নাছাৰ পৰা অৱসৰ গ্ৰহণ মহাকাশচাৰী সুনীতা উইলিয়ামছৰ… মহাকাশত গঢ়িছিল অসংখ্য অভিলেখ

নাছাৰ পৰা অৱসৰ গ্ৰহণ মহাকাশচাৰী সুনীতা উইলিয়ামছৰ… মহাকাশত গঢ়িছিল অসংখ্য অভিলেখ

মহাকাশ উৰণত অসংখ্য অভিলেখ গঢ়া মহাকাশচাৰী সুনীতা উইলিয়ামছে ২৭ বছৰীয়া সেৱাৰ অন্তত অৱসৰ গ্ৰহণ কৰিছে । ২৭ বছৰৰ দিঘলীয়া আৰু ঐতিহাসিক সেৱাৰ অন্তত নাছাৰ প্ৰখ্যাত মহাকাশচাৰী সুনীতা উইলিয়ামছে সংস্থাটোৰ পৰা অৱসৰ গ্ৰহণ কৰিছে । ২০২৫ চনৰ ২৭ ডিচেম্বৰৰ পৰা তেওঁৰ অৱসৰ কাৰ্যকৰী হয় । ঐতিহাসিক

মহাকাশ উৰণত অসংখ্য অভিলেখ গঢ়া মহাকাশচাৰী সুনীতা উইলিয়ামছে ২৭ বছৰীয়া সেৱাৰ অন্তত অৱসৰ গ্ৰহণ কৰিছে ।

২৭ বছৰৰ দিঘলীয়া আৰু ঐতিহাসিক সেৱাৰ অন্তত নাছাৰ প্ৰখ্যাত মহাকাশচাৰী সুনীতা উইলিয়ামছে সংস্থাটোৰ পৰা অৱসৰ গ্ৰহণ কৰিছে । ২০২৫ চনৰ ২৭ ডিচেম্বৰৰ পৰা তেওঁৰ অৱসৰ কাৰ্যকৰী হয় । ঐতিহাসিক কেৰিয়াৰৰ সময়ছোৱাত সুনীতা উইলিয়ামছে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)ত তিনিটা মিছন সম্পূৰ্ণ কৰি মানৱ মহাকাশ উৰণৰ ক্ষেত্ৰত অসংখ্য অভিলেখ গঢ়িছিল ।

নাছাৰ তথ্য অনুসৰি সুনীতা উইলিয়ামছে মহাকাশত মুঠ ৬০৮ দিন কটায়, যিটো নাছাৰ যিকোনো মহাকাশচাৰীয়ে কটোৱা মুঠ সময়ৰ দ্বিতীয় সৰ্বাধিক । তেওঁ ৯টা স্পেচৱাক কৰিছিল, যাৰ মুঠ সময় ৬২ ঘণ্টা ৬ মিনিট আছিল । এগৰাকী মহিলা মহাকাশচাৰীৰ এইটোৱেই আটাইতকৈ বেছি স্পেচৱাক আৰু তেওঁ সামগ্ৰিকভাৱে এই ক্ষেত্ৰত চতুৰ্থ স্থানত আছে । তদুপৰি মহাকাশত মাৰাথন দৌৰা প্ৰথমজন ব্যক্তি হিচাপেও পৰিগণিত হয় সুনীতা ।

নাছাৰ প্ৰশাসক জেৰেড আইজাকমেনে কয় যে সুনীতা উইলিয়ামছ আছিল মানৱ মহাকাশ উৰণৰ পথ প্ৰদৰ্শক আৰু মহাকাশ কেন্দ্ৰত তেওঁৰ নেতৃত্বৰ জৰিয়তে ভৱিষ্যতৰ অভিযানৰ ভেটি স্থাপন কৰিছিল । তেওঁৰ অৱদানে চন্দ্ৰলৈ আৰ্টেমিছ অভিযান আৰু ভৱিষ্যতে মংগল গ্ৰহ অভিযানৰ পথ প্ৰশস্ত কৰিছে ।

২০০৬ চনৰ ডিচেম্বৰ মাহত প্ৰথমবাৰৰ বাবে স্পেচ শ্বাটল ডিছকভাৰীত উৰা মাৰিছিল সুনীতা উইলিয়ামছে । ২০১২ চনত কাজাখস্তানৰ বাইকনুৰ কচমোড্ৰমৰ পৰা মহাকাশলৈ যাত্ৰা কৰিছিল আৰু মহাকাশ কেন্দ্ৰৰ কমাণ্ডাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । শেহতীয়াকৈ ২০২৪ চনৰ জুন মাহত বয়িং ষ্টাৰলাইনাৰ অভিযানত মহাকাশলৈ উৰা মাৰি ২০২৫ চনৰ মাৰ্চ মাহত পৃথিৱীলৈ উভতি আহিছিল তেওঁ ।

নাছাৰ জনছন স্পেচ চেণ্টাৰৰ সঞ্চালিকা ভেনেছা ৱাইচে কয় যে সুনীতা উইলিয়ামছৰ কেৰিয়াৰত নেতৃত্ব, নিষ্ঠা আৰু সাহস সন্নিবিষ্ট কৰা হৈছে, যিয়ে আগন্তুক প্ৰজন্মৰ মহাকাশচাৰীসকলক অনুপ্ৰাণিত কৰি থাকিব ।

অৱসৰৰ পিছতে সুনী উইলিয়ামছে কয় যে মহাকাশ তেওঁৰ প্ৰিয় বাসস্থান আৰু নাছাত থকা সময়খিনি তেওঁৰ জীৱনৰ আটাইতকৈ ডাঙৰ সন্মান । তেওঁৰ এই কামে চন্দ্ৰ আৰু মংগল গ্ৰহলৈ অভিযানৰ পথ প্ৰশস্ত কৰিব বুলি আশা প্ৰকাশ কৰে ।

লগতে পঢ়ক : চন্দ্ৰলৈ বৃহৎ অভিযানৰ প্ৰস্তুতি! ২০৪০ৰ ভিতৰত চন্দ্ৰলৈ ভাৰতে প্ৰেৰণ কৰিব মহাকাশচাৰী