‘মই ভাবো সুশান্ত সিঙে...’; সুশান্ত সিং ৰাজপুতৰ কথা মনত পেলাই আৱেগিক শিশিৰ শৰ্মা

 ‘মই ভাবো সুশান্ত সিঙে…’; সুশান্ত সিং ৰাজপুতক মনত পেলাই আৱেগিক শিশিৰ শৰ্মা

শেহতীয়াকৈ অভিনেতা শিশিৰ শৰ্মাই সুশান্ত সিং ৰাজপুতৰ মৃত্যুক লৈ ডাঙৰ মন্তব্য কৰিছে।তেওঁ সুশান্ত সিং ৰাজপুতক “অতি অমায়িক আৰু সৰল ব্যক্তি” বুলি অভিহিত কৰে। সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ প্ৰায় ৬ বছৰ সম্পূৰ্ণ হ’ল। কিন্তু তথাপিও আজিও অনুৰাগীসকলে তেওঁক পাহৰি যোৱা নাই আৰু মাজে-সময়ে তেওঁক লৈ চৰ্চা

শেহতীয়াকৈ অভিনেতা শিশিৰ শৰ্মাই সুশান্ত সিং ৰাজপুতৰ মৃত্যুক লৈ ডাঙৰ মন্তব্য কৰিছে।তেওঁ সুশান্ত সিং ৰাজপুতক “অতি অমায়িক আৰু সৰল ব্যক্তি” বুলি অভিহিত কৰে।

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ প্ৰায় ৬ বছৰ সম্পূৰ্ণ হ’ল। কিন্তু তথাপিও আজিও অনুৰাগীসকলে তেওঁক পাহৰি যোৱা নাই আৰু মাজে-সময়ে তেওঁক লৈ চৰ্চা চলিয়েই থাকে। শেহতীয়াকৈ জ্যেষ্ঠ অভিনেতা শিশিৰ শৰ্মাই তেওঁক স্মৰণ কৰি এনে কিছু কথা ক’লে, যাৰ বাবে সুশান্ত সিং ৰাজপুতৰ মৃত্যু সম্পৰ্কীয় খবৰবোৰক লৈ পুনৰ প্ৰশ্নবোধক চিনৰ সৃষ্টি হৈছে। শিশিৰ শৰ্মাই প্ৰয়াত তাৰকাজনৰ সৈতে জড়িত নিজৰ কিছু আৱেগিক স্মৃতি উল্লেখ কৰে। তেওঁ স্বীকাৰ কৰিছে যে সুশান্তই আত্মহত্যা কৰিছিল বুলি কথাষাৰ মানি লবলৈ আজিও তেওঁৰ কষ্ট হয়।

এটা সাক্ষাৎকাৰত শিশিৰে সেই বেদনাদায়ক ঘটনাটোৰ বিষয়ে মুকলিকৈ কথা পাতে, যিটো ঘটনা চলচ্চিত্ৰ উদ্যোগৰ বহু লোকৰ মনত আজিও সজীৱ হৈ আছে। সাক্ষাৎকাৰৰ সময়ত তেওঁ কোনো সংকোচ নকৰাকৈয়ে উল্লেখ কৰিছিল যে সুশান্তৰ ব্যক্তিত্ব কেৱল তেনেকুৱা নাছিল। সুশান্তক স্মৰণ কৰি শিশিৰে কয়, “মই নাভাবো যে তেওঁ এনেকুৱা এজন ব্যক্তি আছিল যিয়ে আত্মহত্যাৰ দৰে পথ বাছি ল’ব পাৰে।” তেওঁ সুশান্তক এজন “অতি অমায়িক আৰু সৰল ব্যক্তি” বুলি অভিহিত কৰি কয়, সুশান্ত এজন এনেকুৱা ব্যক্তি যি শান্ত, চিন্তাশীল আৰু মানসিকভাৱে সন্তুলিত আছিল। অভিনেতাগৰাকীৰ এই মন্তব্যই সুশান্তৰ মৃত্যুৰ সৈতে জড়িত পৰিস্থিতি সন্দৰ্ভত পুনৰ বিতৰ্কৰ সৃষ্টি কৰিছে।

২০২০ চনৰ সেই অন্ধকাৰ দিনটো সোঁৱৰাই শিশিৰ শৰ্মা আৱেগিক হৈ পৰিল।শিশিৰ শৰ্মাই জনায় যে তেওঁ এই খবৰটো ২০২০ চনৰ ১৪ জুনৰ আবেলি প্ৰায় ৪ বজাত পাইছিল। অভিনেতাগৰাকীয়ে স্বীকাৰ কৰে যে সেই মুহূৰ্তটোৱে তেওঁক সম্পূৰ্ণৰূপে ভাঙি পেলাইছিল। খবৰটো শুনাৰ পিছত পোৱা আঘাত আৰু অবিশ্বাসৰ কথা মনত পেলাই তেওঁ কয়, “মই মোৰ চকুপানী ধৰি ৰাখিব নোৱাৰিলোঁ। সেয়া বৰ কঠিন আছিল।”

শিশিৰ শৰ্মাই কয় যে সুশান্তৰ দৰে এজন প্ৰতিভাশালী আৰু নিজৰ কামক লৈ ইমান চিৰিয়াছ মানুহে কেনেকৈ এনে এক বেদনাদায়ক মৃত্যুৰ বলি হ’ব পাৰে, সেয়া বুজি পোৱাটো তেওঁৰ বাবে অতি কঠিন আছিল। অভিনেতাগৰাকীৰ আত্মহত্যাৰ খবৰৰ সন্দৰ্ভত শৰ্মাই কয় যে এনে পদক্ষেপৰ আঁৰত নিশ্চয় কোনো গভীৰ কাৰণ থাকিব লাগিব। তেওঁ কয়:

“কিবা নহয় কিবা এটা কাৰণ নিশ্চয় আছিল, কোনোবাই এনেয়ে আত্মহত্যা নকৰে। নহয়, মই ভাবো নাভাবোঁ যে সেয়া আত্মহত্যা নাছিল। তেওঁ তেনেকুৱা পদক্ষেপ লোৱা মানুহ নাছিল। সুশান্ত বৰ সংযত আৰু সৰল ল’ৰা আছিল। তেওঁ আত্মহত্যা কৰিব পাৰে বুলি মোৰ সন্দেহ হয়। এনে কৰিবলৈ বহুত সাহস আৰু কলিজা লাগে। আপুনি এনে কৰিব নোৱাৰে যে কেৱল এডাল ৰছী আনিলে আৰু নিজকে ফাঁচীত ওলোমাই দিলে, নহয়। আপোনাৰ মনত কিমান কথা চলি থাকে, আপুনি ভাবিব নোৱাৰে। তাৰ পৰিণাম কি হ’ব? এনে কি পৰিস্থিতি আছিল যিয়ে আপোনাক সেই পৰ্যায়লৈ লৈ গ’ল য’ত আপুনি তেনে পদক্ষেপ ল’বলৈ বাধ্য হ’ল?”

উল্লেখ্য যে, ২০২০ চনৰ ১৪ জুনত ৩৪ বছৰ বয়সত সুশান্ত সিং ৰাজপুতৰ মৃত্যু হৈছিল। মুম্বাইৰ বান্দ্ৰা অঞ্চলত অৱস্থিত বাসগৃহত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। এই খবৰে লগে লগে সমগ্ৰ দেশকে স্তব্ধ কৰি তুলিছিল।

লগতে পঢ়ক: ‘ওজন আৰু বয়সৰ দ্বাৰা বিচাৰ নকৰিব’; ঐশ্বৰ্য ৰায়ক ট্ৰলিঙক লৈ মাধুৰী দীক্ষিতৰ তীব্ৰ সমালোচনা