আৰ্থিক হেঁচাত AIR INDIA! বিচাৰিছে সহায়

আৰ্থিক হেঁচাত AIR INDIA! ঘৰুৱা বিমান সংস্থা AIR INDIA গভীৰ আৰ্থিক সমস্যাত পৰিছে নেকি? ব্লুমবাৰ্গৰ এক প্ৰতিবেদনে এই কথা প্ৰকাশ কৰিছে য’ত বিমান সংস্থাটোৱে ইয়াৰ মালিক টাটা সন্স আৰু ছিংগাপুৰ এয়াৰলাইন্সৰ পৰা কমেও ১০,০০০ কোটি ₹ (প্ৰায় ১.১৪ বিলিয়ন ডলাৰ)ৰ আৰ্থিক সাহায্য বিচাৰিছে। চলিত বৰ্ষৰ

আৰ্থিক হেঁচাত AIR INDIA!

ঘৰুৱা বিমান সংস্থা AIR INDIA গভীৰ আৰ্থিক সমস্যাত পৰিছে নেকি? ব্লুমবাৰ্গৰ এক প্ৰতিবেদনে এই কথা প্ৰকাশ কৰিছে য’ত বিমান সংস্থাটোৱে ইয়াৰ মালিক টাটা সন্স আৰু ছিংগাপুৰ এয়াৰলাইন্সৰ পৰা কমেও ১০,০০০ কোটি ₹ (প্ৰায় ১.১৪ বিলিয়ন ডলাৰ)ৰ আৰ্থিক সাহায্য বিচাৰিছে।

চলিত বৰ্ষৰ জুন মাহত সংঘটিত হোৱা ভয়াৱহ বিমান দুৰ্ঘটনাৰ পিছত বিমান সংস্থাটোক আৰ্থিক সাহায্যৰ প্ৰয়োজন বুলি চৰ্চা চলিছে।

এই দুৰ্ঘটনাটোৱে বিমান সংস্থাটোক অতি ভয়াৱহ সংকটত পেলাইছে আৰু ইয়াৰ সুনাম পুনৰ নিৰ্মাণ আৰু বহৰ আধুনিকীকৰণৰ প্ৰচেষ্টাক আৰু অধিক জটিল কৰি তুলিছিল।

টাটা গ্ৰুপৰ মালিকানাধীন বিমান সংস্থাটোৱে AIR INDIA ৰ ব্যৱস্থা আৰু সেৱাসমূহৰ পুনৰ্গঠন,ইয়াৰ উপৰিও ই ইন-হাউছ ইঞ্জিনিয়াৰিং আৰু মেইণ্টেনেন্স বিভাগৰ উন্নয়নৰ বাবেও ধন বিচাৰে।

লাইভমিণ্টৰ মতে, প্ৰতিবেদনত কোৱা হৈছে যে যিকোনো আৰ্থিক সাহায্য দুয়োগৰাকী মালিকৰ শ্বেয়াৰহোল্ডিঙৰ অনুপাতে ভাগ কৰা হ’ব।

এই সাহায্য সুতমুক্ত ঋণৰ ৰূপত প্ৰদান কৰা হ’ব নে ইকুইটি বিনিয়োগৰ ৰূপত প্ৰদান কৰা হ’ব সেয়া এতিয়াও সিদ্ধান্ত লোৱা হোৱা নাই।

এই নতুন পুঁজিৰ অনুৰোধ এনে এটা সময়ত আহিছে যেতিয়া কোম্পানীটোৱে ইতিমধ্যে বহৰ আধুনিকীকৰণৰ আৰু সেৱাৰ মান উন্নত কৰাৰ দৰে প্ৰত্যাহ্বানমূলক কামত নিয়োজিত হৈ আছে।

লগতে পঢ়ক: ভাৰতত শীঘ্ৰেই মুকলি হ’ব ষ্টাৰলিংক ইণ্টাৰনেট সেৱা; মুম্বাইত প্ৰথমটো কাৰ্যালয়