“তৃণমূল কংগ্ৰেছৰ ২০ সাংসদ বিজেপিত যোগদান কৰিবলৈ সাজু”; সাংসদ সৌমিত্ৰ খানৰ বিস্ফোৰক মন্তব্য

পশ্চিমবংগৰ বাংকুৰা সমষ্টিৰ বিজেপি সাংসদ সৌমিত্ৰ খানে তৃণমূল কংগ্ৰেছৰ ভিতৰ চ’ৰাত বিদ্ৰোহ আৰম্ভ হৈছে বুলি দাবী কৰিছে।

পশ্চিম বংগৰ নিৰ্বাচনত পৰাজয়ৰ পিছতে মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছ (টিএমচি) এতিয়া নিজৰ সাংসদ আৰু বিধায়কৰ মতানৈক্যৰ সন্মুখীন হ’বলগীয়া হৈছে।মাত্ৰ এদিন পূৰ্বে বৰাছাটৰ সাংসদ কাকলি ঘোষ দস্তিদাৰ আৰু টিএমচিৰ ছয়জন বিধায়কে মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ সৈতে বৈঠকত অংশ লৈছিল।এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা তথা বাংকুৰাৰ সাংসদ সৌমিত্ৰ খানে ডাঙৰ দাবী উত্থাপন কৰিছে।

বাংকুৰাৰ সাংসদ সৌমিত্ৰ খানে দাবী কৰিছে যে টিএমচিৰ প্ৰায় ৫০ বিধায়কে নিজৰ দলত অসন্তুষ্ট, আৰু ২০ জন সাংসদ বিজেপিত যোগদান কৰিবলৈ সাজু হৈছে। তেওঁ দাবী কৰে যে এই বিধায়ক আৰু সাংসদসকল বিজেপিৰ সৈতে যোগাযোগত আছে আৰু নেতৃত্বৰ পৰা অনুমোদন পোৱাৰ লগে লগে পক্ষ সলনি কৰিবলৈ সাজু।সৌমিত্ৰ খানে কয় যে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই যদি মাত্ৰ এবাৰ এই কথা কয় তেন্তে টিএমচি নামৰ কোনো দল নাথাকিব।বিজেপিত যোগদান কৰিবলৈ সকলোৱে সাজু।

সৌমিত্ৰ খানে টিএমচিৰ নেতা অভিষেক বেনাৰ্জীৰ ওপৰতো তীব্ৰ আক্ৰমণ চলাই তেওঁক “পাপী” বুলি অভিহিত কৰি পাপীসকলৰ কাৰাগাৰত পৰিণত হোৱাটো নিশ্চিত বুলি দৃঢ়তাৰে কয়।তেওঁ উল্লেখ কৰে যে আজি তেওঁৰ ঘৰৰ সন্মুখত এখন বুলডজাৰ থিয় হৈ আছে।২০২১ চনত তেওঁ (অভিষেক বেনাৰ্জীয়ে) বিজেপি কৰ্মীৰ ঘৰ ভাঙি পেলাইছিল।সৌমিত্ৰ খানে উল্লেখ কৰে যে পাপীসকলে তাৎক্ষণিক পৰিণতিৰ সন্মুখীন হ’ব লাগে। নৰকলৈ যাব লাগে।

সৌমিত্ৰ খানে এই দাবী এনে এটা সময়ত কৰিছিল, যেতিয়া পশ্চিম বংগৰ নিৰ্বাচনত পৰাজয়ৰ পিছৰে পৰা টিএমচিয়ে নিজৰ নেতাসকলৰ মাজত মতানৈক্যৰ সৈতে যুঁজি আহিছে।

লগতে পঢ়ক: ‘সোনকালে পলাই যাওক… জেলত পোহপাল দি পইচা কিয় নষ্ট কৰিম?’- অবৈধ বাংলাদেশীৰ বিৰুদ্ধে এক্সন মুডত মুখ্যমন্ত্ৰী শুভেন্দু

পশ্চিমবংগত গেৰুৱা ছুনামিত বিধ্বস্ত তৃণমূল, ধৰাশায়ী মমতা বেনাৰ্জীসহ ২২ গৰাকী মন্ত্ৰী

দীৰ্ঘদিনীয়া শাসনৰ অন্ত পেলাই এইবাৰ বংগবাসীয়ে শাসকীয় তৃণমূল কংগ্ৰেছক প্ৰত্যাখ্যান কৰে

২০২৬ চনৰ পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ ফলাফলে ৰাজ্যখনৰ ৰাজনীতিত এক অভূতপূৰ্ব জোকাৰণিৰ সৃষ্টি কৰিছে । দীৰ্ঘদিনীয়া শাসনৰ অন্ত পেলাই এইবাৰ বংগবাসীয়ে শাসকীয় তৃণমূল কংগ্ৰেছক প্ৰত্যাখ্যান কৰে । ডাবল চেঞ্চুৰী কোবাই ৰাজ্যখনত ইতিহাস ৰচি শাসনৰ গাদী দখল কৰিছে বিজেপিয়ে । ইঈফালে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা শাসকীয় তৃণমূলৰ ৩৫ জন মন্ত্ৰীৰ ভিতৰত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীসহ ২২ গৰাকী মন্ত্ৰীয়েই নিজৰ সমষ্টিত পৰাজয়বৰণ কৰিছে ।

মন্ত্ৰীসভাৰ বিপৰ্যয় আৰু জনতাৰ ৰায়-

তৃণমূলৰ মন্ত্ৰীসভাৰ প্ৰায় ৬৩ শতাংশ সদস্যই এই নিৰ্বাচনত পৰাজিত হোৱাটোৱে দলটোৰ নেতৃত্বৰ প্ৰতি জনসাধাৰণৰ তীব্ৰ অসন্তুষ্টি প্ৰতিফলিত কৰিছে । এয়া কেৱল এজন বা দুজন নেতাৰ পৰাজয় নহয়, বৰঞ্চ তৃণমূলৰ শাসন ব্যৱস্থাৰ বিৰুদ্ধে এক সংগঠিত প্ৰত্যাখ্যান বুলি বিবেচিত হৈছে ।

পৰাজিত হোৱা হাই-প্ৰফাইল মন্ত্ৰীসকল :

ৰাজ্যখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্বত থকা মন্ত্ৰীসকল এইবাৰ ধৰাশায়ী হৈছে । ইয়াৰ ভিতৰত উল্লেখযোগ্য হ’ল:

ৱানীপুৰ: মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ শোচনীয় পৰাজয় ।

টলীগঞ্জ: অৰূপ বিশ্বাস (গৃহ নিৰ্মাণ আৰু শক্তি মন্ত্ৰী)।

দমদম: ব্ৰাত্য বসু (শিক্ষা মন্ত্ৰী)।

উত্তৰ দমদম: চন্দ্ৰিমা ভট্টাচাৰ্য (বিত্ত আৰু পৰিৱেশ মন্ত্ৰী)।

শ্যামপুকুৰ: শশী পাঁজা (উদ্যোগ আৰু মহিলা-শিশু উন্নয়ন মন্ত্ৰী)।

দিনহাটা: উদয়ন গুহ (উত্তৰ বংগ উন্নয়ন মন্ত্ৰী)।

ইয়াৰ উপৰি সুজিত বসু, ইন্দ্ৰনীল সেন, বেচাৰাম মান্না, মলয় ঘটক আৰু ছিদ্দিকুল্লাহ চৌধুৰীৰ দৰে প্ৰভাৱশালী নেতাসকলেও নিজৰ আসন সুৰক্ষিত কৰিবলৈ ব্যৰ্থ হয় ।

বিজেপিৰ ঐতিহাসিক জয়-

ভাৰতীয় নিৰ্বাচন আয়োগৰ শেহতীয়া তথ্য অনুসৰি, পশ্চিমবংগত বিজেপিয়ে এক বিশাল অগ্ৰগতি লাভ কৰি ইতিহাস সৃষ্টি কৰিছে । ২৯৪ খন আসনৰ ভিতৰত বিজেপিয়ে ২০৭ খন আসন লাভ কৰি একক সংখ্যাগৰিষ্ঠতা অৰ্জন কৰিছে । আনহাতে, তৃণমূল কংগ্ৰেছ মাত্ৰ ৮০ খন আসনতে সীমাবদ্ধ থাকিবলগীয়া হৈছে ।

ভোটৰ ব্যৱধান আৰু বিশেষ পৰাজয় :

-শ্যামপুকুৰত শশী পাঁজাক বিজেপিৰ পূৰ্ণিমা চক্ৰৱৰ্তীয়ে ১৪,৬০০ তকৈ অধিক ভোটত পৰাজিত কৰে।

-গগাটত নিৰ্মাল মাঝি প্ৰায় ৪৯,৫০০ ভোটৰ বৃহৎ ব্যৱধানত পৰাজিত হয়।

-দুৰ্গাপুৰ পূৰ্বত প্ৰদীপ মজুমদাৰ ৩০,৯০০ তকৈ অধিক ভোটত হাৰে।

এই ফলাফলে স্পষ্ট কৰি দিছে যে পশ্চিমবংগৰ ভোটাৰে এইবাৰ পৰিৱৰ্তনৰ সপক্ষে আৰু বিজেপিৰ সু-শাসনৰ প্ৰতি আস্থা প্ৰকট কৰিছে । ৰাজ্যখনত প্ৰথমবাৰৰ বাবে বিজেপিৰ চৰকাৰ গঠন হোৱাটো এতিয়া কেৱল আনুষ্ঠানিকতাহে মাত্ৰ ।

লগতে পঢ়ক : পশ্চিম বংগত বিজেপিৰ ছুনামী; ১৫ বছৰৰ পিছত মমতাৰ বিদায়

শ্বেৰমান আলীৰ সভাত অঘটন; ভাষণ দি থকাৰ মাজতে খহি পৰিল মঞ্চ

তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী শ্বেৰমান আলী সভাৰ মাজতে এক অঘটন সংঘটিত হয়। ভাষণ দি থকাৰ সময়তে ভাগিল মঞ্চ।

তৃণমূল কংগ্ৰেছক প্ৰাৰ্থী শ্বেৰমান আলী আহমেদৰ নিৰ্বাচনী প্ৰচাৰ সভাত হঠাৎ লাগিল হুৱাদুৱা।মন্দিয়া সমষ্টিৰ কলগাছিয়াত চলি আছিল তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী শ্বেৰমান আলীৰ নিৰ্বাচনী প্ৰচাৰ সভা। মঞ্চত বহি আছিল শ্বেৰমান আলী সহ কেইবাজনো দলীয় লোক।

এগৰাকী লোকে সমুখত থকা জনতাক উদ্দেশি দি আছিল ভাষণ। কিন্তু সেই সময়তে লাগিল অথন্তৰ। হঠাৎ খহি পৰে শ্বেৰমান আলী বহি থকা মঞ্চ।লগে লগে তৃণমূল কৰ্মীসকলৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়। তৃণমূলৰ সভাত অপ্ৰত্যাশিত পৰিস্থিতিক লৈ অস্বস্তিত পৰে শ্বেৰমান আলী।

লগতে পঢ়ক: ‘গৌৰৱ গগৈয়ে মিটিং আৰম্ভ কৰে আচ্ছালাম আলাইকুমেৰে’; কংগ্ৰেছক তীক্ষ্ণ সমালোচনা মুখ্যমন্ত্ৰীৰ  

বাবুল সুপ্ৰিয়োকে ধৰি ৰাজ্যসভাৰ ৪ গৰাকী প্ৰাৰ্থীৰ  নাম ঘোষণা টিএমচিৰ…

তৃণমূল কংগ্ৰেছে পশ্চিম বংগত ৰাজ্যসভা নিৰ্বাচনৰ বাবে ৪ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে।ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে টিএমচিৰ প্ৰাৰ্থীৰ তালিকাত বাবুল সুপ্ৰিয়ৰ নাম আছে।

তৃণমূল কংগ্ৰেছ (TMC) এ পশ্চিম বংগত ৰাজ্যসভা নিৰ্বাচনৰ বাবে ৪ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। এইবাৰ টিএমচি দলটোৱে প্ৰশাসনিক, আইনী আৰু গ্লেমাৰ জগতৰ  এক অনন্য মিশ্ৰণ উপস্থাপন কৰিছে।

টিএমচিয়ে বাবুল সুপ্ৰিয়ো, পশ্চিম বংগৰ প্ৰাক্তন ডিজিপি ৰাজীৱ কুমাৰ,জ্যেষ্ঠ অধিবক্তা মেনকা গুৰুস্বামী আৰু বাংলা চলচ্চিত্ৰ অভিনেত্ৰী ক’ৱেল মালিকক প্ৰাৰ্থী হিচাপে মনোনীত কৰা হৈছে।

দলটোৱে এক আনুষ্ঠানিক বিবৃতিত কয় যে,এই সকলো প্ৰাৰ্থীলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে আশা কৰা হৈছে যে তেওঁলোকে তৃণমূল কংগ্ৰেছৰ সংগ্ৰামী উত্তৰাধিকাৰ আৰু প্ৰতিজন ভাৰতীয়ৰ অধিকাৰ আৰু মৰ্যাদা ৰক্ষাৰ সংকল্পক আগুৱাই লৈ যাব।

ৰাজীৱ কুমাৰে শেহতীয়াকৈ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। তেওঁৰ শেষৰটো পোষ্টিং পশ্চিম বংগৰ ডিজিপি হিচাপে আছিল।তেওঁক  মুখ্যমন্ত্ৰী তথা টিএমচিৰ মুৰব্বী মমতা বেনাৰ্জীৰ ঘনিষ্ঠ বিষয়াৰ ভিতৰত গণ্য কৰা হৈছে। ৰাজ্যত কেইবাটাও স্পৰ্শকাতৰ গোচৰৰ সময়ত তেওঁৰ ভূমিকা বাতৰিৰ শিৰোনামত আছিল।

বাংলা চিনেমাৰ এগৰাকী সুপৰিচিত অভিনেত্ৰী ক’ৱেল মালিককো ৰাজ্যসভাৰ বাবে টিএমচিয়ে মনোনীত কৰিছে।তেওঁ বঙালী চলচ্চিত্ৰ জগতৰ প্ৰবীণ অভিনেতা ৰঞ্জিত মলিকৰ কন্যা।তেওঁ বহু সফল ছবিত কাম কৰি নিজৰ বাবে এক সুকীয়া পৰিচয় গঢ়ি তুলিছে।অৱশ্যে এতিয়ালৈকে ক’ৱেল সক্ৰিয় ৰাজনীতিৰ পৰা আঁতৰি আছে।

লগতে পঢ়ক: ‘আদালতে মোৰ বিৰুদ্ধে থকা গোচৰটো সম্পূৰ্ণ ভুৱা বুলি ঘোষণা কৰিছে’; অৰবিন্দ কেজৰিৱাল

“মমতা বেনাৰ্জীয়ে আৰ এছ এছৰ কাম কৰি আছে”; বহিষ্কৃত বিধায়ক হুমায়ুন কবীৰ বিস্ফোৰক মন্তব্য

দলৰ পৰা বহিষ্কৃত বিধায়ক হুমায়ুন কবীৰ বিস্ফোৰক মন্তব্য,”মমতা বেনাৰ্জীয়ে আৰ এছ এছৰ কাম কৰি আছে”

পশ্চিম বংগত বিধায়ক হুমায়ুন কবীৰক লৈ ৰাজনীতি উত্তপ্ত হৈ আছে। কাৰণ মুৰ্ছিদাবাদৰ ভাৰতপুৰ আসনৰ বিধায়ক হুমায়ুন কবীৰে বাবৰি মছজিদ নিৰ্মাণ সন্দৰ্ভত তেওঁ দিয়া বক্তব্যত স্থিৰ হৈ আছে আৰু এতিয়া এই সন্দৰ্ভত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে।

বিধায়ক গৰাকীক তৃণমূল কংগ্ৰেছে নিলম্বন কৰিলে ।ইয়াৰ পিছত,বিধায়ক গৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত আহি মমতা বেনাৰ্জীক পোনপটীয়াকৈ আক্ৰমণ কৰে।

তেওঁ দাবী কৰিছে যে মমতা বেনাৰ্জীয়ে আৰ এছ এছৰ বাবে কাম কৰি আছে।তেওঁ প্ৰশ্ন কৰে যে মই ১২-১৩ বছৰ পাৰ্টিত আছো। দলৰ ইমান সেৱা কৰিলো, ইয়াৰ পিছতো তেওঁৰ বিৰুদ্ধে কিয় ব্যৱস্থা লোৱা হ’ল?

তৃণমূল কংগ্ৰেছৰ পৰা নিলম্বিত হোৱাৰ পিছত বিধায়ক কবীয়ে কয়,”যেতিয়া তেওঁ প্ৰথম ক্ষমতালৈ আহিছিল,তেওঁলোকে ১৮২ খন আসন পাইছিল।তেতিয়া মোক তেওঁৰ প্ৰয়োজন আছিল”।

“তাৰ পিছত মোক পাৰ্টিত অন্তৰ্ভুক্ত কৰা হ’ল। তাৰ পিছত মই দলৰ বাবে বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰিছিলো।১২-১৩ বছৰ মোৰ লগত কিয় এনে কৰা হ’ল? মোক কিয় দলত অন্তৰ্ভুক্ত কৰা হ’ল?”

“আজি, মুখ্যমন্ত্ৰীয়ে মানুহৰ পৰা চান্দা লৈ জগন্নাথ মন্দিৰ নিৰ্মাণ কৰে,আৰু দুৰ্গা পূজাৰ বাবে দান দিয়ে। ইফালে,মুছলমান ইমামক ৩ হাজাৰ টকা ভাট্টা দিয়া হয়।”

” আৰু যদি সকলো ভাট্টা যোগ কৰো তেতিয়াহলে তেওঁলোকক মাত্ৰ ৫৪ হাজাৰ টকাহে দিয়া হৈছে।আনহাতে দুৰ্গা পূজা সমিতিসমূহক প্ৰতি বছৰে ১ লাখ ১০ হাজাৰ টকা দিয়া হয়।এইদৰে মমতা বেনাৰ্জীয়ে আৰ এছ এছৰ কাম কৰি আছে।”

লগতে পঢ়ক: ‘ৰাহুল গান্ধীয়ে বিজেপিত যোগদান কৰক…’; বিৰোধী দলপতিক তীব্ৰ সমালোচনা কংগনা ৰানাৱটৰ

‘তোমাৰ ডিঙিত এচিড ঢালি জ্বলাই দিম’; বিজেপি বিধায়কক ভাবুকি টিএমচিৰ নেতা আব্দুৰ ৰহিম বাক্ষীৰ

বিজেপি বিধায়কক ভাবুকি টিএমচিৰ নেতা আব্দুৰ ৰহিম বাক্ষীৰ

পশ্চিমবংগৰ মালদাত পুনৰ মঞ্চৰ পৰা এক ভয়ংকৰ মন্তব্য কৰিলে তৃণমূল কংগ্ৰেছৰ মালদা জিলা তৃণমূলৰ সভাপতি আব্দুৰ ৰহিম বাক্ষীয়ে।

এইবাৰ তালিবানী ষ্টাইলত বিজেপিক ভাবুকি দিলে তৃণমূলৰ জিলা সভাপতি গৰাকীয়ে!আব্দুৰ ৰহিম বাক্ষীয়ে বিজেপি বিধায়কৰ ডিঙিত এচিড ঢালি মাত নিস্তব্ধ কৰি ৰাখিব বুলিও সকীয়াই দিয়ে।

যদি বিজেপি অঞ্চললৈ আহে তেনেহলে তেওঁলোকক বহিষ্কাৰ কৰাৰ লগতে পতাকাও ফালি দিব।লগতে সাংসদক প্ৰহাৰ কৰাৰ হুংকাৰ দিয়ে। মালদা জিলা তৃণমূলৰ সভাপতি আব্দুৰ ৰহিম বাক্ষীৰ এই বক্তব্যক লৈ এতি তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে।

শনিবাৰে বিয়লি মালদাৰ মালতিপুৰ বিধান সভা সমষ্টিৰ ইনায়ত নগৰত ব্লক তৃণমূল কংগ্ৰেছৰ দ্বাৰা আন ৰাজ্যত বাঙালীৰ ওপৰত হৈ থকা আক্ৰমণ আৰু বাংলা ভাষাৰ অপমানৰ বিৰুদ্ধে এটা প্ৰতিবাদী ৰেলীৰ আয়োজন কৰা হৈছিল।এই সময়ছোৱাত টিএমচিৰ জিলা সভাপতি গৰাকীয়ে এই বিতৰ্কিত বক্তব্য প্ৰদান কৰে।

যি সময়ত টিএমচিৰ জিলা সভাপতিয়ে বিজেপি নেতাৰ ডিঙিত এচিড ঢালি দিয়াৰ কথা কৈছিল,সেই সময়ত স্থানীয় বিধায়ক আৰু জিলা তৃণমূলৰ সভাপতি আব্দুৰ ৰহিম বাক্ষী, জিলা পৰিষদৰ সদস্য আব্দুল হাই, ৰেহানা পাৰবীন আদি উপস্থিত আছিল।

শিলিগুৰি বিজেপিৰ বিধায়ক শংকৰ ঘোষৰ নাম নোলোৱাকৈয়ে তেওঁ কয়, যিকোনো বিজেপি বিধায়কে বংগৰ পৰা অহা প্ৰব্ৰজিত শ্ৰমিকসকলক বাংলাদেশী ৰোহিংগীয়া বুলি মাতিব, তেওঁৰ ডিঙিত এনেদৰে এচিড ঢালি দিয়া হ’ব যে তেওঁৰ মাতটোৱেই নোহোৱা হৈ যাব।

লগতে পঢ়ক: ‘স্নেহাৰ মাতৃয়ে এতিয়াও পোৱা নাই ন্যায়’; মোদী চৰকাৰক আক্ৰমণ তেজস্বী যাদৱৰ