 সন্মিলনৰ বাবে কানাডালৈ নাযায় প্ৰধানমন্ত্ৰী মোদী; ভংগ হ’ব নেকি ৬ বছৰীয়া পৰম্পৰা  

G-7সন্মিলনৰ বাবে কানাডালৈ নাযায় প্ৰধানমন্ত্ৰী মোদী

এইবাৰ কানাডাত অনুষ্ঠিত হৈ থকা G-7 সন্মিলনত অংশগ্ৰহণ নকৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।১৫-১৭ জুন তাৰিখে কানাডাৰ আলবাৰ্টাত অনুষ্ঠিত হ’ব এই সন্মিলন, য’ত প্ৰধানমন্ত্ৰী মোদীৰ অংশগ্ৰহণৰ সম্ভাৱনা প্ৰায় নগণ্য।

ছবছৰৰ ভিতৰত এইবাৰ প্ৰথমবাৰৰ বাবে G-7 সন্মিলনত অংশগ্ৰহণ নকৰে প্ৰধানমন্ত্ৰী মোদীয়ে।এই সন্মিলনত অংশগ্ৰহণ নকৰাৰ কাৰণ হিচাপে ভাৰত-কানাডাৰ উত্তেজনা আৰু নিৰাপত্তাজনিত উদ্বেগ উল্লেখ কৰা হৈছে।

সম্প্ৰতি প্ৰধানমন্ত্ৰী মোদীয়ে এই সন্মিলনত অংশগ্ৰহণ কৰিবলৈ কানাডালৈ যোৱাৰ কোনো ইংগিত পোৱা নাই।না কানাডাই ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীক জি-৭ত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনাইছে আৰু না ভাৰতে এইবাৰ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ কোনো ইচ্ছা প্ৰকাশ কৰিছে।

যেতিয়ালৈকে  ভাৰত-কানাডাৰ উত্তেজনাৰ পৰিপ্ৰেক্ষিতত দুয়োখন দেশৰ মাজৰ সম্পৰ্ক উন্নত নহয়,তেতিয়ালৈকে ভাৰতৰ পৰা এনে হাই-প্ৰফাইল ভ্ৰমণ সম্ভৱ নহয়।

জানিব পৰা মতে G-7ৰ কথা নহয় ইয়াৰ আয়োজক দেশখন বিবেচনা কৰিয়েই ভাৰতৰ তৰফৰ পৰা এই পদক্ষেপ গ্ৰহণ কৰিছে।

উল্লেখ্য যে দুবছৰ পূৰ্বে খালিস্তানী সন্ত্ৰাসবাদী হৰদীপ সিং নিজাৰৰ হত্যাকাণ্ডক লৈ দুয়োখন দেশৰ মাজত বিবাদ হৈছিল ইয়াৰ পিছত ভাৰতে কানাডাৰ পৰাও নিজৰ উচ্চায়ুক্তক মাতি পঠিওৱা হৈছিল আৰু এতিয়ালৈকে নতুন উচ্চায়ুক্তক নিযুক্তি দিয়া হোৱা নাই।

লগতে পঢ়ক: চুলিৰ বাবে উপকাৰী বুলি গণ্য কৰা হয় ডাৰ্ক চকলেট; জানিলে হ’ব আচৰিত

১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ; ভৰি চুই ললে আশীৰ্বাদ

বৈভৱ সূৰ্যবংশীক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীক বৰ্তমান সময়ত চিনি নোপোৱা মানুহ হয়টো নোলাব। চলিত আই পি এলত ৰাজস্থান ৰয়েলছৰ হৈ তেওঁ নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে।

১৪ বছৰীয়া খেলুৱৈ গৰাকীয়ে ২০২৫ চনৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ত ৰাজস্থান ৰয়েলছৰ হৈ উজ্জ্বল খেল প্ৰদৰ্শন কৰিছিল।

গুজৰাট টাইটানছ (জিটি)ৰ বিৰুদ্ধে তেওঁ খেলখনত বিধ্বংসী ৰূপ ধাৰণ কৰিছিল ।সেই মেচখনত মাত্ৰ ৩৫টা বলত শতক অৰ্জন কৰিছিল।ইয়াৰ লগে লগে আই পি এলত শতক অৰ্জন কৰা সৰ্বাধিক দ্ৰুত ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হয় খেলুৱৈগৰাকী।

৩০ মে’ ত পাটনা বিমানবন্দৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে বৈভৱ সূৰ্যবংশীয়ে।এই সময়ত তেওঁৰ পিতৃ-মাতৃও উপস্থিত আছিল।

১৪ বছৰীয়া ক্ৰিকেটাৰ গৰাকীৰ সৈতে হোৱা সাক্ষাৎ ৰ কথা সামাজিক মাধ্যমত উল্লেখ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ ক্ৰিকেট দক্ষতাক অতি প্ৰশংসা কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজৰ এক্স হেণ্ডেলত লিখিছে যে, ‘পাটনা বিমানবন্দৰত যুৱ ক্ৰিকেট চেন্সেশ্যন বৈভৱ সূৰ্য্যবংশী আৰু তেওঁৰ পৰিয়ালক লগ পাইছিলো।

তেওঁৰ ক্ৰিকেট দক্ষতাক সমগ্ৰ দেশতে প্ৰশংসা কৰা হৈছে। তেওঁৰ ভৱিষ্যতৰ বাবে মোৰ শুভেচ্ছা।’ প্ৰধানমন্ত্ৰী গৰাকীক লগ পোৱাৰ সময়ত খেলুৱৈগৰাকীয়ে তেওঁৰ ভৰি চুই আশীৰ্বাদ লয়।

লগতে পঢ়ক: PAKৰ বিৰুদ্ধে ভাৰতৰ বৃহৎ কূটনৈতিক জয়; শশী থাৰুৰৰ ষ্ট্ৰাইকৰ পিছত সুৰ সলনি কলম্বিয়াৰ

‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ যুঁজ বন্ধ হোৱা নাই…;’অপাৰেচন সিন্দূৰক লৈ প্ৰধানমন্ত্ৰীৰ মন্তব্য  

‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ যুঁজ বন্ধ হোৱা নাই’

আজি অৰ্থাৎ শুকুৰবাৰে বিহাৰৰ কাৰাকাটত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বিহাৰত প্ৰধানমন্ত্ৰী গৰাকীয়ে কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।প্ৰধানমন্ত্ৰী মোদীৰ বিহাৰ ভ্ৰমণৰ এইটো দ্বিতীয় দিন।

এই সময়ছোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু উপ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীৰ সৈতে কাৰাকাটত ৰোড শ্ব’ কৰে। তাৰ পিছতে ৰাজহুৱা সভাত ভাষণ দিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে।

কাৰাকাটৰ জনসাধাৰণক সম্বোধন কৰি নৰেন্দ্ৰ মোদীয়ে কয়, “বিহাৰৰ প্ৰেমক মই সদায় উচ্চ সন্মান কৰো।মাতৃ ভগ্নী সকলক বিশেষ শ্ৰদ্ধা জনাইছো।পহলগামত সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলালে।

ইয়াৰ পিছত আমি তেওঁলোকৰ চকুলৈ চাই ক’লোঁ যে সন্ত্ৰাসবাদীৰ আত্মগোপন কৰা ঠাইবোৰ ভাঙি পেলোৱা হ’ব।মই বিহাৰৰ মাটিত কৈছিলোঁ যে তেওঁলোকে কল্পনা কৰাতকৈও ডাঙৰ শাস্তি পাব।

আজি যেতিয়া বিহাৰলৈ আহিছো, তেতিয়া মই মোৰ প্ৰতিশ্ৰুতি পূৰণ কৰি আহিছো।আমাৰ সেনাই তেওঁলোকৰ ঘাটিবোৰ ধ্বংসাৱশেষলৈ ৰূপান্তৰিত কৰিছে।”

প্ৰধানমন্ত্ৰী গৰাকীয়ে লগতে কয় যে, “আজি মই বিহাৰৰ মাটিৰ পৰা পুনৰ ক’ব বিচাৰিছো যে শত্ৰুৱে অপাৰেচন সিন্দুৰত ভাৰতৰ শক্তি দেখিছে কিন্তু শত্ৰুৱে বুজিব লাগে যে এয়া আমাৰ চৰকাৰৰ মাত্ৰ এডাল হে কাঁড় মাথোঁ।

সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ যুঁজ বন্ধ হোৱা নাই, স্তব্ধ হোৱা নাই।যদি পুনৰ সন্ত্ৰাসৰ উত্থান ঘটে তেন্তে ভাৰতে ইয়াক গাঁতৰ পৰা উলিয়াই থেতেলিয়াই পেলাব।”

লগতে পঢ়ক:শুভমান গীল নে হাৰ্ডিক পাণ্ডিয়া? আজি এলিমিনেটৰত জিলিকিব কাৰ ভাগ্য

‘আক্ৰমণৰ পূৰ্বে পাকিস্তানক দিয়া হৈছিল তথ্য…’; মোদী চৰকাৰলৈ প্ৰশ্ন ৰাহুল গান্ধীৰ

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু কেন্দ্ৰীয় মোদী চৰকাৰক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

ৰাহুল গান্ধীয়ে কৈছে যে ‘জয়শংকৰে নিজেই কৈছে যে পাকিস্তানৰ সন্ত্ৰাসবাদী শিবিৰত আক্ৰমণ কৰাৰ পূৰ্বে তেওঁ পাকিস্তানক জনাইছিল’।

‘এয়া কূটনীতি নহয়, এইটো চোৰাংচোৱাগিৰি। কংগ্ৰেছৰ মুখপাত্ৰ পৱন খেৰাই কয় যে একাংশ চোৰাংচোৱাক গ্ৰেপ্তাৰ কৰাৰ খবৰ আহিছিল যদিও তাৰ পিছতে ঢাকি ৰখাৰ কাম আৰম্ভ হয়’।

ৰাহুল গান্ধীয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰক প্ৰশ্ন কৰি কয় যে পাকিস্তানক তথ্য দিয়াৰ বাবে আমি কিমান ভাৰতীয় বিমান হেৰুৱালোঁ? এয়া অপৰাধ আৰু দেশে সত্য জানিব লাগে”।

শেহতীয়াকৈ ৰাহুল গান্ধীয়ে বৈদেশিক মন্ত্ৰীৰ বক্তব্যৰ সন্দৰ্ভত এটা প্ৰশ্ন উত্থাপন কৰিছিল যে অপাৰেচন সিন্দুৰৰ তথ্য প্ৰথমে কিয় পাকিস্তানক দিয়া হৈছিল’।

অৱশ্যে এই সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতি প্ৰকাশ কৰি ৰাহুল গান্ধীয়ে ভুল তথ্য দাঙি ধৰিছে বুলি কৈছিল।  

ইউনুছ চৰকাৰত হাহাকাৰ; বাংলাদেশৰ প্ৰায় ৬৬০০ কোটিৰ সামগ্ৰী আমদানিত নিষিদ্ধ ভাৰতৰ

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত ধাৰাবাহিকভাৱে একচন মোডত আছে।পাকিস্তানক উপযুক্ত শিক্ষা দিয়াৰ পিছত এতিয়া পাকিস্তানক সমৰ্থন কৰা দেশসমূহ চৰকাৰৰ লক্ষ্যত আছে।

ইয়াৰ ভিতৰত আছে তুৰস্ক আৰু আজাৰবাইজান, আৰু একে সময়তে চীনৰ সৈতে গভীৰ বন্ধুত্ব থকা বাংলাদেশো ভাৰতৰ লক্ষ্যত আছে।

দৰাচলতে মহম্মদ ইউনুছে শেহতীয়াকৈ চীনত ভাৰতক লৈ বিতৰ্কিত মন্তব্য কৰিছিল আৰু এতিয়া তাৰ বাবে তেওঁ ডাঙৰ মূল্য দিবলৈ ওলাইছে।

ভাৰতৰ এটা পদক্ষেপৰ পিছতে এতিয়া বাংলাদেশৰ ৭৭০ মিলিয়ন ডলাৰ অৰ্থাৎ প্ৰায় ৬৫৮১ কোটি টকাৰ লোকচান হ’বলৈ গৈ আছে।

ভাৰতে বাংলাদেশৰ পৰা অহা বহু সামগ্ৰীৰ বাবে ভাৰতীয় স্থল বন্দৰ নিষিদ্ধ কৰিছে। ভাৰতৰ তৰফৰ পৰা ৯ এপ্ৰিলত ২০২০ ত দিয়া ট্ৰেন্সশ্বিপমেণ্টৰ সুবিধা সমূহ প্ৰত্যাহাৰ কৰাৰ পিছতে ভাৰতে এই পদক্ষেপ গ্ৰহণ কৰিছিল।

যিয়ে বাংলাদেশক ভাৰতীয় বন্দৰ আনকি দিল্লী বিমানবন্দৰৰ জৰিয়তে মধ্যপ্ৰাচ্যলৈ আৰু ইউৰোপলৈ ৰপ্তানি কৰিবলৈ অনুমতি দিয়া হৈছিল।

যোৱা ১৭ মে’ শনিবাৰে বাংলাদেশৰ পৰা আমদানি কৰা বহু ধৰণৰ সামগ্ৰী এই বন্দৰসমূহত নিষিদ্ধ কৰা হৈছে, য’ত ৰেডিমেড কাপোৰ আৰু প্ৰচেছড খাদ্য সামগ্ৰী আৰু অন্যান্য সামগ্ৰী অন্তৰ্ভুক্ত।স্থলপথ বন্ধৰ ফলত এতিয়া হাহাকাৰ হৈ পৰিছে বাংলাদেশ।

দিল্লীত প্ৰধানমন্ত্ৰী মোদী আৰু এন এছ এ ডোভালৰ বৈঠক; যুদ্ধৰ মক ড্ৰিলৰ পূৰ্বে সমগ্ৰ দেশজুৰি এলাৰ্ট

ভাৰত আৰু পাকিস্তানৰ মাজত ক্ৰমবৰ্ধমান উত্তেজনাৰ পৰিপ্ৰেক্ষিতত দিল্লীত অব্যাহত আছে ধাৰাবাহিক বৈঠক।ইয়াৰ লগতে আক্ৰমণৰ ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি কাইলৈ ​​অৰ্থাৎ ৭ মে’ত সমগ্ৰ দেশৰ ২৫৯ টা ঠাইত জৰুৰী ম’ক ড্ৰিল কৰা হ’ব, য’ত জৰুৰীকালীন প্ৰস্তুতিৰ পৰীক্ষণ কৰা হ’ব। উত্তেজনাৰ মাজতে দুয়োখন দেশে নিজ পৰ্য্যায়ত প্ৰস্তুতি চলাইছে।

ৰাজধানী দিল্লীত অব্যাহত আছে এই ৰাউণ্ডৰ বৈঠক।পৰিকল্পিত দেশজোৰা নিৰাপত্তা অনুশীলনৰ এদিন পূৰ্বে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে।

গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশ অনুসৰি কাইলৈ ​​(৭ মে’) সমগ্ৰ দেশৰ ২৫৯ টা স্থানত আক্ৰমণৰ ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি জৰুৰী ম’ক ড্ৰিল কৰা হ’ব।

জম্মু-কাশ্মীৰৰ ২০টা স্থানকে ধৰি সীমান্তৱৰ্তী অঞ্চলসমূহত বিশেষ গুৰুত্ব দিয়া হ’ব, আৰু কেন্দ্ৰীয় গৃহ সচিবে ম’ক ড্ৰিলৰ ওপৰত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৈতে বৈঠকত মিলিত হয়।

আনহাতে পাকিস্তানক পাঠ শিকোৱাৰ অভিযান ইতিমধ্যে আৰম্ভ হৈছে, সীমান্তত সতৰ্কতা বৃদ্ধি কৰা হৈছে আৰু পানী যোগান বন্ধ হোৱাৰ বাবে পাকিস্তানত পানীৰ সংকটৰ সৃষ্টি হৈছে।