ককৰোচ জনতা পাৰ্টিৰ ইনষ্টাগ্ৰাম একাউণ্ট হেক; অভিজীত দীপকেৰ ডাঙৰ দাবী

‘ককৰোচ জনতা পাৰ্টি’ৰ প্ৰতিষ্ঠাপক অভিজিত দীপকে দাবী কৰিছে যে তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্ট, পাৰ্টি পেজ, আৰু অন্যান্য ছ’চিয়েল মিডিয়া প্লেটফৰ্ম হেক বা বন্ধ কৰা হৈছে।

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজীত দীপকে শনিবাৰে দাবী কৰে যে তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্ট আৰু দলটোৰ অফিচিয়েল ইনষ্টাগ্ৰাম পেজ হেক কৰা হৈছে। এই দাবী এনে এটা সময়ত পোহৰলৈ আহিছে যেতিয়া তেওঁৰ ব্যংগমূলক ডিজিটেল অভিযান ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ লাখ লাখ লোকৰ সমৰ্থন লাভ কৰিছিল। অভিজিত দীপকে অভিযোগ কৰে যে তেওঁৰ অনলাইন প্লেটফৰ্মৰ বিৰুদ্ধে বৃহৎ পৰিসৰৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে, আৰু ইয়াৰ সৈতে জড়িত কেইবাটাও ছ’চিয়েল মিডিয়া একাউণ্ট ক্ষতিগ্ৰস্ত হৈছে।

অভিজিত দীপকে ছ’চিয়েল মিডিয়াত লিখিছে,‘ককৰোচ জনতা পাৰ্টি’ৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।ইনষ্টাগ্ৰাম পেজটো হেক কৰা হৈছে। মোৰ ব্যক্তিগত ইনষ্টাগ্ৰাম একাউণ্টো হেক কৰা হৈছে।টুইটাৰ একাউণ্টটো স্থগিত ৰখা হৈছে, আৰু বেকআপ একাউণ্টটোও আঁতৰাই দিয়া হৈছে।বৰ্তমান আমাৰ কোনো প্লেটফৰ্মত প্ৰৱেশৰ সুবিধা নাই।ইয়াৰ পিছত কৰা যিকোনো পোষ্টক ককৰোচ জনতা পাৰ্টিৰ আনুষ্ঠানিক বক্তব্য বুলি গণ্য কৰা উচিত নহয়।

অভিজিৎ দীপকে বষ্টন বিশ্ববিদ্যালয়ৰ ছাত্ৰ আৰু আম আদমী পাৰ্টিৰ প্ৰাক্তন সহযোগী। প্ৰায় এসপ্তাহ পূৰ্বে তেওঁ এই ব্যংগমূলক ডিজিটেল অভিযানটো আৰম্ভ কৰিছিল।

লগতে পঢ়ক: ‘ককৰোচ আৱামি পাৰ্টি’; ভাৰততেই নহয়, পাকিস্তানটো ককৰোচ পাৰ্টিৰ উন্মাদনা

‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰেমত বলীউড, পেজ ফল’ কৰিলে কেইবাগৰাকীও তাৰকাই

সাধাৰণ জনতাৰ পৰা আৰম্ভ কৰি বলীউডৰ তাৰকা আৰু ডাঙৰ ডাঙৰ ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰসকল এতিয়া এই পেজটোৰ প্ৰেমত পৰিছে

বৰ্তমান ছচিয়েল মিডিয়া প্লেটফৰ্ম ইনষ্টাগ্ৰামত এটা নামেই সৰ্বত্ৰে তোলপাৰ লগাইছে- সেইয়া হৈছে ‘ককৰোচ জনতা পাৰ্টী‘ (Cockroach Janta Party) । ই কোনো প্ৰকৃত ৰাজনৈতিক দল নহয়, বৰঞ্চ এটা কাল্পনিক পেৰডী পেজহে । কিন্তু ইয়াৰ তীক্ষ্ণ ৰাজনৈতিক কটাক্ষ, ব্যতিক্ৰমী নিৰ্বাচনী পোষ্টাৰ আৰু ‘ডাৰ্ক হিউমাৰ’ সম্বলিত পোষ্টসমূহে ইমান কম সময়ৰ ভিতৰত ইণ্টাৰনেটত খলকনি তুলিছে যে বৰ্তমানলৈকে ইয়াৰ ফল’ৱাৰ্ছৰ সংখ্যাই প্ৰায় ১৫ মিলিয়ন অৰ্থাৎ ১.৫ কোটিৰ ঘৰ স্পৰ্শ কৰিছে ।

সাধাৰণ জনতাৰ পৰা আৰম্ভ কৰি বলীউডৰ তাৰকা আৰু ডাঙৰ ডাঙৰ ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰসকল এতিয়া এই পেজটোৰ প্ৰেমত পৰিছে ।

ক’ৰ পৰা হ’ল এই ‘ককৰোচ’ ট্ৰেণ্ডৰ আৰম্ভণি ?

এই সমগ্ৰ বিতৰ্ক তথা নতুন ট্ৰেণ্ডটোৰ সৃষ্টি হৈছিল দেশৰ এখন আদালতৰ শুনানিক কেন্দ্ৰ কৰি । এক গোচৰৰ শুনানিৰ সময়ত ভাৰতৰ মুখ্য ন্যায়াধীশ (CJI) সূৰ্যকান্ত-এ একাংশ বিপথগামী যুৱক-যুৱতীক উদ্দেশ্যি এক কঠোৰ মন্তব্য কৰিছিল । তেওঁ কৈছিল :

“ইতিমধ্যে কিছুমান এনে লোক আছে যিয়ে ব্যৱস্থাটোৰ ওপৰত আক্ৰমণ চলায় আৰু আপুনিও তেওঁলোকৰ লগতে চামিল হ’ব বিচাৰিছে । কিছুমান যুৱক-যুৱতী ককৰোচৰ (পঁইতাচোৰা) দৰে হয়, যিয়ে কোনো সংস্থাপন বিচাৰি নাপায়… তেওঁলোকৰ একাংশ সংবাদ মাধ্যমলৈ গুচি যায়, একাংশ ছচিয়েল মিডিয়ালৈ, একাংশ আৰ.টি.আই. (RTI) এক্টিভিষ্ট হৈ পৰে আৰু তাৰ পিছত তেওঁলোকে সকলোকে আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে ।”

মুখ্য ন্যায়াধীশৰ মুখত যুৱ প্ৰজন্মৰ বাবে ‘ককৰোচ’ শব্দটোৰ প্ৰয়োগ শুনি ছচিয়েল মিডিয়াত ক্ষোভৰ জুই জ্বলি উঠে । যদিও পৰৱৰ্তী সময়ত জষ্টিচ সূৰ্যকান্ত-এ স্পষ্টীকৰণ দি কয় যে তেওঁৰ এই মন্তব্য দেশৰ মেধাৱী বা সাধাৰণ যুৱক-যুৱতীসকলৰ বাবে নাছিল, বৰঞ্চ ভুৱা ডিগ্ৰীধাৰী একাংশ লোকৰ বাবেহে আছিল— কিন্তু তেতিয়ালৈকে বহুত পলম হৈ গৈছিল । যুৱ প্ৰজন্মই এই ক্ষোভ আৰু ব্যংগক একত্ৰিত কৰি ইনষ্টাগ্ৰামত জন্ম দিলে ‘ককৰোচ জনতা পাৰ্টী’।

অনুৰাগ কাশ্যপৰ এণ্ট্ৰি আৰু বলীউডৰ সোঁত-

এই পেজটোৱে আটাইতকৈ ডাঙৰ জাঁপটো মাৰে যেতিয়া বলীউডৰ বিখ্যাত তথা স্পষ্টবাদী চলচ্চিত্ৰ নিৰ্মাতা অনুৰাগ কাশ্যপে ইয়াক ফল’ কৰিবলৈ আৰম্ভ কৰে । অনুৰাগ কাশ্যপ জড়িত হোৱাৰ লগে লগে মনোঞ্জন জগতত এক প্ৰকাৰৰ জোকাৰণি সৃষ্টি হয় ।

বৰ্তমান এই পেজটো অনুসৰণ কৰা তাৰকাসকলৰ তালিকাখনত স্থান পাইছে :

বলীউড অভিনেত্ৰী: ফাতিমা চানা শ্বেখ, সোনাক্ষী সিনহা আৰু দিয়া মিৰ্জা ।

অভিনেতা আৰু নৃত্যশিল্পী: ৰাঘৱ জুয়াল আৰু অভিষেক নিগম ।

ইনফ্লুৱেন্সাৰ আৰু টিভি তাৰকা: বিগ বছ ফেৰ্ম নগমা মিৰাজকাৰ, ফলক নাজ, অপূৰ্ব মখীজা, শীজান খান আৰু নিজৰ অৰ্ধ-অদ্ভুত ফেশ্বন চেন্সৰ বাবে সদায় চৰ্চাত থকা উৰ্ফী জাভেদ ।

বৰ্তমানৰ স্থিতি-

ডিজিটেল বিশেষজ্ঞসকলৰ মতে, ই কেৱল এটা পেজ হৈ থকা নাই, বৰঞ্চ যুৱ প্ৰজন্মৰ প্ৰতিবাদ আৰু ব্যংগাত্মক অভিব্যক্তিৰ এক নতুন মাধ্যম হৈ পৰিছে । তাৰকাসকলৰ এই ব্যাপক সমৰ্থনে স্পষ্ট কৰি দিছে যে ‘ককৰোচ জনতা পাৰ্টী’ৰ এই ভাইৰেল ধুমুহা ইমান সহজে থমকি ৰোৱাৰ কোনো সম্ভাৱনা নাই ।

লগতে পঢ়ক : “৬০ বছৰীয়া, কিন্তু যুঁজিব পাহৰা নাই,জ্বলাই ছাই কৰি দিম”; কিয় খঙত অগ্নিশৰ্মা হ’ল ছলমান খান

ছ’চিয়েল মিডিয়াত খলকনি তোলা ‘ককৰোচ জনতা পাৰ্টী’ৰ এক্স একাউণ্ট নিষিদ্ধ

তীব্ৰ গতিত জনপ্ৰিয় হৈ পৰা ব্যংগাত্মক ৰাজনৈতিক দল ‘ককৰোচ জনতা পাৰ্টী’ৰ অফিচিয়েল এক্স একাউণ্টটো ভাৰতত নিষিদ্ধ কৰা হৈছে

ভাৰতীয় ছ’চিয়েল মিডিয়াত তীব্ৰ গতিত জনপ্ৰিয় হৈ পৰা ব্যংগাত্মক ৰাজনৈতিক দল ‘ককৰোচ জনতা পাৰ্টী’ (CJP)ৰ অফিচিয়েল এক্স (পূৰ্বৰ টুইটাৰ) একাউণ্টটো ভাৰতত নিষিদ্ধ কৰা হৈছে । দলটোৰ প্ৰতিষ্ঠাপক অভিজিৎ দিপকিয়ে এই কথা দাবী কৰিছে । সাধাৰণতে কোনো কৰ্তৃত্বপ্ৰাপ্ত চৰকাৰী সংস্থা বা প্ৰতিষ্ঠানৰ আইনী অনুৰোধৰ ভিত্তিতহে এক্স কৰ্তৃপক্ষই এনে পদক্ষেপ গ্ৰহণ কৰে । অৱশ্যে এক্স একাউণ্ট বন্ধ হ’লেও দলটোৰ ইনষ্টাগ্ৰাম একাউণ্ট বৰ্তমানো সক্ৰিয় হৈ আছে ।

মুখ্য ন্যায়াধীশৰ মন্তব্য আৰু দলটোৰ উত্থান-

প্ৰাপ্ত তথ্য অনুসৰি, যোৱা ১৫ মে’ত ভাৰতৰ মুখ্য ন্যায়াধীশ জাষ্টিচ সূৰ্যকান্তে এটা গোচৰৰ শুনানিৰ সময়ত একাংশ নিবনুৱা যুৱক-যুৱতীক ‘ককৰোচ’ বা পঁইতাচোৰাৰ সৈতে তুলনা কৰি এক বিতৰ্কিত মন্তব্য কৰিছিল । যদিও পিছত তেওঁ স্পষ্টীকৰণ দি কয় যে তেওঁ কেৱল ভুৱা ডিগ্ৰীধাৰীসকলকহে সমালোচনা কৰিছিল, তথাপিও ছ’চিয়েল মিডিয়াত এই মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । ইয়াৰ প্ৰতিবাদ স্বৰূপে ছ’চিয়েল মিডিয়াত ‘ককৰোচ জনতা পাৰ্টী’ নামেৰে এক ব্যংগাত্মক একাউণ্ট খোলা হয় আৰু ই অতি কম সময়ৰ ভিতৰতে ভাইৰেল হৈ পৰে ।

বিজেপি-কংগ্ৰেছকো পিছ পেলালে ইনষ্টাগ্ৰামত-

মাত্ৰ কেইটামান দিনৰ ভিতৰতে এই ব্যংগাত্মক আন্দোলনে জনপ্ৰিয়তাৰ শীৰ্ষ স্পৰ্শ কৰিবলৈ সক্ষম হৈছে । ২১ মে’লৈকে ককৰোচ জনতা পাৰ্টীৰ ইনষ্টাগ্ৰাম পেজত ফল’ৱাৰ্ছৰ সংখ্যা ১.৩৫ কোটি অতিক্ৰম কৰিছে । মন কৰিবলগীয়া যে এই সংখ্যা ভাৰতৰ দুয়োটা প্ৰধান ৰাজনৈতিক দলতকৈ অধিক । বৰ্তমান ইনষ্টাগ্ৰামত বিজেপিৰ ৮৮ লাখতকৈ অধিক আৰু কংগ্ৰেছৰ ১.৩৩ কোটি ফল’ৱাৰ্ছ আছে । আনহাতে, নিষিদ্ধ হোৱাৰ পূৰ্বে দলটোৰ এক্স একাউণ্টত ২ লাখতকৈ অধিক ফল’ৱাৰ্ছ আছিল ।

যদিও এই আন্দোলনটো এটা ব্যংগাত্মক ৰাজনৈতিক প্ৰয়াস হিচাপে আৰম্ভ হৈছিল, তথাপিও ইয়াৰ জৰিয়তে ভাৰতীয় ৰাজনৈতিক আৰু সামাজিক ব্যৱস্থাৰ বিভিন্ন ব্যৰ্থতা তথা নিবনুৱা সমস্যাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহক লক্ষ্য কৰি লোৱা দেখা গৈছে ।

লগতে পঢ়ক : ‘বকৰিদত কোৰবাণী হ’বই’; বংগৰ বিজেপি চৰকাৰক মুকলি প্ৰত্যাহ্বান হুমায়ুন কবীৰৰ