ভেংকটেশ্বৰ স্বামী মন্দিৰত শোকাৱহ ঘটনা; পদপৃষ্ট হৈ ৯ জন ভক্তৰ মৃত্যু

ভেংকটেশ্বৰ স্বামী মন্দিৰত শোকাৱহ ঘটনা; পদপৃষ্ট হৈ ৯ জন ভক্তৰ মৃত্যু

ভেংকটেশ্বৰ স্বামী মন্দিৰত শোকাৱহ ঘটনা অন্ধ্ৰ প্ৰদেশৰ শ্ৰীকাকুলাম জিলাত এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে। কাশী বুগ্গা ভেংকটেশ্বৰ স্বামী মন্দিৰত পদপৃষ্ট হৈ ৯ জন ভক্তৰ মৃত্যু হয়।আৰু বহু লোক আহত হৈছে বুলি জানিব পৰা গৈছে। বিষয়াসকলে আশংকা কৰিছে যে মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে, কিয়নো আহতসকলৰ

ভেংকটেশ্বৰ স্বামী মন্দিৰত শোকাৱহ ঘটনা

অন্ধ্ৰ প্ৰদেশৰ শ্ৰীকাকুলাম জিলাত এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে। কাশী বুগ্গা ভেংকটেশ্বৰ স্বামী মন্দিৰত পদপৃষ্ট হৈ ৯ জন ভক্তৰ মৃত্যু হয়।আৰু বহু লোক আহত হৈছে বুলি জানিব পৰা গৈছে।

বিষয়াসকলে আশংকা কৰিছে যে মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে, কিয়নো আহতসকলৰ একাংশৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

কাৰ্তিক মাহৰ একাদশীৰ বাবে মন্দিৰ দৰ্শন কৰিবলৈ ভক্তৰ বিপুল জনসমাগম হয়।মন্দিৰৰ প্ৰৱেশদ্বাৰৰ ওচৰত হঠাতে ভক্তৰ ভিৰ বৃদ্ধি পালে,যাৰ বাবে ৰাইজৰ মাজত আতংকৰ সৃষ্টি হয় আৰু হুলস্থুলৰ পৰিস্থিতিৰ সৃষ্টি হয়। সেই ঠেলা-হেঁচাত বহু মানুহ তল পৰি যায়।

ঘটনাৰ কথা জানিব পাৰি প্ৰশাসনৰ লোক উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে।আহত সকলৰ ততাতৈয়াকৈ চৰকাৰী হাস্পতালত ভৰ্তি কৰোৱা হয়।

বৰ্তমান পৰিস্থিতিৰ ওপৰত জিলা প্ৰশাসনে তীক্ষ্ণ দৃষ্টি ৰাখি পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অতিৰিক্ত আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে।

লগতে পঢ়ক: আৰ্থিক হেঁচাত AIR INDIA! মালিক টাটা গ্ৰুপ আৰু ছিংগাপুৰ এয়াৰলাইন্সৰ পৰা বিচাৰিছে সাহায্য

শেহতীয়া প্ৰৱন্ধসমূহ