আছিয়ান সন্মিলনত ভাৰ্চুৱেলি অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে; মালয়েছিয়াৰ প্ৰধানমন্ত্ৰীয়ে কৰিলে নিশ্চিত

আছিয়ান সন্মিলনত ভাৰ্চুৱেলি অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমে বুধবাৰে নিশ্চিত কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৪৭ সংখ্যক আছিয়ান সন্মিলনৰ বাবে কুৱালালামপুৰলৈ নাযায় বৰঞ্চ ভাৰ্চুৱেলভাৱে অংশগ্ৰহণ কৰিব । মালয়েছিয়াৰ প্ৰধানমন্ত্ৰীয়ে নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ সহযোগীৰ সৈতে টেলিফোনিক বাৰ্তালাপৰ অন্তত কয় যে, “আমি চলিত মাহৰ

আছিয়ান সন্মিলনত ভাৰ্চুৱেলি অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমে বুধবাৰে নিশ্চিত কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৪৭ সংখ্যক আছিয়ান সন্মিলনৰ বাবে কুৱালালামপুৰলৈ নাযায় বৰঞ্চ ভাৰ্চুৱেলভাৱে অংশগ্ৰহণ কৰিব । মালয়েছিয়াৰ প্ৰধানমন্ত্ৰীয়ে নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ সহযোগীৰ সৈতে টেলিফোনিক বাৰ্তালাপৰ অন্তত কয় যে, “আমি চলিত মাহৰ শেষৰ ফালে কুৱালালামপুৰত অনুষ্ঠিত হ’বলগীয়া ৪৭ সংখ্যক আছিয়ান সন্মিলনৰ আয়োজনৰ বিষয়ে আলোচনা কৰিলোঁ । তেওঁ মোক জনাই যে ভাৰতত বৰ্তমান চলি থকা দীপাৱলী উদযাপনৰ বাবে প্ৰধানমন্ত্ৰীয়ে ভাৰ্চুৱেলভাৱে ইয়াত অংশগ্ৰহণ কৰিব ।” মালয়েছিয়াৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁৰ সিদ্ধান্তক মই সন্মান জনাই তেওঁৰ লগতে ভাৰতৰ সকলো জনসাধাৰণক দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জনাইছো ।

আনোৱাৰ ইব্ৰাহিমে দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰাৰ প্ৰচেষ্টাৰ বিষয়েও কয় । আনোৱাৰে কয় যে যোৱা নিশা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এজন সহায়কৰ পৰা ফোন আহিছিল, য’ত মালয়েছিয়া-ভাৰত দ্বিপাক্ষিক সম্পৰ্কক অধিক কৌশলগত আৰু ব্যাপক স্তৰলৈ উন্নীত কৰাৰ প্ৰচেষ্টাৰ বিষয়ে আলোচনা কৰা হয় । ভাৰত বাণিজ্য আৰু বিনিয়োগৰ ক্ষেত্ৰত মালয়েছিয়াৰ বাবে এক মূল অংশীদাৰ হৈয়েই আছে, লগতে প্ৰযুক্তি, শিক্ষা আৰু আঞ্চলিক নিৰাপত্তাৰ ক্ষেত্ৰতো এক ঘনিষ্ঠ অংশীদাৰ হৈ আছে ।’

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও টুইট কৰি কয় যে, “মোৰ প্ৰিয় বন্ধু মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমৰ সৈতে বাৰ্তালাপ কৰিলো । ভাৰ্চুৱেলি আছিয়ান-ভাৰত শীৰ্ষ সন্মিলনত যোগদান কৰিবলৈ আগ্ৰহী আৰু আছিয়ান-ভাৰত ব্যাপক কৌশলগত অংশীদাৰিত্বক আৰু অধিক গভীৰ কৰি তুলিবলৈ আগ্ৰহী ।”

লগতে পঢ়ক : কাবুলৰ ভাৰতৰ টেকনিকেল মিছনক সম্পূৰ্ণ দূতাবাসৰ মৰ্যাদা

শেহতীয়া প্ৰৱন্ধসমূহ