ককৰোচ জনতা পাৰ্টিৰ ইনষ্টাগ্ৰাম একাউণ্ট হেক; অভিজীত দীপকেৰ ডাঙৰ দাবী

ককৰোচ জনতা পাৰ্টিৰ ইনষ্টাগ্ৰাম একাউণ্ট হেক; অভিজীত দীপকেৰ ডাঙৰ দাবী

‘ককৰোচ জনতা পাৰ্টি’ৰ প্ৰতিষ্ঠাপক অভিজিত দীপকে দাবী কৰিছে যে তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্ট, পাৰ্টি পেজ, আৰু অন্যান্য ছ’চিয়েল মিডিয়া প্লেটফৰ্ম হেক বা বন্ধ কৰা হৈছে। ককৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজীত দীপকে শনিবাৰে দাবী কৰে যে তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্ট আৰু দলটোৰ অফিচিয়েল ইনষ্টাগ্ৰাম পেজ হেক কৰা হৈছে।

‘ককৰোচ জনতা পাৰ্টি’ৰ প্ৰতিষ্ঠাপক অভিজিত দীপকে দাবী কৰিছে যে তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্ট, পাৰ্টি পেজ, আৰু অন্যান্য ছ’চিয়েল মিডিয়া প্লেটফৰ্ম হেক বা বন্ধ কৰা হৈছে।

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজীত দীপকে শনিবাৰে দাবী কৰে যে তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্ট আৰু দলটোৰ অফিচিয়েল ইনষ্টাগ্ৰাম পেজ হেক কৰা হৈছে। এই দাবী এনে এটা সময়ত পোহৰলৈ আহিছে যেতিয়া তেওঁৰ ব্যংগমূলক ডিজিটেল অভিযান ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ লাখ লাখ লোকৰ সমৰ্থন লাভ কৰিছিল। অভিজিত দীপকে অভিযোগ কৰে যে তেওঁৰ অনলাইন প্লেটফৰ্মৰ বিৰুদ্ধে বৃহৎ পৰিসৰৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে, আৰু ইয়াৰ সৈতে জড়িত কেইবাটাও ছ’চিয়েল মিডিয়া একাউণ্ট ক্ষতিগ্ৰস্ত হৈছে।

অভিজিত দীপকে ছ’চিয়েল মিডিয়াত লিখিছে,‘ককৰোচ জনতা পাৰ্টি’ৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।ইনষ্টাগ্ৰাম পেজটো হেক কৰা হৈছে। মোৰ ব্যক্তিগত ইনষ্টাগ্ৰাম একাউণ্টো হেক কৰা হৈছে।টুইটাৰ একাউণ্টটো স্থগিত ৰখা হৈছে, আৰু বেকআপ একাউণ্টটোও আঁতৰাই দিয়া হৈছে।বৰ্তমান আমাৰ কোনো প্লেটফৰ্মত প্ৰৱেশৰ সুবিধা নাই।ইয়াৰ পিছত কৰা যিকোনো পোষ্টক ককৰোচ জনতা পাৰ্টিৰ আনুষ্ঠানিক বক্তব্য বুলি গণ্য কৰা উচিত নহয়।

অভিজিৎ দীপকে বষ্টন বিশ্ববিদ্যালয়ৰ ছাত্ৰ আৰু আম আদমী পাৰ্টিৰ প্ৰাক্তন সহযোগী। প্ৰায় এসপ্তাহ পূৰ্বে তেওঁ এই ব্যংগমূলক ডিজিটেল অভিযানটো আৰম্ভ কৰিছিল।

লগতে পঢ়ক: ‘ককৰোচ আৱামি পাৰ্টি’; ভাৰততেই নহয়, পাকিস্তানটো ককৰোচ পাৰ্টিৰ উন্মাদনা