প্ৰধানমন্ত্ৰী মোদীৰ জনপ্ৰিয়তাৰ ধুমুহা, ইউটিউবত চাবস্ক্ৰাইবাৰৰ সংখ্যাই অতিক্ৰম কৰিলে ৩ কোটিৰ ঘৰ

প্ৰধানমন্ত্ৰী মোদীৰ জনপ্ৰিয়তাৰ ধুমুহা, ইউটিউবত চাবস্ক্ৰাইবাৰৰ সংখ্যাই অতিক্ৰম কৰিলে ৩ কোটিৰ ঘৰ

মঙলবাৰে ইউটিউবত ৩ কোটিতকৈ অধিক চাবস্ক্ৰাইবাৰ লাভ কৰা প্ৰথমজন বিশ্ব নেতা আৰু ৰাজনীতিবিদ হিচাপে পৰিগণিত হয় প্ৰধানমন্ত্ৰী মোদী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে ইউটিউবত ৩ কোটিতকৈ অধিক চাবস্ক্ৰাইবাৰ লাভ কৰা প্ৰথমজন বিশ্ব নেতা আৰু ৰাজনীতিবিদ হিচাপে পৰিগণিত হয় । ৰেংকিং অনুসৰি এই শাখাত তেওঁ আনতকৈ যথেষ্ট

মঙলবাৰে ইউটিউবত ৩ কোটিতকৈ অধিক চাবস্ক্ৰাইবাৰ লাভ কৰা প্ৰথমজন বিশ্ব নেতা আৰু ৰাজনীতিবিদ হিচাপে পৰিগণিত হয় প্ৰধানমন্ত্ৰী মোদী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে ইউটিউবত ৩ কোটিতকৈ অধিক চাবস্ক্ৰাইবাৰ লাভ কৰা প্ৰথমজন বিশ্ব নেতা আৰু ৰাজনীতিবিদ হিচাপে পৰিগণিত হয় । ৰেংকিং অনুসৰি এই শাখাত তেওঁ আনতকৈ যথেষ্ট উন্নত প্ৰদৰ্শন কৰিছে । এই ৰেংকিঙৰ দ্বিতীয় সৰ্বোচ্চ চাবস্ক্ৰাইবাৰ ব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জেইৰ বলছ’নাৰোৰ আছে, যি প্ৰধানমন্ত্ৰী মোদীৰ চাবস্ক্ৰাইবাৰৰ সংখ্যাৰ এক চতুৰ্থাংশহে ।

প্ৰধানমন্ত্ৰী মোদীৰ চাবস্ক্ৰাইবাৰৰ সংখ্যা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ তুলনাত সাত গুণতকৈও অধিক । ইয়াৰ দ্বাৰা বিশ্বজুৰি তেওঁৰ ডিজিটেল আউটৰিচ আৰু এংগেজমেণ্টৰ পৰিসৰ স্পষ্টভাৱে প্ৰমাণিত হৈছে । শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোদী বিশ্বৰ প্ৰথমজন নেতা আৰু ৰাজনীতিবিদ হিচাপে পৰিগণিত হৈছে যাৰ ইনষ্টাগ্ৰামত ১০ কোটিতকৈ অধিক অনুগামী আছে ।

২০১৪ চনত ইনষ্টাগ্ৰামত যোগদান কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অনুগামী আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পতকৈ দুগুণতকৈও অধিক । পৰৱৰ্তী পাঁচজন বিশ্ব নেতাৰ মুঠ অনুগামীৰ সংখ্যা প্ৰধানমন্ত্ৰী মোদীৰ একক অনুগামীৰ সংখ্যাতকৈ কম । ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ অনুগামীৰ সংখ্যা ৪ কোটি ৩২ লাখ, আনহাতে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰব’ও ছুবিয়ানটোৰ অনুগামীৰ সংখ্যা ১.৫ কোটি । ইফালে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুলাৰ অনুগামী ১ কোটি ৪৪ লাখ, তুৰ্কীৰ ৰাষ্ট্ৰপতি এৰদোগানৰ ১ কোটি ১৬ লাখ আৰু আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি জেভিয়াৰ মেলিৰ অনুগামী ৬৪ লাখ ।

লগতে পঢ়ক : ইনষ্টাগ্ৰামত ১০ কোটীৰ ক্লাবত প্ৰৱেশ কৰা বিশ্বৰ প্ৰথমজন নেতা, প্ৰধানমন্ত্ৰী মোদীৰ আন এক অভিলেখ

শেহতীয়া প্ৰৱন্ধসমূহ