‘এইয়া গ্ৰহণযোগ্য নহয়’; হৰমুজ প্ৰণালীত ভাৰতীয় জাহাজত ড্ৰোন আক্ৰমণ

‘এইয়া গ্ৰহণযোগ্য নহয়’; হৰমুজ প্ৰণালীত ভাৰতীয় জাহাজত ড্ৰোন আক্ৰমণ

হৰমুজ প্ৰণালীত ভাৰতীয় জাহাজ ‘হাজী আলী’ ত ড্ৰোনেৰে আক্ৰমণ কৰা হয়। হৰমুজ প্ৰণালীত ভাৰতৰ এখন জাহাজত আক্ৰমণ কৰা হৈছে। ‘হাজী আলী’ নামৰ এই জাহাজখন ওমানৰ উপকূলত ড্ৰোনেৰে আক্ৰমণ কৰিছিল।এই ড্ৰোন আক্ৰমণ ইমানেই ভয়াৱহ আছিল যে সমগ্ৰ জাহাজখন সাগৰত ডুব গৈছিল।এইখন আছিল এখন মালবাহী জাহাজ। অৱশ্যে

হৰমুজ প্ৰণালীত ভাৰতীয় জাহাজ ‘হাজী আলী’ ত ড্ৰোনেৰে আক্ৰমণ কৰা হয়।

হৰমুজ প্ৰণালীত ভাৰতৰ এখন জাহাজত আক্ৰমণ কৰা হৈছে। ‘হাজী আলী’ নামৰ এই জাহাজখন ওমানৰ উপকূলত ড্ৰোনেৰে আক্ৰমণ কৰিছিল।এই ড্ৰোন আক্ৰমণ ইমানেই ভয়াৱহ আছিল যে সমগ্ৰ জাহাজখন সাগৰত ডুব গৈছিল।এইখন আছিল এখন মালবাহী জাহাজ। অৱশ্যে কোনে এই আক্ৰমণ সংঘটিত কৰিছিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা দি ‘গ্ৰহণযোগ্য নহয়’ বুলি অভিহিত কৰিছে।

এই জাহাজখনত ১৪ জন ক্ৰু আছিল। ওমানীৰ নৌসেনাই দাবী কৰিছে যে এই ১৪ জন ব্যক্তিক জীৱন্তে উদ্ধাৰ কৰা হৈছে।জানিব পৰা মতে, ‘হাজী আলী’ (MSV HAJI ALI BDI 1492) নামৰ মালবাহী জাহাজখন গুজৰাটৰ দেৱভূমি দ্বাৰকা জিলাৰ। আন্তঃৰাষ্ট্ৰীয় জলসীমাত ভাৰতীয় জাহাজ ডুব যোৱাৰ এয়া দ্বিতীয়টো ঘটনা। আন্তঃৰাষ্ট্ৰীয় জলসীমাত চলি থকা উত্তেজনাৰ মাজতে গুজৰাটৰ জাহাজ উদ্যোগ এই পৰিস্থিতিৰ বলি হৈছে।

মাত্ৰ এসপ্তাহ পূৰ্বে ইৰাণ আৰু আমেৰিকাৰ মাজত হোৱা গুলীৰ আদান-প্ৰদানৰ মাজতে গুজৰাটত পঞ্জীয়নভুক্ত জাহাজ ‘আল ফাইজ নূৰ চুলেমানী-১’ হৰমুজ প্ৰণালীত ডুব গৈছিল।খবৰ অনুসৰি ১৩ মে’ বুধবাৰে পুৱা প্ৰায় ৩:৩০ বজাত এই জাহাজখন ছোমালিয়াৰ বাৰ্বেৰাৰ পৰা শ্বাৰজাহৰ দিশে গৈ আছিল।ওমানৰ লিমাৰ ওচৰৰ পৰা জাহাজখন পাৰ হৈ যোৱাৰ সময়তে এটা মিছাইলে জাহাজখনত জোৰেৰে আক্ৰমণ কৰে। এই আক্ৰমণৰ ফলত জাহাজখনত অগ্নিকাণ্ড সংঘটিত হয়।

লগতে পঢ়ক: পশ্চিম এচিয়াত উত্তেজনা হ্ৰাসৰ বাবে ভাৰতৰ যিকোনো পদক্ষেপক আদৰণি জনাব ইৰানে: উপ-বৈদেশিক মন্ত্ৰী