মহা কুম্ভ ২০২৫ৰ পিছত চৰ্চা লাভ কৰা আই আই টি বাবা অভয় সিং বিবাহপাশত আবদ্ধ হৈছে
প্ৰয়াগৰাজত অনুষ্ঠিত মহা কুম্ভ ২০২৫ৰ পিছত চৰ্চা লাভ কৰা আই আই টি বাবা অভয় সিং বিবাহপাশত আবদ্ধ হৈছে । বিবাহৰ পিছতে সোমবাৰে পত্নীৰ সৈতে হাৰিয়ানাৰ ঝজ্জাৰত উপস্থিত হয় তেওঁ । তেওঁ নিজৰ চেম্বাৰত থকা অধিবক্তা পিতৃৰ ওচৰলৈ যায় । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, অভয়ে প্ৰথমে শিৱৰাত্ৰিৰ দিনা হিমাচল প্ৰদেশৰ এটা মন্দিৰত কইনা প্ৰতীকাক বিয়া কৰাইছিল, তাৰ পিছত ১৯ ফেব্ৰুৱাৰীত আদালতৰ বিবাহ সম্পন্ন হৈছিল ।
খবৰ অনুসৰি আই আই টি বাবা অভয় সিঙে ১৫ ফেব্ৰুৱাৰীত হিমাচল প্ৰদেশৰ অঘঞ্জাৰ মহাদেৱ মন্দিৰত প্ৰতীকা নামৰ এগৰাকী মহিলাক বিয়া কৰাইছিল । ইয়াৰ পিছত ১৯ ফেব্ৰুৱাৰীত তেওঁলোকৰ আদালতত বিবাহ হয় । প্ৰায় ডেৰ মাহ পিছত অভয়ে পত্নীৰ সৈতে হাৰিয়ানাৰ ঝজ্জাৰত উপস্থিত হৈ পৰিয়ালক লগ কৰিবলৈ উপস্থিত হয় । প্ৰথমে কে ৱাই চি ৰেজিষ্ট্ৰেচন সম্পূৰ্ণ কৰিবলৈ তেওঁলোক বেংকলৈ গৈছিল আৰু তাৰ পিছত অধিবক্তা পিতৃৰ চেম্বাৰলৈ গৈ তেওঁক লগ কৰে ।
অৱশ্যে চেম্বাৰত পিতৃক লগ নাপায় তেওঁলোক ঘৰলৈ আহে আৰু মাতৃ শীলা দেৱীয়ে পুত্ৰ আৰু বোৱাৰীক উষ্ম আদৰণি জনায় ।
অভয়ে কয় যে ২০২৫ চনত মহাকুম্ভ মেলাৰ পিছত তেওঁ কইম্বাটুৰৰ সদগুৰু আশ্ৰমত মহাশিৱৰাত্ৰি উৎসৱত অংশগ্ৰহণ কৰিবলৈ আহিছিল, য’ত আদিযোগীৰ বিশাল প্ৰতিমূৰ্তি আছে । তাতেই প্ৰথমবাৰৰ বাবে প্ৰীতিকাক লগ পাইছিল । প্ৰীতিকাৰ মূল ঘৰ কৰ্ণাটকৰ বাংগালুৰুত । তেওঁ কয় যে তেওঁলোকে বহু আগতেই মন্দিৰত বিয়াপাশত আৱদ্ধ হৈছিল, কিন্তু দুমাহ পূৰ্বেহে আইনী বিবাহ সম্পন্ন হয় । বৰ্তমান তেওঁলোক হিমাচল প্ৰদেশত বাস কৰে ।
বিয়াৰ পিছত তেওঁৰ ভৱিষ্যত পৰিকল্পনাও প্ৰকাশ কৰে আই আই বাবাই । তেওঁ কয় যে তেওঁ আৰু তেওঁৰ পত্নীয়ে “শ্ৰী বিশ্ববিদ্যালয়” আৰম্ভ কৰিব । এইখন এনে এখন ঠাই হ’ব য’ত মানুহক বিভিন্ন ধৰণৰ আধ্যাত্মিক অনুশীলন শিকোৱা হ’ব । ইয়ালৈ অহাসকলক আধ্যাত্মিক গৱেষক বুলি ক’ব পৰা যাব ।
লগতে পঢ়ক : ৪০ বছৰীয়া অপেক্ষাৰ অন্ত! সংসদৰ বিশেষ অধিৱেশনত মহিলাৰ অধিকাৰ সন্দৰ্ভত লোৱা হ’ব ঐতিহাসিক সিদ্ধান্ত









