সমাপ্ত আৰ্টেমিছ দ্বিতীয় অভিযান; ১০ দিনৰ পিছত পৃথিৱীলৈ উভতিল মহাকাশচাৰী

নাছাৰ আৰ্টেমিছ দ্বিতীয় অভিযান সফলতাৰে সম্পূৰ্ণ হৈছে। চাৰিওজন মহাকাশচাৰীয়ে ১০ দিনীয়া চন্দ্ৰ যাত্ৰাৰ অন্তত প্ৰশান্ত মহাসাগৰত নিৰাপদে অৱতৰণ কৰে।

চন্দ্ৰ অভিযানত নাছাই বৃহৎ সফলতা লাভ কৰিছে। নাছাৰ আৰ্টেমিছ দ্বিতীয় অভিযানৰ চাৰিজন মহাকাশচাৰী নিৰাপদে পৃথিৱীলৈ উভতি আহিছে।তেওঁলোকৰ কেপচুল ইণ্টেগ্ৰিটিয়ে দক্ষিণ কেলিফৰ্ণিয়াৰ উপকূলৰ ওচৰৰ প্ৰশান্ত মহাসাগৰত অৱতৰণ কৰে। এই অভিযান ১০ দিন ধৰি চলিছিল।

যোৱা ৫০ বছৰত প্ৰথমবাৰৰ বাবে মানুহে চন্দ্ৰৰ ওচৰলৈ যাত্ৰা কৰিছিল।এই যাত্ৰাৰ সময়ত তেওঁলোকে মুঠ ১১.১৬ মিলিয়ন কিলোমিটাৰতকৈও অধিক দূৰত্ব অতিক্ৰম কৰিছিল।এই অভিযান নাছাৰ বৃহত্তৰ পৰিকল্পনাৰ অংশ আছিল,য’ত ভৱিষ্যতে চন্দ্ৰত মানুহ অৱতৰণ কৰা আৰু পৰৱৰ্তী সময়ত মংগল গ্ৰহৰ দিশে আগবাঢ়ি যোৱাটোও অন্তৰ্ভুক্ত।

আৰ্টেমিছ দ্বিতীয় নাছাৰ প্ৰথম ক্ৰুযুক্ত পৰীক্ষামূলক বিমান আছিল,য’ত চাৰিজন মহাকাশচাৰী আছিল।১ এপ্ৰিলত ফ্ল’ৰিডাৰ কেপ কানাভেৰালৰ পৰা এছ এল এছ ৰকেটত উৎক্ষেপণ কৰিছিল।এই অভিযানৰ সময়ত পৃথিৱীৰ চাৰিওফালে দুটা কক্ষপথ সম্পূৰ্ণ কৰাৰ পিছত ই চন্দ্ৰৰ অতি ওচৰ চাপি গৈ চন্দ্ৰক প্ৰদক্ষিণ কৰিছিল। চন্দ্ৰৰ দূৰৈৰ ফালৰ  অংশ অর্থাৎ ডাৰ্ক ফালৰ ওচৰৰ পৰা পাৰ হৈ তেওঁলোকে পৃথিৱীৰ পৰা সৰ্বোচ্চ দূৰত্বত উপনীত হ’ল।তেওঁলোকৰ সৰ্বোচ্চ দূৰত্ব আছিল ৪০৬,৭৭১ কিলোমিটাৰ, যিয়ে এপ’ল’ ১৩-এ পূৰ্বৰ অভিলেখ অতিক্ৰম কৰিছিল।

এই মিছনে আৰ্টেমিছ কাৰ্যসূচীক শক্তিশালী কৰি তুলিছিল।আৰ্টেমিছৰ লক্ষ্য হৈছে  ২০২৮ চনৰ ভিতৰত চন্দ্ৰত মানুহক অৱতৰণ কৰা।তাত দীৰ্ঘসময় ধৰি থকাৰ ব্যৱস্থা কৰা হৈছে।এপ’ল’ অভিযানৰ পিছত ১৯৭২ চনত মানুহে শেষবাৰৰ বাবে চন্দ্ৰত অৱতৰণ কৰিছিল।

লগতে পঢ়ক: ইতিহাস সৃষ্টিলৈ আৰু এটা খোজ… সফলতাৰে সম্পন্ন গগণযানৰ দ্বিতীয়টো এয়াৰ ড্ৰপ টেষ্ট

ঐতিহাসিক যাত্ৰাৰ অন্তিম পৰ্যায়ত নাছাৰ আৰ্টেমিছ-২ অভিযান

ঐতিহাসিক মহাকাশ অভিযান আৰ্টেমিছ ২-এ চন্দ্ৰ আৰু পৃথিৱীৰ মাজৰ আধাবাট অতিক্ৰম কৰিছে

আৰ্টেমিছ-২ অভিযানৰ মহাকাশচাৰীসকলে চন্দ্ৰৰ এক ঐতিহাসিক পৰিভ্ৰমণৰ অন্তত পৃথিৱী অভিমুখে তেওঁলোকৰ যাত্ৰাৰ শেষৰ কেইঘণ্টামানত প্ৰশান্ত মহাসাগৰত অৱতৰণৰ বাবে প্ৰস্তুতি চলাইছে । চন্দ্ৰৰ আনটো দিশেৰে পৰিভ্ৰমণ কৰি থকাৰ সময়ত ক্ৰুৱে পৃথিৱীৰ পৰা ২৫২,৭৫৬ মাইল (৪০৬,৭৭১ কিলোমিটাৰ) দূৰত্ব অতিক্ৰম কৰি মানৱ মহাকাশ ভ্ৰমণৰ ক্ষেত্ৰত এক নতুন অভিলেখ গঢ়ে । নাছাই বৃহস্পতিবাৰে জনোৱা মতে, ঐতিহাসিক মহাকাশ অভিযান আৰ্টেমিছ ২-এ চন্দ্ৰ আৰু পৃথিৱীৰ মাজৰ আধাবাট অতিক্ৰম কৰিছে । মহাকাশ সংস্থাটোৰ তথ্য অনুসৰি, মহাকাশচাৰীসকলে পূব সময় অনুসৰি ১০ এপ্ৰিলত ছান ডিয়েগো উপকূলৰ প্ৰশান্ত মহাসাগৰত অৱতৰণ কৰিব ।

এক্সত এক পোষ্টৰ জৰিয়তে সবিশেষ শ্বেয়াৰ কৰি নাছাই কয়, “তেওঁলোক ঘৰলৈ উভতি অহাৰ আধাবাট পাইছে । আৰ্টেমিছ ২-ৰ মহাকাশচাৰীসকলে চন্দ্ৰ আৰু পৃথিৱীৰ মাজৰ ‘অৰ্ধপথ’ অতিক্ৰম কৰিছে । তেওঁলোকে ১০ এপ্ৰিল শুকুৰবাৰে নিশা প্ৰায় ৮:০৭ বজাত ছান ডিয়েগো উপকূলৰ প্ৰশান্ত মহাসাগৰত অৱতৰণ কৰিব ।” এই অভিযানৰ সময়ত ক্ৰুৱে মহাকাশৰ পৰা সূৰ্যগ্ৰহণো প্ৰত্যক্ষ কৰে । আমেৰিকাৰ ইণ্ডো পেচিফিক কমাণ্ডৰ মতে, অৱতৰণৰ পিছত আমেৰিকাৰ নৌসেনাৰ ইউ.এছ.এছ. জন পি মূৰ্থাই (LPD 26) ক্ৰু আৰু আৰিয়ন মহাকাশযানখন উদ্ধাৰ কৰিব ।

ইফালে, চিনেটৰ টেড ক্ৰুজে মহাকাশচাৰীসকলৰ এই সাফল্যক প্ৰশংসা কৰি কয় যে তেওঁলোকে এক নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰিছে । আৰ্টেমিছ-২ অভিযান নাছাৰ চন্দ্ৰলৈ মানুহ পঠিওৱাৰ পৰিকল্পনা আৰু ভৱিষ্যতৰ গভীৰ মহাকাশ অন্বেষণৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ । এই ক্ৰুত নাছাৰ মহাকাশচাৰী ৰিড ওৱাইজমান, ভিক্টৰ গ্লোভাৰ আৰু ক্ৰিস্টিনা কচৰ লগতে কানাডিয়ান স্পেচ এজেন্সিৰ মহাকাশচাৰী জেৰেমি হানচেন অন্তৰ্ভুক্ত আছে । আৰ্টেমিছ-২ অভিযানে এপল’ ১৩ অভিযানৰ ২৪৮,৬৫৫ মাইলৰ পূৰ্বৰ অভিলেখ ভংগ কৰি মানুহে পৃথিৱীৰ পৰা আটাইতকৈ বেছি দূৰত্ব ভ্ৰমণ কৰাৰ অভিলেখ গঢ়িছে ।

আৰ্টেমিছ ২ হৈছে নাছাৰ আৰ্টেমিছ অভিযানৰ প্ৰথমটো মানৱ পৰিচালিত পৰীক্ষামূলক উৰণ । নাছাৰ চৰকাৰী ৱেবছাইট অনুসৰি, আৰ্টেমিছ ২-ৰ পাঁচটা মুখ্য অগ্ৰাধিকাৰ আছে । ইয়াৰ ভিতৰত আছিল মহাকাশ পৰিৱেশত আৰু পৃথিৱীলৈ উভতি অহাৰ সময়ত উৰণ কৰ্মীক সুস্থ কৰি ৰখাৰ বাবে প্ৰণালী আৰু দলসমূহৰ সামৰ্থ্য; মানৱ পৰিচালিত চন্দ্ৰ অভিযানৰ বাবে অত্যাৱশ্যকীয় প্ৰণালী আৰু কাৰ্যকলাপৰ প্ৰদৰ্শন; ভৱিষ্যতৰ অভিযানৰ বাবে কাৰ্যক্ষমতা মূল্যায়ন কৰি হাৰ্ডৱেৰ আৰু তথ্য উদ্ধাৰ কৰা; জৰুৰীকালীন ব্যৱস্থাৰ ক্ষমতা প্ৰদৰ্শন আৰু উদ্ধাৰ অভিযানৰ দৰে কাৰ্যসমূহৰ বৈধতা নিৰূপণ কৰা আৰু উপ-প্ৰণালীসমূহ পৰীক্ষা কৰাৰ বাবে অতিৰিক্ত লক্ষ্যসমূহ পূৰণ কৰা ।

লগতে পঢ়ক : আৰ্টেমিছ-২য়ে ৰচিলে ইতিহাস… মানুহক লৈ উপনীত হ’ল পৃথিৱীৰ পৰা আটাইতকৈ দূৰত

আৰ্টেমিছ-২য়ে ৰচিলে ইতিহাস… মানুহক লৈ উপনীত হ’ল পৃথিৱীৰ পৰা আটাইতকৈ দূৰত

ভাৰতীয় সময় অনুসৰি ১২:১৫ বজাত নাছাৰ আৰ্টেমিছ-২ অভিযানৰ চাৰিজন মহাকাশচাৰীয়ে আনুষ্ঠানিকভাৱে চন্দ্ৰৰ কক্ষপথ সম্পূৰ্ণ কৰে

৫০ বছৰতকৈও অধিক সময়ৰ পাছত পুনৰ প্ৰথমবাৰৰ বাবে চন্দ্ৰৰ আটাইতকৈ ওচৰত উপস্থিত হৈছে মানুহ । ৭ এপ্ৰিল মঙলবাৰে মাজনিশা ভাৰতীয় সময় অনুসৰি ১২:১৫ বজাত নাছাৰ আৰ্টেমিছ-২ অভিযানৰ চাৰিজন মহাকাশচাৰীয়ে আনুষ্ঠানিকভাৱে চন্দ্ৰৰ কক্ষপথ সম্পূৰ্ণ কৰে । লগে লগে আৰ্টেমিছ-২ মিছনে ইতিহাস ৰচনা কৰিছে ।

এই অভিযান নাছাৰ বাবে এক ঐতিহাসিক কৃতিত্ব বুলি গণ্য কৰা হৈছে, কিয়নো এতিয়া অৰিয়ান মহাকাশযানখনে গভীৰ মহাকাশত প্ৰৱেশ কৰিছে, য’ত এসময়ত এপ’ল’ অভিযানৰ আধিপত্য আছিল ।

বৰ্তমান এই অভিযানৰ ক্ৰুসকল এক গুৰুত্বপূৰ্ণ পৰ্যায়ত আছে । তেওঁলোকে মহাকাশযানখনৰ ব্যৱস্থা পৰীক্ষা কৰি আছে আৰু চন্দ্ৰৰ দূৰৱৰ্তী আৰু কঠিন ভূখণ্ডৰ সন্মুখীন হৈছে ।

লুনাৰ ফ্লাইবাই তেতিয়া সংঘটিত হয় যেতিয়া এখন মহাকাশযান চন্দ্ৰৰ ওচৰেৰে পাৰ হয়, কিন্তু গতি কম কৰিবলৈ কক্ষপথত স্থিৰ হৈ থাকিবলৈ ইঞ্জিন বন্ধ কৰি থোৱা হয় । আৰ্টেমিছ-২ৰ দলটোৱে চন্দ্ৰৰ চাৰিওফালে ঘূৰাৰ পৰিৱৰ্তে চন্দ্ৰক মহাজাগতিক পিভট পইণ্ট হিচাপে ব্যৱহাৰ কৰিছে । এইটো সম্ভৱ হৈছে ফ্ৰী-ৰিটাৰ্ণ ট্ৰেজেক্টৰীৰ বাবে, যিটো আকাশী বলবিজ্ঞানৰ এক চতুৰ কৌশল য’ত মহাকাশযানখনে চন্দ্ৰৰ মাধ্যাকৰ্ষণ শক্তিক প্ৰাকৃতিক স্লিংশ্বট হিচাপে ব্যৱহাৰ কৰে ।

লগতে পঢ়ক : চন্দ্ৰৰ মহাকৰ্ষণ ক্ষেত্ৰত উপনীত… ইতিহাস ৰচনাৰ নিচেই কাষ চাপিছে আৰ্টেমিছ-২

চন্দ্ৰৰ মহাকৰ্ষণ ক্ষেত্ৰত উপনীত… ইতিহাস ৰচনাৰ নিচেই কাষ চাপিছে আৰ্টেমিছ-২

সোমবাৰে আৰ্টেমিছ-২ৰ চাৰিজন মহাকাশচাৰীয়ে চন্দ্ৰৰ মহাকৰ্ষণ ক্ষেত্ৰত উপস্থিত হয়

আৰ্টেমিছ-২ চন্দ্ৰৰ মহাকৰ্ষণ ক্ষেত্ৰত উপনীত হৈছে । ইতিমধ্যে এই অভিযানে পৃথিৱীৰ পৰা ৪০৬,৭৭৩ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি সৰ্বাধিক দীঘলীয়া মহাকাশ উৰণৰ অভিলেখ ভংগ কৰিছে । এই দূৰত্ব ১৯৭০ চনত এপ’ল’ ১৩ য়ে স্থাপন কৰা অভিলেখতকৈ প্ৰায় ২৫০০ কিলোমিটাৰ বেছি । বিগত ৫৩ বছৰ ধৰি মহাকাশলৈ যোৱা প্ৰতিজন মহাকাশচাৰী আকাশৰ সংকীৰ্ণ অঞ্চলত আৱদ্ধ হৈ আছে, যি বিশ্বব্ৰহ্মাণ্ডৰ এক নগণ্য অংশ স্পৰ্শ কৰিছে । কিন্তু সোমবাৰে আৰ্টেমিছ-২ৰ চাৰিজন মহাকাশচাৰীয়ে চন্দ্ৰৰ মহাকৰ্ষণ ক্ষেত্ৰত উপস্থিত হয় ।

আৰ্টেমিছ-২য়ে ২০২৬ চনৰ ৭ এপ্ৰিলত, ভাৰতীয় ষ্টেণ্ডাৰ্ড টাইম অনুসৰি পুৱা ১২:১৫ বজাত চন্দ্ৰৰ কাষেৰে উৰা মাৰিব । পৃথিৱীলৈ উভতি অহাৰ পূৰ্বে চন্দ্ৰৰ দূৰৈৰ অংশটো প্ৰদক্ষিণ কৰিব এই অভিযানৰ ক্ৰুৱে । তুলনামূলকভাৱে আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ পৃথিৱীৰ পৰা ৪০০ কিলোমিটাৰ ওপৰত প্ৰদক্ষিণ কৰে । চন্দ্ৰ পৃথিৱীৰ পৰা প্ৰায় ৩৮৪,৬৩৩ কিলোমিটাৰ দূৰত্বত । আৰ্টেমিছ-২ চন্দ্ৰৰ বাহিৰলৈ আৰু অধিক দূৰলৈ যাত্ৰা কৰি এপ’ল’ যুগৰ পৰা ঢুকি নোপোৱা অঞ্চলত প্ৰৱেশ কৰিব । এপ’ল’ ১৩ৰ ৪ লাখ ১৭১ কিলোমিটাৰ দৌৰৰ অভিলেখ ভংগ কৰিব এই অভিযানে । সম্পূৰ্ণ প্ৰস্তুতি আৰু পৰিকল্পনাৰ দ্বাৰা আৰ্টেমিছ-২য়ে এই অভিলেখ প্ৰায় অতিৰিক্ত ২৫০০ কিলোমিটাৰ অতিক্ৰম কৰিব ।

উল্লেখ্য যে, এই অভিযানত ব্যৱহৃত অৰিয়ান মহাকাশযান চন্দ্ৰত অৱতৰণ কৰা যান নহয় । গতিকে ই চন্দ্ৰপৃষ্ঠত অৱতৰণ নকৰে । আৰ্টেমিছ অভিযানৰ অধীনত চন্দ্ৰত মানুহৰ অৱতৰণৰ বাবে ব্যৱহাৰ কৰিব পৰা প্ৰথমখন চন্দ্ৰ লেণ্ডাৰ বৰ্তমান নিৰ্মাণৰ কাম চলি আছে । ইলন মাস্কৰ কোম্পানী স্পেচএক্সে নিৰ্মাণ কৰি থকা এই নতুন লেণ্ডাৰখনক ষ্টাৰশ্বিপ এইচ এল এছ নামেৰে নামাকৰণ কৰা হৈছে । ইয়াক আৰ্টেমিছ-৩ মিছনত ব্যৱহাৰ কৰা হ’ব । গতিকে আৰ্টেমিছ-২ চন্দ্ৰত অৱতৰণৰ প্ৰস্তুতি পৰীক্ষা কৰাৰ এক গুৰুত্বপূৰ্ণ অভিযান ।

লগতে পঢ়ক : ক্ৰমে চন্দ্ৰৰ কাষ চাপিছে আৰ্টেমিছ-২, ভংগ কৰিব এপ’ল’ ১৩ৰ অভিলেখ

ক্ৰমে চন্দ্ৰৰ কাষ চাপিছে আৰ্টেমিছ-২, ভংগ কৰিব এপ’ল’ ১৩ৰ অভিলেখ

আৰ্টেমিছ-২ অভিযানে প্ৰায় ৪ লাখ কিলোমিটাৰ যাত্ৰা কৰিব, যিটো আজিলৈকে মানুহে অতিক্ৰম কৰা আটাইতকৈ দীঘলীয়া দূৰত্ব

চন্দ্ৰৰ ফালে আগবাঢ়ি যোৱা দ্বিতীয় আৰ্টেমিছ অভিযান এতিয়া ইতিহাস সৃষ্টিৰ ওচৰ চাপিছে । এই অভিযানে ৫৩ বছৰৰ পাছত মানুহক চন্দ্ৰলৈ লৈ গৈছে আৰু ইয়াৰ পৰা বহু বেছি আশা কৰা হৈছে । এই অভিযানত তিনিজন আমেৰিকান আৰু এজন কানাডাৰ মহাকাশচাৰী আছে, যিসকলে সোমবাৰৰ ভিতৰত চন্দ্ৰৰ নিচেই কাষত উপস্থিত হ’ব । তেওঁলোকে চন্দ্ৰৰ সেই অংশৰ ফটো তুলিব যিটো পৃথিৱীৰ পৰা দেখা নাযায় । এই অভিযান নাছাৰ পুৰণি এপ’ল’ প্ৰগ্ৰেমৰ পিছত পৰৱৰ্তী ডাঙৰ পদক্ষেপ হিচাপে বিবেচিত হৈছে । মহাকাশচাৰী ভিক্টৰ গ্লভাৰে কয় যে তেওঁলোকে আগবাঢ়ি যোৱাৰ লগে লগে পৃথিৱীখন সৰু আৰু চন্দ্ৰ ডাঙৰ যেন দেখা যায় । এই অভিজ্ঞতা তেওঁৰ বাবে অতি বিশেষ ।

কিন্তু মিছনৰ সময়ত এটা সৰু সমস্যাৰ সৃষ্টি হৈছে বুলি প্ৰকাশ পাইছে । অৰিয়ান মহাকাশযানৰ শৌচাগাৰত বিজুতি ঘটিছে । উক্ষেপণৰ পিছৰে পৰাই ই বাৰে বাৰে সমস্যাৰ সন্মুখীন হৈ আহিছে । পাইপত বৰফ জমা হোৱাৰ বাবেই এই সমস্যাৰ সৃষ্টি হোৱা বুলি অভিযন্তাসকলে সন্দেহ কৰিছে । বৰ্তমান মহাকাশচাৰীসকলে বেকআপ পদ্ধতি ব্যৱহাৰ কৰিবলগীয়া হৈছে । নাছাৰ বিষয়াসকলে কয় যে মহাকাশত শৌচাগাৰ ব্যৱস্থা পৰিচালনা কৰাটো সদায় প্ৰত্যাহ্বানজনক যদিও দলটোৱে পৰিস্থিতি ভালদৰে চম্ভালিছে ।

এই মিছনে নতুন অভিলেখো গঢ়িবলৈ সাজু হৈছে । আৰ্টেমিছ-২ অভিযানে প্ৰায় ৪ লাখ কিলোমিটাৰ যাত্ৰা কৰিব, যিটো আজিলৈকে মানুহে অতিক্ৰম কৰা আটাইতকৈ দীঘলীয়া দূৰত্ব । ইয়াৰ পূৰ্বে এই অভিলেখ এপ’ল’ ১৩ মিছনৰ হাতত আছিল । এই অভিযানৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য হ’ল ইয়াত কানাডাৰ জেৰেমি হান্সেনকো অন্তৰ্ভুক্ত কৰা হৈছে, যিজন চন্দ্ৰলৈ যাত্ৰা কৰা প্ৰথমজন অনা আমেৰিকান মহাকাশচাৰী হিচাপে পৰিগণিত হৈছে । ক্ৰীষ্টিনা কোচ প্ৰথম মহিলা আৰু ভিক্টৰ গ্লভাৰ প্ৰথমগৰাকী কৃষ্ণাংগ মহাকাশচাৰী, যি এই অভিযানৰ অংশ ।

প্ৰায় ১০ দিনীয়া এই অভিযানৰ পিছত ১০ এপ্ৰিলত মহাকাশযানখন পৃথিৱীলৈ উভতি আহি প্ৰশান্ত মহাসাগৰত অৱতৰণ কৰিব । এই অভিযান ভৱিষ্যতে স্থায়ী চন্দ্ৰ ঘাটি স্থাপনৰ দিশত নাছাৰ প্ৰথমটো ডাঙৰ পদক্ষেপ । ২০২৮ চনৰ ভিতৰত চন্দ্ৰৰ দক্ষিণ মেৰুৰ ওচৰত মানৱ অৱতৰণৰ লক্ষ্য লৈছে সংস্থাটোৱে ।

লগতে পঢ়ক : ৫৪ বছৰৰ পাছত চন্দ্ৰলৈ মানৱ অভিযান, আৰ্টেমিছ-২ৰ সফল উৎক্ষেপণ

পৃথিৱীৰ কক্ষপথ অতিক্ৰম আৰ্টেমিছ-২ৰ, ৫৪ বছৰৰ পিছত চন্দ্ৰলৈ মানৱ অভিযান

আৰ্টেমিছ-২ অভিযানে মহাকাশ অন্বেষণৰ ক্ষেত্ৰত এক ঐতিহাসিক সফলতা অৰ্জন কৰিছে

নাছাৰ আৰ্টেমিছ-২ অভিযানে মহাকাশ অন্বেষণৰ ক্ষেত্ৰত এক ঐতিহাসিক সফলতা অৰ্জন কৰিছে । এই অভিযানৰ মানৱ দলটোৱে সফলতাৰে পৃথিৱীৰ কক্ষপথ এৰি এতিয়া চন্দ্ৰৰ ফালে আগবাঢ়িছে । এই পদক্ষেপক মানুহৰ গভীৰ মহাকাশলৈ যোৱাৰ এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে গণ্য কৰা হৈছে ।

নাছাৰ মতে, অৰিয়ান মহাকাশযানখনে এক গুৰুত্বপূৰ্ণ ট্ৰেন্সলুনাৰ ইনজেকচন বাৰ্ন সফলতাৰে সম্পন্ন কৰিছে । এই প্ৰক্ৰিয়াত মহাকাশযানখনৰ মূল ইঞ্জিনটোক প্ৰায় ছয় মিনিট ধৰি চলোৱা হৈছিল, যাৰ ফলত ই পৃথিৱীৰ মহাকৰ্ষণীয় আকৰ্ষণৰ পৰা হাত সাৰি চন্দ্ৰৰ চাৰিওফালে নিজৰ নিৰ্দিষ্ট কক্ষপথত প্ৰৱেশ কৰিবলৈ সক্ষম হয় । ইয়াৰ ফলত প্ৰায় ৬,০০০ পাউণ্ড থ্ৰাষ্ট সৃষ্টি হয়, যিয়ে মহাকাশযানখনক সঠিক দিশলৈ আগুৱাই লৈ যায় ।

মিছন পৰিচালনা দলে সৰ্বসন্মতিক্ৰমে এই গুৰুত্বপূৰ্ণ কৌশলৰ বাবে সংকেত দিয়ে । এই প্ৰক্ৰিয়া ৫ মিনিট ৪৯ ছেকেণ্ড সময় ধৰি চলিছিল । এই প্ৰক্ৰিয়া সফলতাৰে সম্পূৰ্ণ হোৱাৰ লগে লগে ১৯৭২ চনত এপ’ল’ ১৭ৰ পিছত প্ৰথমবাৰৰ বাবে মহাকাশচাৰীসকলে চন্দ্ৰৰ চাৰিওফালে পৰিভ্ৰমণ কৰিবলৈ সাজু হৈছে ।

নাছাৰ মুৰব্বী জেৰেড আইজাকমেনে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এই কৃতিত্ব নিশ্চিত কৰি কয় যে ট্ৰেন্সলুনাৰ ইনজেকচন বাৰ্ন সফলতাৰে সম্পূৰ্ণ হৈছে আৰু আৰ্টেমিছ-২ৰ ক্ৰুৱে এতিয়া চন্দ্ৰৰ ফালে আগবাঢ়িছে । তেওঁ ইয়াক সংস্থাটোৰ বাবে এক সংজ্ঞায়িত মুহূৰ্ত বুলি অভিহিত কৰি কয় যে আমেৰিকাই পুনৰবাৰ সক্ৰিয়ভাৱে চন্দ্ৰলৈ মহাকাশচাৰী প্ৰেৰণৰ অভিযান চলাইছে ।

লগতে পঢ়ক : ৫৪ বছৰৰ পাছত চন্দ্ৰলৈ মানৱ অভিযান, আৰ্টেমিছ-২ৰ সফল উৎক্ষেপণ

৫৪ বছৰৰ পাছত চন্দ্ৰলৈ মানৱ অভিযান, আৰ্টেমিছ-২ৰ সফল উৎক্ষেপণ

আৰ্টেমিছ-২ কোনো লেণ্ডিং মিছন নহয় । ই ১০ দিনীয়া পৰীক্ষামূলক অভিযান ।

আৰ্টেমিছ ২ অভিযান সফলতাৰে উৎক্ষেপণ কৰি ইতিহাস সৃষ্টি কৰিছে নাছাই । বৃহস্পতিবাৰে ফ্ল’ৰিডাৰ কেনেডি মহাকাশ কেন্দ্ৰৰ পৰা ৩:৫৪ বজাত এই বিশাল এছ এল এছ ৰকেটটো উৎক্ষেপণ কৰা হয় । ৫৪ বছৰৰ ভিতৰত এইটোৱেই হৈছে চন্দ্ৰলৈ প্ৰথমটো মানৱ অভিযান । এই উৎক্ষেপণ সম্পূৰ্ণ সফল হৈছে আৰু চাৰিওজন মহাকাশচাৰী নিৰাপদে পৃথিৱীৰ কক্ষপথত উপনীত হৈছে । সমগ্ৰ বিশ্বই চালে এই ঐতিহাসিক উৎক্ষেপণৰ সাক্ষী হয় ।

এই মিছনত চাৰিজনীয়া ক্ৰু জড়িত আছে । ৰিড ৱাইজমেন (মিছন কমাণ্ডাৰ), ভিক্টৰ গ্লভাৰ (পাইলট আৰু চন্দ্ৰ অভিযানলৈ যোৱা প্ৰথমজন কৃষ্ণাংগ মহাকাশচাৰী), ক্ৰীষ্টিনা কোচ (মিছন বিশেষজ্ঞ আৰু চন্দ্ৰ অভিযানলৈ যোৱা প্ৰথমগৰাকী মহিলা), জেৰেমি হেনচেন (মিছন বিশেষজ্ঞ আৰু চন্দ্ৰ অভিযানলৈ যোৱা প্ৰথমজন কানাডাৰ মহাকাশচাৰী) । এই চাৰিজন অৰিয়ান কেপচুলত চন্দ্ৰৰ অভিযানলৈ ৰাওনা হয় ।

উল্লেখ্য যে, আৰ্টেমিছ-২ কোনো লেণ্ডিং মিছন নহয় । ই ১০ দিনীয়া পৰীক্ষামূলক অভিযান । ক্ৰুৱে চন্দ্ৰৰ অতি ওচৰলৈ, প্ৰায় ৯৬০০ কিলোমিটাৰ প্ৰতি ঘণ্টাত যাত্ৰা কৰি চন্দ্ৰক প্ৰদক্ষিণ কৰিব আৰু তাৰ পিছত পৃথিৱীলৈ উভতি আহিব । এই সময়ছোৱাত অৰিয়ান কেপচুলৰ গভীৰ মহাকাশৰ ক্ষমতা, জীৱন সমৰ্থন ব্যৱস্থা, নেভিগেচন, যোগাযোগ আৰু তাপ ৰক্ষাকৱচ সম্পূৰ্ণৰূপে পৰীক্ষা কৰা হ’ব । উভতিনি যাত্ৰাত অৰিয়ানে ঘণ্টাত ৪০ হাজাৰ কিলোমিটাৰ বেগত পুনৰ পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰিব ।

এই উৎক্ষেপণ ঐতিহাসিক কাৰণ এপ’ল’ ১৭ৰ পিছত প্ৰথমবাৰৰ বাবে মানুহ চন্দ্ৰৰ ইমান ওচৰলৈ যাত্ৰা কৰিছে । এই মিছনে আৰ্টেমিছ অভিযানৰ প্ৰকৃত আৰম্ভণি চিহ্নিত কৰিছে । ইয়াৰ সফলতাৰ পিছত নাছাই আৰ্টেমিছ ৩ত চন্দ্ৰত মানুহ অৱতৰণ কৰোৱাই স্থায়ী চন্দ্ৰ ঘাটি স্থাপনৰ বাবে সাজু হ’ব । এই অভিযানে ভৱিষ্যতে মংগল গ্ৰহলৈ কৰা অভিযানৰ ভেটিও স্থাপন কৰিব । ইয়াৰ উপৰিও এই অভিযানে নৱ প্ৰজন্মক মহাকাশ বিজ্ঞানৰ প্ৰতি আকৰ্ষিত কৰিব ।

এতিয়া কেইবাদিনো চন্দ্ৰৰ ফালে যাত্ৰা অব্যাহত ৰাখিব ক্ৰুৱেসকলে । চন্দ্ৰৰ পিছফালেৰেও পাৰ হৈ যাব, য’ত পৃথিৱীৰ সৈতে ৰেডিঅ’ সংস্পৰ্শ সাময়িকভাৱে হেৰাই যাব । এই সময়ছোৱাত কেইবাটাও বৈজ্ঞানিক পৰীক্ষা সম্পন্ন কৰা হ’ব । প্ৰায় ১০ দিনৰ পিছত অৰিয়ান কেপচুল পেৰাচুটেৰে প্ৰশান্ত মহাসাগৰত অৱতৰণ কৰিব ।

নাছাৰ আৰ্টেমিছ ২ অভিযানৰ সফল উৎক্ষেপণ মহাকাশ ইতিহাসৰ এক উল্লেখযোগ্য মুহূৰ্ত । ৫৪ বছৰৰ পাছত আকৌ এবাৰ মানুহ চন্দ্ৰলৈ যাত্ৰা কৰিছে । এই অভিযানে কেৱল আমেৰিকালৈই নহয়, সমগ্ৰ মানৱতাৰ বাবেও নতুন আশা আৰু নতুন সম্ভাৱনা কঢ়িয়াই আনিছে ।

লগতে পঢ়ক : ৫৪ বছৰৰ পাছত চন্দ্ৰলৈ… ১ এপ্ৰিলত ঐতিহাসিক উৎক্ষেপণ

৫৪ বছৰৰ পাছত চন্দ্ৰলৈ… ১ এপ্ৰিলত ঐতিহাসিক উৎক্ষেপণ

এই অভিযানত চন্দ্ৰত অৱতৰণ নহ’ব; বৰঞ্চ চন্দ্ৰৰ ওচৰত পৰা প্ৰদক্ষিণ কৰি উভতি আহিব

ছয় দশক পূৰ্বে এপ’ল’ অভিযানত চন্দ্ৰ কেনেকৈ গঠন হৈছিল সেই কথা প্ৰকাশ পাইছিল । এতিয়া নাছাৰ আৰ্টেমিছ অভিযানে অন্বেষণৰ এক নতুন যুগৰ সূচনা কৰিবলৈ সাজু হৈছে । নাছাই ঘোষণা কৰিছে যে আৰ্টেমিছ-২ অভিযান সম্পূৰ্ণৰূপে প্ৰস্তুত, কোনো কাৰিকৰী সমস্যা নাই । ইতিহাস ৰচনা কৰা এই উৎক্ষেপণ ১ এপ্ৰিলত হ’ব । এই অভিযানত চাৰিজন মহাকাশচাৰীয়ে চন্দ্ৰক প্ৰদক্ষিণ কৰিব । ১৯৭২ চনৰ পিছত প্ৰথমবাৰৰ বাবে মানুহে ইমান দূৰলৈ যাত্ৰা কৰিবৱলৈ সাজু হৈছে ।

শুকুৰবাৰে নাছাৰ চাৰিজন মহাকাশচাৰীয়ে ফ্ল’ৰিডাত উপস্থিত হয় আৰু ইয়াৰ পিছতে এতিয়া এই অভিযানৰ চূড়ান্ত প্ৰস্তুতি আৰম্ভ কৰিছে । কামাণ্ডাৰ ৰিড ৱাইজমেন, পাইলট ভিক্টৰ গ্লভাৰ আৰু ক্ৰীষ্টিনা কোচ আৰু কানাডাৰ জেৰেমি হেনচেনে হিউষ্টনৰ পৰা টি-৩৮ জেট বিমানত কেনেডি স্পেচ চেণ্টাৰত উপস্থিত হয় । তাৰ পৰাই তেওঁলোকে ১ এপ্ৰিলত বিশাল এছ এল এছ ৰকেটত উঠি যাত্ৰা কৰিব ।

এই অভিযান প্ৰায় ১০ দিন ধৰি চলিব । তীব্ৰ বেগেৰে চন্দ্ৰৰ কাষেৰে উৰি পৃথিৱীলৈ উভতি আহিব তেওঁলোক । এই অভিযানত চন্দ্ৰত অৱতৰণ নহ’ব; বৰঞ্চ চন্দ্ৰৰ ওচৰত পৰা প্ৰদক্ষিণ কৰি উভতি আহিব । নাছাই এই অভিযানক আৰ্টেমিছৰ প্ৰথমটো ক্ৰু পৰীক্ষণ বুলি অভিহিত কৰিছে ।

উল্লেখ্য যে, এই অভিযান বহু দিশত ঐতিহাসিক বুলি বিবেচিত হৈছে । ভিক্টৰ গ্লভাৰ হ’ব চন্দ্ৰলৈ উৰা মৰা প্ৰথমজন কৃষ্ণাংগ মহাকাশচাৰী । চন্দ্ৰৰ ওচৰলৈ উৰা মাৰিব প্ৰথমগৰাকী মহিলা ক্ৰীষ্টিনা কোচ । জেৰেমি হেনচেন হ’ব পৃথিৱীৰ নিম্ন কক্ষপথৰ বাহিৰলৈ উৰা প্ৰথমজন অনা আমেৰিকান মহাকাশচাৰী । কামাণ্ডাৰ ৰিড ৱাইজমেন ইতিমধ্যে যথেষ্ঠ অভিজ্ঞ ।

কিয় গুৰুত্বপূৰ্ণ এই অভিযান ?

গভীৰ মহাকাশৰ বাবে ডিজাইন কৰা অৰিয়ান কেপচুলত মহাকাশচাৰীসকলে যাত্ৰা কৰিব । এই অভিযানে অৰিয়ানৰ লাইফ চাপৰ্ট চিষ্টেম, নেভিগেচন, যোগাযোগ আৰু হিট শ্বিল্ডৰ সম্পূৰ্ণ পৰীক্ষা কৰিব । কামাণ্ডাৰ ৱাইজমেনে কয় যে দেশ আৰু বিশ্বই দীৰ্ঘদিন ধৰি ইয়াৰ বাবে অপেক্ষা কৰি আহিছে । এই অভিযান কেৱল চন্দ্ৰলৈ যোৱাৰ কথা নহয়, নাছাৰ বহু কোটি টকীয়া আৰ্টেমিছ কাৰ্যসূচীৰ প্ৰকৃত পৰীক্ষা । যদি সকলো ঠিকে থাকে তেন্তে ভৱিষ্যতৰ অভিযানে চন্দ্ৰত অৱতৰণ কৰি দীৰ্ঘ সময়ৰ বাবে তাত থকাটো সহজ কৰি তুলিব ।

লগতে পঢ়ক : নাছাৰ ডাঙৰ ঘোষণা; চন্দ্ৰত স্থাপন কৰিব স্থায়ী মানৱ ভিত্তি

চিনাকি জোনবাইলৈ যাব আৰ্টেমিছ-২… ৫৩ বছৰৰ পাছত চন্দ্ৰৰ কাষলৈ মানৱ অভিযান  

আৰ্টেমিছ-২ অভিযান সন্দৰ্ভত এক বৃহৎ ঘোষণা কৰিছে নাছাই ।নাছাই শেষবাৰৰ বাবে চন্দ্ৰত ৫৩ বছৰ পূৰ্বে, ১৯৭২ চনত এপ’ল’ ১৭ অভিযানৰ জৰিয়তে চন্দ্ৰত ভৰি দিছিল ।

মাৰ্কিন মহাকাশ সংস্থা নাছাই আৰ্টেমিছ-২ (Artemis-II ) অভিযান সন্দৰ্ভত এক বৃহৎ ঘোষণা কৰিছে । আৰ্টেমিছ অভিযানত মানুহক চন্দ্ৰলৈ প্ৰেৰণৰ এক বৃহৎ পৰিকল্পনা কৰিছে নাছাই । নাছাই ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত আৰ্টেমিছ-২  অভিযান উৎক্ষেপণ কৰিব পাৰে । নাছাই শেষবাৰৰ বাবে চন্দ্ৰত ৫৩ বছৰ পূৰ্বে, ১৯৭২ চনত এপ’ল’ ১৭ অভিযানৰ জৰিয়তে চন্দ্ৰত ভৰি দিছিল । তেতিয়াৰ পৰা আমেৰিকাই চন্দ্ৰলৈ কোনো মিছন প্ৰেৰণ কৰা নাই । এইটোৱেই হ’ব চন্দ্ৰক প্ৰদক্ষিণ কৰা প্ৰথমটো মানৱ অভিযান । এই অভিযান প্ৰায় ১০ দিন চলিব ।

২০২৬ চনৰ ৫ বা ৬ ফেব্ৰুৱাৰীত নাছাই এই অভিযান আৰম্ভ কৰাৰ সম্ভাৱনা আছে । যদি কোনো কাৰণত পলম হয় তেন্তে ২০২৬ চনৰ এপ্ৰিল মাহৰ ভিতৰত এই অভিযান উৎক্ষেপণ কৰা হ’ব । আমেৰিকাৰ ফ্ল’ৰিডাৰ কেনেডি স্পেচ চেণ্টাৰত থকা লঞ্চ কমপ্লেক্স ৩৯বিৰ পৰা এই অভিযান উৎক্ষেপণ কৰা হ’ব । এই একেটা স্থানৰ পৰাই এপ’ল’ অভিযান উৎক্ষেপণ হৈছিল ।

আৰ্টেমিছ-২ অভিযান ৰকেটৰ ব্লক ১ সংস্কৰণ স্পেচ লঞ্চ চিষ্টেম (এছ এল এছ) ব্যৱহাৰ কৰি উৎক্ষেপণ কৰা হ’ব । এছ এল এছে অৰিয়ান মহাকাশযান, মহাকাশচাৰী, আৰু কাৰ্গো চন্দ্ৰলৈ প্ৰেৰণ কৰিব পাৰে । অৰিয়ান নামৰ এই মহাকাশযানখনত চাৰিজন লোক বহিব পাৰে আৰু ইয়াত উন্নত জীৱন সহায়ক ব্যৱস্থা, নেভিগেচন, আৰু যোগাযোগ প্ৰযুক্তিৰ বৈশিষ্ট্য আছে । অৰিয়ানে চন্দ্ৰক প্ৰদক্ষিণ কৰি ঘূৰি আহিব ।

নাছাৰ আৰ্টেমিছ-২ অভিযানত চন্দ্ৰলৈ যাত্ৰা কৰিব লগা মহাকাশচাৰীসকলৰ ভিতৰত আছে কানাডাৰ মহাকাশ সংস্থাৰ মিছন বিশেষজ্ঞ জেৰেমি হেনচেন, নাছাৰ মিছন বিশেষজ্ঞ ক্ৰীষ্টিন কোচ, নাছাৰ পাইলট ভিক্টৰ গ্লভাৰ, নাছাৰ কমাণ্ডাৰ ৰিড ৱাইজমেন । এই চাৰিজন মহাকাশচাৰী আৰ্টেমিছ-২ অভিযানৰ অংশ হ’ব, যিয়ে চন্দ্ৰক প্ৰদক্ষিণ কৰি তাৰ পিছত পৃথিৱীলৈ উভতি যাব ।

এই অভিযান প্ৰায় ১০ দিন চলিব আৰু ই চন্দ্ৰক প্ৰদক্ষিণ কৰিব । ই প্ৰথমে পৃথিৱীক প্ৰদক্ষিণ কৰিব আৰু তাৰ পিছত চন্দ্ৰৰ পিছফালৰ পৰা উভতি আহিব । ই চন্দ্ৰৰ আটাইতকৈ ওচৰ প্ৰায় ৭৪০০ কিলোমিটাৰ কাষ চাপিব । এই অভিযানে চন্দ্ৰত অৱতৰণ নকৰে; কেৱল কক্ষপথ প্ৰদক্ষিণ কৰি ঘূৰি আহিব ।

লগতে পঢ়ক : মহাকাশচাৰীৰ চন্দ্ৰ প্ৰদক্ষিণৰ পৰা আৰম্ভ কৰি ব্যক্তিগত মহাকাশ ষ্টেচনলৈ… কেইবাটাও বৃহৎ মহাকাশ অভিযানৰ সাক্ষী হ’ব ২০২৬