জুবিন গাৰ্গ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি ৰঙাঘৰলৈ শিখা শৰ্মা। ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ শিখা শৰ্মাক। আজি অন্ত পৰিছিল আৰক্ষীৰ জিম্মাৰ ম্যাদ।
কেন্দ্ৰীয় কাৰাগাৰৰ আলহী হ’ল শিখা শৰ্মা। আদালতে শিখা শৰ্মাক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।জুবিন গাৰ্গৰ চৰিত্ৰক লৈ সামাজিক মাধ্যমত বিতৰ্কিত ফেচবুক পোষ্ট দি গ্ৰেপ্তাৰ হৈছিল শিখা শৰ্মা।১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ শিখা শৰ্মাক।
বুধবাৰে জে’ললৈ যোৱাৰ সময়ত শিখা শৰ্মাৰ মুখত আখৈ ফুটাদি ফুটিল ইংৰাজী। পাণবজাৰ আৰক্ষী থানাৰ পৰা আদালাতত হাজিৰ কৰি কাৰাগাৰলৈ লৈ প্ৰেৰণ শিখা শৰ্মাক।
কাৰাগৰালৈ যোৱাৰ সময়ত কংগ্ৰেছৰ ওপৰত দোষ জাপি শিখা শৰ্মাই কয় যে,’কংগ্ৰেছৰ ষড়যন্ত্ৰৰ বাবে জামিন নাই পোৱা। মানহানি গোচৰ জামিনযোগ্য হোৱা স্বত্বেও মোৰ বিৰুদ্ধে কিয় জামিনবিহীন হ’ল। মই লিখা কথাৰ সকলো উত্তৰ আদালতত দিম’।
লগতে পঢ়ক: ‘জুবিন গাৰ্গে টকাৰ বিনিময়ত কিছুমান ৰোমান্তিক গান হে গাইছিল’; বিতৰ্কিত মন্তব্য কৰি বিপদত শিখা শৰ্মা









