৫৪ বছৰৰ পাছত চন্দ্ৰলৈ মানৱ অভিযান, আৰ্টেমিছ-২ৰ সফল উৎক্ষেপণ

৫৪ বছৰৰ পাছত চন্দ্ৰলৈ মানৱ অভিযান, আৰ্টেমিছ-২ৰ সফল উৎক্ষেপণ

আৰ্টেমিছ-২ কোনো লেণ্ডিং মিছন নহয় । ই ১০ দিনীয়া পৰীক্ষামূলক অভিযান । আৰ্টেমিছ ২ অভিযান সফলতাৰে উৎক্ষেপণ কৰি ইতিহাস সৃষ্টি কৰিছে নাছাই । বৃহস্পতিবাৰে ফ্ল’ৰিডাৰ কেনেডি মহাকাশ কেন্দ্ৰৰ পৰা ৩:৫৪ বজাত এই বিশাল এছ এল এছ ৰকেটটো উৎক্ষেপণ কৰা হয় । ৫৪ বছৰৰ ভিতৰত এইটোৱেই

আৰ্টেমিছ-২ কোনো লেণ্ডিং মিছন নহয় । ই ১০ দিনীয়া পৰীক্ষামূলক অভিযান ।

আৰ্টেমিছ ২ অভিযান সফলতাৰে উৎক্ষেপণ কৰি ইতিহাস সৃষ্টি কৰিছে নাছাই । বৃহস্পতিবাৰে ফ্ল’ৰিডাৰ কেনেডি মহাকাশ কেন্দ্ৰৰ পৰা ৩:৫৪ বজাত এই বিশাল এছ এল এছ ৰকেটটো উৎক্ষেপণ কৰা হয় । ৫৪ বছৰৰ ভিতৰত এইটোৱেই হৈছে চন্দ্ৰলৈ প্ৰথমটো মানৱ অভিযান । এই উৎক্ষেপণ সম্পূৰ্ণ সফল হৈছে আৰু চাৰিওজন মহাকাশচাৰী নিৰাপদে পৃথিৱীৰ কক্ষপথত উপনীত হৈছে । সমগ্ৰ বিশ্বই চালে এই ঐতিহাসিক উৎক্ষেপণৰ সাক্ষী হয় ।

এই মিছনত চাৰিজনীয়া ক্ৰু জড়িত আছে । ৰিড ৱাইজমেন (মিছন কমাণ্ডাৰ), ভিক্টৰ গ্লভাৰ (পাইলট আৰু চন্দ্ৰ অভিযানলৈ যোৱা প্ৰথমজন কৃষ্ণাংগ মহাকাশচাৰী), ক্ৰীষ্টিনা কোচ (মিছন বিশেষজ্ঞ আৰু চন্দ্ৰ অভিযানলৈ যোৱা প্ৰথমগৰাকী মহিলা), জেৰেমি হেনচেন (মিছন বিশেষজ্ঞ আৰু চন্দ্ৰ অভিযানলৈ যোৱা প্ৰথমজন কানাডাৰ মহাকাশচাৰী) । এই চাৰিজন অৰিয়ান কেপচুলত চন্দ্ৰৰ অভিযানলৈ ৰাওনা হয় ।

উল্লেখ্য যে, আৰ্টেমিছ-২ কোনো লেণ্ডিং মিছন নহয় । ই ১০ দিনীয়া পৰীক্ষামূলক অভিযান । ক্ৰুৱে চন্দ্ৰৰ অতি ওচৰলৈ, প্ৰায় ৯৬০০ কিলোমিটাৰ প্ৰতি ঘণ্টাত যাত্ৰা কৰি চন্দ্ৰক প্ৰদক্ষিণ কৰিব আৰু তাৰ পিছত পৃথিৱীলৈ উভতি আহিব । এই সময়ছোৱাত অৰিয়ান কেপচুলৰ গভীৰ মহাকাশৰ ক্ষমতা, জীৱন সমৰ্থন ব্যৱস্থা, নেভিগেচন, যোগাযোগ আৰু তাপ ৰক্ষাকৱচ সম্পূৰ্ণৰূপে পৰীক্ষা কৰা হ’ব । উভতিনি যাত্ৰাত অৰিয়ানে ঘণ্টাত ৪০ হাজাৰ কিলোমিটাৰ বেগত পুনৰ পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰিব ।

এই উৎক্ষেপণ ঐতিহাসিক কাৰণ এপ’ল’ ১৭ৰ পিছত প্ৰথমবাৰৰ বাবে মানুহ চন্দ্ৰৰ ইমান ওচৰলৈ যাত্ৰা কৰিছে । এই মিছনে আৰ্টেমিছ অভিযানৰ প্ৰকৃত আৰম্ভণি চিহ্নিত কৰিছে । ইয়াৰ সফলতাৰ পিছত নাছাই আৰ্টেমিছ ৩ত চন্দ্ৰত মানুহ অৱতৰণ কৰোৱাই স্থায়ী চন্দ্ৰ ঘাটি স্থাপনৰ বাবে সাজু হ’ব । এই অভিযানে ভৱিষ্যতে মংগল গ্ৰহলৈ কৰা অভিযানৰ ভেটিও স্থাপন কৰিব । ইয়াৰ উপৰিও এই অভিযানে নৱ প্ৰজন্মক মহাকাশ বিজ্ঞানৰ প্ৰতি আকৰ্ষিত কৰিব ।

এতিয়া কেইবাদিনো চন্দ্ৰৰ ফালে যাত্ৰা অব্যাহত ৰাখিব ক্ৰুৱেসকলে । চন্দ্ৰৰ পিছফালেৰেও পাৰ হৈ যাব, য’ত পৃথিৱীৰ সৈতে ৰেডিঅ’ সংস্পৰ্শ সাময়িকভাৱে হেৰাই যাব । এই সময়ছোৱাত কেইবাটাও বৈজ্ঞানিক পৰীক্ষা সম্পন্ন কৰা হ’ব । প্ৰায় ১০ দিনৰ পিছত অৰিয়ান কেপচুল পেৰাচুটেৰে প্ৰশান্ত মহাসাগৰত অৱতৰণ কৰিব ।

নাছাৰ আৰ্টেমিছ ২ অভিযানৰ সফল উৎক্ষেপণ মহাকাশ ইতিহাসৰ এক উল্লেখযোগ্য মুহূৰ্ত । ৫৪ বছৰৰ পাছত আকৌ এবাৰ মানুহ চন্দ্ৰলৈ যাত্ৰা কৰিছে । এই অভিযানে কেৱল আমেৰিকালৈই নহয়, সমগ্ৰ মানৱতাৰ বাবেও নতুন আশা আৰু নতুন সম্ভাৱনা কঢ়িয়াই আনিছে ।

লগতে পঢ়ক : ৫৪ বছৰৰ পাছত চন্দ্ৰলৈ… ১ এপ্ৰিলত ঐতিহাসিক উৎক্ষেপণ