শেষবাৰৰ বাবে কৃষকৰ বেংক একাউণ্টত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ধন জমা হৈছিল ২০২৫ চনৰ ১৯ নৱেম্বৰত
দেশৰ ৯ কোটিৰো অধিক কৃষকে পিএম কিষাণৰ ২২ নং কিস্তিৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই আছে । শেষবাৰৰ বাবে কৃষকৰ বেংক একাউণ্টত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ধন জমা হৈছিল ২০২৫ চনৰ ১৯ নৱেম্বৰত । তাৰ পিছৰে পৰাই কৃষকসকলে পৰৱৰ্তী আৰ্থিক সাহায্যৰ বাবে অপেক্ষা কৰি আছে । আজি ফেব্ৰুৱাৰী মাহৰ অন্তিম দিন যদিও ২২ সংখ্যক কিস্তি এতিয়াও লাভ কৰা নাই কৃষকসকলে ।
কেতিয়া লাভ কৰিব ভাল খবৰ ?
আজি ২৮ ফেব্ৰুৱাৰী আৰু মাহৰ অন্তিম দিন । বহু কৃষকে আশা কৰিছিল যে আজি তেওঁলোকে এই সাহায্যৰ ধন লাভ কৰিব । অৱশ্যে আজি মাহৰ চতুৰ্থ শনিবাৰ, সেয়েহে সমগ্ৰ দেশৰ সকলো বেংক বন্ধ । পিএম কিষাণ যোজনাৰ অধীনত থকা ধন প্ৰত্যক্ষ হস্তান্তৰ (ডি বি টি)ৰ জৰিয়তে পোনপটীয়াকৈ কৃষকৰ একাউণ্টলৈ স্থানান্তৰ কৰা হয় ।
যিহেতু আজি বেংক বন্ধ আছে, সেয়েহে একাউণ্টত ধন সোমোৱাৰ সম্ভাৱনা ক্ষীণ । এনে বৃহৎ ধনৰ চৰকাৰী হস্তান্তৰ সাধাৰণতে বন্ধৰ দিনত কাৰ্যকৰী কৰা নহয় । গতিকে ২২ সংখ্যক কিস্তিৰ ২০০০কৈ টকা কৃষকৰ বেংক একাউণ্টত জমা হোৱাৰ কোনো সম্ভাৱনা দেখা পোৱা নাই ।
ফাকুৱাৰ পূৰ্বে কিস্তি লাভৰ সম্ভাৱনা কিমান ?
আজিৰ হতাশাৰ পিছত পৰৱৰ্তী প্ৰশ্নৰ উত্থাপন হৈছে হোলী অথবা ফাকুৱাৰ পূৰ্বে কৃষকে এই ধন লাভ কৰিবনে ? আগন্তুক দিনবোৰৰ কেলেণ্ডাৰখন চালেই স্পষ্ট ছবি এখন ওলাই পৰে । ১ মাৰ্চ অৰ্থাৎ দেওবাৰে পুনৰ বন্ধ থাকিব বেংক । ২ মাৰ্চতো দেশৰ কোনো কোনো ৰাজ্যত বেংক বন্ধ থাকিব পাৰে । আন বহু ৰাজ্যতো অহা ৩ মাৰ্চত বন্ধ থাকিব বেংকৰ কাম-কাজ । ইয়াৰ পিছতে ৪ মাৰ্চত ফাকুৱা উপলক্ষে সমগ্ৰ দেশতে ৰাজহুৱা বন্ধৰ দিন । এই একেৰাহে বেংক ছুটীৰ প্ৰতি লক্ষ্য ৰাখি স্পষ্ট হৈ পৰিছে যে হোলীৰ পূৰ্বে কৃষকে এই আৰ্থিক সাহায্য লাভ কৰাৰ সম্ভাৱনা ক্ষীণ ।
লগতে পঢ়ক : মধ্য প্ৰাচ্যত যুদ্ধৰ বিভীষিকা, এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগোৱে ল’লে ডাঙৰ সিদ্ধান্ত









