বিতৰ্কৰ মাজত এ আৰ ৰহমান;এইবাৰ গীত চুৰিৰ অভিযোগ

এইবাৰ জনপ্ৰিয় কণ্ঠশিল্পী তথা সংগীত সুৰকাৰ এ আৰ ৰহমানৰ বিৰুদ্ধে গীত চুৰিৰ অভিযোগ উত্থাপন হৈছে।

সংগীত সুৰকাৰ এ আৰ ৰহমান আকৌ এবাৰ বিতৰ্কৰ মাজত সোমাই পৰিছে। কিছুদিনৰ আগতে তেওঁৰ ‘সাম্প্ৰদায়িক বৈষম্য’ মন্তব্যৰ বাবে বিপদত পৰিছিল।

এতিয়া  এ আৰ ৰহমানৰ বিৰুদ্ধে গান চুৰিৰ অভিযোগ উত্থাপন হৈছে।এই অভিযোগ ধ্ৰুপদ শৈলীৰ ভাৰতীয় শাস্ত্ৰীয় গায়ক উস্তাদ ফৈয়াজ ৱাচিফুদ্দিন ডাগাৰে উত্থাপন কৰিছে। য’ত তেওঁ সুৰকাৰজনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়তো আবেদন দাখিল কৰিছে।

উস্তাদ ফায়াজ ৱাছিফুদ্দিন ডাগাৰে অভিযোগ কৰিছে যে এ আৰ ৰহমানে মণি ৰত্নমৰ তামিল ছবি ‘পনিয়িন চেলভান ২’ৰ ‘বীৰা ৰাজা বীৰা’ গীতটোত তেওঁৰ পৰিয়ালৰ পুৰণি ৰচনা ‘শিৱ স্তুতি’ৰ এটা অংশ চুৰি কৰিছিল।এই ছবিখন ২০২৩ ত মুক্তি লাভ কৰিছিল,যিয়ে দৰ্শকৰ সমাদৰ লাভ কৰিছিল।

তেওঁৰ এই দাবী ধ্ৰুপদ গায়ন বা সমগ্ৰ বন্ধনীৰ ওপৰত নহয়।কিন্তু যিটো ছুল তাল (যিটো এটা বিশেষ ধৰণৰ ছন্দ)ত ইয়াক ৰচনা কৰা হৈছে,সেইটো তেওঁৰ নিজৰ কথা।

সাধাৰণতে ইয়াক চৌতালত গোৱা হয়, যিটো প্ৰায় ৮০০ বছৰ আগতে  আমিৰ খুছৰোৱে ৰচনা কৰিছিল।কিন্তু ডাগাৰ শৈলীত ইয়াক ছুল ছন্দত গোৱা হয়।

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্ত আৰু ন্যায়াধীশ জয় মাল্যা বাগচিৰে গঠিত বিচাৰপীঠে শুনানি গ্ৰহণ কৰে।য’ত মুখ্য ন্যায়াধীশ গৰাকীয়ে কয় যে, ডাগৰ বাণীক কোনো পৰিচয়ৰ প্ৰয়োজন নাই।

গোটেই বিশ্বই ডাগৰ পৰিয়াল আৰু তেওঁলোকৰ ধ্ৰুপদ সংগীতৰ কথা জানে ।এইসকল লোক প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি শীৰ্ষ শ্ৰেণীৰ শিল্পী হৈ আহিছে।

উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে এ আৰ ৰহমানৰ অধিবক্তাক কয় যে,’আমি পৰীক্ষা কৰিব বিচাৰো যে প্ৰকৃত লেখক কোন।প্ৰথমে গীতটো গাই দিলেই লেখক হৈ নাযায়।

আপুনি প্ৰমাণ কৰিব লাগিব যে আগতে আন কাৰোৰে ওচৰত এনে সুৰ নাছিল।আপুনি মানি লৈছে যে প্ৰতিবাদকাৰীসকল (ৰহমানৰ দলটো) ডাগাৰ পৰম্পৰাৰ অংশ।’যদি ডাগৰ পৰিয়ালে ভাৰতীয় সংগীতত ইমান বৃহৎ অৱদান আগনবঢ়ালে হয় তেন্তে আজিৰ আধুনিক গায়কসকলে বজাৰত চলি থাকিব পাৰিবনে?’

লগতে পঢ়ক: ‘এইটো ভাল খবৰ’; বাংলাদেশত জামাত ইছলামীৰ পৰাজয়ত সুখী জাভেদ আখতাৰ…

‘যিসকল সৃষ্টিশীল নহয় তেওঁলোকৰ ক্ষমতা আছে’; বলীউডত কাম নোপোৱাত দুখ প্ৰকাশ এ আৰ ৰহমানৰ

সংগীতজ্ঞ এ আৰ ৰহমানৰ এটা মন্তব্যই হাহাকাৰ সৃষ্টি কৰিছে।
যোৱা ৮ বছৰত তেওঁ বলীউডত কাম পোৱা নাই এ আৰ ৰহমানে।

প্ৰবীণ সংগীতজ্ঞ এ আৰ ৰহমানৰ মতে যোৱা ৮ বছৰত তেওঁ বলীউডত কাম পোৱা নাই, যিয়ে সংগীত জগত আৰু বলীউডৰ পৰিৱৰ্তিত স্বৰূপক লৈ গভীৰ আৰু গুৰুতৰ উদ্বেগ প্ৰকাশ কৰিছে।এ আৰ ৰহমানৰ এই বক্তব্যেও বহু প্ৰশ্নৰ উত্থাপন কৰিছে।

এটা সাক্ষাৎকাৰত এ আৰ ৰহমানে কৈছিল যে,এতিয়া সংগীত জগতত সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা সৃষ্টিশীল নোহোৱা মানুহৰ হাতত আছে।

তেওঁ হয়তো সংগীত কোম্পানীৰ কাৰ্যবাহী আৰু কৰ্পৰেট জগতখনৰ কথা কৈছে।যিসকলে সংগীতক শিল্পতকৈ কেৱল ‘উৎপাদন’ বা ‘ডাটা’ বুলিহে ভাবে।

তেওঁ আৰু কয়, আজিকালি বলীউডত এখন ছবিৰ বাবে ৪-৫ জন ভিন্ন সুৰকাৰে গীত ৰচনা কৰাৰ ধাৰা দেখা গৈছে।যদি সংগীত কোম্পানীয়ে নিজৰ পাঁচজন সুৰকাৰক ধৰি ৰাখে,তেন্তে ভাল কথা।মই পৰিয়ালৰ সৈতে সময় কটাবলৈ সময় পাওঁ।

লগতে পঢ়ক: ‘হানী সিঙে ক্ষমা খুজিব লাগে, সমাজৰ কাৰণে তেওঁ কলংক’; বিতৰ্কিত বক্তব্যক লৈ অযোধ্যা সন্তসকলৰ বিস্ফোৰক মন্তব্য