তৃতীয় বৰ্গৰ চৰকাৰী চাকৰিৰ নিযুক্তি পত্ৰ অনুষ্ঠানত নৱ নিযুক্তক সকীয়নি দিলে মু্খ্যমন্ত্ৰীয়ে। উৎকোচ ললেই ক্ষমা নাই কাৰোৰে।
শনিবাৰে সৰুসজাইত বিতৰণ কৰা হ’ল তৃতীয় বৰ্গৰ চৰকাৰী চাকৰিৰ নিযুক্তি পত্ৰ। ৬ হাজাৰ ৩৪৭গৰাকী প্ৰাৰ্থীক প্ৰদান কৰা হয় এই নিযুক্তিপত্ৰ।
নিযুক্তি পত্ৰ বিতৰণ কাৰ্যসূচীত নৱ নিযুক্ত সকলক উদ্দেশ্যি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দিলে পৰামৰ্শ। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, এটা সৰু দাগে কেৰিয়াৰত দাগ লগাব পাৰে।
বৰ্তমান সময়ত এক টকা নিদিয়াকৈ চৰকাৰী চাকৰি লাভ কৰিছে। চাকৰিৰ সময়ত ধৰা নপৰালৈকে কোটি টকা উৎকোচ ল’ব পাৰে। কিন্তু এবাৰ ধৰা পৰিলেই কাৰোৰে ক্ষমা নাই।সেয়ে এনে কাম কৰাৰ পৰা বিৰত থাকিব লাগে।
মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে,‘‘আজিৰ পৰা বহুতৰে আৰম্ভ হ’ব নতুন জীৱন। ADREৰ জৰিয়তে এয়া চৰকাৰৰ দ্বিতীয় পৰ্যায়ৰ নিযুক্ত। ADRE অনুষ্ঠিত নোহোৱাহ’লে ইমান নিযুক্তি নহ’লহেঁতেন”।
“৫ বছৰ পূৰ্বে কেতিয়াও ডেৰ লাখ নিযুক্তি হোৱা নাছিল। পূৰ্বে চৰকাৰী চাকৰি লাভ কৰিবলৈ হিমালয় সমান প্ৰত্যাহ্বান আছিল।কিন্তু এতিয়া কেৱল শিক্ষাগত অৰ্হতাৰ বাবেই চাকৰি লাভ কৰে”।
লগতে পঢ়ক: ‘সোনকালে বিয়া পাতক আৰু সন্তান জন্ম দিয়ক’; মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য









