সংগীতজ্ঞ এ আৰ ৰহমানৰ এটা মন্তব্যই হাহাকাৰ সৃষ্টি কৰিছে।
যোৱা ৮ বছৰত তেওঁ বলীউডত কাম পোৱা নাই এ আৰ ৰহমানে।
প্ৰবীণ সংগীতজ্ঞ এ আৰ ৰহমানৰ মতে যোৱা ৮ বছৰত তেওঁ বলীউডত কাম পোৱা নাই, যিয়ে সংগীত জগত আৰু বলীউডৰ পৰিৱৰ্তিত স্বৰূপক লৈ গভীৰ আৰু গুৰুতৰ উদ্বেগ প্ৰকাশ কৰিছে।এ আৰ ৰহমানৰ এই বক্তব্যেও বহু প্ৰশ্নৰ উত্থাপন কৰিছে।
এটা সাক্ষাৎকাৰত এ আৰ ৰহমানে কৈছিল যে,এতিয়া সংগীত জগতত সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা সৃষ্টিশীল নোহোৱা মানুহৰ হাতত আছে।
তেওঁ হয়তো সংগীত কোম্পানীৰ কাৰ্যবাহী আৰু কৰ্পৰেট জগতখনৰ কথা কৈছে।যিসকলে সংগীতক শিল্পতকৈ কেৱল ‘উৎপাদন’ বা ‘ডাটা’ বুলিহে ভাবে।
তেওঁ আৰু কয়, আজিকালি বলীউডত এখন ছবিৰ বাবে ৪-৫ জন ভিন্ন সুৰকাৰে গীত ৰচনা কৰাৰ ধাৰা দেখা গৈছে।যদি সংগীত কোম্পানীয়ে নিজৰ পাঁচজন সুৰকাৰক ধৰি ৰাখে,তেন্তে ভাল কথা।মই পৰিয়ালৰ সৈতে সময় কটাবলৈ সময় পাওঁ।









