দুপৰীয়াৰ টোপনি শৰীৰৰ বাবে বৰদান নে অভিশাপ? গৱেষণাত ওলাল ডাঙৰ তথ্য!

দুপৰীয়াৰ টোপনি শৰীৰৰ বাবে বৰদান নে অভিশাপ? গৱেষণাত ওলাল ডাঙৰ তথ্য!

গোটেই দিনটো কাম-কাজ কৰাৰ পিছত দুপৰীয়া অলপ টোপনি অহাটো একেবাৰে স্বাভাৱিক শাৰীৰিক প্ৰক্ৰিয়া ৰাতি ৭ ৰ পৰা ৮ ঘণ্টা নিদ্ৰা যোৱাটো স্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয়- এই কথাটো আমাৰ বেছিভাগেই জানে । কিন্তু বহু সময়ত দেখা যায় যে দিনৰ ভাগতো বহু লোকৰ টোপনি ধৰে । কেতিয়াবা

গোটেই দিনটো কাম-কাজ কৰাৰ পিছত দুপৰীয়া অলপ টোপনি অহাটো একেবাৰে স্বাভাৱিক শাৰীৰিক প্ৰক্ৰিয়া

ৰাতি ৭ ৰ পৰা ৮ ঘণ্টা নিদ্ৰা যোৱাটো স্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয়- এই কথাটো আমাৰ বেছিভাগেই জানে । কিন্তু বহু সময়ত দেখা যায় যে দিনৰ ভাগতো বহু লোকৰ টোপনি ধৰে । কেতিয়াবা ১০-২০ মিনিটৰ চুটি টোপনি (Power Nap) আৰু কেতিয়াবা এঘণ্টা বা দুঘণ্টালৈকে শুই থকা মানুহৰ অভ্যাসে প্ৰায়ে এক প্ৰশ্নৰ সৃষ্টি কৰে যে, ৰাতিৰ দৰেই দিনৰ ভাগত শুৱাটো স্বাস্থ্যৰ বাবে সঁচাকৈয়ে লাভজনকনে ?

নেচনেল চেণ্টাৰ ফৰ বায়’টেকন’লজী ইনফৰ্মেচন (NCBI)-ৰ শেহতীয়া প্ৰতিবেদনে এক গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আনিছে । প্ৰতিবেদন অনুসৰি, দিনৰ ভাগত সঠিক সময় আৰু সঠিক সময়সীমা মানি চলি শুলে শৰীৰ আৰু মগজু দুয়োটাই বিশেষভাৱে লাভান্বিত হয় । কিন্তু সীমাৰ বাহিৰত দীৰ্ঘসময় শুলে ই শৰীৰৰ বিস্তৰ ক্ষতি কৰিব পাৰে ।

চুটি টোপনিৰ অবিশ্বাস্য উপকাৰিতা

গোটেই দিনটো কাম-কাজ কৰাৰ পিছত দুপৰীয়া অলপ টোপনি অহাটো একেবাৰে স্বাভাৱিক শাৰীৰিক প্ৰক্ৰিয়া । ৰাতিৰ টোপনি পূৰণ নোহোৱাৰ বাবেই হওক বা ভাগৰ পলুৱাবলৈয়েই হওক দিনৰ ভাগত ১০ ৰ পৰা ২০ মিনিটৰ চুটি টোপনিয়ে শৰীৰত যাদুৰ দৰে কাম কৰে ।

শক্তি বৃদ্ধি: মাত্ৰ ১০-২০ মিনিটৰ জিৰণিয়ে শৰীৰটোক লগে লগে সতেজ কৰি তোলে ।

মানসিক চাপ হ্ৰাস: ই মগজুক শান্ত কৰি মানসিক চাপ আৰু ভাগৰ আঁতৰায় ।

উৎপাদনশীলতা বৃদ্ধি: চুটি টোপনিৰ পিছত ব্যক্তিজন পূৰ্বতকৈ অধিক সক্ৰিয় হৈ পৰে, যাৰ ফলত দিনটোৰ বাকী থকা কামবোৰ অধিক নিখুঁতভাৱে কৰিব পৰা যায় ।

গৱেষকসকলৰ মতে, ৩০ মিনিটতকৈ কম সময়ৰ টোপনি শ্ৰেষ্ঠ । কাৰণ ইমান সময়ৰ ভিতৰত শৰীৰে পৰ্যাপ্ত জিৰণি পায়, কিন্তু মগজু ‘গভীৰ টোপনি’ৰ পৰ্যায়লৈ নাযায় । ফলত সাৰ পোৱাৰ পিছত কোনো ধৰণৰ এলাহ বা জড়তা অনুভৱ নহয় ।

দীৰ্ঘসময় শুলে হ’ব পাৰে ডাঙৰ ক্ষতি

NCBI-ৰ প্ৰতিবেদনত সতৰ্ক কৰি দিয়া হৈছে যে যদি কোনো ব্যক্তিয়ে দিনৰ ভাগত ৯০ মিনিট বা তাতকৈ অধিক সময় শোৱে, তেন্তে লাভৰ পৰিৱৰ্তে ক্ষতি হোৱাৰ সম্ভাৱনাহে বেছি ।

দীৰ্ঘসময় শুই উঠাৰ পিছত মগজুৱে লগে লগে স্বাভাৱিকভাৱে কাম কৰিব নোৱাৰে । মূৰ গধূৰ লাগা, চিন্তা-চৰ্চা কৰাত অসুবিধা হোৱা আৰু কামত মন বহাব নোৱাৰাৰ দৰে সমস্যাই দেখা দিয়ে । ইয়াৰ উপৰিও দিনত বেছি সময় শুলে নিশাৰ স্বাভাৱিক টোপনিতো ব্যাঘাত জন্মায় ।

যদি আপোনাৰো দুপৰীয়া ভাগৰ বা টোপনি অনুভৱ হয়, তেন্তে ১০ ৰ পৰা ২০ মিনিটৰ এটা চুটি ‘পাৱাৰ নেপ’ (Power Nap) আপোনাৰ দিনচৰ্যাৰ অংশ কৰি ল’ব পাৰে । ই আপোনাৰ শৰীৰক সতেজ ৰাখিব আৰু কাৰ্যক্ষমতা দুগুণ কৰি তুলিব । কিন্তু মনত ৰাখিব, দিনটোৰ এই চুটি টোপনি যেন দীঘলীয়া নিদ্ৰালৈ ৰূপান্তৰিত নহয়!

লগতে পঢ়ক : ৰাতিপুৱা সোনকালে শুই উঠাৰো আছে অনেক উপকাৰিতা