ভূটানলৈ প্ৰধানমন্ত্ৰী মোদী
১১ নৱেম্বৰৰ পৰা ১২ নৱেম্বৰলৈ দুদিনীয়া ভ্ৰমণসূচীৰে ভূটানলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে উল্লেখ কৰিছে যে এই ভ্ৰমণ ভাৰত আৰু ভূটানৰ মাজত বন্ধুত্ব আৰু সহযোগিতাৰ বিশেষ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হ’ব । এই ভ্ৰমণক দুয়োখন দেশৰ মাজত উচ্চ পৰ্যায়ৰ দ্বিপাক্ষিক আলোচনাৰ পৰম্পৰাৰ ধাৰাবাহিকতা হিচাপে দেখা গৈছে ।
এই দুদিনীয়া ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুকক সাক্ষাৎ কৰিব । ভাৰত চৰকাৰ আৰু ভূটান ৰয়েল চৰকাৰে যৌথভাৱে নিৰ্মাণ কৰা ১০২০ মেগাৱাট শক্তিৰ পুনাটছাংচু-দ্বিতীয় জলবিদ্যুৎ প্ৰকল্পৰ উদ্বোধন কৰিব দুয়োগৰাকী নেতাই । ভূটানৰ চতুৰ্থ ৰজা জিগমে চিংগে ৱাংচুকৰ ৭০ সংখ্যক জন্মদিন উদযাপনতো অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে ।
প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণ এনে এটা সময়ত হৈছে যতিয়া ভূটানত ভাৰতৰ পৰা নিয়া ভগৱান বুদ্ধৰ পবিত্ৰ অৱশেষ প্ৰদৰ্শন কৰা হৈছে । প্ৰধানমন্ত্ৰী মোদীয়ে তাছিচো ড্জোঙত এই পবিত্ৰ অৱশেষক শ্ৰদ্ধাঞ্জলি জনাই প্ৰাৰ্থনা কৰিব । ভূটান চৰকাৰে আয়োজন কৰা গ্ল’বেল পিছ প্ৰেয়াৰ ফেষ্টিভেলতো তেওঁ অংশগ্ৰহণ কৰিব, যিয়ে দুয়োখন দেশৰ মাজত ভাগ কৰা বৌদ্ধ সাংস্কৃতিক সম্পৰ্ক আৰু অধিক শক্তিশালী কৰিব ।
উল্লেখ্য যে, ভাৰত-ভূটানৰ সম্পৰ্ক পাৰস্পৰিক বিশ্বাস, সদিচ্ছা আৰু পাৰস্পৰিক সন্মানৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে । দুয়োখন দেশৰ মাজত গভীৰ আধ্যাত্মিক ঐতিহ্য আৰু জনসাধাৰণৰ ঘনিষ্ঠ সম্পৰ্ক এই বিশেষ অংশীদাৰিত্বৰ চিহ্ন । জলবিদ্যুৎ, শিক্ষা, স্বাস্থ্য, পৰ্যটন আৰু সাংস্কৃতিক বিনিময় আদি ক্ষেত্ৰত ভূটানৰ উন্নয়নৰ ক্ষেত্ৰত ভাৰত এক গুৰুত্বপূৰ্ণ অংশীদাৰ হৈয়ে আছে ।
লগতে পঢ়ক : ‘জংগলৰাজৰ নেতাসকলে ৬৫ ভল্টৰ শ্বক পাইছে’; প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী









