কাইলৈ সম্প্ৰচাৰ হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰীক্ষা পে চৰ্চা। দেশৰ বিভিন্ন প্ৰান্ত ভ্ৰমণ কৰি শিশুৰ সৈতে কৰিছিল মত বিনিময় ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পদক্ষেপ পৰীক্ষা পে চৰ্চাৰ নৱম ছিজন অহা ৬ ফেব্ৰুৱাৰীত লাইভ হ’ব।পৰীক্ষ পে চৰ্চাত প্ৰধানমন্ত্ৰী মোদীয়ে ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু শিক্ষকৰ সৈতে পৰীক্ষা-সম্পৰ্কীয় মানসিক চাপ, আত্মবিশ্বাস ইত্যাদিৰ বিষয়ে বাৰ্তালাপ কৰে।
লগতে শিশুসকলক মানসিক চাপমুক্ত হৈ থাকিবলৈ আৰু কেৰিয়াৰ সম্পৰ্কীয় প্ৰশ্নৰ উত্তৰ দিবলৈও সহায় কৰে। যদি আপুনিও পৰীক্ষ পে চৰচাত প্ৰধানমন্ত্ৰী মোদীয়ে শ্বেয়াৰ কৰা চিন্তা বা টিপছ শুনিব বিচাৰে, তেন্তে আপুনি বহু প্লেটফৰ্মৰ জৰিয়তে লাইভত শুনিব পাৰে।
শুকুৰবাৰে পুৱা ১০ বজাৰ পৰা আৰম্ভ হ’ব পৰীক্ষা পে চৰ্চাৰ সম্প্ৰচাৰ। এইবাৰ প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ বিভিন্ন প্ৰান্ত ভ্ৰমণ কৰি শিশুৰ সৈতে মত বিনিময় কৰিছে।
গুজৰাটৰ দেৱমোগ্ৰা, তামিলনাডুৰ কইম্বাটুৰ, ছত্তীশগড়ৰ ৰায়পুৰ, অসমৰ গুৱাহাটী আৰু দিল্লীত সাতখন,লোক কল্যাণ মাৰ্গত প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসগৃহত শিশুৰ সৈতে বাৰ্তালাপ কৰে,যাৰ শুকুৰবাৰে সম্প্ৰচাৰ হ’ব।
উল্লেখ্য যে,পৰীক্ষ পে চৰ্চা ২০২৬ য়ে যোৱা বছৰৰ গিনিজ ৱৰ্ল্ড ৰেকৰ্ড (৩.৫৬ কোটি পঞ্জীয়ন) অতিক্ৰম কৰিছে আৰু চাৰি কোটিৰো অধিক অনলাইন অংশগ্ৰহণকাৰীয়ে ইতিমধ্যে পঞ্জীয়ন কৰিছে।









