ফিফা বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ ইংলেণ্ডৰ

ইংলেণ্ডে ২০২৬ চনৰ ফিফা বিশ্বকাপৰ সহ-আয়োজক মেক্সিকোক ৰোমাঞ্চকৰ মেচত ৩-২ গ’লত পৰাস্ত কৰি বাহিৰ কৰি দিছে। ইংলেণ্ড দলটোৱে এই মেচখনত ১০ জন খেলুৱৈৰ সৈতে খেলি আছিল কাৰণ তেওঁলোকৰ এজন খেলুৱৈয়ে ৰেড কাৰ্ড লাভ কৰিছিল।

ফিফা বিশ্বকাপ ২০২৬ত অনুৰাগীসকলে ধাৰাবাহিকভাৱে ৰোমাঞ্চকৰ মেচৰ সাক্ষী হৈ আছে।১৬ ৰাউণ্ডৰ এক অতি ৰোমাঞ্চকৰ সংঘৰ্ষত ইংলেণ্ডে মেক্সিকোক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। খেলখনৰ সময়ত ইংলেণ্ডৰ দলটোৱে এক ভয়ংকৰ প্ৰদৰ্শন আগবঢ়ায়। যদিও দ্বিতীয়াৰ্ধত ৰেড কাৰ্ড পোৱাৰ পিছত ইংলেণ্ডৰ এজন খেলুৱৈক বাহিৰ কৰি দিয়া হৈছিল, যাৰ পিছত দলটোৱে মাত্ৰ ১০ জন খেলুৱৈৰে খেলি আছিল। ইয়াৰ পিছটো তেওঁলোকে আয়োজক মেক্সিকোক ৩-২ গ’লত পৰাস্ত কৰি প্ৰতিযোগিতাখনৰ পৰা বাহিৰ কৰিবলৈ সক্ষম হৈছিল।

দুয়োটা দলে উৎকৃষ্ট খেলুৱৈৰ কথা গৌৰৱ কৰিছিল, গতিকে তীব্ৰ প্ৰতিযোগিতাৰ আশা কৰা হৈছিল, আৰু ঠিক সেইটোৱেই খেলপথাৰত ঘটিছিল। প্ৰথমাৰ্ধত দুয়োপক্ষৰ পৰা গ’লৰ ঢৌ উঠিছিল। ইংলেণ্ডৰ তাৰকা খেলুৱৈ জুড বেলিংহামে এক উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই মাত্ৰ ৯৯ ছেকেণ্ডৰ ভিতৰত একেৰাহে দুটা গ’ল দিয়ে। ইংলেণ্ডে এই গ’লবোৰ উদযাপন কৰি থকাৰ সময়তে মেক্সিকোৰ কুইনোনেছে চাৰি মিনিটৰ পাছত (৪২ মিনিটত) এটা গ’ল দি নিজৰ দলটোক পুনৰ মেচখনত প্ৰৱেশ কৰে। মুঠতে ছয় মিনিটৰ ভিতৰতে তিনিটা গ’ল দিয়া হয় আৰু প্ৰথমাৰ্ধ সমাপ্ত হোৱাৰ লগে লগে ইংলেণ্ডে ২-১ গ’লত অগ্ৰগতি লাভ কৰে।

দ্বিতীয়াৰ্ধৰ ৫৪ মিনিটত ইংলেণ্ডৰ জেৰেল কোৱানছাহে ৰেড কাৰ্ড লাভ কৰাৰ ফলত তেওঁৰ দলটোৱে ১০ জন খেলুৱৈৰ সৈতে খেল পথাৰত থাকে। ইয়াৰ পিছতো ইংলেণ্ডে এক উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছিল আৰু ৬০ মিনিটত পেনাল্টিক ৰূপান্তৰিত কৰি হেৰী কেনে অগ্ৰগতি ৩-১ লৈ বৃদ্ধি কৰিছিল। ইয়াৰ পাছত ৬৯ মিনিটত মেক্সিকোক পেনাল্টি দিয়া হয়, যিটো পেনাল্টি ৰাউল জিমেনেজে ৰূপান্তৰিত কৰি স্ক’ৰ ৩-২ কৰে। অন্তিম ২০ মিনিটত মেক্সিকোৱে সমতা স্থাপনৰ বাবে বলটো মাৰি পঠিয়াইছিল যদিও ইংলেণ্ডৰ গ’লৰক্ষক পিকফৰ্ডে প্ৰতিটো আক্ৰমণ বিফল কৰিছিল। এই জয়ৰ জৰিয়তে ইংলেণ্ডে বিশ্বকাপ জয়ৰ আশাক জীয়াই ৰাখিছে। যিটো কৃতিত্ব শেষবাৰৰ বাবে ১৯৬৬ চনত লাভ কৰিছিল। এতিয়া ইংলেণ্ডে কোৱাৰ্টাৰ ফাইনেলত নৰৱে’ৰ বিৰুদ্ধে খেলিব।

লগতে পঢ়ক: বিশ্বকাপৰ পৰা বাহিৰ হ’ল ব্ৰাজিল; নেইমাৰৰ অৱসৰ ঘোষণা

ফিফা বিশ্বকাপ ২০২৬: উদ্বোধনী মেচত মেক্সিকোৰ হাতত ২-০ গলত পৰাস্ত দক্ষিণ আফ্ৰিকা

খেলৰ আৰম্ভণিৰে পৰাই আয়োজক দল মেক্সিকোৱে দক্ষিণ আফ্ৰিকাৰ ওপৰত সম্পূৰ্ণ আধিপত্য বিস্তাৰ কৰা দেখা গৈছিল

ফুটবল ইতিহাসৰ আটাইতকৈ বৃহৎ মহোৎসৱ ‘ফিফা বিশ্বকাপ ২০২৬’ৰ মেক্সিকোত এক চমকপ্ৰদ আৰম্ভণি ঘটিছে । বৃহস্পতিবাৰে মেক্সিকোৰ প্ৰতিষ্ঠিত এজটেকা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা টুৰ্নামেণ্টৰ উদ্বোধনী খেলখনত আয়োজক মেক্সিকোৱে দক্ষিণ আফ্ৰিকাক ২-০ গলত পৰাস্ত কৰি এক ঐতিহাসিক জয়ৰে নিজৰ অভিযান আৰম্ভ কৰে । এই উল্লাসপূৰ্ণ মেচখন উপভোগ কৰিবলৈ ষ্টেডিয়ামত ৮০,৮২৪ গৰাকী দৰ্শকৰ ভিৰ কৰিছিল ।

কুইননেছ আৰু জিমেনেজৰ চমকপ্ৰদ গল

খেলৰ আৰম্ভণিৰে পৰাই আয়োজক দল মেক্সিকোৱে দক্ষিণ আফ্ৰিকাৰ ওপৰত সম্পূৰ্ণ আধিপত্য বিস্তাৰ কৰা দেখা গৈছিল । খেলৰ মাত্ৰ ৯ম মিনিটতে লীগৰ এই ছিজনৰ টপ স্ক’ৰাৰ জুলিয়ান কুইননেছে এক আকৰ্ষণীয় গল দি মেক্সিকোক ১-০ ব্যৱধানত আগুৱাই লৈ যায় । কলম্বিয়াত জন্মগ্ৰহণ কৰা ২৯ বছৰীয়া ফৰৱাৰ্ড কুইননেছৰ বাবে এই মেচখন অতি বিশেষ আছিল, কাৰণ এই খেলৰ জৰিয়তেই তেওঁ মেক্সিকো দলৰ (এল ত্ৰী) হৈ বিশ্বকাপত অভিষেক ঘটায় ।

ইয়াৰ পিছত খেলৰ ৬৬ সংখ্যক মিনিটত অভিজ্ঞ ষ্ট্ৰাইকাৰ ৰাউল জিমেনেজে এক সুন্দৰ হেডাৰৰ জৰিয়তে দলৰ হৈ দ্বিতীয়টো গল কৰে আৰু স্ক’ৰ ২-০ লৈ বৃদ্ধি কৰে । এই গলটোৰ সৈতেই জিমেনেজে তেওঁৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ ৪৬ সংখ্যক গল সম্পূৰ্ণ কৰে আৰু মেক্সিকোৰ সৰ্বাধিক গলদাতাসকলৰ তালিকাৰ দ্বিতীয় স্থানত থকা জাৰেড বৰ্গেটিৰ সমকক্ষ হয় । বৰ্তমান তেওঁ শীৰ্ষ স্থানত থকা জেভিয়াৰ “চিচাৰিটো” হাৰ্নাণ্ডেজতকৈ মাত্ৰ ছয়টা গল পিছপৰি আছে ।

ৰেড কাৰ্ডৰ বৰষুণ আৰু অনুশাসনহীনতা

তীব্ৰ উত্তেজনাপূৰ্ণ এই মেচখনত খেলুৱৈসকলৰ মাজত যথেষ্ট অনুশাসনহীনতাও দেখিবলৈ পোৱা যায় । খেলপথাৰত ফাউল কৰাৰ বাবে দক্ষিণ আফ্ৰিকাৰ স্পেফেলো চিথোল আৰু থেম্বা জ্ৱানে ৰেড কাৰ্ড লাভ কৰি খেলপথাৰ এৰিবলগীয়া হয় । ফলত দক্ষিণ আফ্ৰিকাই মাত্ৰ ৯ গৰাকী খেলুৱৈৰে খেলখন শেষ কৰিবলৈ বাধ্য হয় । ইপিনে, খেলৰ একেবাৰে শেষৰ মুহূৰ্তত অৰ্থাৎ ইঞ্জুৰী টাইমত মেক্সিকোৰ ডিফেণ্ডাৰ চিজাৰ মণ্টেছেও ৰেড কাৰ্ড লাভ কৰে ।

মেক্সিকো শিবিৰত সকাহ, দক্ষিণ আফ্ৰিকাৰ পৰৱৰ্তী লক্ষ্য চেক গণৰাজ্য

২০২২ চনৰ কাটাৰ বিশ্বকাপৰ প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় লৈ হতাশ হোৱা মেক্সিকো দলটোৰ বাবে এই জয় অত্যন্ত গুৰুত্বপূৰ্ণ আছিল । এই বিজয়েৰে দলটোৱে ৩ পইণ্ট লাভ কৰি গ্ৰুপ ‘এ’ত সুন্দৰ স্থান দখল কৰিছে । আনহাতে, প্ৰথম মেচতে পৰাজয়ৰ মুখ দেখা দক্ষিণ আফ্ৰিকাৰ দলটোৱে অহা বৃহস্পতিবাৰে আটলাণ্টাত চেক গণৰাজ্যৰ বিৰুদ্ধে নিজৰ দ্বিতীয়খন খেলত অৱতীৰ্ণ হ’ব ।

উল্লেখ্য যে, এইবাৰৰ ফিফা বিশ্বকাপ কেইবাটাও দিশৰ পৰা ঐতিহাসিক । ফুটবল ইতিহাসত প্ৰথমবাৰৰ বাবে সৰ্বাধিক ৪৮টা দলে এই টুৰ্নামেণ্টত অংশগ্ৰহণ কৰিছে । লগতে এই বৃহৎ প্ৰতিযোগিতাখন মেক্সিকো, কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই যৌথভাৱে আয়োজন কৰিছে ।

লগতে পঢ়ক : ৪৮ টা দল, ১০৪ খন শ্বাসৰুদ্ধকৰ মেচ… আজিৰে পৰা আৰম্ভ ফিফা বিশ্বকাপৰ মহাৰণ

আজিৰে পৰা ফুটবলৰ মহাৰণঃ শ্বাকিৰা-নোৰাৰ পৰা কেটি পেৰীলৈ কঁপাব বিশ্বকাপৰ উদ্বোধনী মঞ্চ

এতিয়া সমগ্ৰ বিশ্ব ফুটবল জ্বৰত আক্ৰান্ত । আজিৰে পৰা আৰম্ভ হ’ব ফুটবলৰ আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ ৰোমাঞ্চকৰ মহোৎসৱ ‘ফিফা বিশ্বকাপ ২০২৬’ ।

৪ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত পৰিল! আজি, ১১ জুনৰ পৰা বিশ্বজুৰি আৰম্ভ হ’বলৈ গৈ আছে ফুটবলৰ আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ ৰোমাঞ্চকৰ মহোৎসৱ— ‘ফিফা বিশ্বকাপ ২০২৬’ । এইবাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে তিনিখন দেশ আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু মেক্সিকোই যৌথভাৱে আয়োজন কৰিছে এই মেগা ইভেণ্ট ।

কেৱল খেলপথাৰৰ তীব্ৰ উত্তেজনাই নহয়, খেল আৰম্ভ হোৱাৰ পূৰ্বে বিশ্বৰ জনপ্ৰিয় তাৰকাসকলৰ গ্লেমাৰ আৰু মেগা পাৰফৰমেন্সেৰে কঁপিব তিনিখন দেশৰ ক্ৰীড়াংগন ।

মেক্সিকোত শ্বাকিৰাৰ ধামাকা!

ঐতিহাসিক ‘মেক্সিকো চিটি ষ্টেডিয়াম’ত অনুষ্ঠিত হ’ব মেক্সিকোৰ উদ্বোধনী অনুষ্ঠান । বিশ্বমঞ্চত প্ৰথমবাৰৰ বাবে একেলগে ধুমুহা তুলিব পপ কুইন শ্বাকিৰা আৰু বাৰ্না বয়-এ । তেওঁলোকৰ শেহতীয়া হিট ট্ৰেক “Dai Dai”-ৰ লাইভ পাৰফৰমেন্সেৰে কঁপিব ষ্টেডিয়াম । ইয়াৰ উপৰিও টাইলা, জে বলভিন আৰু মানাৰ দৰে আন্তঃৰাষ্ট্ৰীয় তাৰকাই মেক্সিকান দৰ্শকক মতলীয়া কৰিব ।

কানাডাত নোৰা ফাতেহীৰ হট্ পাৰফৰমেন্স!

কানাডাৰ ‘বিএমঅ’ ফিল্ড’-ত বহিব সুৰ আৰু নৃত্যৰ মেলা । কানাডিয়ান-আমেৰিকান তাৰকা এলানিছ মৰিছেটৰ ৰাষ্ট্ৰীয় সংগীতেৰে অনুষ্ঠানৰ শুভাৰম্ভ হ’ব । কিন্তু আটাইতকৈ ডাঙৰ আকৰ্ষণ হ’ব বলীউডৰ হাৰ্টথ্ৰব নোৰা ফাতেহী, মাইকেল বুব্লে আৰু এলেচিয়া কাৰাৰ দৰে গ্লেমাৰাছ তাৰকাসকলৰ গতিশীল নৃত্য আৰু গীতৰ মায়াজাল!

আমেৰিকাত কেটি পেৰী আৰু পপ কুইন ‘লিছা’ৰ ধুমুহা!

আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াৰ ‘লছ এঞ্জেলছ ষ্টেডিয়াম’ত অনুষ্ঠিত হ’ব ফিফাৰ মূল আনুষ্ঠানিক উদ্বোধনী অনুষ্ঠান । ইয়াত মঞ্চ কঁপাবলৈ সাজু হৈছে বিশ্বখ্যাত পপ আইকন কেটি পেৰী, ৰেপাৰ ফিউচাৰ, অনিতা আৰু কে-পপ বেণ্ড ‘ব্লেকপিংক’ৰ তাৰকা লিছা! উল্লেখ্য যে, আফ্ৰিকান পপ ষ্টাৰ টাইলা-ই এইবাৰ আমেৰিকা আৰু মেক্সিকো দুয়োখন দেশৰে উদ্বোধনী অনুষ্ঠানত নিজৰ যাদু দেখুৱাব ।

লগতে পঢ়ক : ৪৮ টা দল, ১০৪ খন শ্বাসৰুদ্ধকৰ মেচ… আজিৰে পৰা আৰম্ভ ফিফা বিশ্বকাপৰ মহাৰণ

মেক্সিকোত লেণ্ড ষ্ট্ৰাইক আক্ৰমণ কৰিব আমেৰিকাই! ড’নাল্ড ট্ৰাম্পে কৰিলে ঘোষণা

মেক্সিকোক এইবাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এক ডাঙৰ ঘোষণা কৰিছে। ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰম্ভ কৰিব লেণ্ড ষ্ট্ৰাইক ।

এইবাৰ মেক্সিকোত স্থল আক্ৰমণ চলাব বুলি প্ৰকাশ কৰিছে আমেৰিকাই।ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথ ছ’চিয়েলত এটা পোষ্টত লিখিছে যে,’আমি এতিয়া ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে মেক্সিকোত লেণ্ড ষ্ট্ৰাইক আৰম্ভ কৰিবলৈ ওলাইছো’।

‘মেক্সিকোত ড্ৰাগছ সৰবৰাহকাৰীয়ে শাসন কৰে।সেই দেশৰ অৱস্থা দেখি অতি দুখ লাগে,কিন্তু ড্ৰাগছ সৰবৰাহকাৰীয়ে শাসন কৰে আৰু তেওঁলোকে আমাৰ দেশত প্ৰতি বছৰে তিনি লাখ লোকক হত্যা কৰি আছে।’

ইয়াৰ পূৰ্বে ড’নাল্ড ট্ৰাম্পে বৃহস্পতিবাৰে নিশা ফক্স নিউজক দিয়া এক সাক্ষাৎকাৰত দাবী কৰিছিল যে, ড্ৰাগছ সৰবৰাহৰ সাগৰীয় পথত আমেৰিকাই ডাঙৰ সফলতা লাভ কৰিছে আৰু এতিয়া ইয়াৰ গুৰুত্ব হ’ব স্থলপথৰ ওপৰত।

তেওঁ কয় যে, ‘আমি সাগৰৰ মাজেৰে অহা ৯৭ শতাংশ ড্ৰাগছ বন্ধ কৰি দিছো আৰু এতিয়া আমি কাৰ্টেলৰ বিৰুদ্ধে লেণ্ড ষ্ট্ৰাইক আৰম্ভ কৰিবলৈ ওলাইছো।

মেক্সিকো ড্ৰাগছ কাৰ্টেলৰ দ্বাৰা নিয়ন্ত্ৰিত। কাৰ্টেলে মেক্সিকো চলাই আছে। এইটো বৰ দুখৰ কথা।সেই দেশখনৰ লগত কি হৈছে?

লগতে পঢ়ক: ইৰাণৰ ৰাজপথলৈ হাজাৰ হাজাৰ প্ৰতিবাদকাৰী; ইণ্টাৰনেট আৰু টেলিফোন সেৱা কৰ্তন

ভয়ংকৰ বিমান দুৰ্ঘটনাই প্ৰাণ ল’লে ৭জনৰ; জৰুৰীকালীন অৱতৰণৰ সময়তে ঘটিল অঘটন

জৰুৰীকালীন অৱতৰণৰ সময়তে ঘটিল ভয়ংকৰ বিমান দুৰ্ঘটনা । বৰ্তমানলৈকে ৭জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ।

মধ্য মেক্সিকোত এখন সৰু ব্যক্তিগত বিমান দুৰ্ঘটনাগ্ৰস্ত হয় । জৰুৰীকালীন অৱতৰণৰ চেষ্টা চলাই থকাৰ সময়তে সংঘটিত এই বিমান দুৰ্ঘটনাত কমেও ৭ জন লোক নিহত হয় । দুৰ্ঘটনাটোৰ প্ৰভাৱ ইমানেই ভয়াৱহ আছিল যে বিমানখনত জুই জ্বলি উঠে আৰু চৌদিশে আতংকৰ সৃষ্টি হয় । স্থানীয় কৰ্তৃপক্ষই মৃতকৰ সংখ্যা নিশ্চিত কৰিছে আৰু উদ্ধাৰ অভিযান চলি আছে ।

মেক্সিকো ষ্টেট চিভিল প্ৰটেকচনৰ সমন্বয়ক এড্ৰিয়ান হাৰ্নাণ্ডেজে জনোৱা মতে, টলুকা বিমানবন্দৰৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ আৰু মেক্সিকো চহৰৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ পশ্চিমে ছান মাটিও আটেংকো অঞ্চলত সংঘটিত হয় এই দুৰ্ঘটনা । আকাপুলকোৰ পৰা উৰা মাৰিছিল বিমানখনে । কাৰিকৰী কাৰণত পাইলটজনে জৰুৰীকালীন অৱতৰণ কৰে । বিমানখনত আঠজন যাত্ৰী আৰু দুজন ক্ৰু মেম্বাৰ আছিল । দুৰ্ঘটনাৰ কেইবা ঘণ্টাৰ পিছতহে উদ্ধাৰ হয় ৭টা মৃতদেহ ।

প্ৰাথমিক তথ্য অনুসৰি বিমানখনে ফুটবল খেলপথাৰত অৱতৰণ কৰিবলৈ চেষ্টা কৰি থকা অৱস্থাত ওচৰৰ এটা বাণিজ্যিক ভৱনৰ ধাতুৰ চালত খুন্দা মাৰে । এই আঘাতৰ পিছতে বিমানখনত জুইয়ে আগুৰি ধৰে । ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী আৰু উদ্ধাৰকাৰী দল উপস্থিত হৈ জুই নিয়ন্ত্ৰণলৈ আনে । দুৰ্ঘটনাটোৰ কাৰণ সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে ।

ইফালে ছান মাটিও আটেনকোৰ মেয়ৰে কয় যে জুইৰ ভয়াৱহতাৰ বাবে ওচৰৰ প্ৰায় ১৩০ জন লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে । সতৰ্কতা অৱলম্বন কৰি সমগ্ৰ অঞ্চলটো ঘেৰাও কৰে কৰ্তৃপক্ষই । স্থানীয় ৰাইজৰ মাজত আতংকই বিৰাজ কৰিছে । বিষয়াসকলে জনোৱা মতে, তদন্ত সম্পূৰ্ণ হোৱাৰ পিছতহে দুৰ্ঘটনাৰ সঠিক কাৰণ নিৰ্ণয় কৰা হ’ব ।

লগতে পঢ়ক : ছিডনীত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ; ধৰ্মীয় অনুষ্ঠানত নিৰ্বিচাৰ গুলীচালনা

‘মেক্সিকোৰ সিদ্ধান্ত সম্পূৰ্ণ একপক্ষীয়…’, শুল্ক বৃদ্ধিৰ বিৰুদ্ধে ভাৰতৰ তীব্ৰ আপত্তি

মেক্সিকোৱে গ্ৰহণ কৰা আমদানি শুল্কৰ বিৰুদ্ধে তীব্ৰ আপত্তি দাখিল কৰিছে ভাৰতে । মেক্সিকোৰ এই সিদ্ধান্ত একপক্ষীয় বুলি অভিহিত কৰিছে ভাৰতে ।

মেক্সিকান চৰকাৰে এনে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যাৰ বিৰুদ্ধে ভাৰতে তীব্ৰ আপত্তি কৰিছে । মেক্সিকোৱে মুক্ত বাণিজ্য চুক্তি নথকা দেশসমূহৰ ওপৰত আমদানি শুল্ক বৃদ্ধি কৰিছে । ভাৰতো এই তালিকাত অন্তৰ্ভুক্ত আছে । নতুন শুল্ক নিয়মৰ অধীনত কিছুমান সামগ্ৰীৰ শুল্ক ৫০ শতাংশ পৰ্যন্ত বৃদ্ধি পাব পাৰে, আনহাতে বেছিভাগ সামগ্ৰীৰ ওপৰত প্ৰায় ৩৫ শতাংশ শুল্ক হোৱাৰ সম্ভাৱনা আছে ।

ভাৰত চৰকাৰে কৈছে যে মেক্সিকোৱে এই সিদ্ধান্ত লোৱাৰ পূৰ্বে নিজৰ অংশীদাৰসকলৰ সৈতে আলোচনা কৰা নাছিল । ইয়াৰ মিত্ৰ দেশসমূহৰ পৰামৰ্শ নোলোৱাকৈ লোৱা সিদ্ধান্তসমূহ অৰ্থনৈতিক সম্পৰ্ক আৰু বিশ্ব বাণিজ্য নিয়মৰ মনোভাৱৰ বিৰুদ্ধে ।

এটা চৰকাৰী সূত্ৰই স্পষ্টভাৱে উল্লেখ কৰিছে যে ভাৰতে বুজি পাইছে যে এই পদক্ষেপ প্ৰত্যক্ষভাৱে ভাৰতক লক্ষ্য কৰি লোৱা হোৱা নাই, কিন্তু তথাপিও আলোচনা অবিহনে এম এফ এন (Most Favored Nation) শুল্ক বৃদ্ধি কৰাটো সঠিক পন্থা নহয় ।

মেক্সিকান চৰকাৰৰ শুল্ক পৰিৱৰ্তনে মুঠ ১৪৬৩টা সামগ্ৰীৰ শিতানত প্ৰভাৱ পেলাব । ভাৰতৰ উপৰিও চীন, দক্ষিণ কোৰিয়া, থাইলেণ্ড, ইণ্ডোনেছিয়া আদি এছিয়াৰ দেশসমূহ এই শুল্কৰ দ্বাৰা প্ৰভাৱিত হ’ব ।

মেক্সিকান চৰকাৰে কয় যে ঘৰুৱা ব্যৱসায়ক প্ৰসাৰিত কৰাৰ লগতে বাণিজ্যিক ঘাটি হ্ৰাস কৰাৰ বাবে শুল্ক নিয়ম সলনি কৰিছে ।

মেক্সিকোৱে স্থানীয় উৎপাদনক সমৰ্থন কৰা আৰু বাণিজ্যিক ঘাটি হ্ৰাস কৰাটো এই পদক্ষেপৰ প্ৰধান কাৰণ হিচাপে উল্লেখ কৰিলেও আমেৰিকাৰ হেঁচা আৰু চীনৰ সামগ্ৰীৰ অৱৰোধৰ বাবে মেক্সিকোৱে নিজৰ শুল্ক নীতি কঠোৰ কৰা বুলিও ধাৰণা কৰা হৈছে ।

মেক্সিকান চৰকাৰৰ এই সিদ্ধান্তত গভীৰভাৱে বিচলিত হৈ পৰিছে ভাৰত । এই বিষয়ত মেক্সিকোৰ উপ-অৰ্থনৈতিক মন্ত্ৰী লুইছ ৰ’জেণ্ডোৰ সৈতে বাণিজ্য সচিব ৰাজেশ আগৰৱালে উচ্চ পৰ্যায়ৰ আলোচনাত মিলিত হৈছে ।

আগন্তুক সময়ত আৰু অধিক কাৰিকৰী পৰ্যায়ৰ বৈঠক হোৱাৰ সম্ভাৱনা আছে । ইয়াৰ পূৰ্বে ৩০ ছেপ্টেম্বৰত মেক্সিকোত থকা ভাৰতীয় দূতাবাসে এই বিষয়ত উদ্বেগ প্ৰকাশ কৰি ভাৰতৰ বাবে সকাহ বিচাৰিছিল ।

ভাৰতৰ মতে দুয়োখন দেশৰ মাজত সুদৃঢ় বাণিজ্যিক আৰু অৰ্থনৈতিক সম্পৰ্ক বজাই ৰখাটো অতি প্ৰয়োজনীয় । ভাৰতে স্পষ্টকৈ কৈছে যে ভাৰতে ৰপ্তানিকাৰকৰ স্বাৰ্থ সুৰক্ষিত কৰিব আৰু তাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিব, কিন্তু দুয়োপক্ষৰ বাবে সুষম বাণিজ্যিক পৰিৱেশ সুনিশ্চিত কৰিবলৈ আলোচনাৰ জৰিয়তে সমাধান বিচাৰিব ।

লগতে পঢ়ক : আমেৰিকাৰ পাছত এতিয়া এইখন দেশৰ শুল্ক আক্ৰমণ, ভাৰতকে ধৰি বহু দেশৰ ওপৰত ৫০% শুল্ক !

আমেৰিকাৰ পাছত এতিয়া এইখন দেশৰ শুল্ক আক্ৰমণ, ভাৰতকে ধৰি বহু দেশৰ ওপৰত ৫০% শুল্ক !

আমেৰিকাৰ পাছত এইবাৰ মেক্সিকোৱে আৰম্ভ কৰিছে শুল্ক আক্ৰমণ । ভাৰতকে ধৰি এছিয়াৰ কেইবাখনো দেশৰ পৰা অহা সামগ্ৰীৰ ওপৰত উচ্চ শুল্ক আৰোপ কৰাৰ সিদ্ধান্ত লৈছে দেশখনে ।

সমগ্ৰ বিশ্বতে যেন আকৌ এবাৰ শুল্ক যুদ্ধৰ সূচনা হৈছে । আমেৰিকাই শুল্ক বৃদ্ধি কৰি বহু দেশত আঘাত হনাৰ পিছতে এতিয়া মেক্সিকোৱে আৰম্ভ কৰিছে শুল্ক আক্ৰমণ । মেক্সিকোৱে এটা ডাঙৰ পদক্ষেপ লৈছে আৰু চীনকে ধৰি এছিয়াৰ কেইবাখনো দেশৰ পৰা অহা সামগ্ৰীৰ ওপৰত উচ্চ শুল্ক আৰোপ কৰাৰ সিদ্ধান্ত লৈছে, যিটো আমেৰিকাৰ দৰেই ৫০% পৰ্যন্ত হ’ব । ছিনেটে এই প্ৰস্তাৱত অনুমোদন জনাইছে আৰু এই নতুন শুল্কসমূহ অহা বছৰ ২০২৬ চনত কাৰ্যকৰী হ’ব । এয়া এক ডাঙৰ আঘাত হ’ব, বিশেষকৈ যিবোৰ দেশৰ মেক্সিকোৰ সৈতে বাণিজ্যিক চুক্তি নাই ।

জানিব পৰা মতে মেক্সিকোৰ এই শুল্ক বৃদ্ধি ২০২৬ চনৰ পৰা কাৰ্যকৰী হ’ব । এই সিদ্ধান্তৰ দ্বাৰা আটাইতকৈ বেছি প্ৰভাৱিত হোৱা দেশসমূহৰ ভিতৰত আছে চীন, ভাৰত, দক্ষিণ কোৰিয়া, থাইলেণ্ড আৰু ইণ্ডোনেছিয়া । অহা বছৰৰ পৰা মেক্সিকোৱে এই সকলো দেশৰ পৰা অহা অটো পাৰ্টছ, টেক্সটাইল, ষ্টীল আৰু অন্যান্য সামগ্ৰীৰ ওপৰত ৫০% পৰ্যন্ত শুল্ক আৰোপ কৰিব । ছিনেটত গৃহীত প্ৰস্তাৱ অনুসৰি বহু সামগ্ৰীৰ শুল্ক ৩৫% লৈ বৃদ্ধি কৰা হৈছে । মেক্সিকান চেনেটে এই শুল্ক বৃদ্ধি বিধেয়কৰ সপক্ষে ৭৬টা ভোট দিয়াৰ বিপৰীতে ইয়াৰ বিৰোধিতাত ৫টা ভোট লাভ কৰে । ইয়াৰ বাহিৰেও ৩৫টা অনুপস্থিত ভোটেৰে গৃহীত হয় ।

দৰাচলতে আমেৰিকাৰ আদৰ্শ অনুসৰণ কৰি মেক্সিকোৱেও নিজৰ স্থানীয় উদ্যোগসমূহক প্ৰসাৰিত কৰাৰ লক্ষ্যৰে শুল্ক বৃদ্ধিৰ এই পদক্ষেপ গ্ৰহণ কৰিছে । অৱশ্যে ইয়াৰ প্ৰভাৱৰ পৰিসৰ সময়েহে ক’ব।  ইফালে ব্যৱসায়িক গোষ্ঠীসমূহে এই শুল্ক বৃদ্ধিৰ তীব্ৰ বিৰোধিতা কৰিছে ।

লগতে পঢ়ক : প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ মাইক্ৰ’ছফ্টৰ অধ্যক্ষ সত্য নাডেলাৰ, ভাৰতত ১৭.৫ বিলিয়ন ডলাৰৰ বিনিয়োগ ঘোষণা

মেক্সিকোত তীব্ৰতৰ হৈ উঠিছে জেন-জি আন্দোলন; ব্যাপক সংঘৰ্ষ-আটক

মেক্সিকোত তীব্ৰতৰ হৈ উঠিছে জেন-জি আন্দোলন

মেক্সিকো চহৰত জেন-জি আন্দোলনে ব্যাপক ৰূপ ধাৰণ কৰিছে । শনিবাৰে মেক্সিকো চহৰৰ ৰাজপথলৈ ওলাই আহি অপৰাধ আৰু দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে হাজাৰ হাজাৰ যুৱ প্ৰতিবাদকাৰীয়ে । এই সময়ছোৱাত আৰক্ষীৰ সৈতে প্ৰতিবাদকাৰীৰ সংঘৰ্ষ হয় । প্ৰতিবাদকাৰীয়ে আৰক্ষীক শিলগুটি নিক্ষেপ কৰে । লগতে আৰক্ষীৰ ঢাল আৰু অন্যান্য সামগ্ৰীও কাঢ়ি লয় প্ৰতিবাদকাৰীয়ে ।

এই জেন-জি আন্দোলনে বিৰোধী দলৰ জেষ্ঠ সমৰ্থকৰ পৰাও যথেষ্ট সমৰ্থন লাভ কৰিছে । চহৰৰ নিৰাপত্তা সচিব পাবলো ভাস্কেজে কয় যে হিংসাত্মক পৰিস্থিতিৰ সময়ত ১২০ জন লোক আহত হৈছে, ইয়াৰে ১০০ জন আৰক্ষী বিষয়া । গ্ৰেপ্তাৰ হৈছে ২০ জন লোক ।

শেহতীয়াকৈ পশ্চিমীয়া ৰাজ্য মিচ’আকানৰ এগৰাকী জনপ্ৰিয় মেয়ৰৰ হত্যাকাণ্ডকে ধৰি কেইবাটাও হাই-প্ৰফাইল হত্যাকাণ্ড সংঘটিত হোৱাৰ পাছতো মেক্সিক’ৰ ৰাষ্ট্ৰপতি ক্লাউডিয়া শ্বেইনবাম জনপ্ৰিয় হৈয়েই আছে । শ্বেইনবামে সোঁপন্থী দলসমূহে জেন-জি আন্দোলনত প্ৰৱেশ কৰি মানুহক সংগঠিত কৰিবলৈ ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে ।

লগতে পঢ়ক : ঘৰলৈ মনত পৰিছে শ্বেখ হাছিনাৰ; ক’লে কেতিয়া উভতিব বাংলাদেশলৈ?

ছুপাৰ মাৰ্কেটত সংঘটিত হ’ল ভয়ংকৰ বিস্ফোৰণ; শিশুকে ধৰি ২৩জনৰ মৃত্যু

ছুপাৰ মাৰ্কেটত ভয়ংকৰ বিস্ফোৰণ

মেক্সিকোৰ উত্তৰ-পশ্চিম ৰাজ্য ছ’নোৰাৰ ৰাজধানী হাৰ্মোচিলোৰ এখন ষ্ট’ৰত সংঘটিত হৈছে এক বৃহৎ ঘটনা । এই ঘটনাত ভয়ংকৰ বিস্ফোৰণত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ফলত কেইবাটাও শিশুকে ধৰি কমেও ২৩ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১২ জন লোক গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে ।

এই দুৰ্ঘটনা সংঘটিত হয় মহানগৰীৰ ভালডোছ ষ্ট’ৰত । ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱা এটা ভিডিঅ’যোগে ছ’নোৰাৰ গৱৰ্ণৰ আলফনছ’ ডুৰাজোৱে এই কথা নিশ্চিত কৰি নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে ।

ৰাজ্যখনৰ এটৰ্নী জেনেৰেল গুস্তাভো চালাছ চাভেজে কয় যে প্ৰাৰম্ভিক তদন্তত দেখা গৈছে যে বিষাক্ত গেছ উশাহত যোৱাৰ ফলতে এই লোকসকলৰ মৃত্যু হৈছে । তেওঁ কয় যে বৰ্তমান কোনো দুৰ্বৃত্তই এই ঘটনা সংঘটিত কৰাৰ কোনো ইংগিত পোৱা নাই যদিও এই সম্ভাৱনা নুই কৰিব নোৱাৰি । এই কাণ্ডৰ পিছতে ১২ জন আহত লোকক হাৰ্মোচিলোৰ ছখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু বৰ্তমান তেওঁলোকৰ চিকিৎসা চলি আছে । দেশখনৰ ৰাষ্ট্ৰপতিয়ে এই ঘটনাক লৈ শোক প্ৰকাশ কৰাৰ লগতে আহত সকলৰ আশু আৰোগ্য কামনা কৰিছে ।

লগতে পঢ়ক : বিফল শান্তি চুক্তি ! গাজাত পুনৰ ইজৰাইলৰ এয়াৰ ষ্ট্ৰাইক