ছুপাৰ মাৰ্কেটত সংঘটিত হ’ল ভয়ংকৰ বিস্ফোৰণ; শিশুকে ধৰি ২৩জনৰ মৃত্যু

ছুপাৰ মাৰ্কেটত সংঘটিত হ’ল ভয়ংকৰ বিস্ফোৰণ; শিশুকে ধৰি ২৩জনৰ মৃত্যু

ছুপাৰ মাৰ্কেটত ভয়ংকৰ বিস্ফোৰণ মেক্সিকোৰ উত্তৰ-পশ্চিম ৰাজ্য ছ’নোৰাৰ ৰাজধানী হাৰ্মোচিলোৰ এখন ষ্ট’ৰত সংঘটিত হৈছে এক বৃহৎ ঘটনা । এই ঘটনাত ভয়ংকৰ বিস্ফোৰণত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ফলত কেইবাটাও শিশুকে ধৰি কমেও ২৩ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১২ জন লোক গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা

ছুপাৰ মাৰ্কেটত ভয়ংকৰ বিস্ফোৰণ

মেক্সিকোৰ উত্তৰ-পশ্চিম ৰাজ্য ছ’নোৰাৰ ৰাজধানী হাৰ্মোচিলোৰ এখন ষ্ট’ৰত সংঘটিত হৈছে এক বৃহৎ ঘটনা । এই ঘটনাত ভয়ংকৰ বিস্ফোৰণত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ফলত কেইবাটাও শিশুকে ধৰি কমেও ২৩ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১২ জন লোক গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে ।

এই দুৰ্ঘটনা সংঘটিত হয় মহানগৰীৰ ভালডোছ ষ্ট’ৰত । ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱা এটা ভিডিঅ’যোগে ছ’নোৰাৰ গৱৰ্ণৰ আলফনছ’ ডুৰাজোৱে এই কথা নিশ্চিত কৰি নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে ।

ৰাজ্যখনৰ এটৰ্নী জেনেৰেল গুস্তাভো চালাছ চাভেজে কয় যে প্ৰাৰম্ভিক তদন্তত দেখা গৈছে যে বিষাক্ত গেছ উশাহত যোৱাৰ ফলতে এই লোকসকলৰ মৃত্যু হৈছে । তেওঁ কয় যে বৰ্তমান কোনো দুৰ্বৃত্তই এই ঘটনা সংঘটিত কৰাৰ কোনো ইংগিত পোৱা নাই যদিও এই সম্ভাৱনা নুই কৰিব নোৱাৰি । এই কাণ্ডৰ পিছতে ১২ জন আহত লোকক হাৰ্মোচিলোৰ ছখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু বৰ্তমান তেওঁলোকৰ চিকিৎসা চলি আছে । দেশখনৰ ৰাষ্ট্ৰপতিয়ে এই ঘটনাক লৈ শোক প্ৰকাশ কৰাৰ লগতে আহত সকলৰ আশু আৰোগ্য কামনা কৰিছে ।

লগতে পঢ়ক : বিফল শান্তি চুক্তি ! গাজাত পুনৰ ইজৰাইলৰ এয়াৰ ষ্ট্ৰাইক

শেহতীয়া প্ৰৱন্ধসমূহ