‘সংৰক্ষণ কৰি থওক! ৰিয়ান পৰাগ’… ৰাজস্থান ৰয়েলছৰ অধিনায়কৰ প্ৰশংসাত পঞ্চমুখ ৰবি শাস্ত্ৰী

‘সংৰক্ষণ কৰি থওক! ৰিয়ান পৰাগ’… ৰাজস্থান ৰয়েলছৰ অধিনায়কৰ প্ৰশংসাত পঞ্চমুখ ৰবি শাস্ত্ৰী

শনিবাৰে অনুষ্ঠিত হোৱা মেচখনত ৰিয়ান পৰাগৰ অধিনায়কত্বৰ সিদ্ধান্তসমূহ সঠিক আছিল বুলি প্ৰমাণিত হৈছে যোৱা ছিজনত অধিনায়ক হিচাপে আঠখন মেচৰ ভিতৰত ছখনতে পৰাস্ত হোৱাৰ পিছত, ৰিয়ান পৰাগে চলিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত ৰাজস্থান ৰয়েলছৰ পূৰ্ণকালীন অধিনায়ক হিচাপে ধাৰাবাহিক বিজয়ৰে যাত্ৰা আৰম্ভ কৰিছে । শনিবাৰে নিশা আহমেদাবাদৰ নৰেন্দ্ৰ

শনিবাৰে অনুষ্ঠিত হোৱা মেচখনত ৰিয়ান পৰাগৰ অধিনায়কত্বৰ সিদ্ধান্তসমূহ সঠিক আছিল বুলি প্ৰমাণিত হৈছে

যোৱা ছিজনত অধিনায়ক হিচাপে আঠখন মেচৰ ভিতৰত ছখনতে পৰাস্ত হোৱাৰ পিছত, ৰিয়ান পৰাগে চলিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত ৰাজস্থান ৰয়েলছৰ পূৰ্ণকালীন অধিনায়ক হিচাপে ধাৰাবাহিক বিজয়ৰে যাত্ৰা আৰম্ভ কৰিছে । শনিবাৰে নিশা আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মেচখনত গুজৰাটক পৰাস্ত কৰে ৰাজস্থান ৰয়েলছে । ইয়াৰ পূৰ্বে গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এখন মেচত চেন্নাই ছুপাৰ কিংছক পৰাস্ত কৰিছিল ৰিয়ান পৰাগৰ দলটোৱে ।

শনিবাৰে অনুষ্ঠিত হোৱা মেচখনত ৰিয়ান পৰাগৰ অধিনায়কত্বৰ সিদ্ধান্তসমূহ সঠিক আছিল বুলি প্ৰমাণিত হৈছে । যাৰ ফলত ২১১ ৰান ৰক্ষা কৰি ৰাজস্থান ৰয়েলছে ৰোমাঞ্চকৰ অন্তিম অভাৰত গুজৰাট টাইটানছৰ বিৰুদ্ধে মাত্ৰ ছয় ৰানত বিজয় সাব্যস্ত কৰে । ভাৰতীয় দলৰ প্ৰাক্তন প্ৰশিক্ষক তথা বিশিষ্ট ধাৰাভাষ্যকাৰ ৰবি শাস্ত্ৰীয়ে ইয়াৰ পিছতে ৰিয়ান পৰাগৰ ধৈৰ্যৰ উচ্চ প্ৰশংসা কৰে । শাস্ত্ৰীয়ে এক্স-ত লিখিছে, “আইপিএল ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ খেল । ইয়াক সংৰক্ষণ কৰি থৈ দিয়ক! ৰিয়ান পৰাগ, তোমাৰ সাহস অপৰিসীম আৰু নেতৃত্বৰ ভূমিকাত তোমাৰ ভৱিষ্যত অতি উজ্জ্বল । অসাধাৰণ মানসিক দৃঢ়তা । সুন্দৰ খেলিছা !”

পূৰ্বৰ অধিনায়ক সঞ্জু চেমচনে ফ্ৰেঞ্চাইজিটো এৰি যোৱাৰ পিছত, ৰাজস্থান ৰয়েলছ কৰ্তৃপক্ষই দীৰ্ঘম্যাদী অধিনায়ক হিচাপে কেইটামান বিকল্পৰ ভিতৰত পৰাগক বাছনি কৰিছিল । অসমৰ সু-সন্তান গৰাকীয়ে অনুৰাগী তথা সমৰ্থকক হতাশ নকৰিলে আৰু বলিং পৰিবৰ্তনৰ ক্ষেত্ৰত নিখুঁত সিদ্ধান্ত গ্ৰহণ কৰিলে ।

উল্লেখ্য য়ে, ২০০ তকৈ অধিক ৰানৰ লক্ষ্য অনুসৰণ কৰি গুজৰাট টাইটানছে ৰছিদ খান আৰু কাগিছো ৰাবাডাৰ আগ্ৰাসী বেটিঙৰ সহায়ত সুন্দৰকৈ আগবাঢ়িছিল, য’ত তেওঁলোকে প্ৰায় ২০০ ষ্ট্ৰাইক ৰেটত ৰান সংগ্ৰহ কৰিছিল । অন্তিম দুই অভাৰত জয়ৰ বাবে মাত্ৰ ১৫ ৰানৰ প্ৰয়োজন আছিল । নিজৰ প্ৰথম তিনি অভাৰত গড়ে প্ৰায় ১১ ৰান দিয়াৰ পিছতো দ্বিতীয় অন্তিম অভাৰটো কৰিবলৈ জফ্ৰা আৰ্চাৰক দায়িত্ব দিয়া হৈছিল । ইংৰাজ বলাৰজনে মাত্ৰ চাৰিটা চিংগল ৰান দি নিজৰ অধিনায়কৰ বিশ্বাসৰ মৰ্যাদা ৰাখে আৰু গুজৰাট টাইটানছৰ বেটাৰসকলৰ ওপৰত পুনৰ চাপ সৃষ্টি কৰে । ইয়াৰ পিছতে অন্তিম অভাৰত পৰাগে সন্দীপ শৰ্মা আৰু নান্দ্ৰে বাৰ্গাৰৰ দৰে অভিজ্ঞ খেলুৱৈৰ পৰিৱৰ্তে তুষাৰ দেশপাণ্ডেৰ হাতত বল তুলি দি সকলোকে আচৰিত কৰি দিছিল ।

চিএছকেৰ প্ৰাক্তন বলাৰজনে হেঁচা থকা সত্ত্বেও ধাৰাবাহিকভাৱে ইয়ৰ্কাৰ প্ৰদান কৰি অধিনায়ক পৰাগৰ বিশ্বাসৰ প্ৰতিদান দিয়ে । অন্তিম ছটা বলত ১১ ৰানৰ প্ৰয়োজন হোৱা অৱস্থাত ৰছিদ আৰু ৰাবাডাই মাত্ৰ পাঁচ ৰানহে কৰিবলৈ সক্ষম হয় আৰু ৰাজস্থান ৰয়েলছে একেৰাহে দ্বিতীয়টো জয় নিশ্চিত কৰে ।

লগতে পঢ়ক : গুজৰাটক পৰাস্ত কৰাৰ পিছত চৰ্চাত ৰিয়ান পৰাগৰ বিজয় উদযাপন