‘মোক উত্তৰ লাগে…’; সামাজিক মাধ্যমত গৰিমা শইকীয়া গাৰ্গৰ আৱেগিক পোষ্ট

সামাজিক মাধ্যমত গৰিমা শইকীয়া গাৰ্গৰ আৱেগিক পোষ্ট

প্ৰিয় শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পিছৰে পৰা শোক সাগৰত ডুব গৈছে সমগ্ৰ ৰাজ্য । হিয়াৰ আমঠু শিল্পীগৰাকীৰ মৃত্যুৰ পিছৰে পৰা তেখেতক সোঁৱৰি আৱেগিক হৈ পৰিছে অনুৰাগী তথা ৰাজ্যবাসী । লগতে শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ তদন্ত তথা ন্যায়ৰ দাবী সৰ্বত্ৰে উত্থাপন হৈছে । ইয়াৰ মাজতে জুবিন গাৰ্গৰ সহধৰ্মিণী গৰিমা শইকীয়া গাৰ্গে সামাজিক মাধ্যমত সোমবাৰে এক বিশেষ পোষ্ট কৰিছে । আপোন মানুহজনক হেৰওৱাৰ ১৮ দিনৰ পিছত প্ৰথমবাৰৰ বাবে সামাজিক মাধ্যমত পোষ্ট কৰিছে গৰিমা শইকীয়া গাৰ্গে । ‘মোক উত্তৰ লাগে‘ বুলি উল্লেখ কৰি ফেচবুক পোষ্টটোত ন্যায়ৰ দাবী কৰিছে গৰিমাই ।

স্বামী জুবিন গাৰ্গৰ সৈতে এক অন্তৰংগ মুহূৰ্তৰ ফটো শ্বেয়াৰ কৰি পত্নী গৰিমা শইকীয়া গাৰ্গে ফেচবুকত লিখিছে-“The last one for this life… But we will be together again,,very soon Goldie ! কিন্তু এতিয়া, অতি শীঘ্ৰেই মই/আমি সকলোৱে জানিব লাগিব তুমি কায়িক ভাবে নোহোৱা হৈ যোৱাৰ কাৰণ । কিয় ? এতিয়া এটা ডাঙৰ প্ৰশ্ন ! এই প্ৰশ্নই দিন ৰাতি জ্বলাই ৰাখিছে মোৰ শূণ্য বুকু । মোক উত্তৰ লাগে ..

#JusticeForZubeenGarg”

ভগ্নী পাল্মীৰ আৱেগিক পোষ্ট-

ইফালে জুবিন গাৰ্গৰ ভগ্নী ড০ পাল্মী বৰঠাকুৰেও সামাজিক মাধ্যমত প্ৰকাশ কৰিছে এক বিশেষ পোষ্ট । ভাতৃৰ সৈতে এখন ফটো শ্বেয়াৰ কৰি ফেচবুকত এক আৱগিক পোষ্ট শ্বেয়াৰ কৰি ন্যায়ৰ দাবী কৰে ভগ্নী ড০ পাল্মী বৰঠাকুৰে ।

ফেচবুকত তেওঁ লিখিছে-“আকৌ তই ‘ মমন ‘ বুলি মাতিবি…. যেতিয়া লগ পাম সীমনাৰ সিপাৰে….

এতিয়া লক্ষ্য মাত্ৰ এটাই, তোক ন্যায় দিয়াব লাগিব!

ৰাইজ! আপোনালোকৰ মনোবল আমাৰ সহায়ক হওঁক!

#justiceforzubeengarg

#JusticeForZubeenGarg”

লগতে পঢ়ক : ‘জুবিন গাৰ্গৰ জীৱিত কালত অখিল গগৈক অনুৰাগী হিচাপে দেখা নাছিলো’; মুখ্যমন্ত্ৰী

গৰিমা শইকীয়া গাৰ্গক প্ৰদান GMCH  ৰ মৰণোত্তৰ পৰীক্ষাৰ ফলাফল..

গৰিমা শইকীয়া গাৰ্গক প্ৰদান GMCH  ৰ মৰণোত্তৰ পৰীক্ষাৰ ফলাফল

কাহিলীপাৰাৰ বাসগৃহত পত্নী গৰিমা শইকীয়া গাৰ্গ প্ৰদান কৰা হ’ল জুবিন গাৰ্গৰ দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন।

SIT ৰ তদন্তকাৰী বিষয়া মৰমী দাসে গৰিমা শইকীয়াক গতালে GMCH  ত সম্পন্ন হোৱা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন। এই প্ৰতিবেদনত কি আছে তাকে লৈ এতিয়া সকলোৰে মাজত উৎকণ্ঠা বৃদ্ধি পাইছে।

এই প্ৰতিবেদনত কি আছে তাক ৰাজহুৱা কৰে নে নকৰে সেয়া সম্পূৰ্ণৰূপে গৰিমা শইকীয়া গাৰ্গৰ ওপৰত নিৰ্ভৰ কৰে বুলি শুকুৰবাৰে মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছিল।

লগতে পঢ়ক: ‘বিহপান কৰাইছিল জুবিন গাৰ্গক’; শেখৰজ্যোতি গোস্বামীৰ বিস্ফোৰক ভাষ্য 

‘মায়াবিনী ৰাতিৰ বুকুত….’; স্বামীৰ প্ৰিয় গীত গাই গৰিমা শইকীয়া গাৰ্গে দিলে শেষ বিদায়

স্বামীৰ প্ৰিয় গীত গাই গৰিমা শইকীয়া গাৰ্গে দিলে শেষ বিদায়

সন্মুখত জ্বলি আছে স্বামীৰ চিতা।কান্দোনত ভাঙি পৰিছে পত্নী গৰিমা শইকীয়া গাৰ্গ। মুখত তেওঁৰ মৰমৰ গল্ডিৰ প্ৰিয় গীত মায়াবিনী ৰাতিৰ বুকুত…। আজিৰে পৰা আৰু তেওঁ কোনোদিনেই কাষত নাপায় মৰমৰ স্বামীক।

সমস্ব হেৰুৱাই বহি ৰৈছে স্বামী জুবিনৰ চিতাৰ সন্মুখতে বহি ৰৈছে গৰিমা শইকীয়া গাৰ্গ। প্ৰাণৰ শিল্পীক চিতাত উঠোৱাৰ লগে লগে সকলোৱে একেলগে গালে মায়াবিনী ৰাতিৰ বুকুত…।

তাৰ পিছতে পত্নী গৰিমা শইকীয়া গাৰ্গেও কান্দি কান্দি মায়াবিনী গাই বিদায় দিলে নিজৰ বুকুৰ আপোন মানুহজনক।

জুবিন গাৰ্গৰ শিশু সুলভ মনটোক ইমানদিনে সজতনে ৰাখি অসমবাসীক হিয়াৰ আমঠু শিল্পী গৰাকীক অৰ্পন কৰিছিল।

শেষ উপহাৰ হিচাপে মায়াবিনীৰ সুৰ আৰু হাজাৰজনৰ চকুপানী লৈ কায়িকভাৱে বিদায় ল’লে মৰমৰ জুবিনে।সুৰৰ মায়াজালেৰে মঞ্চ কঁপাবলৈ আৰু কেতিয়াও নাহে মানুহজন।

সোণাপুৰত জুবিন গাৰ্গৰ শেষকৃত্যত হুকহুকাই কান্দি উঠিল লাখ লাখ জনত। সেউজীয়াৰ মাজত জুবিনৰ শেষকৃত্য সম্পন্ন।যেন স্তব্ধ হৈ পৰিছে ৰাজ্যবাসীৰ হৃদস্পন্দন! এতিয়া চৌদিশে মাথোঁ অনুৰাগীৰ হুমুনিয়াহ।

চৌদিশে বাজিছে জুবিন গাৰ্গৰ হৃদয়স্পর্শী গান । স্বামীৰ প্ৰিয় গান মায়াবিনী গাই কান্দি কান্দি স্বামীক গৰিমা শইকীয়া গাৰ্গেও তেওঁক দিলে শেষ বিদায়।

লগতে পঢ়ক: পঞ্চভূতত বিলিন হ’ল জনতাৰ প্ৰাণৰ শিল্পী; মায়াবিনী গাই লাখ লাখ অনুৰাগীয়ে দিলে বিদায়