হাৰ্দিক পাণ্ডিয়াই বিচাৰি পালে নতুন প্ৰেম
তাৰকা ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়াই আজি ৩২ বছৰীয়া জন্মদিন উদযাপন কৰিছে। জন্মদিন উপলক্ষে অৱশেষত ইনষ্টাগ্ৰামত নিজৰ নতুন সম্পৰ্কক অফিচিয়েল কৰিলে হাৰ্দিকে।
নাটাছা ষ্টেনকভিচৰ সৈতে বিচ্ছেদৰ দুবছৰৰ পাছত তাৰকা অল ৰাউণ্ডাৰগৰাকীয়ে মডেল মহিকা শৰ্মাক তেওঁৰ নতুন জীৱন সংগী হিচাপে বিশ্ববাসীৰ আগত চিনাকি কৰাই দিছে।
১০ অক্টোবৰৰ দিনা হাৰ্দিকে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত সাগৰৰ পাৰত মহিকাৰ সৈতে এখন ছবি শ্বেয়াৰ কৰিছিল।জন্মদিনৰ ঠিক আগদিনা হাৰ্দিক পাণ্ডিয়াই বিশ্ববাসীৰ আগত ঘোষণা কৰিলে যে তেওঁৰ ২৪ বছৰীয়া মডেল মহিকা শৰ্মাৰ সৈতে সম্পৰ্ক আছে।

হাৰ্দিকে সাগৰৰ পাৰত মহিকাৰ সৈতে এখন ৰোমান্টিক ছবিও শ্বেয়াৰ কৰে।সেই ফটোখন এতিয়া ভাইৰেল হৈ পৰিছে।
ভাইৰেল ছবিখনত হাৰ্দিক পাণ্ডিয়াক তেওঁৰ নতুন প্ৰেমিকা মহিকা শৰ্মাৰ দেখা গৈছে কান্ধত হাত থৈ সমুদ্ৰৰ মনোমোহা দৃশ্য উপভোগ কৰি থকা দেখিবলৈ পোৱা গৈছে।
লগতে পঢ়ক: ১৫ ডিচেম্বৰত অনুষ্ঠিত হ’ব পাৰে আই পি এল ২০২৬ৰ নিলাম…









