১ মাৰ্চৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, মাহৰ প্ৰথম দিনটোৰ পৰাই সলনি হ’ব আপোনাৰ বাজেট !

১ মাৰ্চৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, মাহৰ প্ৰথম দিনটোৰ পৰাই সলনি হ’ব আপোনাৰ বাজেট !

মোবাইল ব্যৱহাৰকাৰীৰ বাবে এক নতুন নিয়ম কাৰ্যকৰী কৰা হ’ব । ৰে’লৱেই ১ মাৰ্চৰ পৰা বন্ধ কৰি দিব পুৰণি ইউটিএছ এপ । প্ৰত্যেকবাৰৰ দৰেই ২০২৬ চনৰ ১ মাৰ্চৰ পৰা বহু নিয়ম সলনি হ’ব পাৰে । সাধাৰণ লোকৰ দৈনন্দিন কাম-কাজ আৰু পকেটত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলোৱা নীতি আৰু

মোবাইল ব্যৱহাৰকাৰীৰ বাবে এক নতুন নিয়ম কাৰ্যকৰী কৰা হ’ব । ৰে’লৱেই ১ মাৰ্চৰ পৰা বন্ধ কৰি দিব পুৰণি ইউটিএছ এপ ।

প্ৰত্যেকবাৰৰ দৰেই ২০২৬ চনৰ ১ মাৰ্চৰ পৰা বহু নিয়ম সলনি হ’ব পাৰে । সাধাৰণ লোকৰ দৈনন্দিন কাম-কাজ আৰু পকেটত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলোৱা নীতি আৰু প্ৰশাসনিক পৰিৱৰ্তনৰ বাবে মাহটোৰ প্ৰথম তাৰিখ প্ৰায়ে উল্লেখযোগ্য বুলি গণ্য কৰা হয় । কোনবোৰ নিয়মৰ উল্লেখযোগ্য পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে সেই বিষয়ে জানক ।

চিম বাইণ্ডিং নিয়ম প্ৰযোজ্য-

মোবাইল ব্যৱহাৰকাৰীৰ বাবে এক নতুন নিয়ম কাৰ্যকৰী কৰা হ’ব, য’ত হোৱাটছএপ আৰু অন্যান্য মেছেজিং এপসমূহ চলোৱা ফোনটোৰ সক্ৰিয় চিম কাৰ্ডৰ সৈতে সংযোগ কৰিব লাগিব । অৰ্থাৎ এপ ব্যৱহাৰ কৰা ডিভাইচটোৰ সংশ্লিষ্ট চিম কাৰ্ড থাকিব লাগিব । ইয়াৰ উপৰিও, ৱেব বা ডেস্কটপ লগইনসমূহৰ বাবে এটা ছয় ঘণ্টাৰ অটো-লগআউট নিয়ম প্ৰণয়ন কৰা হ’ব । অৰ্থাৎ ছয় ঘণ্টাৰ পিছত ৱেব বা ডেস্কটপ স্বয়ংক্ৰিয়ভাৱে লগ আউট হ’ব । ইয়াৰ উদ্দেশ্য হৈছে ভুৱা নম্বৰ আৰু চাইবাৰ অপৰাধ ৰোধ কৰা ।

ৰে’লৱেৰ পুৰণি এপ বন্ধ-

ৰে’লৱেই ১ মাৰ্চৰ পৰা বন্ধ কৰি দিব পুৰণি ইউটিএছ এপ । যাত্ৰীসকলে আৰু ইয়াক ব্যৱহাৰ কৰিব নোৱাৰিব । অসংৰক্ষিত আৰু প্লেটফৰ্ম টিকট বুকিং কৰিবলৈ যাত্ৰীসকলে এতিয়া ব্যৱহাৰ কৰিব লাগিব নতুন ৰেইল ওৱান এপ । ইয়াৰ দ্বাৰা যাত্ৰীসকলে নতুন ব্যৱস্থাৰ লগত খাপ খাব পাৰিব । প্ৰথম অৱস্থাত কাৰিকৰী অসুবিধাৰ সৃষ্টি হ’ব পাৰে, কিন্তু ৰে’লৱেই কৈছে যে নতুন ব্যৱস্থাটো দ্ৰুত, অধিক সুৰক্ষিত আৰু ব্যৱহাৰকাৰীৰ বাবে অধিক সুবিধাজনক হ’ব । এই নতুন এপটো ব্যৱহাৰ কৰি টিকট বুকিং কৰিলেও যথেষ্ট ৰেহাই পোৱা যাব ।

এল পি জিৰ দামৰ পৰিৱৰ্তন-

প্ৰতি মাহৰ প্ৰথম দিনাই মুকলি কৰা হয় নতুন এল পি জি চিলিণ্ডাৰৰ দাম । ফাকুৱা ওচৰ চাপি অহাৰ লগে লগে এইবাৰ কিছু মূল্যৰ সকাহ পোৱাৰ আশা কৰিছে ৰাইজে যদিও চৰকাৰী ঘোষণাৰ পিছতহে চূড়ান্ত সিদ্ধান্ত স্পষ্ট হ’ব ।

নূন্যতম বেলেন্স নিয়মত সকাহ-

বেংকিং ক্ষেত্ৰতো সম্ভাৱ্য লাভজনক পৰিৱৰ্তন আহিব পাৰে । কিছুমান ৰাজহুৱা খণ্ডৰ বেংকে নূন্যতম বেলেন্সৰ ক্ষেত্ৰত সলনি কৰিব পাৰে । পূৰ্বে এদিনতে কম বেলেন্স থাকিলে জৰিমনা বিহা হৈছিল যদিও এতিয়া গড় মাহিলী বেলেন্স (AMB)ৰ ওপৰত ভিত্তি কৰি মাচুল হ’ব পাৰে । অৰ্থাৎ গড় মাহিলী বেলেন্স গুৰুত্বপূৰ্ণ হ’ব, যাৰ ফলত গ্ৰাহকে জৰিমনা এৰাই চলিবলৈ সহজ হ’ব ।

ইউপিআই পেমেণ্ট ছিকিউৰিটি বৃদ্ধি পাব-

ডিজিটেল পেমেণ্টক অধিক সুৰক্ষিত কৰিবলৈ ১ মাৰ্চৰ পৰা কেৱল ইউপিআই পিন বৃহৎ অনলাইন লেনদেনৰ বাবে আৰু যথেষ্ট নহ’ব । বেংকসমূহে উচ্চ মূল্যৰ লেনদেনৰ বাবে অতিৰিক্ত সুৰক্ষা ব্যৱস্থা, যেনে বায়’মেট্ৰিক বা মাল্টি ফেক্টৰ অথেনটিকেশ্যন বাধ্যতামূলক কৰিব পাৰে । বৃহৎ পৰিমাণৰ লেনদেনৰ বাবে অতিৰিক্ত পৰীক্ষণ ৰূপায়ণ কৰা হ’ব পাৰে । ইয়াৰ অৰ্থ হ’ল কেৱল ইউপিআই পিনৰ পৰিৱৰ্তে বায়’মেট্ৰিক বা অতিৰিক্ত প্ৰমাণীকৰণৰ প্ৰয়োজন হ’ব পাৰে । ইয়াৰ উদ্দেশ্য হৈছে অনলাইন জালিয়াতি হ্ৰাস কৰা আৰু ব্যৱহাৰকাৰীৰ সুৰক্ষা বৃদ্ধি কৰা ।

লগতে পঢ়ক : ফাকুৱাৰ পূৰ্বেই লাভ কৰিব পাৰে পিএম কিষাণৰ ২০০০ টকা! জানক শেহতীয়া আপডেট