চীনৰ বিজ্ঞানীৰ ডাঙৰ সফলতা; প্ৰস্তুত কৰিলে বাৰ্ধক্য প্ৰতিৰোধী ঔষধ

চীনৰ বিজ্ঞানীৰ ডাঙৰ সফলতা; প্ৰস্তুত কৰিলে বাৰ্ধক্য প্ৰতিৰোধী ঔষধ

চীনৰ বিজ্ঞানীৰ ডাঙৰ সফলতা চীনৰ বিজ্ঞানীসকলে এনে এটা ঔষধ তৈয়াৰ কৰিছে,যিয়ে এজন ব্যক্তিৰ আয়ুস ১৫০ বছৰলৈকে বৃদ্ধি কৰিব পাৰে।এই ঔষধ আঙুৰৰ গুটিৰ পৰা আহৰণ কৰা প্ৰাকৃতিক পদাৰ্থৰ ওপৰত আধাৰিত। কিন্তু আন বিজ্ঞানীসকলে কয় যে এইটো মাথোঁ এটা দাবী। মানৱৰ ওপৰত বৃহৎ পৰীক্ষাৰ প্ৰয়োজন আছে। শ্বেনজেনস্থিত

চীনৰ বিজ্ঞানীৰ ডাঙৰ সফলতা

চীনৰ বিজ্ঞানীসকলে এনে এটা ঔষধ তৈয়াৰ কৰিছে,যিয়ে এজন ব্যক্তিৰ আয়ুস ১৫০ বছৰলৈকে বৃদ্ধি কৰিব পাৰে।এই ঔষধ আঙুৰৰ গুটিৰ পৰা আহৰণ কৰা প্ৰাকৃতিক পদাৰ্থৰ ওপৰত আধাৰিত।

কিন্তু আন বিজ্ঞানীসকলে কয় যে এইটো মাথোঁ এটা দাবী। মানৱৰ ওপৰত বৃহৎ পৰীক্ষাৰ প্ৰয়োজন আছে।

শ্বেনজেনস্থিত বায়’টেক কোম্পানী লংৱেই বায়’ছায়েন্সেছে এই ঔষধৰ ওপৰত কাম কৰি আছে।কোম্পানীটোৰ নাম লনভি বায়’ছায়েন্সেছ।

ই এক এন্টি এজিং ঔষধ প্ৰস্তুত কৰি আছে। এই ঔষধৰ মূল উপাদান প্ৰ’চাইনিডিন চি ১ (PCC1) হয়, যিটো আঙুৰৰ গুটিৰ ভিতৰত পোৱা যায়।

কোম্পানীটোৱে দাবী কৰিছে যে এই ঔষধে পুৰণি আৰু দুৰ্বল কোষক শেষ কৰাৰ লগতে সুস্থ কোষক সুৰক্ষা প্ৰদান কৰিব। ইয়াৰ ফলত এজন ব্যক্তিৰ আয়ুস বহু পৰিমাণে বৃদ্ধি পাব পাৰে।

এই তথ্য ২০২১ চনত নেচাৰ মেটাবলিজম নামৰ আলোচনীত প্ৰকাশিত এক অধ্যয়নৰ ভিত্তিত কৰা হৈছে।ইয়াক নিগনিৰ ওপৰত পৰীক্ষা কৰা হৈছিল।ফলত এই ঔষধ সেৱন কৰা নিগনিবোৰে গড়ে ৯ শতাংশ বেছি দিন জীয়াই আছিল।

কোম্পানীটোৰ চিইঅ’ য়িপ ছঝৌ (জিকোৱে) এই ঔষধটোক “দীৰ্ঘ আয়ুস বিজ্ঞানৰ পবিত্ৰ গ্ৰেইল” বুলি অভিহিত কৰিছে।

তেওঁ কয় যে সুস্থ জীৱনশৈলীৰ সৈতে মিলি ১৫০ বছৰলৈকে জীয়াই থকাটো কেইবছৰমানৰ ভিতৰতে বাস্তৱত পৰিণত হ’ব পাৰে। কোম্পানীটোৱে এতিয়া এই প্ৰযুক্তিটো মানুহৰ বাবে টেবলেট হিচাপে প্ৰস্তুত কৰিছে।

লগতে পঢ়ক: চীনৰ ডাঙৰ সফলতা; ২০৩০ৰ ভিতৰত চন্দ্ৰলৈ মানৱ প্ৰেৰণৰ প্ৰস্তুতি