‘মই ভাবো সুশান্ত সিঙে…’; সুশান্ত সিং ৰাজপুতক মনত পেলাই আৱেগিক শিশিৰ শৰ্মা

শেহতীয়াকৈ অভিনেতা শিশিৰ শৰ্মাই সুশান্ত সিং ৰাজপুতৰ মৃত্যুক লৈ ডাঙৰ মন্তব্য কৰিছে।তেওঁ সুশান্ত সিং ৰাজপুতক “অতি অমায়িক আৰু সৰল ব্যক্তি” বুলি অভিহিত কৰে।

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ প্ৰায় ৬ বছৰ সম্পূৰ্ণ হ’ল। কিন্তু তথাপিও আজিও অনুৰাগীসকলে তেওঁক পাহৰি যোৱা নাই আৰু মাজে-সময়ে তেওঁক লৈ চৰ্চা চলিয়েই থাকে। শেহতীয়াকৈ জ্যেষ্ঠ অভিনেতা শিশিৰ শৰ্মাই তেওঁক স্মৰণ কৰি এনে কিছু কথা ক’লে, যাৰ বাবে সুশান্ত সিং ৰাজপুতৰ মৃত্যু সম্পৰ্কীয় খবৰবোৰক লৈ পুনৰ প্ৰশ্নবোধক চিনৰ সৃষ্টি হৈছে। শিশিৰ শৰ্মাই প্ৰয়াত তাৰকাজনৰ সৈতে জড়িত নিজৰ কিছু আৱেগিক স্মৃতি উল্লেখ কৰে। তেওঁ স্বীকাৰ কৰিছে যে সুশান্তই আত্মহত্যা কৰিছিল বুলি কথাষাৰ মানি লবলৈ আজিও তেওঁৰ কষ্ট হয়।

এটা সাক্ষাৎকাৰত শিশিৰে সেই বেদনাদায়ক ঘটনাটোৰ বিষয়ে মুকলিকৈ কথা পাতে, যিটো ঘটনা চলচ্চিত্ৰ উদ্যোগৰ বহু লোকৰ মনত আজিও সজীৱ হৈ আছে। সাক্ষাৎকাৰৰ সময়ত তেওঁ কোনো সংকোচ নকৰাকৈয়ে উল্লেখ কৰিছিল যে সুশান্তৰ ব্যক্তিত্ব কেৱল তেনেকুৱা নাছিল। সুশান্তক স্মৰণ কৰি শিশিৰে কয়, “মই নাভাবো যে তেওঁ এনেকুৱা এজন ব্যক্তি আছিল যিয়ে আত্মহত্যাৰ দৰে পথ বাছি ল’ব পাৰে।” তেওঁ সুশান্তক এজন “অতি অমায়িক আৰু সৰল ব্যক্তি” বুলি অভিহিত কৰি কয়, সুশান্ত এজন এনেকুৱা ব্যক্তি যি শান্ত, চিন্তাশীল আৰু মানসিকভাৱে সন্তুলিত আছিল। অভিনেতাগৰাকীৰ এই মন্তব্যই সুশান্তৰ মৃত্যুৰ সৈতে জড়িত পৰিস্থিতি সন্দৰ্ভত পুনৰ বিতৰ্কৰ সৃষ্টি কৰিছে।

২০২০ চনৰ সেই অন্ধকাৰ দিনটো সোঁৱৰাই শিশিৰ শৰ্মা আৱেগিক হৈ পৰিল।শিশিৰ শৰ্মাই জনায় যে তেওঁ এই খবৰটো ২০২০ চনৰ ১৪ জুনৰ আবেলি প্ৰায় ৪ বজাত পাইছিল। অভিনেতাগৰাকীয়ে স্বীকাৰ কৰে যে সেই মুহূৰ্তটোৱে তেওঁক সম্পূৰ্ণৰূপে ভাঙি পেলাইছিল। খবৰটো শুনাৰ পিছত পোৱা আঘাত আৰু অবিশ্বাসৰ কথা মনত পেলাই তেওঁ কয়, “মই মোৰ চকুপানী ধৰি ৰাখিব নোৱাৰিলোঁ। সেয়া বৰ কঠিন আছিল।”

শিশিৰ শৰ্মাই কয় যে সুশান্তৰ দৰে এজন প্ৰতিভাশালী আৰু নিজৰ কামক লৈ ইমান চিৰিয়াছ মানুহে কেনেকৈ এনে এক বেদনাদায়ক মৃত্যুৰ বলি হ’ব পাৰে, সেয়া বুজি পোৱাটো তেওঁৰ বাবে অতি কঠিন আছিল। অভিনেতাগৰাকীৰ আত্মহত্যাৰ খবৰৰ সন্দৰ্ভত শৰ্মাই কয় যে এনে পদক্ষেপৰ আঁৰত নিশ্চয় কোনো গভীৰ কাৰণ থাকিব লাগিব। তেওঁ কয়:

“কিবা নহয় কিবা এটা কাৰণ নিশ্চয় আছিল, কোনোবাই এনেয়ে আত্মহত্যা নকৰে। নহয়, মই ভাবো নাভাবোঁ যে সেয়া আত্মহত্যা নাছিল। তেওঁ তেনেকুৱা পদক্ষেপ লোৱা মানুহ নাছিল। সুশান্ত বৰ সংযত আৰু সৰল ল’ৰা আছিল। তেওঁ আত্মহত্যা কৰিব পাৰে বুলি মোৰ সন্দেহ হয়। এনে কৰিবলৈ বহুত সাহস আৰু কলিজা লাগে। আপুনি এনে কৰিব নোৱাৰে যে কেৱল এডাল ৰছী আনিলে আৰু নিজকে ফাঁচীত ওলোমাই দিলে, নহয়। আপোনাৰ মনত কিমান কথা চলি থাকে, আপুনি ভাবিব নোৱাৰে। তাৰ পৰিণাম কি হ’ব? এনে কি পৰিস্থিতি আছিল যিয়ে আপোনাক সেই পৰ্যায়লৈ লৈ গ’ল য’ত আপুনি তেনে পদক্ষেপ ল’বলৈ বাধ্য হ’ল?”

উল্লেখ্য যে, ২০২০ চনৰ ১৪ জুনত ৩৪ বছৰ বয়সত সুশান্ত সিং ৰাজপুতৰ মৃত্যু হৈছিল। মুম্বাইৰ বান্দ্ৰা অঞ্চলত অৱস্থিত বাসগৃহত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। এই খবৰে লগে লগে সমগ্ৰ দেশকে স্তব্ধ কৰি তুলিছিল।

লগতে পঢ়ক: ‘ওজন আৰু বয়সৰ দ্বাৰা বিচাৰ নকৰিব’; ঐশ্বৰ্য ৰায়ক ট্ৰলিঙক লৈ মাধুৰী দীক্ষিতৰ তীব্ৰ সমালোচনা

ৰিয়া চক্ৰৱৰ্তী লৈ আদালতৰ ডাঙৰ সকাহ; বেংক একাউণ্ট পুনৰ সক্ৰিয় কৰাৰ নিৰ্দেশ

আদালতৰ পৰা সকাহ লাভ কৰিছে ৰিয়া চক্ৰৱৰ্তীয়ে। সুশান্ত সিং ৰাজপুতৰ গোচৰৰ তদন্তৰ সময়ত তেওঁৰ কেইবাটাও বেংক একাউণ্ট ফ্ৰীজ হৈ পৰে। এতিয়া আদালতে অভিনেত্ৰীগৰাকীৰ একাউণ্ট পুনৰ সক্ৰিয় কৰাৰ নিৰ্দেশ জাৰি কৰিছে।

সুশান্ত সিং ৰাজপুত গোচৰৰ সৈতে জড়িত ড্ৰাগছ গোচৰত ৰিয়া চক্ৰৱৰ্তী আৰু তেওঁৰ পৰিয়ালে সকাহ লাভ কৰিছে। মুম্বাইৰ এখন বিশেষ আদালতে তেওঁৰ চাৰিটা বেংক একাউণ্ট পুনৰ সক্ৰিয় কৰাৰ নিৰ্দেশ দিছে।আদালতে কয় যে, তদন্তকাৰী সংস্থাটোৱে (এনচিবি) প্ৰয়োজনীয় আইনী পদ্ধতি মানি চলাত ব্যৰ্থ হয়,যাৰ ফলত বেংক একাউণ্ট আৰু বন্ধ হৈ থাকিব নোৱাৰে।

ৰিয়া চক্ৰৱৰ্তীৰ লগতে তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ বেংক একাউণ্টো পুনৰ সক্ৰিয় কৰিবলৈ নিৰ্দেশ জাৰি কৰা হৈছে।শনিবাৰে মুম্বাইৰ এখন বিশেষ আদালতে এই নিৰ্দেশ দিছে।

লগতে পঢ়ক: দীঘল চুলি-দাড়ি; ৩৩ বছৰৰ পিছত ‘খালনায়ক’ হৈ ঘূৰি আহিছে সঞ্জয় দত্ত

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ গোচৰক চিবিআইৰ বন্ধৰ প্ৰতিবেদন; ৰিয়া চক্ৰৱৰ্তীক ক্লিন চিট

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ গোচৰক চিবিআইৰ বন্ধৰ প্ৰতিবেদন

অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ গোচৰটোক লৈ এক ডাঙৰ খবৰ আহিছে।  চিবিআইয়ে গোচৰটো বন্ধ কৰাৰ বাবে প্ৰতিবেদন দাখিল কৰিছে।

এই প্ৰতিবেদনত ৰিয়া চক্ৰৱৰ্তীক ক্লিন চিট দিয়া হৈছে।অৱশ্যে সুশান্তৰ পৰিয়ালে এই প্ৰতিবেদন সম্পূৰ্ণৰূপে নাকচ কৰিছে।পৰিয়ালটোৱে এই প্ৰতিবেদনক সম্পূৰ্ণ অৱহেলা বুলি অভিহিত কৰিছে।

উল্লেখ্য যে ২০২০ চনৰ ১৪ জুনত সুশান্ত সিং ৰাজপুতে আত্মহত্যা কৰিছিল।চিবিআইৰ বন্ধৰ প্ৰতিবেদন অনুসৰি সুশান্তই তেওঁৰ ফ্লেটমেট সিদ্ধাৰ্থ পিঠানীক জনাইছিল যে ৰিয়া চক্ৰৱৰ্তী পৰিয়ালটোৰে এটা অংশ।

চিবিআইৰ প্ৰতিবেদন অনুসৰি ৮ জুনৰ পৰা ১২ জুনলৈ সুশান্তৰ ভগ্নী মীতু সিং তেওঁৰ সৈতে আছিল।তেওঁৰ মেনেজাৰ শ্ৰুতি মোদীয়েও ভৰিৰ আঘাতৰ বাবে ২০২০ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা তেওঁক লগ কৰিব পৰা নাছিল।

চিবিআইয়ে নিজৰ প্ৰতিবেদনত উল্লেখ কৰিছে যে সুশান্তৰ মৃত্যুৰ ৬ দিন পূৰ্বে ৰিয়াই সুশান্তৰ বান্দ্ৰা এপাৰ্টমেণ্টৰ পৰা ওলাই গৈছিল।সেয়েহে তেওঁৰ আত্মহত্যাৰ কোনো ধৰণৰ হেতালি খেলা বা উচটনি দিয়াত তাই জড়িত নাছিল।

তেওঁৰ ভাতৃ শোৱিক চক্ৰৱৰ্তীও ৮ জুনত সুশান্ত সিং ৰাজপুতৰ এপাৰ্টমেণ্টৰ পৰা ওলাই যায় আৰু তাৰ পিছত তেওঁৰ ওচৰলৈ অহা নাছিল।

লগতে পঢ়ক: ভাৰতৰ বিজ্ঞাপন জগতৰ যাদুকৰ পীয়ুষ পাণ্ডেৰ দেহাৱসান…

ৰাখী বন্ধনৰ দিনটোত সুশান্ত সিং ৰাজপুতৰ ভগ্নীৰ আৱেগভৰা পোষ্ট ; ছলমানৰ খানৰ বাবে ভগ্নীৰ বিশেষ বাৰ্তা

সুশান্ত সিং ৰাজপুতৰ ভগ্নীৰ আৱেগভৰা পোষ্ট

আজি ৯ আগষ্ট। সমগ্ৰ দেশতে ৰাখীবন্ধন উদযাপন কৰা হৈছে।এনে পৰিস্থিতিত কেনেকৈ পিছ পৰি থাকিব চলচ্চিত্ৰ জগত।

বলীউড আৰু টেলিভিছনৰ চেলিব্ৰিটিসকলে নিজৰ নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত ৰাখী উদযাপনৰ পোষ্ট শ্বেয়াৰ কৰিছে।

ৰাখীবন্ধনৰ এই বিশেষ মূহুৰ্তত প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ ভগ্নী শ্বেতা সিং কীৰ্তিয়ে নিজৰ ভাতৃক স্মৰণ কৰি সামাজিক মাধ্যমত এটা আৱেগিক পোষ্ট শ্বেয়াৰ কৰিছে।

তেওঁ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে, য’ত সুশান্ত সিং ৰাজপুতে তেওঁৰ ভগ্নীহঁতৰ সৈতে কটোৱা বহুমূলীয়া মুহূৰ্তৰ আভাস দেখা গ’ল।

পোষ্টটোত তেওঁ লিখিছে, “কেতিয়াবা এনে লাগে যেন তুমি যোৱা নাই, মাত্ৰ পৰ্দাৰ আঁৰৰ পৰা নিৰৱে চাই আছা।তাৰ পিছত আকৌ মই বুজি পাওঁ যে হয়তো মই তোমাক আৰু কেতিয়াও দেখা নাপাম”।

“তোমাৰ হাঁহি এতিয়া মাথোঁ প্ৰতিধ্বনি হৈ পৰিছে, মাতটো এটা ক্ষীণ স্মৃতি হৈ পৰিছে। তোমাক পুনৰ লগ পাম। তোমাৰ গুড়িয়া বাইদেউ”।

ইফালে বলীউডৰ ভাইজান বুলি খ্যাত ছলমান খানৰ ৰাখী ভগ্নী হৈছে বিনা কাক।ছলমানে তেওঁৰ সৈতে এক বিশেষ সম্পৰ্ক ভাগ কৰে।অৱশ্যে আঁঠুৰ আঘাতৰ বাবে এইবাৰ ছালমানক লগত ৰাখী পিন্ধাব নোৱাৰিলে বিনাই।

কিন্তু ইনষ্টাগ্ৰামৰ জৰিয়তে পুৰণি ছবি পোষ্ট কৰি প্ৰেম প্ৰকাশ কৰি তেওঁ ভায়েকক অভিনন্দন জনাইছে। ছলমান খানৰ ৰাখী ভগ্নী বিনা কাকাই নিজৰ ইনষ্টাগ্ৰামত এটা আৱেগিক পোষ্ট কৰি লিখিছে, ‘মই এতিয়া ভঙা গোৰোহাৰ পৰা সুস্থ হৈছো, সেই কাৰণে আজি ৰাখিৰ দিনটোত তোমালৈ বহুত মনত পৰিছে মোৰ মৰমৰ ৰাখি ভাতৃ ছলমান। মই তোমাৰ সুখ, দীৰ্ঘায়ু আৰু শান্তিপূৰ্ণ জীৱনৰ বাবে প্ৰাৰ্থনা কৰিম। বহুত মৰম আৰু আশীৰ্বাদ”।

লগতে পঢ়ক: ‘ছলমানৰ লগত যিয়ে কাম কৰিব তেওঁ মৰিব…’; কপিল শৰ্মাক ভাবুকি লৰেন্স গেঙৰ