প্ৰশ্নকাকত ফাদিল কৰিলেই ১০ বছৰৰ জে’ল, ১০ কোটিৰ জৰিমনা! লোকসভাত উত্থাপন নতুন বিল
সমগ্ৰ দেশতে প্ৰতিযোগিতামূলক পৰীক্ষাত সংঘটিত ধাৰাবাহিক অনিয়ম আৰু প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে অৱশেষত চৰকাৰে গ্ৰহণ কৰিছে এক ডাঙৰ পদক্ষেপ । পৰীক্ষা ব্যৱস্থাত স্বচ্ছতা ঘূৰাই অনা আৰু লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ উদ্দেশ্যে লোকসভাত উত্থাপন কৰা হৈছে ‘The Public Examinations (Prevention of Unfair Means) সংশোধনী বিধেয়ক, ২০২৬’ ।
দেশজুৰি শিক্ষাৰ্থীসকলে কৰা তীব্ৰ প্ৰতিবাদৰ পাছতেই চৰকাৰে এই কঠোৰ আইনী পদক্ষেপ গ্ৰহণ কৰিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সন্দৰ্ভত দ্ৰুত তদন্ত আৰু ফাষ্ট ট্ৰেক কোৰ্টৰ জৰিয়তে ন্যায় প্ৰদানৰ আশ্বাস দিছে । ইয়াৰ উপৰিও নেচনেল টেষ্টিং এজেন্সী (NTA)-ৰ কাৰিকৰী দিশৰ সংস্কাৰ সাধিবলৈ নন্দন নিলেকনিৰ নেতৃত্বত বিশেষ টাষ্ক ফৰ্চো গঠন কৰা হৈছে ।
বিধেয়কখনৰ ৫ টা প্ৰধান দিশ:
১০ বছৰলৈ কাৰাদণ্ড: প্ৰশ্নকাকত ফাদিল আৰু এই চক্ৰ চলোৱাসকলৰ শাস্তি পূৰ্বৰ ৫ বছৰৰ পৰা বৃদ্ধি কৰি সৰ্বাধিক ১০ বছৰ পৰ্যন্ত কৰা হৈছে ।
১০ কোটি টকা পৰ্যন্ত জৰিমনা: দোষীৰ ওপৰত সৰ্বাধিক ১০ কোটি টকাৰ জৰিমনা বিহাৰ প্ৰাৱধান ৰখা হৈছে । ইয়াৰ উপৰিও পৰীক্ষা পুনৰ অনুষ্ঠিত কৰিবলগীয়া হ’লে সমগ্ৰ খৰচ দোষী চক্ৰৰ পৰাই সংগ্ৰহ কৰা হ’ব ।
কৃত্ৰিম বুদ্ধিমত্তা (AI) আৰু চাইবাৰ অপৰাধ সাঙুৰি লোৱা হ’ব: কেৱল কাগজৰ প্ৰশ্ন ফাদিলেই নহয়, AI-ৰ সহায়ত নকল কৰা, চিষ্টেম হেক কৰা আৰু অনলাইন প্ৰৱঞ্চনাকো এই আইনৰ আওতালৈ অনা হৈছে ।
পৰীক্ষা পৰিচালনা সংস্থাৰ জবাবদিহিতা: ভুল কেৱল পৰীক্ষাৰ্থীৰ ওপৰত জাপি নিদি পৰীক্ষা অনুষ্ঠিত কৰা সংস্থা, প্ৰযুক্তি প্ৰতিষ্ঠান বা অৱহেলা কৰা বিষয়াসকলকো আইনৰ দ্বাৰা দায়বদ্ধ কৰা হ’ব ।
ফাষ্ট ট্ৰেক বিচাৰ: গোচৰসমূহৰ দ্ৰুত নিষ্পত্তিৰ বাবে ফাষ্ট ট্ৰেক আদালত আৰু কেন্দ্ৰ-ৰাজ্যৰ মাজত উন্নত তদন্তকাৰী সমন্বয়ৰ ব্যৱস্থা কৰা হৈছে ।
লগতে পঢ়ক : পৰীক্ষা সংস্কাৰক লৈ প্ৰধানমন্ত্ৰীৰ ডাঙৰ ঘোষণা









